At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 21 June 2014

কোনে কি খাই পাইছে?

কোনে কি খাই পাইছে?

ভুলতে কিবা বুলি কিবা বেলেগ খাই দিয়াৰ অভিজ্ঞতা আমাৰ বহুতৰে আছে৷ বিশেষকৈ সৰু থাকোঁতে এনেকুৱা প্ৰায়েই ঘটে ৷ ডাঙৰ অৱস্থাতো কেতিয়াবা এনে ভ্ৰমৰঙ্গ নোহোৱা নহয়৷

এবাৰ ফেচবুকত এইবিষয়ে জানিব বিচৰাত বিভিন্ন জনৰ পৰা মন্তব্য আহিছিল নিজৰ নিজৰ অভিজ্ঞতা জনাই৷ তাকেই ইয়াত আগবঢ়োৱা হৈছে ৰসৰ সমল যোগাবলৈ বুলি৷

এজনে আমুলৰ ঠাইত বেচন খাইছিল ৷ আন এজনে আকৌ পানী বুলি চ’দা পানী খাইছিল৷ এবাৰ এজনে হেনো গাখীৰ বুলি উঁই মৰা দৰৱ খাইছিল ৷ তেখেতৰ অৱস্থা কি হৈছিল সহজেই অনুমেয়৷ আন এজনে আকৌ গ্লুকোন ডি বুলি খোৱা চ’ডাকে খাইছিল৷

আনহাতে হেমন্ত কুমাৰ শৰ্মাই সৰু থাকোঁতে বাদাম বুলি ছাগলীৰ লাদকে খাইছিল৷ সৰুতে, কেচুৱা থাকোঁতে মোৰ সৰু ভাইটিয়ে কেৰেলুৱা এডালকে চোবাই দিছিল৷ কি বুলি ভাবি চোবাইছিল সিহে জানে৷

মাধুৰ্য বৰাই পানী বুলি খাইছিল ইনভাৰ্টাৰৰ বাবে আনি থোৱা দিষ্টিল্ড ৱাটাৰ৷ তেখেতে বৰ বেছি একো পাৰ্থক্য অনুভৱ নিশ্চয় নকৰিলে৷

ডাঙৰত হোৱা অভিজ্ঞতা অলপ বেলেগ হ’বও পাৰে৷ যেনে পানী বুলি হুইস্কিৰ লগত হেনো এজনে ভদকা মিহলাই খাইছিল৷ আন এজনে আকৌ পানী বুলি ভদকাকে খাই দিছিল৷ তাৰপাছত কি হ’ল সহজেই অনুমেয়৷ তেনেদৰে ভুলতেই নিচাসক্ত হৈ পৰিলে দোষ কাৰ?

পানী বুলি চাৰ্ফৰ পানী খাই দিছিল মোৰ শান্ত-শিষ্ট বন্ধু এজনে৷

এবাৰ আকৌ ৰাতি হেমন্ত কুমাৰ শৰ্মাৰ ঘৰত চোৰ সুমাই ভোকতে এবটল জেন্টিল খাই দিলে৷ তাৰপাছত বমি কৰি কৰি গোটেই ঘৰটোকে লেতেৰা কৰি পেলালে৷ তেনেকুৱা চোৰ নাহিলেই ভাল৷ অৱশ্যে কেনেধৰণৰ চোৰ আহিলেনো ভাল?

অৰ্ণৱ জ্যোতি মহন্তই দৈ বুলি চূণ হাতত দিছিল- যেতিয়া দুই বছৰ বয়স আছিল তেতিয়া । কিন্তু ঈশ্বৰৰ আশীৰ্বাদত তেওঁ নাখালে , তেওঁৰ কাপোৰযোৰেহে খালে । ৰক্ষা !!!

মোৰ বান্ধৱী এগৰাকীৰ সৰু ভায়েক তেতিয়া চেঙেলীয়া ডেকা৷ এদিন জহকালি দুপৰীয়া ৰ’দত ঘামি-জামি আহি ৰেফ্ৰিজাৰেটৰটো খুলি পানী বুলি ভিনেগাৰৰ বটলটোকে লৈ খাই দিছিল৷ পানীৰ বটলৰ লগত ভিনেগাৰৰ বটলনো কোনে ৰাখি থৈছিল? তেতিয়াৰে পৰা হেনো তেখেতৰ ভিতৰখন চিকচিকাই থকাকৈ পৰিষ্কাৰ৷

এজনে আকৌ বাবলগাম বুলি চাবোনকে চোবাইছিল ভুলতে৷

নবজ্যোতি ডেকাৰ অভিজ্ঞতা আকৌ বেলেগ৷ তেওঁ ভেচলিন বডিলোচন বুলি একে লগে থকা একে ৰঙৰ চেম্পুকে গাত সানি লৈছিল৷ তাৰপাছত গাটো আকৌ এবাৰ ভালদৰে ধুব লগা হৈছিল নিশ্চয়৷

গৌতম কাশ্যপে আকৌ সৰু থাকোঁতে মমেৰে বনোৱা সজাই থোৱা আঙুৰকে সঁচা আঙুৰ বুলি ভাবি চোবাই দিছিল৷

পোহৰ দত্তৰ অভিজ্ঞতা এনেধৰণৰ:
“ মই এম বি এ কৰি থকা সময়ৰ কথা৷ এদিন ৰাতি টোপনিৰ পৰা সাৰ পাই পানী খাবলৈ বুলি পাকঘৰ পালোঁগৈ৷ লাইটো জ্বলি থকা নাছিল৷ আন্ধাৰে-মুন্ধাৰে মই পানীৰ বটল বুলি মিঠাতেলৰ বটলটোকে হাতত লৈ ডিঙিত ঢালি দিলো…… ওহ.. কি ভয়ংকৰ অভিজ্ঞতা৷ সেই ৰাতিৰ কথা ভাবিলে মোৰ এতিয়াও খং উঠে৷

ক্ৰিম খাই ভাল নোপোৱা অসমীয়া মানুহ কমেই আছে৷ এবাৰ এজনে ক্ৰিম বুলি ভাবি চূণকে খাইছিল এখন বিয়াত৷ তাৰপাছত কি দশা হ’ব পাৰে সহজেই অনুমেয়৷ কেবাদিনো হেনো ভাত খাব পৰা নাছিল তেখেতে৷

ৰাতিপুৱা টোপনি ভালদৰে নভঙাকৈ দাঁত ব্ৰাছ কৰিবলৈ গৈ এজনৰ কি দশা হৈছিল শুনক৷ তেখেতে আকৌ টুথপেষ্ট বুলি খজুৱতিৰ মলমকে ব্ৰাছত লগাই দাঁত ব্ৰাছ কৰিছিল৷ তেখেতৰ দাঁত আৰু কেতিয়াও নখজুৱায় নিশ্চয়৷


এনেধৰণৰ হাঁহি উঠা ঘটনা প্ৰায় সকলোৰে ক্ষেত্ৰত ঘটে৷ সাৱধানতাৰ প্ৰয়োজন আছে সকলোৰে বাবে৷ ঘৰত কেঁচুৱা আদি থাকিলে বিষাক্ত সামগ্ৰী, দৰৱ বা আন যিকোনো হানিকাৰক সামগ্ৰী কণমানিহঁতে চুব নোৱাৰা ঠাইত ৰখাটো নিশ্চয় অতি প্ৰয়োজনীয় কথা৷

No comments:

Post a Comment