At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 24 June 2015

কপালৰ তামোল..

কপালৰ তামোল..

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা সময়ৰ কথা৷ সেই সময়ত গুৱাহাটী মেডিকেল কলেজৰ লগত আমাৰ তুমুল সংঘৰ্ষ চলি আছে৷ জন নামৰ খাচীয়া ছাত্ৰ এজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ঘটা মৃত্যুৰ পৰাই সেই কাজিয়াৰ সূত্ৰপাত৷

ইফালে কলেজত খেলা-ধূলাও চলি আছে৷ হকী মই নতুনকৈ খেলিবলৈ শিকিছো৷ এদিন আবেলি প্ৰথম ছাত্ৰাবাসৰ সম্মুখৰ খেলপথাৰত খেলৰ আগে-আগে অনুশীলন চলি আছিল৷ বল স্কুপ কেনেকৈ কৰিব লাগে তাকে দুই এজনে চেষ্টা কৰি আছিল৷ মইও নিজৰ কৌশল প্ৰদৰ্শন কৰাৰ মানসেৰে দূৰৰ পৰা হাতত স্টিক লৈ দৌৰি আহি বলটো স্কুপ কৰি দেখুৱাবলৈ চেষ্টা কৰিলো৷ স্টিকডাল বলটোৰ তলত সুমুৱাই দি বলটো ডাঙি দূৰলৈ মাৰি পঠিয়াবলৈ চেষ্টা কৰিলো৷ কিন্তু বৰষুণত তিতি কোমল হৈ থকা মাটিত স্টিকডাল খোঁচ খাই লাগি ধৰিল৷ মই নিজৰ বেগতে আগুৱাই গৈ থাকিলো আৰু স্টিকডালৰ আনটো মূৰত মোৰ কপালখন প্ৰচণ্ড জোৰত খুন্দা খালে৷ ঠিক দুই চকুৰ মাজতে৷ ক্ষন্তেকৰ বাবে চকুৰে আন্ধাৰ দেখিলো যদিও নিজক কোনোমতে চম্ভালি একাষত গৈ থিয় হৈ থাকিলো৷ লাহে লাহে কপালখন বিষাবলৈ ধৰিছিল যদিও খেলৰ নিচাত সকলো পাহৰি থাকিলো৷

খেলৰ অন্তত হোষ্টেললৈ গৈ ঠাণ্ডা পানীৰে ভালদৰে গা ধুলো৷ ইতিমধ্যে কপালত আঘাত পোৱা ঠাইখিনি ফুলি উঠি এটা তামোলৰ সমান ডাঙৰ হৈছে৷ গা ধুই উঠি আয়নাত চাই দেখো কপালৰ তামোলটোৱে নীলা ৰং ধৰিছে৷ বিষো বাঢ়ি আহিব ধৰিলে৷ বিষ কমাবলৈ চেষ্টা কৰি কিবা এটা মলম ঘঁহি যিমান পাৰো সহ্য কৰি থাকিলো৷ বিষকমোৱা দৰব এটা খাই ৰাতিটো কোনোমতে পাৰ কৰিলো৷

পিছদিনা কেম্পাচত থকা ডাক্তৰৰ ওচৰ পালোগৈ৷ ডাক্তৰে ভালদৰে চাই গহীনাই ক’লে, “ আঘাত পোৱাৰ পাছতে একো নকৰি ঠাণ্ডা পানীৰে গা ধু্ই দিয়া কাৰণে গোটেইটো টান হৈ শিল যেন হৈ গৈছে৷ অপাৰেচন কৰিব লাগিব৷ মেডিকেলৰ লগত কাজিয়া চলি আছে৷ মেডিকেললৈতো যাব নোৱাৰিবা৷ ময়েই কাটি দিম৷ আজি নহয়, দুদিনমান পাছত এদিন৷”
মোৰ মুখৰ মাত হৰিল৷ বেজী এটা ল’বলৈও মোৰ ভয় লাগে৷ অপাৰেচনৰ কথা ভাবিবই নোৱাৰো৷ চিন্তাক্লিষ্ট ভাবে হোষ্টেললৈ উভতিলো৷ তেনেদৰেই এদিন নে দুদিন পাৰ হ’ল৷ ইফালে কপালৰ তামোলটোৱে কপালত ভালদৰেই নিজৰ স্থান দখল কৰি লৈছে৷ বিষটো অলপ কমিছিল যদিও তামোলটোৰহে আকাৰ একেই আছিল৷

এদিন আবেলি মোৰ ডাঙৰ দাদা আহি ওলালহি৷  আহিয়েই মোক দেখি কি হ’ল সুধিলে৷ মই বিবৰি ক’লো৷ ডাক্তৰে কাটি দিম বুলি কোৱা বুলিও ক’লো৷ দাদাই ক’লে, “ এতিয়া নাকাটিবিচোন৷ মই এটা মলম লিখি দিছো৷ সেইটো এসপ্তাহমান ঘঁহি চা৷ কমি যাব লাগে৷”

দাদাই লিখি দিয়া মলমটো সেইদিনাৰ পৰাই কপালৰ তামোলটোত ঘঁহিবলৈ আৰম্ভ কৰিলো৷ ঘঁহি উঠিয়েই তামোলটো চাওঁ, কিজানিবা অলপ সৰু হ’লেই৷ তেনেদৰে এসপ্তাহমান ঘঁহাৰ পাছত তামোলটোৰ আকাৰ সৰু হৈ আহিবলৈ ধৰিলে৷ মোৰ উৎসাহ বাঢ়ি গ’ল৷ অতি নিষ্ঠাৰে মলম ঘঁহি থাকিলো আৰু প্ৰায় পোন্ধৰ দিনমানৰ পাছত তামোলটো প্ৰায় নোহোৱা হৈ পৰিল৷ দাদাই দিয়া মলমে মোক অপাৰেচনৰ পৰা বচালে৷

কপালত মগুমাহ এটাৰ  সমান টেমুনা এটা অৱশ্যে এতিয়াও আছে৷

কলেজীয়া দিনৰ স্মৃতি হিচাবে ৰাখি থৈছো তাক৷

No comments:

Post a Comment