পুৰণি ফটোবোৰ চাই থাকোঁতে হঠাৎ চকু গ’ল এখন উৱলি যাব ধৰা
ফটোলৈ৷ আচলতে বাতৰি কাকতত প্ৰকাশ হোৱা ফটো এখন৷ সযতনে কাটি লৈ সাঁচি ৰখা এখন ফটো৷ নতুন
অসমীয়া আছিল সেই বাতৰি কাকতখনৰ নাম৷ বহুদিন হ’ল, প্ৰকাশ বন্ধ হৈ যোৱাৰ৷ অসমৰ নতুন প্ৰজন্মই
সেই কাকতখনৰ চাগে নামেই শুনা নাই৷
ফটোখন, অৰ্থাৎ বাতৰি কাকতৰ টুকুৰাটো হাতত তুলি ল’লো আলফুলকৈ৷
ফটোখনলৈ চালো৷ চিনাকী মুখ৷ মনটো উৰা মাৰিলে ১৯৬৮ চনৰ ডিচেম্বৰ মাহলৈ৷
তেতিয়া আমি শ্বিলঙত৷
মই তৃতীয় শ্ৰেণীত৷ সেই মাহৰ ৮ তাৰিখে দেউতাৰ পৰলোক প্ৰাপ্তি ঘটিছিল৷ ২৮ তাৰিখৰ পৰা
মোৰ বৃত্তি পৰীক্ষা হ’ব লগীয়া আছিল৷ দেউতাৰ মৃত্যুৰ স’তে কুমলীয়া মনটোক পৰিচিত কৰাই,
প্ৰকৃতিস্থ হওঁতেই বহুদিন পাৰ হ’ল৷ ২৮ তাৰিখো ওচৰ চাপি আহিল৷ দেউতাৰ দহা-শ্ৰাদ্ধ আদি
যথা সময়ত নিয়ম অনুসাৰে পালন কৰা হৈ গ’ল৷ খবৰ-বাতৰি ল’বলৈ অহা মানুহৰ সমাগমো নোহোৱা
হৈ পৰিল৷ আমিও দেউতাই খালী কৰি থৈ যোৱা ঘৰখনত যন্ত্ৰৰ দৰে সময় পাৰ কৰিব ধৰিলো৷ মাজে
মাজে নিজকে সকীয়াই দিলো, বৃত্তি পৰীক্ষা ভাল কৰিবই লাগিব বুলি৷ দেউতাৰ আশা আছিল কোনো
এজন সন্তানে বৃত্তি পোৱাটো৷ ডাঙৰ দাদা দুজনে সেই আশা পূৰণ কৰিব পৰা নাছিল৷ এইবাৰ আছিল
মোৰ পাল৷ কিন্তু দেউতাতো গুচি গ’লগৈ৷ তথাপি দেউতাৰ মনৰ আশা পূৰণ হওক বুলিয়েই প্ৰতিকূল
পৰিবেশ আওকাণ কৰিও পঢ়া-শুনা কৰি থাকিলো৷
২৮ তাৰিখ আহিল৷ ঘৰত কোনো উৎসাহ নাই৷ ৰাতিপুৱাই সাজু হ’লো
পৰীক্ষাৰ বাবে৷ ওচৰতে শ্বিলং বিদ্যালয়ত পৰীক্ষাকেন্দ্ৰ৷ যথা সময়ত পৰীক্ষা আৰম্ভ হ’ল৷
ভালেই হোৱা যেন লাগিল৷ কিছুদিন পাছত আমি বৰপেটালৈ গুচি আহিলো৷ বৰপেটা বিদ্যাপীঠৰ চতুৰ্থ
শ্ৰেণীত নাম লগাই দিয়া হ’ল মোক৷ মাজে মাজে মনত পৰি থাকিল শ্বিলঙলৈ৷ বৃত্তি পৰীক্ষাৰ
ফলাফল বা কেতিয়া ওলায়, নিজেই নিজকে সুধি থাকিলো৷
তেনেদৰেই পাৰ হৈ গ’ল কেইটামান মাহ৷ এদিন হঠাতে খবৰটো আহিল,
মই হেনো সংযুক্ত খাচীয়া জয়ন্তীয়া পাহাৰজিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰি বৃত্তি পাইছো৷
প্ৰথমতে নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিলো৷
খবৰটোৱে ঘৰলৈ সুখৰ লগতে দুখো কঢ়িয়াই আনিলে৷ দেউতাৰ স্মৃতিয়ে
সকলোকে আমনি কৰিলে বাৰে বাৰে৷ মাৰ মোমায়েক এজনে মোক লৈ গ’ল তেখেতৰ চিত্ৰবন নামৰ স্টুডিঅ’লৈ৷
তাতে মোৰ ফটো তোলা হ’ল বাতৰি কাকতত দিবৰ বাবে৷ কিছুদিন পাছত ফটোখন প্ৰকাশ হ’ল৷ ওচৰ-চুবুৰীয়াক
অতি আগ্ৰহেৰে ফটোখন দেখুউৱাৰ পাছত সুন্দৰকৈ ফটোখন কাটি লৈ ফটোফ্ৰেম এটাত বন্ধাই থোৱা
হ’ল৷
দিন বাগৰি গ’ল৷ চাকৰি-বাকৰি , ঘৰ-সংসাৰ আদিত ব্যস্ত হৈ পৰিলো৷
চাকৰিৰ খাটিৰত ভাই ভাই ঠাই ঠাই হ’লো৷ পুৰণি ফটোখনেও বহু ঠাই সলনি কৰিলে যদিও মোৰ মাই
সযতনে বচাই ৰাখিলে৷ এদিন হাতত পৰাত মই নিজৰ ঠাইলৈ লৈ আহিলো৷ তেনেদৰেই দিন বাগৰি গৈ
থাকিল৷ লাহে লাহে পুৰণি সামগ্ৰীবোৰৰ আদৰ-যত্ন কমি যাব ধৰিলে৷ ফটোখনো ক’ৰবাত সোমাই পৰিল৷
এদিন হঠাত হাতত পৰিল ফটোখন৷ কেমেৰাৰে ফটো তুলি থ’লো ফটোখনৰ৷
আনৰ বাবে নহলেও মোৰ বাবে এতিয়াও মূল্য আছে ফটোখনৰ৷ মোৰ দেউতাৰ মনৰ আশা পূৰণ কৰাৰ স্বাক্ষৰ৷
No comments:
Post a Comment