At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 15 March 2013

কাণতলীয়া প্ৰমাণ…



অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ৰ কথা ৷ জালুকবাৰীৰ পৰা ফাঁচীবজাৰলৈ যাবৰ বাবে চিটিবাছ এখনত বহি আছো৷ গুৱাহাটীৰ যানজঁটৰ পৰা হাত সাৰিবলৈ প্ৰায়েই চিটিবাছেৰে অহাযোৱা কৰাৰ অভ্যাস আছিল৷ সেইদিনাও চিটিবাছ এখনত বহি পৰিলো আবেলি সময়ত৷ বাছৰ ভিতৰত তিনি-চাৰিজনমানহে মানুহ৷ গতিকে বাছখন চলিবলৈ যথেষ্ট সময় আছে বুলি বুজি পালো৷

দ্ৰাইভাৰজনো বহি আছিল নিজৰ আসনত৷ কাষত থকা পথালি আসনখনত আন এজন মানুহ৷ দুয়ো বাৰে বিংকৰা কথা পাতি আছিল ৷ তেওঁলোকৰ কথা শুনি শুনি সময়খিনি সোনকালেই পাৰ হ’ব বুলি বুজিলো৷ 

কথাৰ মাজতে অতি বিজ্ঞৰ দৰে দ্ৰাইভাৰজনে মন্তব্য কৰিলে,
“যোৱাহে, আজিকালি মহাত্মা গান্ধীৰ দিন নাই৷”
তাৰপাছত আৰু কিবা কিবি কথা চলিল , ময়ো শুনি শুনি আমোদ ল’লো৷

অলপ পাছত লাহে লাহে, চলো নচলোকৈ বাছখন আগবাঢ়িল৷  আদাবাৰী, মালিগাওঁ, পেট্ৰল পাম্প, কামাখ্যা, ভূতনাথ পাৰ হ’লো৷ শান্তিপুৰ স্টপেজ পাৰ হোৱাৰ পাছতে দেখিলো অসম পুলিচৰ চিপাহী এজনে দ্ৰাইভাৰজনক বাছখন ৰখাবলৈ ইঙ্গিত দিছে৷ দ্ৰাইভাৰজনে লগে লগে বাছখন নৰখাই মূৰটো লৰাই ইঙ্গিত দিলে যে অকণমান আগত ৰখাব আৰু সেইমতেই বাছখন ৰখাই দিলে৷

বাছখন ৰ’বলৈহে পালে৷ চিপাহীজন ধুমুহাৰ দৰে বাছৰ ভিতৰলৈ সোমাই আহিল আৰু দ্ৰইভাৰজনক দিলে এটা প্ৰচন্ড কাণতলীয়া চৰ৷
“সি মোক ইঙ্গিত দিব আহে….*****..” সকলোৱে শুনাকৈ চিপাহীজনে নিজৰ বীৰত্ব তথা কৰ্তৃত্ব জাহিৰ কৰি ক’লে৷
বেচেৰা দ্ৰাইভাৰজন লাজতে আধামৰা হ’ল৷

“হয়তো, দ্ৰাইভাৰ মানুহ৷ চিপাহী দৌতা সকলৰ আদেশ উলংঘা কৰাৰ সাহস কৰিব লাগেনে? বাটে-পথে তেৰাসকলক ভগবান বুলি মানি নচলিলে কাণতলীয়া চৰতকৈও বহু কিবা কিবি আশীৰ্বাদ পাব লগীয়া হ’ব পাৰে৷” মনতে ভাবিলো৷

দ্ৰাইভাৰজনলৈ পুতৌ হ’ল৷ কিন্তু হঠাতে তেওঁ অলপ আগতে কৰা মন্তব্যটো মনত পৰিল:
“যোৱাহে, আজিকালি মহাত্মা গান্ধীৰ দিন নাই৷”
নিজে কোৱা কথাৰ প্ৰমাণ আধাঘন্টাৰ ভিতৰতে পালে বেচেৰা দ্ৰাইভাৰজনে, কাণতলীয়া চৰৰ যোগেৰে৷

মুখেৰে মিচিকিয়া হাঁহি এটাহে ওলাই আহিল৷ এটি সংজ্ঞাবিহীন হাঁহি৷

No comments:

Post a Comment