At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 7 June 2014

মোৰ প্ৰথম আকাশী যাত্ৰা

মোৰ প্ৰথম আকাশী যাত্ৰা..

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা সময়ত এদিন নগা বন্ধু এজনে কথা-প্ৰসঙ্গত সুধিছিল,
" এজন মানুহ আগতে উৰা-জাহাজত উঠিছেনে নাই সেইটো কেনেকৈ গম পাব পাৰি জানানে?"
মই নাজানো বুলি উত্তৰ দিলো৷

তেতিয়ালৈকে উৰাজাহাজ ওচৰৰ পৰা দেখাৰ সৌভাগ্যই হোৱা নাছিল৷ উঠাৰ কথাতো বাদেই৷ যাত্ৰা বুলি ক'লে সৰুতে দেউতাৰ লগত গাড়ীত উঠি তিতাবৰ, গোলাঘাট, যোৰহাট, গুৱাহাটী, শ্বিলং আদি ঠাই ফুৰিছিলো আৰু দেউতা ঢুকুৱাৰ পাছত বাছেৰে কেৱল বৰপেটা, বৰপেটাৰোড , গুৱাহাটী আদি ৷ উৰাজাহাজত উঠি পোৱা লোকক বিশেষ ধৰণৰ লোক যেন জ্ঞান কৰিছিলো৷ আমাৰ সহপাঠী নগা, মিজো আদি ছাত্ৰবোৰৰ সৰহ সংখ্যকেই কেতিয়াবা নহয় কেতিয়াবা উৰাজাহাজত উঠিব লগা হৈছিল বিভিন্ন কাৰণত৷ গতিকে সেইবিষয়ে তেওঁলোকৰ পৰাই জানিবলগীয়া কথাবোৰ জানিব পৰা গৈছিল৷

মই নাজানো বুলি কোৱাত নগা ছাত্ৰজনে অতি বিজ্ঞৰ দৰে ক'বলৈ ধৰিলে,
: কোনোবা এজন মানুহে খুব ভাল সাজ-পোছাক পিন্ধি, বিৰাট স্মাৰ্ট দেখুৱাই উৰাজাহাজত আগতে কেতিয়াও নুঠা কথাটো যিমানেই লুকুৱাবলৈ  চেষ্টা নকৰক কিয়, তেওঁ ধৰা পৰি যাবই... চীটবেল্ট বান্ধিবৰ সময়ত৷ কাৰণ আগতে উৰাজাহাজত নুঠা মানুহজনে চীটবেল্টডাল বান্ধিব নাজানিব..৷"
মই আগ্ৰহেৰে সুধিলো,
: চীটবেল্টনো কেনেকৈ বান্ধে?
নগা বন্ধুজনে সুন্দৰ ভাবে বুজাই দিলে চীটবেল্ট কেনেকৈ বান্ধে৷

সেইসময়ত স্কুটাৰ, মটৰ চাইকেল আদিও অতি কম আছিল, হেলমেট আদিও দেখা নাছিলো বুলিয়েই ক'ব পাৰি৷
বন্ধুজনৰ পৰা চীটবেল্ট বন্ধাৰ প্ৰক্ৰিয়াটো জানি লোৱাৰ পাছত মনতে ভাবিলো, অন্ততঃ মই প্ৰথমবাৰ উৰাজাহাজত উঠোঁতে আনে গম নাপাব মোৰ সেইটো প্ৰথমবাৰ বুলি৷উৰাজাহাজত উঠাৰ সুবিধাহে নাপালো প্ৰায় তিনিবছৰ মানলৈকে৷

১৯৮৫ চনত, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে যোগদান কৰাৰ কেইমাহমান পাছতে নগা বন্ধু এজনৰ লগত ফুৰিবলৈ ওলালোঁ মোককচাঙলৈ৷ তাত এদিন থাকি কোহিমা পালোঁগৈ৷ কোহিমাত দুদিন থাকি বাছেৰে ইম্ফল পালোঁগৈ৷ তাতে মালায়ালী বন্ধু এজন লগ পালোঁ৷ তেখেতে কলিকতালৈ যাবলৈ লগ ধৰিলে৷ পূজাৰ বন্ধৰ সময়ৰ কথা৷ হাততো যথেষ্ট ধন আছিল, একেলগে কেবামাহৰো দৰমহা পাইছিলো বাবে৷ আগতে কলিকতা দেখা নাই৷ গতিকে সেই সুযোগতে কলিকতালৈ এপাক মাৰি অহা বেয়া নহ'ব বুলি ভাবি কলিকতালৈ উৰাজাহাজৰ টিকট এটা কিনি ল'লো৷
ইম্ফলৰ পৰা কলিকতা৷ ইণ্ডিয়ান এয়াৰ লাইন্সৰ উৰাজাহাজ এখন চলিছিল তেতিয়া৷

অৱশেষত সেই নিৰ্দ্দিষ্ট দিনত , মালায়ালী বন্ধুজনৰ সৈতে ইম্ফল এয়াৰপোৰ্ট পালোঁগৈ৷ তেওঁ কোনো এজন ডাঙৰ মানুহ লগ পাই একেলগে বহিলগৈ৷ মই পৰিলো অলপ পিছৰ পিনে৷ কাষৰ চীটত সৰু ছোৱালী এজনী৷ বয়স সাত-আঁঠবছৰমান হ'ব৷ ছোৱালীজনীৰ সিফালে, খিৰিকিৰ কাষৰ চীটটোত মাইকীমানুহ এগৰাকী৷ বোধকৰো ছোৱালীজনীৰ মাক৷

চীটত বহি লৈ অতি অনায়াসে চীটবেল্টডাল বান্ধি ল'লো এনে এক ভংগিমাৰে যেন উৰাজাহাজত উঠি ফুৰাটো মোৰ বাবে অতি সাধাৰণ কথা৷

উৰাজাহাজে লাহে-লাহে গতি ল'লে৷ তাৰপাছত হঠাতে প্ৰচণ্ড বেগ৷ মূৰটো ছিঙি পৰিব যেন লাগিল৷ বেগ বাঢ়ি গৈ থাকিল৷ মইও যিমান পাৰো স্বাভাৱিক হোৱাৰ অভিনয় কৰি থাকিলো, কিন্তু মনে-মনে ঈশ্বৰৰ নাম লৈ থাকিলোঁ৷ বোলো, আজিহে আজি৷

এটা সময়ত উৰাজাহাজখন আকাশত হেলাৰঙে উৰিবলৈ ধৰিলে৷  মইও স্বস্তিৰ নিশ্বাস এটা পেলালোঁ৷

কিন্তু তেনেতে এটা চিন্তাই মোক আমনি কৰিবলৈ ধৰিলে৷
চীটবেল্টডাল বাৰু বান্ধিলো ৷ কিন্তু খুলিম কেনেকৈ? কেনেদৰে খুলিব লাগে সেইকথাটো মইতো শিকি নাহিলো৷ গতিকে নামিবৰ সময়তচোন ধৰা পৰি যাম মই প্ৰথম উৰাজাহাজত উঠিছো বুলি৷ তেতিয়াহে বৰ লাজৰ কথা হ'ব৷

মই চীট বেল্টডাল হাতেৰে পিটিকা-পিটিকি কৰিবলৈ ধৰিলো৷ ইফালে টিপি দিওঁ, নোখোলে, সিফালে টানি দিওঁ নোখোলে৷ তাৰপাছত চীট বেল্টডাল এনেদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে যেন কোন কোম্পানীয়ে কি পদাৰ্থৰে নিৰ্মাণ কৰিছে সেইটোহে পৰীক্ষা কৰিছো এজন এক্সপাৰ্ট ইঞ্জিনিয়াৰ হিচাবে৷

তেনেদৰে চাইও একো চুইচ আদি চকুত নপৰিল বেল্টডাল খুলিবলৈ৷ মুঠতে আজি মোৰ লাজ-মান যাব আৰু বুলি নিশ্চিত হৈ বহি থাকিলো৷

ইম্ফলৰ পৰা উৰাজাহাজখন শিলচৰত নামে৷ কাষত বহা মহিলা আৰু ছোৱালীজনী যদি শিলচৰতে নামে তেনেহলে মোৰ হাতত সময় আৰু দহ-পোন্ধৰ মিনিটমানহে আছে বুলি বুজিলো৷  খিৰিকিৰে বাহিৰলৈ চাবলৈ ধৰিলো শিলচৰ পাবৰ হ'লনেকি বুলি৷

তেনেতে চকু গ'ল মোৰ কাষত বহা সৰু ছোৱালীজনীলৈ৷ তাই চীটবেল্টডাল এবাৰ খোলে, আকৌ বান্ধে, আকৌ খোলে৷ মই দেখিও নেদেখাৰ ভাও ধৰি তাইৰ পিনে অলপ সময় চাই থাকিলো৷ খোলাৰ কিটিপটো সহজে অনুমান কৰি ল'লো৷ তাৰপাছত মোৰ বেল্টডালৰ জোৰাটোৰ তলপিনৰ ধাতুৰ প্লেটচটা লাহেকৈ টানি দি চালো৷ লগে-লগে খোল খাই গ'ল মোৰো বেল্ট৷

মোক আৰু কোনে পায়৷

শিলচৰত কাষত বহা ছোৱালীজনী মাকৰ সৈতে নামি গ'ল৷
তাৰপাছত কোন আহি বহিল মনত নাই৷

মইও মনৰ আনন্দত খিৰিকিৰে বাহিৰলৈ চাবলৈ ধৰিলো ৷
উপভোগ কৰিবলৈ ধৰিলো মাৰ যাব ধৰা বেলিৰ হেঙুলি আভাৰে বোলোৱা আকাশৰ সৌন্দৰ্য৷

(উৰাজাহাজখন উৰাৰ আগতে আজিকালিৰ দৰে সেইদিনা এয়াৰ হোষ্টেচে চীটবেল্ট মৰা আৰু খোলাৰ কিটিপ প্ৰদৰ্শন কৰি দিয়া নাছিল নেকি বাৰু? কথাটো মনত পৰা নাই)

No comments:

Post a Comment