১৯৯২ মানৰ কথা৷ গৰম বন্ধৰ সময়ত
ফুৰিবলৈ ওলালো নাইনিতালৰ পিনে৷ মোৰ চিনাকী লোক এজন আছিল নাইনিতালৰ ওচৰৰ ভোৱালী
নামৰ ঠাইত ৷ তেখেতৰ ওচৰলৈকে যাম বুলি ভাবি আছিলো বহুদিনৰ পৰা ৷ সুবিধা পাই যাত্ৰা
কৰিলো, বেৰেলিলৈকে ৰেলেৰে, তাৰ পৰা বাছেৰে কাঠগোদাম, আৰু কাঠগোদামৰ পৰা আন এখন
বাছেৰে গৈ ওলালোগৈ ভোৱালী ৷
ভোৱালীৰ লগতে নাইনিতাল, সাততাল
আদি আশে-পাশে থকা ঠাই কিছুমান চাই তিনি-চাৰিদিন পাৰ কৰি দিলো ৷ লাহে লাহে ঘৰলৈ ঘূৰাৰ সময় চমু চাপিল ৷ কিন্তু টেলিভিচন চাই খবৰ পালো অসম তথা উত্তৰ বঙ্গত আৰম্ভ
হোৱা ভয়াবহ বানপানীৰ বিষয়ে ৷ অসমলৈ ৰেল চলাচল বন্ধ৷ সদায় সন্ধিয়াৰ বাতৰি চাওঁ,
একেই খবৰ, অসমলৈ ৰেল চলাচল বন্ধ ৷ কেতিয়া পুনৰ ৰেল চলিব, কোনেও নাজানে ৷
লক্ষ্ণৌ..
তেনেদৰে কেইটামান দিন পাৰ হৈ
গ’ল ৷ বন্ধুৰ ঘৰত থাকি থাকি আমনি লাগিল ৷ তেখেতক আৰু আমনি দিবলৈ মন নকৰি, এদিন যি
হয় হ’ব বুলি মৰসাহ কৰি ওলাই আহিলো ৷ কাঠগোদামৰ পৰা ৰেলত উঠিলো লক্ষ্ণৌ অভিমুখে ৷
ৰাতিপুৱা লক্ষ্ণৌ পাই খবৰ ল’লো অসমৰ পিনে কিবা ৰেল চলিছেনে নাই ৷ কোনো খবৰ নাপাই
হতাশ হ’লো ৷ ওচৰৰে হোটেল এখনত আশ্ৰয় ল’লো ৷ ৰাতিটো পাৰ কৰি পিছদিনা আকৌ ষ্টেচন
পালোগৈ ৷ কোনো খবৰ নাই ৷ আগলৈ যি হয় দেখা যাব বুলি , বিহাৰৰ কাটিহাৰলৈকে বুলি
টিকেট এটা কৰি ৰেলত উঠি দিলো৷ উত্তৰ বঙ্গ তেতিয়াও পানীৰ তলত বুলি বাংলা বাতৰি
কাকত এখনত পঢ়িবলৈ পালো ৷ অনিশ্চয়তাৰে ভৰা মন এটা লৈ কাটিহাৰ অভিমুখে আগবাঢ়ি গৈ
থাকিলো ৷
কাটিহাৰ..
পিছদিনা ৰাতিপুৱাতে কাটিহাৰ পাই
খবৰ লৈ গম পালো আসাম মেইলনে কিবা এখন ৰেল আহি আছে, নিউজলপাইগুৰিৰ পিনে যাবলৈ ৷
মনটো আনন্দত উথলি উঠিল ৷ টিকেট এটা কাটি লৈ আগ্ৰহেৰে বাট চালো ৰেলখনলৈ ৷ যথা সময়ত
ৰেলখন আহিল, ডবা এটাত উঠি পৰিলো ৷ ডবাত বহি থকা মানুহ এজনক সুধিলো, ৰেলখন আগলৈ যাব
নে নাই, তেওঁ ক’ব নোৱাৰো বুলি ক’লে৷ অলপ পাছত টিকেট পৰীক্ষা কৰিবলৈ আহিল ৰেলকৰ্মচাৰী
এজন৷ তেখেতকে সুধিলো,
“ৰেলখন গুৱাহাটীলৈকে যাবনে?”
মানুহজনে মোৰ ফালে চাই নিৰ্বিকাৰ
ভাবে উত্তৰ দিলে,
“এন জে পিলৈ যাব ৷ তাৰ আগলৈ
নাযায়, গুৱাহাটীলৈ ৰেল চলাচল আৰম্ভ হবলৈ এমাহমান লাগিব পাৰে, কোনেও নাজানে৷”
“তেনেহলে আমি গুৱাহাটী কেনেকৈ
যাম?” মই হতাশ হৈ সুধিলো ৷
“সাতুৰি যায়, নাওঁ লৈ যায়,
যেনেকৈ যায়, আপোনাৰ কথা ৷” মানুহজনে অলপ ঠাট্টাৰ সুৰেৰেই ক’লে ৷
মানুহজনৰ কথাত মোৰ অলপ খং উঠিল ৷
“কি আচৰিত মানুহ, অলপো
সহানুভুতি নাই,” মনতে ভাবিলো ৷ মনটো গধুৰ হৈ পৰিল ৷ অচিনাকী ঠাই, কি কৰিম, ক’লৈ
যাম, হাতত থকা টকা-পইচাবোৰো শেষ হৈ যাব সোনকালে ৷ তেতিয়া এ টি এম আদি ব্যৱস্থাও
নাছিল ৷ ঘৰৰ স’তে কোনো যোগাযোগ নাই কেবাদিনো ধৰি ৷ যি হয় হ’ব বুলি ঈশ্বৰক
প্ৰাৰ্থনা কৰি আগবাঢ়ি গৈ থাকিলো ৷
প্ৰায় ছয়-সাত ঘন্টাৰ বাট,
কাটিহাৰৰ পৰা নিউ জলপাইগুৰিলৈ ৷ ওচৰতে বহি থকা ডেকা এজনৰ সতে কথা-বতৰা আৰম্ভ কৰিলো
৷ ডেকাজন ত্ৰিপুৰাৰ, বাংলাভাষী, বি এছ এফত কাম কৰে, জম্মুৰ পিনে থাকে ৷ পৰিয়াল
থাকে ত্ৰিপুৰাত ৷ পৰিবাৰ সন্তান-সম্ভৱা ৷ দিন চমু চাপি আহিছে ৷ গতিকে যেনে-তেনে ঘৰ
পাবগৈ লাগে ৷ বানপানীয়ে গোটেইখন খেলি-মেলি কৰি দিলে ৷ তথাপি কিবা উপায় কৰি
ত্ৰিপুৰালৈকে যাবলৈ মন বান্ধি লৈছে ৷ তেওঁক পাই মনটো অলপ ভাল লাগিল৷ নানা বিষয়ৰ
কথা পাতি সময় পাৰ কৰি দিলো ৷
শিলিগুৰি…
সন্ধিয়া সাত মান বজাত ৰেলখন নিউ
জলপাইগুৰিত উপস্থিত হ’ল ৷ আৰু আগলৈ নাযায় বুলি নিশ্চিত ভাবে জানি, ৰেলৰ পৰা নামি
পৰিলো ৷ লগত বঙালী ডেকাজন ৷ সেই অচিনাকী ঠাইত, তেওঁকেই মোৰ সাৰথি কৰি ল’লো ৷
স্টেচনৰ সম্মুখতে চকী-টেবুল
পাৰি ল’ৰা কেইজন মান বহি আছিল ৷ আমাক দেখি মাত লগালে,
“গুৱাহাটী যাব নেকি? আহক, বাছ
আছে ৷”
লগৰ ডেকাজনে আগবাঢ়ি গৈ খবৰ ল’লে
৷ বুজা গ’ল, ল’ৰা কেইজন আচলতে দালাল ৷ নিজা কোনো বাছ নাই ৷ কেতিয়া, ক’ৰ পৰা বাছ
আহিব আৰু যাব, তাৰো ঠিকনা নাই ৷ ভাৰাও খুজিছে তিনি-চাৰি গুণ৷ উপায়বিহীন হৈ পৰা
যাত্ৰী সকলৰ অৱস্থাৰ পৰা বিশেষ লাভ আদায় কৰাৰ অনৈতিক প্ৰয়াস মাথোন৷
ডেকাজনে ক’লে,
"ইহঁতৰ বিশ্বাস
নাই৷ আজি ৰাতিটো শিলিগুৰিত কটাই কালি ৰাতিপুৱাতে শিলিগুৰিৰ পৰা বাছ বিচাৰিম৷”
ময়ো হয়ভৰ দিলো৷
কথা মতে কাম ৷ দুয়ো ৰিক্সা এখনত
উঠি পৰিলো, শিলিগুৰি অভিমুখে৷ প্ৰায় পাঁচ কিলোমিটাৰমানৰ বাট ৷ অন্তত: গুৱাহাটীলৈ
কিবা-কিবি ৰাস্তাৰে ঘূৰাই পকাই বাছ চলিব ধৰিছে বুলি বুজি পালো৷ মনটো অলপ ভাল
লাগিল ৷
হোটেলৰ ৰহস্য….
শিলিগুৰি পাই হোটেল এখনত উঠিলো ৷
ৰাতি প্ৰায় ১০ মান বাজিছিল৷ আমি ততাতৈয়াকৈ
কিবা খাই আহোঁ বুলি হোটেলৰ মানুহজনক কৈ খোৱা-বস্তু বিচাৰি গ’লো ৷ খাই-বৈ আধাঘন্টামান পাছত হোটেলৰ দুৱাৰমুখ পাই দেখো, দুৱাৰ বন্ধ ৷ বেল বজালো, নোখোলে, চিঞৰি
মাতিলো, কোনো সাৰ-সুৰ নাই ৷ অলপ সময়
তেনেদৰে পাৰ হ’ল৷ তাৰ পাছত অধৈৰ্য হৈ লগৰ ডেকাজনে দুৱাৰত গুৰিয়াবলৈ ধৰিলে ৷ ফৌজী
মানুহ, গৰম তেজ ৷ তথাপি কোনো ওলাই নাহিল দুৱাৰ খুলি দিবলৈ ৷
ডেকাজনে ক’লে, “ব’লক পুলিচ
থানালৈ যাওঁ৷”
শিলিগুৰি, মোৰ বাবে সম্পূৰ্ণ
অচিনাকী ঠাই ৷ তাতে ৰাতি প্ৰায় বাৰ বাজিবৰ হৈছিল ৷ ডেকাজনৰ সাহসতে আগবাঢ়িলো থানালৈ
বুলি ৷ থানা পাই ডেকাজনে প্ৰথমে নিজকে বি এচ এফৰ জোৱান বুলি চিনাকী দি গোটেই
ঘটনাটো বিৱৰি ক’লে ৷ থানাত থকা বিষয়া জনে মন দি শুনিলে ৷ তাৰ পাছত আমাক আশ্বাস দি
ক’লে,
“আপোনালোক যাওক, আমি ফোন কৰি
দিম, হোটেলৰ দুৱাৰ খুলিব৷”
আমিও হোটেললৈ খোজ ল’লো ৷ আহি
পাই দেখো, আমাৰ বাবে দুৱাৰ খুলি কোনোবা এজন ৰৈ আছে ৷ আমি কোনো কথা নকৈ পোনে পোনে
নিজৰ কোঠাত সোমালৈগৈ ৷
অসমলৈ..
পিছদিনা ৰাতিপুৱাতে হোটেল এৰি
বজাৰ পালোগৈ ৷ বাছৰ খবৰ ল’লো৷ কোনোমতে দুটা চীট যোগাৰ হ’ল বাছ এখনত ৷ গাঁও-ভূঁইৰ
মাজেৰে বাছখন ঘূৰি-পকি যাব, গতিকে প্ৰায় দুগুণ ভাড়া ল’লে ৷ তথাপি অতি সন্তুষ্ট
মনেৰে বাছত বহি পৰিলো ৷ লাহে লাহে বাছ চলিবলৈ ধৰিলে ৷ বানপানীৰ সংহাৰীৰূপ চকুত
পৰিবলৈ বেছিপৰ নালাগিল ৷
প্ৰায় ২৪ ঘন্টাৰ কষ্টকৰ বাছ
যাত্ৰাৰ মূৰত গুৱাহাটী পালোহি ৷ ডেকাজনৰ পৰা বিদায় লৈ জালুকবাৰী অভিমুখে আগবাঢ়িলো ৷
যেন মৃত্যুৰ মুখৰ পৰাহে হাত সাৰি আহিলো, এনে অনুভৱ হ’ল ৷
আনন্দ-উত্তেজনাত বাটৰ বন্ধু,
ত্ৰিপুৰাৰ সেই ডেকাজনৰ নাম-ঠিকনা লবলৈকো পাহৰি গ’লো ৷ তেওঁক লগ নোপোৱা হ’লে মোৰ কি
অৱস্থা হ’লহেতেন ক’ব নোৱাৰো ৷ কোনে জানে কেতিয়াবা হয়তো আকৌ তেওঁক লগ পাম ক’ৰবাত,
বাটে-ঘাটে ৷