At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 12 November 2012

পাখি মেলা মন.. তিতাবৰৰ দুৱৰি বন…



“পাখি পাখি এই মন, পাখি লগা মোৰ মন.…” জুবিন গাৰ্গৰ সুমধুৰ গীতটো বাজি উঠিলে মোৰ মনটো উৰা মাৰে সুদুৰ তিতাবৰলৈ য’ত মোৰ দেউতাৰ অধিক স্মৃতি সাঙুৰ খাই আছে৷ মোৰো মধুৰ শৈশৱৰ বাৰে-ৰহণীয়া অভিজ্ঞতাৰ মেটমৰা ভাৰখনত তিতাবৰৰ দিনবোৰৰেই অৰিহণা বেছি৷ 

নগাৱঁৰ শেনচোৱাত থাকোতে বিহুৰ সময়ত দুই এদল বিহুমৰা ল’ৰা ঘৰলৈ অহা মনত পৰে৷ কিন্তু তিতাবৰ পোৱাৰ লগে লগে বিহুৰ সোৱাদেই সলনি হৈ গ’ল৷ প্ৰথমবাৰৰ বাবে বিশেষ ধৰণৰ বিহু-হুচৰিৰ স’তে পৰিচয় ঘটিল৷ দলে দলে হুচৰিৰ দলবোৰ ঘৰলৈ বিহু মাৰিবলৈ আহে৷ বিশেষকৈ স্বনামধন্য খগেশ্বৰ গগৈদেৱৰ হুচৰিদলৰ ঢুলীয়া চেওঁ মোৰ বাবে বিশেষ আকৰ্ষণ আছিল৷ মিহিৰাম শইকীয়া হাইস্কুলৰ ওচৰত আয়োজিত বিহু সন্মিলনীত ভিন ভিন ঠাইৰ পৰা অহা বিহুৱা সকলৰ নাচ হেপাহ পলুৱাই চাওঁ৷ ঘৰলৈ আহি অকলে অকলে বিহু নাচ অভ্যাস কৰো৷ ঘৰে ঘৰে হুচৰি মাৰি ফুৰা দলবোৰৰ পিচে পিচে ঘুৰি ফুৰো৷ বিশেষকৈ এটা কথা মোৰ ভালদৰে চকুত পৰিল৷ নাচনিবোৰে যেতিয়া বিহু নাচে তেতিয়া মাটিৰ পৰা ভৰিখন ওপৰলৈ নুঠে৷ ভৰিবোৰ এটা বিশেষ কিটিপেৰে মাটিত চোচোৰাই চোচোৰাই নিয়ে আৰু তেনেদৰে নাচনিবোৰে এটা বৃত্তৰ পৰিধিত ঘুৰি থাকে, ঘড়ীৰ কাঁটাৰ দিশত৷ ফলস্বৰুপে চোতালৰ বন বিলাক এফালে বেঁকা হৈ পৰে, ঠিক সেই দিশত৷ মই ভৰিবোৰলৈ ৰ’ লাগি চাই থাকো৷ আজৰি সময়ত মইও ঘৰত অকলে অকলে সেই অভ্যাস কৰি সফল হ’লো মাটিত ভৰি চোচোৰাই নাচিবলৈ৷ কিন্তু কাৰো আগত মোৰ বিহু নাচৰ স্ব-আৰ্জিত পাৰদৰ্শিতা দেখুউৱাৰ সুযোগ পোৱা নাছিলো৷

সোণকালেই সুযোগ আহিল৷ তেতিয়া মই প্ৰথম শ্ৰেণীত৷ বিহু ওচৰ চাপি আহিল৷ কাছজানৰ লক্ষ্য, ৰেচম পামৰ সন্মুখত থকা মহেন্দ্ৰ, তাঁতী গাৱঁৰ ৰাতুল আৰু অনেক লগ-সমনীয়াই সেইবাৰ এটা হুচৰিৰ দল গঠন কৰাৰ পৰিকল্পনা কৰিলে৷ মোকো লগ ললে৷ এঘৰৰ চোতালত গোট খাই আমি আখৰা কৰিব ধৰিলো৷ সুযোগ পাই মইও নিজৰ নাচৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলো৷ সকলো মুগ্ধ হ’ল আৰু মই হৈ পৰিলো আমাৰ দলটোৰ প্ৰধান নাচনি৷ প্ৰধান নাচনিৰ সন্মানেই বেলেগ৷ 

বিহু আহিল৷ আমিও ঘৰে ঘৰে বিহু মাৰিবলৈ আৰম্ভ কৰিলো৷ ঘৰে ঘৰে গৃহস্থৰ পৰা পোৱা টকাবোৰ কোনোবা এজনে সযতনে জমা কৰি গ’ল৷ আমাৰ নিজৰ ঘৰলৈও বিহু মাৰিবলৈ আহিলো৷ নাচি নাচি ভাগৰ লাগি গ’ল৷ ভিতৰৰ পৰা কোনো ওলাই নাহে হে নাহে মাননি দিবলৈ৷ মোৰ নাচি নাচি ভাগৰত লালকাল অৱস্থা৷ অৱশেষত যেনিবা দাদাহঁত ওলাই আহিল হাতত তামোল-পাণৰ বটা লৈ৷ পাচত মোক দাদা এজনে কলে, “তইনো কিমান নাচিব পাৰ, তাকে আজি আমি চালো৷” পেটে পেটে মোৰ খং উঠিছিল যদিও মিচিকিয়াই হাঁহি মনে মনে থাকিলো৷

তাৰ পিচদিনা আবেলি পৰত আমি ওলাই গ’লো মাধপুৰ তিনি আলিৰ পিনে৷ ঘৰে ঘৰে বিহু মাৰি গৈ গৈ দত্ত চাৰৰ ঘৰতো বিহু মাৰিলোগৈ৷ চাৰৰ আগত বিশেষ উৎসাহেৰে নাচিলো৷ তাৰ পাছত বিহু মাৰি মাৰি গৈ থাকিলো দুৰলৈ৷ কেতিয়া ৰাতি হ’ল গমেই নাপালো৷ ৰাতি ৯ টা মান বাজিলত আমি সম্বিত ঘুৰাই পালো৷ ঘৰলৈ উভটিব লাগে বুলি কোনোবা এজনে ক’লে৷ আমি আহি পথাৰ এখনত বহিলোহি৷ চাৰিওফালে ঘিটমিটিয়া এন্ধাৰ৷ দুজন মানে বাঁহৰ পাব দুটা মান কাটি, তাতে কেৰাচিন তেল অলপ অলপ ভৰাই শুকান খেৰৰ থিলা মাৰি দি মুখবোৰ বন্ধ কৰি জুইশলা মাৰি খেৰখিনিত জুই লগাই দিলে৷ সেইয়া হ’ল জোৰ৷ 

তেনে জোৰ দুটামান হাতত লৈ, তাৰ পোহৰত আমি পথাৰৰ মাজে মাজে বাট পোনালো আমাৰ ঘৰৰ ফালে৷ কছাৰী গাৱঁৰ পিছপিনেৰে আহি আমি থকা ৰেচম পাম পালোহি৷ হাতত জোৰ লৈ থকা দুজনে মোক ঘৰৰ মুখলৈকে লৈ গ’ল৷ বাকীবোৰ নিলগত ৰৈ থাকিল৷ তেতিয়া ১০ টা মান বাজিছিল ৰাতি৷ ঘৰত মা-দেউতাহঁত উৎকন্ঠাৰে ৰৈ আছিল৷ জোৰৰ পোহৰ দেখি দুৱাৰ মেলি মা বাহিৰ ওলাই আহিল৷ আমাক দেখি গালি পাৰিবলৈ আৰম্ভ কৰিলে৷ “ইমান ৰাতি ক’ত আছিলা তোমালোক? একো খবৰ-বাতৰি নাই”, ইত্যাদি ইত্যাদি৷ মই তলমূৰকৈ ঘৰ সোমালো , ভয়ে ভয়ে৷ দেউতাই পিঠিৰ ছাল চিঙিব বুলি ভাবিছিলো যদিও দেউতা আচৰিত ভাবে নিমাত হৈ থাকিল৷ মই গৰম পানীৰে ভৰি-হাত ধুই, বাধ্য ল’ৰাৰ দৰে নাকে-কাণে ভাত কেইটামান খাই বিচনাত উঠিলোহি৷ কেতিয়া টোপনি আহিল গমেই নাপালো৷

Photo cournesy: Rituraj Konwar, The Hindu
মোৰ বিহু মৰাও সেইবাৰলৈ তাতেই শেষ৷ লগৰীয়াবোৰে পিছদিনা মোক মাতিবলৈ নাহিল৷ দুদিনমান পিছত খবৰ দিলেহি ৰাতি ভোজ পাতিছে বুলি ওচৰৰে এঠাইত, বিহু মাৰি পোৱা টকাৰে৷ মোৰহে যোৱা নহ’ল৷ মা-দেউতাৰ অনুমতি ল’বলৈ সাহস গোটাব নোৱাৰিলো৷

তিতাবৰ এৰি থৈ শ্বিলং পালোগৈ৷ তাৰপাছত বৰপেটা৷ ঢোলৰ মাত শুনিলে কিন্তু আজিও হেপাহ পলুৱাই নাচিবৰ মন যায়৷ পাখি লগা মনটো উৰা মাৰে তিতাবৰৰ সেই সোণালী দিনবোৰলৈ৷ চকুত ভাঁহি উঠে নাচনিৰ গচকত বেঁকা হৈ পৰা চোতালৰ সেই বন বোৰলৈ৷ কাণত বাজি উঠে লক্ষ্যই গোৱা বিহুগীতফাঁকিলৈ, “ আমে পাত সলালে, চামে পাত সলালে, ফুলিলে ভেবেলী লতা অ’ আইজনী, তুমি আমাৰ নাচনী, নেনাচো বুলিলে, ওলায় চকুপানী..” 

কিবা এক অবুজ আবেগত সঁচাকৈয়ে চকুপানী ওলায় আজি৷


1 comment: