সেইবোৰ মোৰেই তেজনে?
সৰুৰে পৰাই তেজ চাব নোৱাৰো৷ আগতে ঘৰত মুৰ্গী কাটিলে মই ভয় কৰোঁ বাবে
দেউতাই চাবলৈ নিদিছিল৷ তেজ ভয় কৰা বাবে জীৱবিজ্ঞান নপঢ়িলো ৷ ডাক্তৰ হ’বলৈও মন নেমেলিলো৷
১৯৮৪ চনৰ কথা৷ ডিগবৈ ৰিফাইনাৰিত চাকৰিৰ ইন্টাৰভিউ দিবলৈ গৈছো৷
ৰাতিপুৱা ইন্টাৰভিউ হৈ গ’ল৷ আমি কেইজনমানক নিৰ্বাচিত কৰিলে বুলি বুজিলো যেতিয়া আমাক
মেডিকেল পৰীক্ষা কৰিবলৈ হস্পিটেললৈ পঠিয়ালে৷ পৰীক্ষা মানে ভাল পৰীক্ষাই৷ বহুত কিবা-কিবি
চালে৷ তাৰপাছত পঠিয়ালে তেজ পৰীক্ষাৰ বাবে৷ ভয়ে-ভয়ে কোঠাত প্ৰৱেশ কৰিলো৷ প্ৰকাণ্ড চিৰিঞ্জ
এটা লৈ মানুহ এজন কাষ চাপি আহিল৷ মই ভয়তে চকু মুদি দাঁত-মুখ কামুৰি বেলেগ ফালে মূৰটো
ঘুৰাই আন কথা চিন্তা কৰিবলৈ চেষ্টা কৰিলো৷ পূৰণৰ বৰ নেওতাখন আকৌ মনত পেলাবলৈ চেষ্টা
চলালো৷ ইতিমধ্যে বেজীৰ খোঁচ পৰিল৷ মই নেওঁতা মুখস্থ মতাত ব্যস্ত হ’লো৷
অলপ সময় পাৰ হ’ল৷ মানুহজনে কপাহ এডোখৰ বেজীৰে বিন্ধোৱা ঠাইখিনিত
লগাই দি মোক হাতেৰে চেপা পাৰি ধৰি থাকিবলৈ ক’লে৷ মইও চকু মেলি চালো৷ প্ৰথমেই চকু পৰিল
মানুহজনৰ হাতত থকা প্ৰকাণ্ড চিৰিঞ্জটোত৷ কিজানি ৫০ চি চি মান হ’ব৷ গোটেইটো তেজেৰে ভৰ্তি
হৈ আছিল৷
দেখিয়েই ভাবিলো,
“আও, ইমানবোৰ মোৰেই তেজনে?”
লগে-লগে মূৰটো ঘূৰাবলৈ ধৰিলে৷ চকুৰে আন্ধাৰ দেখিলো৷ বহাৰ পৰা
উঠিবলৈ চেষ্টা কৰিলো কিন্তু বাগৰি ভৰাৰ ভয়তে আকৌ বহি পৰিলো৷ মানুহজনক সেহাই সেহাই সুধিলো,
“ স্মেলিং চল্ট আছেনেকি? মূৰটো ঘূৰাইছে৷”
তেখেতে মোক সাহস দি অলপ সময় চকু মুদি জিৰণি ল’বলৈ ক’লে৷ মোৰ
লাজো লাগিল৷ প্ৰায় পাঁচ মিনিটমান পাছত অলপ প্ৰকৃতিস্থ হোৱা যেন লগাত থৰক-বৰককৈ থিয়
দিলো৷
সকলো পৰীক্ষা হৈ গ’ল৷ একো বেমাৰ-আজাৰ আদি ধৰা নপৰিল৷ কিন্তু
মোক বিশেষভাবে মাতি পঠিওৱা হ’ল মূখ্য চিকিৎসকগৰাকীৰ ওচৰলৈ৷ তেখেতে বুকুত স্টেথোস্ক’পডাল
লগাই কিবা-কিবি চালে৷ মোৰ হৃৎপিণ্ডৰ স্পন্দন পৰীক্ষা কৰা যেন লাগিল৷ তাৰপাছত মোক বিদায় দিলে৷
চাকৰি হৈ গ’ল৷
তেজলৈ ভয় অৱশ্যে থাকি গ’ল৷
No comments:
Post a Comment