At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 3 June 2015

“সংগ্ৰাম আন এটি নাম জীৱনৰে..”

“সংগ্ৰাম আন এটি নাম জীৱনৰে..”

“চক্ৰৱৎ পৰিৱৰ্তন্তে দুখানি চ সুখানি চ” বুলি কোৱা শুনিছিলো সৰুতেই৷ মানুহৰ জীৱনত দুখ-সুখৰ দিনবোৰ হেনো সলনি হৈ থাকে৷ কথাষাৰ ইমান সোনকালে আমাৰ জীৱনত ফলিয়াব বুলি ভবা নাছিলো৷
১৯৬৮ চনৰ ৮ ডিচেম্বৰ তাৰিখে শ্বিলঙত মাত্ৰ ৪৩ বছৰ বয়সতে দেউতাৰ পৰলোকপ্ৰাপ্তি ঘটাৰ লগে-লগে আমাৰ জীৱনলৈ অমানিশা নামি আহে৷ তেতিয়া মই তৃতীয় শ্ৰেণীত, ডাঙৰ দাদা অষ্টম আৰু সৰু দাদা ষষ্ঠ শ্ৰেণীত৷ সৰু ভাইটি প্ৰথম শ্ৰেণীত আৰু একেবাৰে সৰু ভাইটি স্কুললৈ যোৱাই নাই৷ কেৱল ষষ্ঠ শ্ৰেণীলৈকে পঢ়া মাৰ বয়স আছিল প্ৰায় ৩০ বছৰ মাত্ৰ৷ মা বা ডাঙৰ দাদা মেট্ৰিক পাছ কৰা হ’লে হয়তো দেউতাৰ বিভাগতে চাকৰি এটা হৈ গ’লহেতেন “কম্পেচনেট গ্ৰাউণ্ডত৷ সেইটোও নহ’ল৷ ফেমিলি পেন্সন হিচাবে পোৱা টকা কেইটাৰেই আমি গোটেই পৰিয়ালটো চলিব লাগিব বুলি বুজি পালো৷ আত্মীয়-স্বজন কাৰো পৰাই কোনো ধৰণৰ সহায় পোৱাৰো আশা ক্ষীণ৷ সম্মুখত জীৱনৰ দীঘল বাট৷ নিজৰ ভৰিত নিজে থিয় দিয়াৰ বাদে আন উপায় নাই৷
যাৱতীয় চৰকাৰী আনুষ্ঠানিক কাম-কাজৰ অন্তত আমি বয়-বস্তুৰে সৈতে বৰপেটা পালোঁহি৷ ককাহঁতৰ ভগা-ছিগা ঘৰত আমাৰ পৰিয়ালটোৰ বাবে থকা ঠাই নহ’ব বাবেই কীৰ্তন ঘৰৰ ওচৰৰ দলাহাটীত ৰত্ন ওজাৰ ঘৰটো আমাৰ বাবে ভাড়া লোৱা হ’ল মাহে ১৫ টকাত৷ তাতে আৰম্ভ হ’ল আমাৰ জীৱনৰ এক নতুন অধ্যায়৷ সৰুৰে পৰা আমি বাহিৰতে আছিলো৷ নগাঁও, তিতাবৰ আৰু শ্বিলং৷ বৰপেটালৈ তাৰ আগতে তিনিবাৰমানহে আহিছিলো৷ বৰপেটাৰ পৰিৱেশত নিজকে অতি আচহুৱা অনুভৱ কৰিলেও লাহে লাহে নিজক খাপ খুৱাই ল’ব ধৰিলো৷ দেউতাই পঢ়া বৰপেটা বিদ্যাপীঠ হাইস্কুলতে দাদা দুজনৰ সৈতে মোকো নাম লিখাই দিয়া হ’ল৷ সৰু ভাই দুজনক বিলৰতাৰী হাটীৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্ত্তি কৰি দিয়া হ’ল৷
পঢ়া-শুনাত আমি গোটেই কেইজনেই ভাল আছিলো৷ পঢ়া-শুনা কৰি জীৱনটো গঢ় দিয়াৰ বাহিৰে বেলেগ উপায়ো নাছিল৷ তদুপৰি স্কুলৰ শিক্ষক তথা গোটেই বৰপেটাবাসী ৰাইজৰ দেউতাৰ প্ৰতি থকা ভাল ভাৱ আৰু আমাৰ প্ৰতি থকা শুভেচ্ছা-সদিচ্ছাই আমাক অধিক ভাল হবলৈ উদগণি যোগাইছিল৷
সময় বাগৰি গ’ল৷ ফেমিলি পেন্সন হিচাবে পোৱা ১৫৮ টকাৰেই আমি টুক-টাককৈ চলি থাকিলো৷ ডাঙৰ দাদাই অঙ্কত লেটাৰ সহ প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে৷ বহুতে উপদেশ দিলে দেউতাৰ বিভাগতে চাকৰিত সোমাই ল’বলৈ৷ আমি বাধা দিলো৷ ক’লো,
“সি পঢ়ক৷ এতিয়া চাকৰিত সোমালে গোটেই জীৱন সি কেৰাণী হৈয়ে থাকি যাব৷ তাতকৈ গুৱাহাটীত থকা মাটিডোখৰ বিক্ৰি কৰি দিয়াই ভাল৷ সি যি মন যায় তাকে পঢ়ক৷ “
সেইমতেই আমি আগবাঢ়িলো৷
বৰপেটাৰ মেটুৱাকুছিত এডোখৰ মাটি কিনি লৈ আমি আটাইটি মিলি সৰুকৈ খেৰীঘৰ এটাও ইতিমধ্যে সাজি ল’লো৷ সকলো সাঁচতীয়া ধন প্ৰায় তাতেই শেষ হ’ল৷ ইতিমধ্যে ডাঙৰ দাদাই প্ৰাক বিশ্ববিদ্যালয় পাছ কৰিলে৷  ত্ৰিবান্দ্ৰম মেডিকেল কলেজত বি ডি এচ পাঠ্যক্ৰমৰ বাবে অসমৰ বাবে থকা চাৰিখন আসনৰ এখন আসন দাদাই পালে৷ আমি সাহস কৰি পঠিয়াই দিলো৷ সৰু দাদাই অঙ্কত অসমৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লৈ প্ৰ্থম বিভাগত মেট্ৰিক পাছ কৰিলে৷ ইফালে মইও অবিভক্ত কামৰূপ জিলাৰ ভিতৰত প্ৰথম স্থান লৈ ষষ্ঠ শ্ৰেণীৰ বৃত্তি লাভ কৰি মাহে দহ টকাকৈ পাবলৈ ধৰিলো৷ কিন্তু ধনৰ অভাৱ ভালদৰেই অনুভৱ কৰিবলৈ ধৰিলো৷ ত্ৰিবান্দ্ৰমত পঢ়ি থকা দাদালৈ প্ৰতিমাহে ৩০০-৩৫০ টকা মান পঠিয়াব লাগে৷ মাই হাতৰ-কাণৰ সকলো বন্ধকত থৈ ধাৰ ল’বলৈ ধৰিলে৷ গুৱাহাটীৰ মাটিডোখৰ বিক্ৰি কৰাৰ বাহিৰে আন উপায় নাথাকিল৷ সেই কামৰ বাবে গুৱাহাটীত থকা ডাঙৰ মহাক দায়িত্ব দিয়া হ’ল৷ প্ৰতিমাহে আমাৰ প্ৰয়োজন বাঢ়ি গৈ থাকিল৷
আমি ধন উপাৰ্জনৰ কিবা উপায় কৰিব পাৰি নেকি তাৰেই সন্ধানত লাগিলো৷ উপায় এটা ওলাল৷ বাতৰি কাগজৰ ঠোঙা বনাই গেলামালৰ দোকানত বিক্ৰি কৰিলে কিছু লাভ হয়৷ আমি বজাৰৰ পৰা বাতৰি কাগজ আৰু ঠোঙাৰ তলত লগাবলৈ ডাঠ কাগজ হিচাবে জোতাৰ দোকানৰ পৰা কাগজৰ বাকচ কিনি আনি ঘৰত আজৰি সময়ত ঠোঙা বনাবলৈ আৰম্ভ কৰিলো৷ সেইবোৰ ৰ’দত শুকুৱাই বেগত ভৰাই বজাৰৰ দুখনমান দোকানত বিক্ৰি কৰি দিয়া হয়৷ তাৰেই দুপইচা লাভ হয়৷ এতিয়াও মনত পৰে৷ মাঘবিহুৰ উৰুকাৰ দিনা ওচৰ-চুবুৰীয়া সকলো গোটেই ৰাতি সাৰে থাকি বিহু পালন কৰাৰ সময়ত আমি গোটেই ৰাতি ঘৰৰ ভিতৰত লেমৰ পোহৰত কাগজৰ ঠোঙা বনাইছিলো৷
তেতিয়া মই অষ্টম শ্ৰেণীত৷  ঠোঙা বিক্ৰি কৰা দোকানৰ মালিকে তেখেতৰ কশ্ৰেণীত পঢ়া ল’ৰাটোক পঢ়ুৱাবলৈ মোক দায়িত্ব দিলে৷ মাহে ৮ টকা৷ তাৰ পাছত আৰু দুটামান টিউচন পালো৷ ৰাতিপুৱাই চাইকেলখন লৈ ওলাই যাওঁ৷ ল’ৰাটোক শিকাই পোনে-পোনে স্কুললৈ যাওঁ৷ লেজাৰৰ সময়ত ঘৰলৈ আহি ভাত খাই ছুটীৰ পাছত বাহিৰে বাহিৰে আকৌ বাকী টিউচনলৈ যাওঁ৷ সৰু দাদাৰ ওচৰলৈও অঙ্ক শিকিবলৈ দুই-এজন ছাত্ৰ আহিবলৈ ধৰিলে৷ আৰ্থিক ভাবে আমি অলপ সকাহ পালো৷
প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত সৰু দাদাই প্ৰথম স্থান অধিকাৰ কৰি সকলোকে চমক খুৱালে৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ গ’ল৷ তেতিয়া মই দশম শ্ৰেণীত৷ টকা-পইচা যোগাৰ কৰি দাদাদুজনলৈ পঠিউৱাৰ দায়িত্ব মোৰ ওপৰত পৰিল৷ টিউচনো কৰি থাকিলো , অষ্টম শ্ৰেণীত থকা ভাইজনকো টিউচন যোগাৰ কৰি দিলো৷ কাগজৰ ঠোঙাৰ ব্যৱসায়ো চলি থাকিল সমান্তৰাল ভাবে৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰি পাছ কৰাৰ সূত্ৰেই সেই সময়ৰ অসমৰ শিক্ষা-তথা গৃহমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়া দেৱৰ সৈতে সাক্ষাৎ হয়৷ তেখেতে উৎসাহ দি মোক কটন কলেজত নাম ভৰ্ত্তি কৰাই দিয়ে৷ তেখেতৰ বৰপুত্ৰ জিন্টু তেতিয়া অষ্টম শ্ৰেণীত পঢ়ে৷ জিন্টুৰ পঢ়া-শুনা চাই দিবলৈ মোক দায়িত্ব দিয়া হ’ল৷ মই পৰম নিষ্ঠাৰে সেই কাম কৰি গ’লো৷ গুৱাহাটীত আৰু দুটামান টিউচন যোগাৰ কৰি লৈ মোৰ সকলো খৰচ নিজেই উলিয়াবলৈ ধৰিলো৷ ইতিমধ্যে গুৱাহাটীৰ মাটি বিক্ৰি হৈ গৈছিল আৰু দাদাহঁতৰ খৰচ তাৰেই যোগান ধৰা হৈছিল৷
মাটি বিক্ৰি কৰি পোৱা টকাও শেষ হ’ল৷  ডাঙৰ দাদাও পাছ কৰি আহিল৷ বেঙ্কৰ ধাৰ লৈ বঙাইগাঁওত ক্লিনিক খুলি ল’লে৷ আমাৰ সকলোৰে দায়িত্বও দাদাই লৈ ল’লে৷ লাহে-লাহে দিনবোৰ ভালৰ পিনে আহিবলৈ ধৰিলে৷

দুখৰ পাছত আকৌ সুখ৷

“পঢ়া-শুনা কৰি কি হ’ব” বুলি কোৱা বহুতকে লগ পাইছো৷ কিন্তু আমাক পঢ়া-শুনাইহে মানুহ হোৱাত সহায় কৰিলে৷ সেই দুখ-কষ্টৰ সময়চোৱাত জগতখন ভালদৰে চিনি পালো৷ যিসকলে আমাক সহায় কৰিলে সেই সকলৰ ওচৰত আমি চিৰকৃতজ্ঞ৷

No comments:

Post a Comment