সৰুকালৰ ডাঙৰ কথা…
সৰুকালৰ বহুকথাই মনত ৰৈ যায় বিভিন্ন কাৰণত৷কিছুমান
কথা মনত পৰিলে ভাল লাগে, কিছুমান মনত পৰিলে লাজ লাগে, কিছুমান কথাই হয়তো মনটো জোকাৰি
থৈ যায়৷
কথাবোৰ বুজিব পৰা হোৱাৰ সময়তে মানুহৰ মৃত্যুৰ বিষয়েও
শুনিছিলো৷ মানুহ মৰে বুলি মাহঁতৰ মুখত শুনিছিলো৷ মৰিলে পুৰি পেলায় বা কবৰ দিয়ে বুলি
শুনিছিলো৷ তাৰপাছত কি হয় সেইবিষয়ে নানা ধৰণৰ জল্পনা-কল্পনাৰ কথাও শুনিছিলো৷ মৃত্যু
নামৰ কঠিন বাস্তৱটোৰ সৈতে সৰুতেই মুখামুখি হৈছিলো তিতাবৰত থকা সময়তে বৰপেটা ৰোডত থকা
আমাৰ ককাদেউতাৰ মৃত্যুৰ সময়ত৷ তাৰপাছতে তিতাবৰতে আমাৰ ঘৰৰ সৈতে সঘনাই অহা-যোৱা কৰা
মানুহ এঘৰৰ ছোৱালী এগৰাকীৰ পুখুৰীত পৰি মৃত্যু হোৱা ঘটনা৷ মাজে-মাজে মনলৈ ভাব এটা আহিছিল:
যদি সকলো মানুহেই এদিন মৰে তেনেহলে আমাৰ দেউতাহঁতো মৰিব নেকি? সেই ভাবটো মনলৈ আহিলেই
জোৰকৈ নিজকে নিজে সান্তনা দি কৈছিলো, “নাই, নাই , আমাৰ দেউতাহঁত নমৰে” আৰু সেই আপদীয়া
চিন্তাটো মনৰ পৰা আতৰাই বেলেগ কথা চিন্তা কৰিবলৈ বিফল প্ৰচেষ্টা চলাইছিলো৷
বেছিদিন বাট চাব লগা নহ’ল৷ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই
আমি তিতাবৰৰ পৰা শ্বিলঙলৈ বদলি হৈ যাওঁ আৰু তাত এবছৰ পূৰ হোৱাৰ আগতেই অতি আকস্মিক বাবে
অতি কম বয়সতে দেউতাৰ মৃত্যু হয়৷
যেতিয়াই কোনো সমনীয়াৰ মাক-দেউতাকক লগ পাওঁ তেতিয়াই
ভাবো, “আমাৰহে দেউতা মৰিল, বাকীবোৰৰ দেখোন আজিলৈকে মৰাই নাই৷ কেতিয়া মৰিব?” সেই চিন্তাই
আনৰ প্ৰতি অন্তৰত হিংসাৰ ভাব জগাই নুতুলিলেও নিজকে অলপ হ’লেও পুতৌ কৰিবলৈ বাধ্য কৰাইছিল৷
গোটেই পৃথিবীত আমাৰ নিচিনা দুৰ্ভগীয়া যেন আৰু কোনো নাই এনে ভাব মাজে মাজে নিশ্চয় হৈছিল৷
বয়স হোৱাৰ লগে লগে সকলো সলনি হ’ল৷ কিন্তু পিতৃহাৰা
দুৰ্ভগীয়া সকলৰ প্ৰতি অন্তৰত এটা বিশেষ প্ৰেম-সহানুভূতিৰ ভাব জীৱন্ত হৈ থাকিল৷