সেয়া কি কল আছিল?
বজাৰ কৰা কামটো সৰুৰে পৰা বেয়া পাওঁ ৷ বয়-বস্তু ভালদৰে চিনিও নাপাওঁ ৷ মাছ কিনিবলৈ যে একেবাৰে ভাল নাপাওঁ ৷ উপায় নাথাকিলেহে কেতিয়াবা বজাৰ কৰিব লগা হয় ৷
১৯৮১ চন মানৰ কথা ৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ হৈ আছো ৷ অসম আন্দোলনো চলি আছে ৷ তেতিয়া আমি বঙাইগাওঁত থাকো ৷ তৃতীয় বাৰ্ষিকৰ পৰীক্ষা দি বঙাইগাওঁলৈ আহিছো ৷ ইতিমধ্যে ঘৰত এটা ডাঙৰ বিপদ ঘটিছে ৷ মা বাথৰুমত পিছল খাই পৰি আঁঠুৰ ঘিলা ভাগি বঙাইগাওঁ ৰিফাইনাৰী হস্পিটেলত ৷ দাদা দুজনৰ বিয়া-বাৰু তেতিয়াও হোৱা নাই ৷ ডাঙৰ দাদা ৰাতিপুৱাতে নিজৰ ক্লিনিকলৈ ওলাই যাব লাগে , সৰু দাদাৰ কাম ৰিফাইনাৰীত ৷ চিফ্ট ডিউটি কৰিব লাগে ৷ সময়ৰ কোনো মা-বাপ নাই ৷ ঘৰত ৰন্ধা-বঢ়া আদি সকলো দায়িত্ব মোৰ ওপৰতে পৰিল ৷ ৰাতিপুৱাতে উঠি সকলো কাম-বন কৰি মাৰ বাবে খোৱা-বস্তু লৈ চাইকেল মাৰি হস্পিটাললৈ যাওঁ ৷ চহৰৰ আমি থকা ঠাইৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰমান হ'ব ৷ আবেলি উভটি আহি আকৌ ৰন্ধা-বঢ়া কাম ৷ তেনেদৰে দিনবোৰ গৈ আছে ৷ যাওঁতে মাৰ বাবে কিবা-কিবি কিনি লৈ যাব লাগে বজাৰৰ পৰা ৷
এদিন তেনেদৰে গৈ থাকোঁতে মনত পৰিল মাৰ বাবে মালভোগ কল লৈ যাব লাগে বুলি ৷ পাগলাস্থানৰ বজাৰত চাইকেল ৰখাই কল কিনিবলৈ সোমালো ৷ মাটিত বস্তা পাৰি কল বেচি থকা মানুহ এজনৰ ওচৰ পাই সুধিলো,
" মালভোগ কল আছেনে?"
দোকানীজনে কল কেইআখিমান দেখুৱাই দিলে ৷ আকাৰত অলপ সৰু ৷ বাকলিবোৰো খুব বেছি নিমজ নহয় ৷ মোৰ অলপ সন্দেহ হ'ল ৷ আকৌ সুধিলো,
" এইবোৰ মালভোগ কলনে?"
" অঁ, খাটি মালভোগ কল ৷ লোকেল ৷"
মই হাতেৰে অলপ লিৰিকি-বিদাৰি চালো, তাৰপাছত অলপ দৰ-দাম কৰি দুই ডজন কিনি ল'লো ৷ কলখিনি বেগ এটাত ভৰাই চাইকেলৰ হেণ্ডেলত ওলোমাই আকৌ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলো ৷
কিন্তু মনটোৱে নামানে ৷ বাৰে-বাৰে সন্দেহ হ'ল, " এইবোৰ সঁচাকৈয়ে মালভোগ কলনে ? "
কিছুসময় তেনেদৰে আগবাঢ়িলো কিন্তু মনটোৱে নমনাত চাইকেল ৰখাই নামিলো ৷ তাৰপাছত কল এটা উলিয়াই বাকলি গুচাই কামোৰ মাৰিলো ৷ একামোৰ দুকামোৰকৈ গোটেই কলটো শেষ কৰিলো ৷ তথাপি মালভোগ কল খোৱা যেন নালাগিল ৷ চেনিচম্পা নেকি বাৰু? নে মনোহৰ কল? মনত সন্দেহ বাঢ়ি গ'ল ৷ হঠাতে টিঙিচ কৈ খং এটা উঠি আহিল ৷ মোক ঠগিবলৈ আহিছে ৷ চিনি পোৱা নাই বুলি চাইকেলত জাপ মাৰি উঠি উভতি আহিলো পাগলাস্থানলৈ ৷ আহিয়েই দোকানীজনৰ আগত কলখিনি দলিয়াই সি জাউৰিয়ে জাউৰিয়ে গালি পাৰিলো ৷
এইবোৰ চেনিচম্পা কল ৷ মই কল চিনি নাপাওঁ বুলি ভাবিছ? মোক মালভোগ কল বুলি ঠগাবলৈ আহিছ ৷ মই খাই চালো নহয়...দে.. পইচা ঘূৰাই দে.. ইত্যাদি , ইত্যাদি ৷
দোকানীজনে অবাক হৈ মোৰ মুখলৈ চাই থাকিল ৷ একো উত্তৰ নিদিলে ৷ মই এটা কলৰ পইচা দি বাকীখিনি ওভোতাই লৈ কল নিকিনাকৈয়ে চাইকেলত আকৌ উঠি পৰিলো ৷
কিছুসময় পাছত আকৌ সন্দেহ হ'ল ৷ কলকেইটা বাৰু মালভোগ কলেই আছিল নেকি?
নহলে দোকানীজনে ইমান আচৰিত হৈ মোলৈ কিয় চাই থাকিল ? হয়তো ভাবিলে, কি বুৰ্বক ল'ৰা ! মালভোগ কলো চিনি নাপায়... !!!
কথাটো ভাবি লাজহে লাগিবলৈ ধৰিলে ৷ কেতিয়া গৈ হস্পিটাল পালো ক'বকে নোৱাৰিলো ৷

No comments:
Post a Comment