At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 8 January 2016

পাঁচ মিনিটৰ ভি আই পি

পাঁচ মিনিটৰ ভি আই পি

প্ৰায় ষোল বছৰ আগৰ কথা৷ সভা এখনৰ আলহী হিচাবে গৈছিলো ওডালগুৰিলৈ৷ তাতে বন্ধু এজন লগ পালো৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত একেলগে পঢ়া৷ কথা-প্ৰসঙ্গত মই আন এখন ঠাইলৈ যাবলগীয়া কথাটো ওলাল৷ তাতো এখন সভাত কথা কবলৈ মাতিছিল৷ কথাটো শুনি বন্ধুজনে ক’লে,

“তুমি তালৈ যোৱা যদি অমুকাক এবাৰ দেখা কৰিব পাৰা৷ এতিয়া তাতে আৰক্ষী অধীক্ষক হৈ আছে৷”

কথাটো গম পাই ভাল লাগিল৷ কটন কলেজত একেলগে পঢ়িছিলো বন্ধুজনৰ লগত৷ কটন কলেজ এৰা প্ৰায় বিশ বছৰ পাৰ হৈ গৈছিল তেতিয়া৷ বন্ধুজন আই পি এচ হোৱা বুলি শুনিছিলোহে, লগ পোৱা নাছিলো৷ মোক চিনি পাব বুলি মই নিশ্চিত আছিলো আৰু চিনি নোপোৱাৰ ভাও নধৰে বুলিও নিশ্চিত আছিলো৷

আবেলি প্ৰায় দুইমান বজাত মোৰ নতুনকৈ কিনা মাৰুতী ৮০০ গাড়ীখনেৰে সপৰিয়ালে গৈ উপস্থিত হ’লোঁগৈ বন্ধুজন থকা ঠাইত৷ আৰক্ষী অধীক্ষকৰ বাসভৱন বিচাৰি পোৱাত অসুবিধা নহ’ল৷ গেটত মোৰ নামটো কৈ ক্ষন্তেক অপেক্ষা কৰিলো৷ প্ৰায় লগে লগেই চৌহদৰ ভিতৰলৈ মাতিলে৷ আবাসৰ ভিতৰ সোমায়েই মুখামুখি হ’লো দুয়ো৷ দেখাত একেবাৰে একেই হৈ আছিল বন্ধুজন৷ মোলৈ অলপ সময় একেথৰে চাই মাত দিলে,
“মাখন..”

আন এজন মানুহো বহি আছিল বন্ধুজনৰ সম্মুখত৷ কিবা জৰ্ৰৰী কামত আহিছিল৷ মোক চিনাকি কৰাই দিলে নিজৰ বন্ধু বুলি৷ মানুহজন যোৱাৰ পাছত আমাৰ অধিক অন্তৰঙ্গ আলাপ আৰম্ভ হ’ল৷ তেনেদৰে প্ৰায় এঘন্টামান পাৰ হ’ল৷ আবেলি চাৰি বজাৰ পৰা মোৰ সভা আৰম্ভ হোৱাৰ কথা৷ চাহ-পানী খাই বিদায় ল’লো৷ আমাক আগবঢ়াই দিবলৈ বাহিৰ ওলাই আহিল বন্ধুজন৷ মোৰ গাড়ীখন দেখি অৰ্থপূৰ্ণ হাঁহি এটা মাৰি মাত লগালে,
“ এৰিজোনা বেইজ….”
মোৰ গাড়ীখনৰ ৰংটো পাতল হালধীয়া আৰু সেউজীয়াৰ সংমিশ্ৰণ, এৰিজোনা বেইজ বুলি কয়৷

মই ক’লো, “নতুনকৈ লৈছো মাত্ৰ৷ কেইমাহমান হৈছেহে৷”

“মোৰো একেই গাড়ী, একেই ৰং৷ মইও লোৱা কেইমাহমান হৈছেহে৷ আমি দুয়ো প্ৰায় একে সময়তে লৈছো৷ নিশ্চয় একেটা লটৰ গাড়ী৷” বন্ধুজনে উত্তৰ দিলে৷

কিবা এটা ভাল লাগিল, আৰক্ষী অধীক্ষক বন্ধুজনে মোৰ নিচিনা একে ৰঙৰ. একে গাড়ী, একে সময়তে কিনা বাবে৷

মই সুধিলো,
“মোৰ সভাখন জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত আছে৷ মই এই চহৰৰ বাট-পথ চিনি নাপাওঁ৷ ইয়াৰ পৰা কেনেকৈ যাব লাগিব?”
একো উত্তৰ নিদি বন্ধুজনে পাইলট কাৰ এখনৰ ওচৰ চাপি গৈ ক’লে,
“এখেতসকলক জিলা পুথিভড়ালত থৈ আহকগৈ৷”

আমি গাড়ীত বহিলো৷ বন্ধুজনৰ পৰা বিদায় লৈ পাইলট কাৰৰ পিছে পিছে গাড়ী চলাই আগবাঢ়িলো৷ প্ৰায় পা্ঁচ মিনিটমান পাছতে জিলা পুথিভড়াল পালোঁগৈ৷ আমাক তাতে এৰি পাইলট কাৰখন উভতি গ’লগৈ৷

আমিও গাড়ীৰ পৰা নামিলো৷ ভাবিলো, অন্ততঃ পাঁচ মিনিটৰ বাবেও আগে আগে পাইলট কাৰ যোৱা ভি আই পি হ'বলৈ পালো বন্ধুজনৰ অনুগ্ৰহত৷

1 comment:

  1. dhuniya hoise..bandhu..bhandhu he bhandhu r mulya buji pai..

    ReplyDelete