At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 16 September 2016

গোটেই চহৰৰ পৰিৱেশ….... এটি গজল

গোটেই চহৰৰ পৰিৱেশ….. 
তেওঁক বেয়া নাভাবিবা যাক বেয়া যেন লাগে
তেওঁৰ পৰাহে বাচিবা যাক দেৱতা যেন লাগে

মোক ব্যাকুল কৰি তোলে তেওঁৰ নীৰৱতাই
ইমানেই নীৰৱ যে কিবা কৈ থকা যেন লাগে
 
এয়া জানো সঁচা বা হয়তো মোৰ ধাৰণাহে, কিন্তু
য’লৈকে যাওঁ তেওঁ মোকেই চাই থকা যেন লাগে

কোনো লক্ষ্য নাই কেৱল ওলাই যোৱাই উদ্দেশ্য
সেইফালেই যাওঁ যিফালেই ৰাস্তা থকা যেন লাগে

তেওঁ মৰিল মোৰ ভিতৰত যি আছিল শ্বাসৰুদ্ধ
গোটেই চহৰৰ পৰিৱেশ মুকলি মুকলি যেন লাগে

এই ঘৰখন য’ত মই বছৰ বছৰ ধৰি আছো
বহুত পুৰণি কিন্তু কেতিয়াবা নতুন যেন লাগে

মূল হিন্দী: নৰেন্দ্ৰ শৰ্মা, ইন্দোৰ  :: অনুবাদ: ডঃ মাখন লাল দাস


Tuesday, 6 September 2016

অ' দেতা , অ'মলেট..

অ' দেতা , অ'মলেট..
অ'মলেট খাই সৰুৰে পৰা বৰ ভাল পাওঁ৷ আমি সৰুতে চৰকাৰী ৰেচম পামত আছিলো আৰু দেউতাই ঘৰতে বিলাতী জাতৰ কুকুৰা পুহিছিল৷ দিনে দহ-বাৰটাকৈ কণী পাইছিলো আমি৷ ঘৰতে পুডিং , কেক আদি বনাইছিল মাই আৰু অ'মলেট প্ৰায়েই খাইছিলো৷
নগাঁৱৰ ওচৰৰ শেনচোৱাৰ ৰেচম পামত থকা সময়ৰ কথা৷ তেতিয়া মই স্কুললৈ যাব পৰা হৈছিলো মাত্ৰ৷ পামত কেইঘৰমানহে মানুহ৷ সন্ধিয়া ইঘৰ-সিঘৰ ফুৰিবলৈ যোৱাটো এটা নিয়ম আছিল৷ এদিন আবেলি আমি মা-দেউতাৰ সৈতে এঘৰ মানুহৰ তালৈ ফুৰিবলৈ গ'লো৷ ঘৰমৰ দিন আছিল বাবে দেউতাই গৃহস্থৰ সৈতে আগপিনৰ ঘাঁহনিতে চকী পাৰি বহি কথা পাতিবলৈ ধৰিলে৷ দাদাহঁতো কাষতে বহি কথা শুনি থাকিল অতি শান্ত-শিষ্ট হৈ৷ মা ভিতৰলৈ গৈ গৃহিণীৰ সৈতে কথা পতাত লাগিল৷ স্বভাৱতে চঞ্চল মই এবাৰ বাহিৰ, এবাৰ ভিতৰ কৰি থাকিলোঁ৷
কিছুসময় পাছত পাকঘৰত চাহ-জলপানৰ আয়োজন চলিল৷ প্ৰথমে লুচী বনোৱা দেখিলো৷ মই লাহেকৈ বাহিৰ ওলাই আহি দেউতাৰ ওচৰলৈ গৈ লাহেকৈ ক'লো, "অ' দেতা, লুচী৷"
দেউতাই শুনিও নুশুনাৰ ভাও ধৰিলে৷ মই ভিতৰ সোমাই গ'লো৷ ইতিমধ্যে লুচী বনোৱা হ'ল৷ এইবাৰ অ'মলেট বনাবলৈ লৈছে গৃহিণীয়ে৷ মই অতি উৎসাহেৰে বাহিৰলৈ লৰ মাৰিলোঁ৷ এইবাৰ অলপ জোৰকৈয়ে ক'লো, "অ' দেতা, অ'মলেট৷"
এইবাৰো দেউতাই একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, কেৱল মোৰ ফালে চালে৷
যথাসময়ত চাহ-জলপান খোৱা হ'ল৷ লাহে-লাহে এন্ধাৰ হৈ আহিল৷ আমি সকলোটিৱে ঘৰৰ পিনে খোজ ল'লোঁ৷বেছি দূৰ নহয়৷ এশমিটাৰমান দূৰতে আমাৰ ঘৰ৷ কিছুদূৰ আগবাঢ়ি যোৱাৰ পাছতে হঠাতে দেউতা মোৰ কাষ চাপি আহি দিলে এটা চৰ৷ তাৰপাছত মূৰত আঙুলিৰে প্ৰচণ্ড আঘাত,
"ঘৰত অ'মলেট খাই পোৱা নাই? অভদ্ৰ?"
সকলোৰে আগতে, মাজবাটতে দেউতাৰ চৰ খাই লাজে-অপমানে মৰি যোৱা যেন লাগিল৷ মুখখন ভঙাপাচি যেন কৰি অলপ সময় একে ঠাইতে থিয় দি ৰ'লো৷ দুখো লাগিল৷ "মইনো কি ভুল কৰিলো? দেউতাহঁতক অ'মলেট থকা বুলি খবৰহে দিছিলো৷ ভালহে পাব লাগিছিল?" বুলি ভাবি অভিমানত চকুপানী ওলাল৷ দেউতাহঁত আগুৱাই গৈ থাকিল৷ চাৰিওফালে এন্ধাৰ হৈছিল তেতিয়া৷  মোৰ ভয়ো লাগিল৷ চুচুক-চামাককৈ অলপ দূৰত্ব বজাই ৰাখি মই দেউতাহঁতৰ পিছে-পিছে আগবঢ়িব ধৰিলোঁ৷
অ'মলেট দেখিলে আজিও সেই ঘটনাটো মনত পৰে৷

Thursday, 25 February 2016

মই একো নাজানো..

মই একো নাজানো..
মোৰ সহপাঠী বন্ধু এজনৰ দেউতাক আমাৰ অংকৰ অধ্যাপক আছিল৷ অধ্যাপক হিচাবে সকলোৰে বাবে আছিল অতি সন্মানীয়৷ মোৰ বন্ধুজন ভালেই যদিও অলপ-অচৰপ দুষ্টালিও নকৰা নহয় মাজে-মাজে৷ পৰীক্ষাৰ আগে আগে পঢ়িবলৈ লয়৷ কিবা নুবুজিলে বা টান পালে দেউতাকৰ ওচৰলৈ গৈ চতুৰালি কৰি সোধে, “এইটো বৰ টান পাইছো৷ পঢ়িম নে বাদ দিম?”
অধ্যাপক দেউতাকে লাহেকৈ উত্তৰ দিয়ে, “মই একো নাজানো৷”
পঢ় বুলিও নকয়, নপঢ়িবি বুলিও নকয়৷ পুতেকৰ খং উঠে যদিও দেউতাকক ভালদৰে জানে, অতি সৎ মানুহ বুলি, কোনো ধৰণৰ ইঙ্গিত কেতিয়াও নিদিয়ে বুলি৷ দেউতাকৰ প্ৰতি মোৰ বন্ধুৰ শ্ৰদ্ধা বাঢ়ি যায়৷
কলেজত প্ৰবক্তা হিচাবে যোগ দিয়াৰ পাছতেই সপ্তম ষান্মাসিকৰ বিষয় এটা পঢ়ুৱাবলৈ দিয়া হৈছিল মোক৷ নতুন বিষয়, আগতে পাঠ্যক্ৰমত নাছিল৷ যথেষ্ট কষ্ট কৰি পঢুৱাব লগা হৈছিল৷ প্ৰশ্ন কেনেধৰণৰ আহিব কোনো ধাৰণা নাছিল আৰু একেবাৰে নতুন প্ৰবক্তা বাবে মইও প্ৰশ্ন কাটিবলৈ নাপাওঁ বুলি জানিছিলো৷ পৰীক্ষাৰ আগে-আগে মোৰ বিভাগৰ মূৰব্বী অধ্যাপক শৰ্মা ছাৰে মোক বিশ্ববিদ্যালয়ৰ গোপনীয় শাখালৈ লৈ গ’ল সেই বিষয়টোৰ প্ৰশ্ন কাকতৰ মডাৰেচন কৰিবলৈ৷ সেয়া মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা মডাৰেচন কৰাৰ৷ প্ৰশ্নখন দেখি ভয় খালো৷ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই ফেল কৰিব বুলি জানিলো৷ তাৰপাছত যিমান পাৰো সহজ কৰি দিবলৈ চেষ্টা কৰিলো টান প্ৰশ্ন দুটামান কাটি , সহজ প্ৰশ্ন দুটামান ভৰাই দি৷
কাম শেষ হোৱাৰ পাছত শৰ্মা ছাৰে গাড়ীৰে লৈ আহি মোৰ থকা ঠাইৰ আগত নমাই দিলে৷ নমাৰ সময়ত তেখেতে এটা কথা ক’লে,
“চাবা কিন্তু৷ এতিয়া তুমি একো নাজানা৷”

সেই একেই নীতি: “মই একো নাজানো৷”

Monday, 1 February 2016

এটি সুন্দৰ আদৰ্শ


এটি সুন্দৰ আদৰ্শ
(ইন্টাৰনেটত পোৱা ইংৰাজী লেখা এটাৰ আধাৰত)

এহাল সৰু ল’ৰা-ছোৱালী বজাৰৰ মাজেৰে লাহে-লাহে খোজ কাঢ়ি গৈ আছিল৷ দুয়ো ভাই-ভনী৷ ছোৱালীজনীৰ বয়স ছবছৰ আৰু ল’ৰাটোৰ চাৰিবছৰ৷ হঠাতে ল’ৰাটোৱে মন কৰিলে বায়েক পিছপৰি গৈছে৷ সি থমকি ৰ’ল৷ উভতি চাই দেখে বায়েক এঠাইত ৰৈ কিবা এটা চাই আছে৷ সি ওচৰ চাপি গ’ল৷ গৈ দেখে বায়েকে আপোনমনে দোকানত সজাই থোৱা পুতলা এটা চাই আছে৷

“তুমি কি চাইছা?” সি বায়েকক সুধিলে৷

“সৌ পুতলাটো৷ ইমান মৰমলগা৷” বায়েকে পুতলাটোলৈ আঙুলিয়াই দি ক’লে৷

“তোমাক লাগিব নেকি?” ল’ৰাটোৱে সুধিলে৷

বায়েকে মূৰ দুপিয়ালে৷

“ৰ’বা, মই কিনি দিম তোমাক৷” বুলি কৈ ল’ৰাটো দোকানীৰ ওচৰ চাপি গ’ল৷

দোকানীজনে দুয়োকো ভালদৰে লক্ষ্য কৰি আছিল৷ সিহঁতৰ কথা-বতৰা শুনি আছিল৷ তেওঁ ল’ৰাটোলৈ মৰমেৰে চাই থাকিল কিন্তু কিবা এটা কোৱাৰ আগতেই ল’ৰাটোৱে মাত ল’গালে,

“সৌ পুতলাটো দিয়কচোন৷”

“পুতলাটো কিনিবলৈ তোমাৰ লগত পইচা আছে জানো?” ল’ৰাটোৰ ইমান গহীন ব্যৱহাৰ দেখি মনতে অতি ৰং পাই দোকানীজনে মৰমেৰে সুধিলে৷

“আছে নহয়৷” বুলি কৈ ল’ৰাটোৱে পেন্টৰ জেপৰ পৰা কেইটামান শামুকৰ খোলা উলিয়াই দোকানীজনৰ সম্মুখত ৰাখিলে আৰু দোকানীজনলৈ চাই গহীনাই সুধিলে,

“ইমানখিনিৰে হ’বনে? আৰু লাগিব নেকি?”

দোকানীজন মুগ্ধ হ’ল সৰু ল’ৰাটোৰ সৰলতাত৷ তেওঁ মিচিকিয়াই হাঁহি ক’লে,

“হ’ব৷ তোমাৰ লগত দেখোন বহুত টকা আছে৷”

দোনাকীজনে গণি গণি চাৰিটা শামুকৰ খোলা ৰাখি বাকীকেইটা ল’ৰাটোক ঘূৰাই দিলে৷ ল’ৰাটোৱে সন্তুষ্ট মনেৰে সেইকেইটা আকৌ জেপত ভৰাই থ’লে আৰু পুতলাটো লৈ বায়েকৰ হাতত দিলে৷ বায়েকে আলফুলকৈ সাৱটি ল’লে আৰু দুয়ো দোকানৰ পৰা বাহিৰ ওলাই গ’ল৷

গোটেই ঘটনাটো লক্ষ্য কৰি থকা ডেকা এজনে দোকানীজনক সুধিলে, “ আপুনি ইমান দামী পুতলাটো চাৰিটা শামুকৰ খোলাৰ বিনিময়ত দি দিলে কিয়?”

দোকানীজনে উত্তৰ দিলে,

“ইমান সৰু ল’ৰাটোৰ ইমান গহীন. ইমান দায়িত্বশীল ব্যৱহাৰ দেখি বুজি পাইছো সি জীৱনত সফল হ’বই৷ সি এদিন খুব ডাঙৰ মানুহ হ’বই৷ তেতিয়া নিশ্চয় এই ঘটনাটো মনত পৰিলে ভাল লাগিব তাৰ৷ মই যে তাক মৰম কৰিছিলো, তাক সহায় কৰিছিলো সি নিশ্চয় মনত পেলাব আৰু আনৰ প্ৰতি সিও ভাল ব্যৱহাৰ কৰিব৷ এইদৰেইতো পৃথিবীখন আমি ধুনীয়া কৰি তুলিব পাৰোঁ ইতিবাচক চিন্তাৰে!!!”

Thursday, 28 January 2016

তিনিটা লিমাৰিক৷৷৷

তিনিটা লিমাৰিক৷৷৷


১///
ককাই বোলে নাতিল'ৰা কথাটো মোক কোৱা
ফেব্ৰুৱাৰী আহিলে কিয় তত নোহোৱা হোৱা
নাতিয়ে বোলে ভেলেন্টাইন
নামানো আমি কোনো আইন
এইবাৰ তুমিও আইতাক লৈ পাৰ্কলৈ যোৱা৷৷৷


২///
মাজনিশা পাপুৱে ডিঙিলৈকে খাই
গাড়ী চলাই আহিছে গাত তত নাই
পুলিচে ধৰিলে আদ বাটত
উত্তৰ পিছে জিভাৰ আগত
গাড়ী চলোৱা বুলি গমেই পোৱা নাই৷৷

৩///
ককাই আজি আনিছে কাটি কলপাত
মাটিত লেপেটা কাঢ়ি তাতহে খাব ভাত
আলু পিটিকা বেঙেনা পোৰা
লগতে সানিছে তিলৰ গুড়া
বোলো এয়াহে আচল অসমীয়া জাত৷

Friday, 22 January 2016

ভূল ভুল শুদ্ধ শুদ্ধ

ভূল ভুল শুদ্ধ শুদ্ধ..

সৰুতে আমি 'ভূল' বুলিয়েই লিখিবলৈ শিকিছিলো৷ কেতিয়াৰ পৰা 'ভূল'টো ভুল বুলি ধৰা হ'ল মনত নাই যদিও সহজে মানি ল'লোঁ আৰু অভ্যাসত পৰিণত হৈ গ'ল৷ তেনেদৰে আগতে চলি থকা কিছুমান বানান এতিয়া গ্ৰহণযোগ্য নহয় বুলি আমি মানি লৈ আছো৷ এনেদৰে বানান সলনি হৈ থকা বাবে পুৰণিদিনীয়া মানুহৰ মনত খেলিমেলি হ'ব পাৰে আৰু লিখোঁতে বানান ভুল হ'ব পাৰে৷ সেইটো বৰ ডাঙৰ কথা নহয়৷ কিন্তু আজিকালি সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰহে বহুতেই নজনা যেন দেখা গৈছে৷
হয়তো কথা কওঁতে অসমীয়াত 'ই'তকৈ 'য়'হে বেছি ব্যৱহাৰ হোৱা বাবেও এই ভুল সোমাই পৰিছে৷ কওঁতে আমি 'ময়' বুলিহে কওঁ, 'মই' বুলি নকওঁ৷ কিন্তু লিখোঁতে 'ময় ভাল ল'ৰা' বুলি লিখিলে ভুল হ'ব৷ একেদৰে আমি 'তয়' বুলি কওঁ কিন্তু লিখোঁতে 'তই' হে লিখিব লাগিব৷

যেতিয়া কোনো এটা কাম শেষ হোৱা বুজায় তেতিয়া 'য়' ব্যৱহাৰ হয় (সমাপিকা ক্ৰিয়া) আৰু কামটোৰ পাছত আৰু কিবা কাম চলি থকা বুজালে 'ই' ব্যৱহাৰ হয় (অসমাপিকা ক্ৰিয়া)৷
সি ৰাতিপুৱা ভাত খায়৷ কিন্তু,  সি ভাত খাই শুবলৈ যায়৷
ইতিহাসে ৰিঙিয়াই কয়৷ অৰ্থাৎ, ইতিহাসে ৰিঙিয়ায়৷

Tuesday, 19 January 2016

বৰ কষ্ট হয়!!!


বৰ কষ্ট হয়!!!


তুমি যদি কোৱা
এৰি দিম
ওখলৈ উৰি যাবলৈ
অনন্ত আকাশত বিচৰণ কৰিবলৈ
জপিয়াই থকা কৰিম আশে-পাশে
যিমানখিনি পাওঁ
ধৰা-আকাশে
জী ল’ম
কিন্তু মোৰ ডেউকা নাভাঙিবা
যেতিয়া কেতিয়াবা কৰা
সেইদুখন পকোৱাৰ চেষ্টা
দুখ পাওঁ
তুমি যদি কোৱা
ৰাতিবোৰ পাৰ কৰি দিম উজাগৰে
ভুলতো নেদেখিম কোনো সপোন
পিছে পুৱাৰ সূৰুয দেখাৰ লগে-লগে
পাখি ফৰফৰোৱাৰ অনুমতি নিশ্চয় খুজিম
যিখিনিকে খুটিয়াই পাওঁ
দানা-খুদকণ
জী ল’ম
সাৰে থকাতো নেদেখিম সপোন একো
তাৰ প্ৰতিশ্ৰুতি তোমাক দিছোঁ
সপোন যেতিয়া ভাঙি যায়
বৰ কষ্ট হয় ৷৷৷

মূল: (হিন্দী) শৈলেন্দ্ৰ শান্ত ; অনুবাদ: ডঃ মাখন লাল দাস

Saturday, 9 January 2016

নিতৌ এচিকুট বিহ!!!!!

নিতৌ এচিকুট বিহ!!!!!

মালতীৰ বিয়া হোৱা দুমাহ হৈ গ’ল কিন্তু কোনোমতেই শাহুৱেকৰ লগত মিলিব পৰা নাই৷ বিধৱা শাহুৱেকৰ একমাত্ৰ বোৱাৰী তাই৷ শাহুৱেকৰ লগত তাইৰ চিন্তা-ধাৰা নিমিলে বুলি তাই সহজে বুজি পাইছিল বিয়াৰ দুদিন মান পাছতেই৷ কথাই-কথাই শাহুৱেকে তাইৰ দোষ ধৰে৷ কোনো কামেই পচন্দ নহয়৷ প্ৰথমতে তাই একো নামাতিছিল৷ লাহে লাহে শাহুৱেকৰ ঠাট্টা-বিদ্ৰুপ তাই সহ্য নকৰা হ’ল৷ তাইও সমানে সমানে উত্তৰ দিবলৈ ধৰিলে৷

এদিন কিবা কথাত শাহুৱেকৰ লগত ৰাতিপুৱাতে তাইৰ কথা কটা-কটি হ’ল৷ গিৰিয়েকে পিছে মালতীৰ হৈ মাত নামাতি মাকৰ ফলীয়াহে হ’ল৷ কথাটো মালতীৰ সহ্য নহ’ল৷ তাই বেগ এটাত কাপোৰ ভৰাই, কাকো একো মাত নলগাই, মাক-পুতেকৰ আগেৰে ঘৰৰ পৰা ওলাই গুচি আহিল৷ গিৰিয়েকে তাইক বাধাও নিদিলে৷ তাই ওচৰৰ গাঁৱত থকা দেউতাকৰ ঘৰলৈকে যাব বুলি গিৰিয়েকহঁতে জানিছিল৷

মাকৰ ঘৰ পাই মালতীয়ে কান্দি-কান্দি নিজৰ দুখৰ কথা  মাকহঁতৰ আগত বিবৰি ক’লে৷ দেউতাকো কাষতে বহি শুনি আছিল৷ মালতীৰ দেউতাক এজন বিখ্যাত কৱিৰাজ৷ মালতীয়ে দেউতাকলৈ চাই ক’লে,
“দেউতা, মোৰ শাহু নমৰালৈকে মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ৷ নহ’লে তুমি মোক অলপ বিহ দিয়া৷ মই উভতি গৈ শাহুক বিহ দি মাৰিম৷ তেতিয়াহে অলপ শান্তি আহিব ঘৰখনত৷”

দেউতাকে মালতীক বুজনি দি ক’লে,
“নাই, নাই, তেনে ভুল নকৰিবা৷ তুমিও জেললৈ যাব লাগিব আৰু বিহ দিয়া বাবে মইও যাব লাগিব জেললৈ৷”

“কিন্তু শাহু জীয়াই থাকেমানে মই তাত থাকিব নোৱাৰোঁ৷ গতিকে তোমালোকে মোক সেইখন ঘৰলৈ উভতি যাবলৈ জোৰ নকৰিবা৷”

কিছু সময় নীৰৱে চিন্তা কৰি দেউতাকে মাত লগালে,
“ এটা উপায় আছে৷ মই তোমাক এবিধ দৰৱ দিম৷ তুমি সদায় শাহুক এচিকুট এচিকুটকৈ ভাতৰ লগত মিহলাই খুৱাবা৷ সেই দৰৱে খুব লাহে লাহে মানুহ গৰাকীক ভিতৰৰ পৰা মাৰি আনি থাকিব৷ তেনেদৰে সদায় খুৱালে প্ৰায় ছমাহৰ ভিতৰত তোমাৰ শাহু মৰি থাকিব৷”

“খুব ভাল কথা৷ তেনে দৰৱ আজিয়েই দিয়ক৷ মই আজিয়েই উভতি যামঙ’ মালতীয়ে অতি উৎসাহেৰে ক’লে৷
দেউতাকে গহীনাই ক’লে,
“ কিন্তু এটা চৰ্ততহে মই তোমাক দিম৷ তোমাক যাতে কোনেও একো সন্দেহ নকৰে সেই কাৰণে আজিৰে পৰা তুমি শাহুৰ প্ৰতি খুব ভাল ব্যৱহাৰ কৰিবা৷ কোনো কথাৰে উত্তৰ নিদিবা৷ হাঁহি মুখে সকলো সহ্য কৰি তেওঁৰ সেৱা কৰি যাবা৷ মাত্ৰ ছমাহৰহে কথা৷”

মালতী মান্তি হ’ল৷ দেউতাকে পেকেট এটাত বিহখিনি বান্ধি দিলে আৰু সেইখিনি লৈ মালতী শাহুৱেকৰ ঘৰলৈ আবেলিয়েই উভতি গ’ল৷

মালতীৰ মুখলৈ চাই গিৰিয়েক আৰু শাহুৱেক দুয়ো আচৰিত হ’ল৷ তাইৰ মুখত মিচিকিয়া হাঁহি৷ হাঁহিমুখে তাই আহি পাকঘৰত সোমাল৷ ৰাতি শাহুৱেকৰ ভাতৰ লগত দেউতাকে দিয়া দৰৱ এচিকুট মিহলাই দিলে আৰু শাহুৱেকৰ কাষত বহি বিচনিৰে বিচি থাকিল৷ ৰাতি বিচনাত পৰা শাহুৱেকৰ ওচৰলৈ গৈ ভৰি পিটিকি দিলে৷ শাহুৱেক আচৰিত হ’ল যদিও একো নামাতিলে৷

তেনেদৰে মালতীয়ে সদায় এচিকুটকৈ বিহ শাহুৱেকক খুৱাই থাকিল কিন্তু শাহুয়েকক সেৱা-শুশ্ৰূষাও সমানে কৰি থাকিল৷ মালতীৰ সেই পৰিৱৰ্তিত ব্যৱহাৰে শাহুৱেককো সলনি কৰিব ধৰিলে৷ শাহুৱেকে আজিকালি মালতীৰ কোনো কামতে দোষ নেদেখা হ’ল৷ ওচৰ-চুবুৰীয়া কাৰো আগত মালতীৰ দোষৰ কথা নোকোৱা হ’ল৷ লাহে লাহে মালতীক নিজৰ জীয়েকৰ নিচিনাকৈ মৰম কৰিবলৈ ধৰিলে শাহুৱেকে৷

দিন পাৰ হৈ গৈ থাকিল৷ মালতীয়ে শাহুৱেকক এচিকুটকৈ বিহ খুৱাই গৈ থাকিল৷ কিন্তু লাহে লাহে শাহুৱেকৰ প্ৰতি মালতীৰ মনত কোনো ধৰণৰ খং-ৰাগ-বিদ্বেষ আদি ভাব নোহোৱা হৈ পৰিল৷

ছমাহ পূৰ হ’ল৷ দেউতাকে দিয়া বিহো শেষ হ’ল৷ ৰাতি শাহুয়েকৰ ভৰি পিটিকি পিটিকি মালতীৰ চকুৰে পানী ব’বলৈ ধৰিলে৷ আৰু হয়তো দুদিনমানৰ পাছতেই শাহুৱেক মৰি থাকিব৷ এতিয়া শাহুৱেকক তাইৰ নিজৰ মাক যেনেই লগা হৈছে৷ তাই যে কি ডাঙৰ ভুল কৰিলে৷

তাকেই ভাবি ভাবি ৰাতি তাইৰ টোপনি নাহিল৷ পিছদিনা ৰাতিপুৱাতে তাই দেউতাকৰ ওচৰ পালেগৈ৷ দেউতাকে তাইলৈ অলপ আচৰিত ভাবে চালে৷ দেউতাকে কিবা সোধাৰ আগতেই মালতীয়ে মাত দিলে,
“ দেউতা মোৰ হাতত বেছি সময় নাই৷ মোৰ শাহু আইক যোৱা ছমাহে মই বিহ খুৱাই আহিলো৷ কিন্তু এতিয়া দেখোন তেওঁক মোৰ নিজৰ মাৰ নিচিনাই লগা হ’ল৷ তেওঁক বচাবলৈ কিবা এটা দৰৱ দিয়া৷ নহ’লে মই গোটেই জীৱন অনুতাপ কৰিব লাগিব৷”

দেউতাকৰ মুখত হাঁহি বিৰিঙি উঠিল৷ লাহেকৈ উত্তৰ দিলে,
“তোমাৰ শাহু নমৰে , চিন্তা নকৰিবা৷ মই তোমাৰ হাতত বিহ দিয়া নাছিলো নহয়৷ সেইবোৰ আছিল হজম শক্তি বঢোৱা দৰৱহে৷”

মালতীয়ে দেউতাকলে কৃতজ্ঞতাৰ ভাবেৰে চালে৷ 
তাৰপাছত একো উত্তৰ নিদি ঘৰলৈ বেগাই খোজ ল’লে৷

(হিন্দী কাহিনী এটাৰ ৰূপান্তৰ)