At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 18 June 2014

পোহৰ, দাপোণ , সৰলৰেখা ইত্যাদি...

পোহৰ, দাপোণ, সৰলৰেখা ইত্যাদি..

১৯৭২ চনৰ মাধ্যম অন্দোলনৰ পাছত অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়তে অসমীয়া মাধ্যমত শিক্ষাদান আৰম্ভ হৈছিল৷ আমি অসমীয়া মাধ্যমতে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিলো ১৯৭৬ চনত৷ সেই সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয় আঙুলিৰ মূৰত লিখিব পৰা আছিল৷ গুৱাহাটীৰ চেন্টমেৰীজ কন্টভেন্ট আৰু ডনবস্ক'ৰ বাহিৰে আন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কথা মনত নপৰে৷

১৯৭৬  চনত গুৱাহাটীৰ কটন কলেজত প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত নাম লিখাৰ পাছত এই বিদ্যালয়দুখনৰ পৰা অহা ছাত্ৰ-ছাত্ৰীকিছুমানক লগ পাওঁ৷ অসমীয়া মাধ্যমত দশম শ্ৰেণীলৈকে পঢ়ি আহিছিলো যদিও প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰিবলৈ সিদ্ধান্ত লৈছিলো৷ কিন্তু প্ৰায় সকলোবোৰ বিষয়ৰ সকলোবোৰ পাঠদান অসমীয়া মাধ্যমতে হৈছিল কটন কলেজত৷

ইংৰাজী মাধ্যমত পঢ়ি অহা ছাত্ৰ-ছাত্ৰীসকলৰ অলপ অসুবিধা নিশ্চয় হৈছিল৷

পদাৰ্থ বিজ্ঞানৰ পোহৰ বিষয়ৰ পাঠদান কৰিছিল বৰ্মণ ছাৰে৷ তেখেতৰ শ্ৰেণীত ঘটা কিছুমান ঘটনা এতিয়াও মনত পৰে৷ তেখেত অতি সহজ-সৰল প্ৰকৃতিৰ লোক আছিল৷ অতি নিয়মীয়া ভাবে পাঠদান কৰিছিল..

"পোহৰ সৰলৰেখাত গতি কৰে......" ইত্যাদি, ইত্যাদি..

তেখেতে একান্তমনে বোৰ্ডত লিখি থকা সময়তে কিছুমান ছাত্ৰ শ্ৰেণীকোঠাৰ পৰা মনেমনে ওলাই গুচি যোৱাটো এটা নিয়মযেন হৈ পৰিছিল৷

এদিন তেখেতে পোহৰৰ প্ৰতিফলনৰ কথা পঢ়াই আছে৷ অতি কষ্ট কৰিছে কথাবোৰ বুজাবলৈ৷
" দাপোণ.. উত্তল দাপোণ, অৱতল দাপোণ" ইত্যাদি নানান শব্দৰ জোৱাৰ উঠিছে ...

আমি যিমান পাৰো মনোযোগ দি বুজিবলৈ চেষ্টা কৰি আছো৷ আমনিও লাগিছে৷

একেবাৰে সম্মুখৰ বেঞ্চ এখনত বহী আছিল চেন্টমেৰীজ কনভেন্টত পঢ়ি অহা এগৰাকী অতি চোকা ছোৱালী৷ দেউতাক অতি বিখ্যাত অধ্যাপক৷ বৰ্মণ ছাৰকে আদি কৰি সকলোৱে ভালদৰে চিনি পায়৷

বৰ্মণ ছাৰে আকৌ এবাৰ দাপোণ বুলি কোৱাৰ লগেলগে ছোৱালীগৰাকীয়ে অতি লাহেকৈ, লেনিয়াই সুধিলে,

" ছাৰ, দাপোণ মানে কি ই ই ই ই ই ঈ ঈ..................."
ছাৰ থমকি ৰৈ গ'ল৷
আমি সকলোৱে অতি আমোদ পালো আৰু ছাৰেনো কি কয় আগ্ৰহেৰে চাই থাকিলো৷

ছোৱালীগৰাকীৰ মুখত অলপ দুষ্টালিৰ ভাৱ ফুটি উঠা যেন লাগিল৷ হয়তো ছাৰক আমনি কৰিবলৈ, হয়তো অলপ অপদস্থ কৰিবলৈ, হয়তো অলপ ৰং চাবলৈকে সেইদৰে সুধি দিছিল৷

ছাৰে কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷
লাহেলাহে ছোৱালীগৰাকীৰ কাষ চাপি আহিল আৰু সকলোৱে শুনাকৈ ক'লে,

" পাঠদানৰ মাধ্যম অসমীয়া৷ অসমীয়া শব্দবোৰ শিকি ল'বা.."

ছোৱালীগৰাকীৰ মুখত দুষ্টালিৰ হাঁহিটো অধিক প্ৰকট হৈ পৰিল৷

No comments:

Post a Comment