At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 16 May 2013

শিক্ষকৰ ডায়েৰী…… অথ বান্দৰ সংবাদ…



অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স’তে বান্দৰৰ সম্বন্ধ চিৰদিনীয়া৷ চৌহদৰ বাসিন্দাসকলে বান্দৰৰ লগত সহ-অৱস্থান কৰিবলৈ শিকি যায় কম সময়ৰ ভিতৰতে৷ হোষ্টেলত থাকোঁতে বান্দৰৰ স’তে নানা ধৰণৰ ধেমালিও কৰিছিলো৷ ১৯৮৫ চনত প্ৰবক্তা হিচাবে যোগ দিয়াৰ পাছত চৌহদতে থাকিবলৈ লওঁ চৰকাৰে যোগাই দিয়া আবাসসমূহত৷ মোৰ চাকৰিজীৱনত মুঠতে দহবাৰ আবাস সলাইছিলো অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত৷ বান্দৰৰ সৈতে অভিজ্ঞতাও হৈছিল বেলেগ বেলেগ ধৰণৰ ৷

১৯৯১ চনৰ কথা ৷ তেতিয়া মই দুইনম্বৰ ছাত্ৰাবাসৰ অধীক্ষক৷ অধীক্ষকৰ বাসগৃহটো ছাত্ৰাবাসৰ কাষতে৷ চৰকাৰী গৃহসমূহৰ অৱস্থা দেখিলে কেতিয়াবা নিজকেই ধিক্কাৰ দিবৰ মন যায়৷ বৰষুণ দিলে পানী সোমায়, কেতিয়াবা মজিয়াৰ সুৰুঙাৰে সাপৰ অনুপ্ৰৱেশ ঘটে, ধুমুহা আহিলে ঘৰটোৰ লগতে বুকুবোৰো সমানে কঁপে৷ তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আহি থাকে বান্দৰৰ জাকবোৰ৷ শিক্ষকতা কৰি কিবা অলপ পূণ্য অৰ্জন কৰা বাবেহে কিজানি কোনো অপায়-অমঙ্গল নোহোৱাকৈ থাকে ৷

তেতিয়া মোৰ ডাঙৰ ল’ৰাটো এবছৰীয়া৷ ল’ৰাটিক যিকোনো প্ৰকাৰে বান্দৰৰ হাতৰ পৰা বচাই ৰখাটোৱেই আছিল আমাৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান৷ সকলো সময়তে দুৱাৰ-খিৰিকি বন্ধ কৰি ৰখা হৈছিল, আয়নাভঙা খিৰিকিবোৰ ডাঠ কাগজ আদিৰে যিকোনো প্ৰকাৰে বন্ধ কৰি লোৱা হৈছিল৷ তথাপি মাজে মাজে বান্দৰ সোমাই আহে৷ ভালদৰে লক্ষ্য কৰি বান্দৰ সোমোৱা বাটটো বিচাৰি পালো৷ ঘৰৰ চিলিঙলৈ মানুহ উঠি যাব পৰাকৈ বাট এটা আছিল, কিন্তু সেই বাটটো বন্ধ কৰিবৰ বাবে থকা ঢাকনিখন ভাঙি যোৱা বাবে বাটটো অনবৰতে খোলা অৱস্থাত থাকে৷ ঘৰৰ চালৰ তলেৰে থকা ফাঁকেৰে বান্দৰবোৰ চিলিঙত সোমায় আৰু সেই বাটেৰে ভিতৰলৈ সোমাই আহে৷ বাটটো বন্ধ কৰি দিবলৈ চৌহদতে থকা সংশ্লিষ্ট বিভাগৰ দায়িত্বশীল বিষয়াজনলৈ লেখিলো৷ এদিন দুদিনকৈ বহুদিন পাৰ হৈ গ’ল৷ কোনো কাম নহ’ল৷

এদিন দুপৰীয়া কলেজৰ পৰা ভাত খাবলৈ ঘৰলৈ আহি শ্ৰীমতীৰ কন্দনামুৱা মুখখন দেখি বুজিলো, কথা বিষম৷ শ্ৰীমতীয়ে যিটো বৰ্ণনা দিলে, মোৰ গাৰ নোম শিঁয়ৰি উঠিল৷
“আজি প্ৰকান্ড বুঢ়া বান্দৰটো সোমাইছিল৷ বাবলু আছিল বিচনাত৷ এফালে বান্দৰটো, এফালে বাবলু৷ মাজতে মই৷ বান্দৰটোৱে মোক খেদা মাৰি মাৰি আহে৷ কিছুসময় তেনেদৰে থকাৰ পাছত বান্দৰটোৱে কিবা ভাবি গুচি গ’ল৷ মই কোনোমতেহে বাবলুক বচালো্ঁ৷ সোনকালে কিবা এটা কৰা, নহলে আমি এই কেম্পাচৰ পৰা যাওঁগৈ৷”

লগে লগে পদুলিমুখলৈ ওলাই আহিলো৷ সেইদিনা পৰীক্ষা চলি আছিল৷ কেইমিনিটমান অপেক্ষা কৰাৰ পাছত ছাত্ৰ এজন কলেজৰ পৰা আহি থকা চকুত পৰিল৷ মোৰেই ছাত্ৰ, মোৰেই হোস্টেলৰ বাসিন্দা৷ ওচৰ আহি পোৱাৰ লগে লগে সুধিলো,

“হেৰি নহয়, প্ৰশান্তক দেখিছিলা নেকি?” (মোৰ খুৰশালি, ল’ৰাজনৰ লগত একেলগে পঢ়ে), মই সুধিলো৷
“নাই দেখা, কিয়নো চাৰ?”
“কিবা কাম এটা আছিল,” মই চমুকৈ ক’লো৷
“কি কাম চাৰ? মোক কওঁকচোন৷ মই আছো নহয়৷”

নিজৰ সুবিধাৰ বাবে ছাত্ৰক ব্যৱহাৰ কৰাটো নীতি-বিৰুদ্ধ কথা বুলি সদায় মানি আহিছো৷ তথাপি ল’ৰাজনৰ আগ্ৰহ দেখি কওঁ-নকওঁকৈ ল’ৰাজনক সমস্যাটো বুজাই ক’লো৷ 

“হয় নেকি? আপুনি ৰৈ থাকক, এঘন্টাৰ ভিতৰত আপোনাৰ কাম হৈ আছে,” মোক আশ্বাস দি ল’ৰাজনে পোনে পোনে সেই কাৰ্যালয়ৰ পিনে খোজ ল’লে৷ কথাটো কৈ ভালেই কৰিলোঁ নে ভুলেই কৰিলো ভাবি নাপাই মই অস্থিৰ মনেৰে ভিতৰ সোমাই আহিলো৷

আধাঘন্টাও নহ’ল কিজানি, ল’ৰাজন আহি মাত লগালেহি৷ বাহিৰ ওলাই দেখোঁ ল’ৰাজনৰ লগত চাৰিজনমান মানুহ, লগত বিভিন্ন সঁজুলি আৰু দুখনমান প্লেইন চীট৷ মানুহকেইজন কামত লাগি গ’ল আৰু কম সময়ৰ ভিতৰতে বান্দৰ সোমোৱা বাটবোৰ নিকপকপীয়াকৈ বন্ধ কৰি থৈ গ’লগৈ৷

“তুমি কেনেকৈ কৰিলাহে কামটো?” মানুহকেইজন যোৱাৰ পাছত মই ল’ৰাজনক সুধিলো৷
“চাৰ, অফিচত গৈ অলপ বান্দৰামি কৰিলো্ঁ, বান্দৰৰ ভাষাহে মানুহবোৰে বুজি পায়,” মিচিকিয়া হাঁহি মাৰি ল’ৰাজনে উত্তৰ দিলে৷
মইও হাঁহি মাৰি শলাগি থলোঁ৷

ল’ৰাজন গ’লগৈ, ঘৰত বান্দৰ সোমোৱাও বন্ধ হ’ল সেইদিনাৰ পৰা৷

সেই ছাত্ৰজন এতিয়া এজন সফল অভিযন্তা ৷ অৱশ্যে তেওঁ এতিয়াও বান্দৰৰ ভাষা প্ৰয়োগ কৰেনে নাই, সেইটোহে জানিবৰ মন যায়৷


No comments:

Post a Comment