"ঐ তোক মধুচাৰে মাতিছে",
কাৰোবাৰ মাতত মূৰ ঘূৰাই চালো৷
দেখিলো, দীপক, মোৰ ফালে গহীন ভাবে চাই আছে৷
"কিয় মাতিছে?" মই সুধিলো৷
" নাজানো, মই পানী খাবলৈ যাওঁতে লগ পাই ক'লে, মাখনক মই মাতিছো বুলি ক'বি৷ সোনকালে মাতিছে, যা৷" তপৰাই উত্তৰ দি দীপক বেলেগৰ লগত কথা পতাত ব্যস্ত হৈ পৰিল৷
মই চিন্তাত পৰিলো৷
"মধুচাৰে মোকনো কিয় মাতিব? কি কাম থাকিব পাৰে? একো অপৰাধ কৰা নাইতো মই?"
চিন্তা কৰি কৰি লাহে লাহে শ্ৰেণীকোঠাৰ পৰা ওলাই শিক্ষকৰ কমনৰুমৰ ফালে আগবাঢ়ি গ'লো৷
সেয়া আছিল ১৯৭২ মানৰ কথা৷ মই তেতিয়া বৰপেটা বিদ্যাপীঠৰ ছাত্ৰ৷ মধুচাৰে আমাক হিন্দী পঢ়াইছিল৷ আমি খুব ভয় কৰিছিলো চাৰৰ কঠোৰ শাস্তি দিয়া স্বভাবটোৰ কাৰণে৷চাৰৰ বেতৰ কোব নোখোৱা ছাত্ৰ কিজানি খুব কমেই আছিল বৰপেটা বিদ্যাপীঠত৷
ভয়-শংকা-দ্বিধাপূৰ্ণ মনেৰে, চুচুক চামাককৈ মই মধুচাৰৰ ওচৰ পালোগৈ৷ চাৰে আন চাৰ দুজনমানৰ লগত কথা পাতি আছিল৷ অলপ সময় ৰৈ থাকিলো চাৰৰ কাষত৷
চাৰে মোৰ ফালে চালে, প্ৰশ্নবোধক চাৱনিৰে৷
"চাৰ, আপুনি বোলে মোক মাতিছিল?" অলপ ভয়ে ভয়ে সুধিলো৷
চাৰে অলপ সময় নীৰবে মোৰ ফালে চাই কিবা ভাবিবলৈ ধৰিলে৷মোৰ ভয়ৰ ভাবটোও বাঢ়ি গ'ল৷
তাৰপাছত মিচিকিয়া হাঁহি এটা মাৰি চাৰে সুধিলে,
" আজি কি তাৰিখ?"
"এক তাৰিখ", মই তপৰাই ক'লো৷
"কি মাহ?" চাৰে সুধিলে৷
"এপ্ৰিল মাহ," ময়ো লগে লগে উত্তৰ দিলো৷
ক্ষন্তেক ৰৈ, দুষ্টালিপূৰ্ণ হাঁহি এটা মাৰি চাৰে ক'লে,
" গাধা, বুৰ্বক, তোক এপ্ৰিল ফুল কৰিলে, গমেই নাপালি৷ মই তোক মতা নাছিলো৷ যা৷"
লাজতে মোৰ কাণ-মূৰ গৰম হৈ গ'ল৷ অলপ সময় তভক মাৰি ৰ'লো৷
তাৰপাছত লাহে লাহে তলমূৰকৈ বাহিৰ ওলাই আহিলো৷
বাহিৰত ভৰি দিয়েই দেখিলো দীপকে মিচিকমাচাককৈ হাঁহি মোলৈ ৰৈ আছে৷ মোক দেখি ওচৰ চাপি আহি সুধিলে, "চাৰে কিয় মাতিছিল?"
মই পোনে পোনে তাৰ চকুলৈ চাই গহীনভাবে উত্তৰ দিলো, " চাৰে ৰচনা এখন লিখিব দিছিল৷ বহুদিন হ'ল৷ লিখা হ'ল নে নাই সুধিবলৈ মাতিছিল৷ কালি জমা দিম বুলি কৈ আহিলো৷"
কথাখিনি শেষ কৰি, দীপকৰ পিনে নাচাই, পোনে পোনে শ্ৰেণীকোঠা পালোগৈ৷ দীপক থকা ঠাইতে থিয় হৈ থাকিল৷
বেচেৰা দীপক নিজেই এপ্ৰিলফুল হৈ গ'ল, মোৰ এনে ভাব হ'ল৷

No comments:
Post a Comment