At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 8 June 2013

হায়ৰে পতি-পত্নী..

হায়ৰে পতি-পত্নী..
মহিলাৰ চেমিনাৰ এখন হৈছিল, কেনেদৰে স্বামীৰ লগত প্ৰেমপূৰ্ণ সম্বন্ধ বজাই ৰাখিব লাগে তাৰ ওপৰত৷
মহিলাসকলক সোধা হ’ল তেওঁলোকে স্বামীসকলক ভাল পায় নে বুলি৷ সকলোৱে হাত ডাঙিলে৷
তাৰপাছত সোধা হ’ল কিমানে স্বামীক ভাল পাওঁ বুলি কেতিয়া কৈছিল মনত পেলাব পাৰিব|
কোনেও নোৱাৰিলে৷
তেতিয়া সকলোকে কোৱা হ’ল গিৰিয়েকলৈ এইবুলি এচ এম এচ কৰিবলৈ: “ তোমাক মই বিৰাট ভাল পাওঁ, প্ৰিয়তম৷”
তাৰপাছত কালৈ কি উত্তৰ আহে চাবলৈ ফোনবোৰ সlনাসলনি কৰিবলৈ কোৱা হ’ল৷
স্বামীসকলৰ পৰা অহা কিছুমান উত্তৰ এনেধৰণৰ আছিল:
১) বোলো ল’ৰাৰ মাক, তোমাৰ বেমাৰ-চেমাৰ হোৱা নাইতো?
২) আকৌ কি হ’ল৷ গাড়ীখনেৰে আকৌ ক’ৰবাত খুন্দিয়ালা নেকি?
৩) তুমি কি কৈছা মই বুজি পোৱা নাই
৪) তুমি আকৌ কি কৰিলা? এইবাৰ মই মজা দিম কিন্তু৷
৫) ?!?
৬) ফাল্টু কথা নহয়, আচল কথাটো কোৱা
৭) মই সপোন দেখিছো নেকি?
৮) এই মেচেজটো আচলতে কালৈ বুলি পঠিয়াইছিলা নকলে আজি মৰিলা৷
৯) মই তোমাক বাৰে বাৰে কৈছো আৰু মদ নাখাবা বুলি

সকলোতকৈ উত্তমটো

১০) তুমি কোননো?
(সংগ্ৰহ কৰা)

No comments:

Post a Comment