At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 15 May 2013

ভেঙুচালি….

প্ৰায় বাৰবছৰমান আগৰ কথা৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰোঁ৷ অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ বাছনি পৰীক্ষাৰ বাবে গুৱাহাটী 'জোন'ৰ সহকাৰী 'জোনেল' অফিচাৰ হিচাবে নিযুক্তি পাইছিলো৷ সেইদিনা আছিল বন্ধৰ দিন৷ তথাপি কিছু কাম থকাত পৰীক্ষাৰ কামৰ বাবে সাজু কৰি লোৱা অস্থায়ী কাৰ্যালয়টোতে বহি কাম কৰি আছোঁ৷ 

এনেতে এজন ডেকা আহি ওলাল৷ খিৰিকিৰে মোক মাত লগালে,
“চাৰ, মই এডমিট কাৰ্ড নিবলৈ আহিছিলো৷ দিব নেকি?”

“আজি অফিচ বন্ধ, এডমিট কাৰ্ড দিয়া মানুহজন নাই৷ মই অকলেহে আছোঁ, কাইলৈ আহিব,” মই উত্তৰ দিলো৷

“চাৰ, মই বঙাইগাৱঁৰ পৰা আহিছিলো, আজি বন্ধ বুলি নাজানো নহয়৷ কিবা এটা কৰি পাৰে যদি দিয়ক,” ডেকাজনে অনুৰোধ জনালে৷

মই অলপ চিন্তা কৰিলো, তাৰপাছত ডেকাজনলৈ চাই সুধিলো, “কি নাম?” 

ডেকাজনে নামটো ক’লে৷ বঙাইগাওঁ কেন্দ্ৰৰ ফাইলটো বিচাৰি উলিয়াই চালো, নামটো আছে, এডমিট কাৰ্ডখনো আছে৷ এডমিট কাৰ্ড হাতে-হাতে নিবলৈ অহাসকলৰবাবে কৰিবলগীয়া আনুষ্ঠানিকতাখিনি কৰি লৈ ডেকাজনৰ হাতত এডমিট কাৰ্ডখন দিলো৷

কাৰ্ডখন সযতনে জেপত থৈ ডেকাজনে মোৰ ফালে চালে৷ তাৰপাছত মনিবেগটো খুলি দহটকীয়া নোট এখন উলিয়াই মোৰ পিনে আগবঢ়াই দি ক’লে,
“চাহ-পানী খাব৷”

মই হতভম্ব ৷ মোৰ খঙে চুলিৰ আগ পালেগৈ৷

“তোক টকা কোনে খুজিছে? লাজ নালাগে? তহঁতৰ নিচিনা মানুহবোৰৰ কাৰণেই কোনো এটা অফিচতে ঘোঁচ নিদিয়াকৈ কাম কৰিব নোৱাৰা হৈ পৰিছে আজিকালি৷”… ইত্যাদি ইত্যাদি নানান কটু বাক্য শুনালো৷

ডেকাজনে কিন্তু মোৰ ফালে অতি আচৰিত ভাবে চালে৷ তাৰপাছত ভয়ে ভয়ে ক’লে, 
“চাৰ সকলো অফিচতে আমি দিওঁযে, অভ্যাস হৈ গৈছে৷ বেয়া নাপাব৷” 

ডেকাজন গ’লগৈ৷ ডেকাজনৰ সেই কাৰ্যৰ যোগেদি গোটেই সমাজখনেই মোক যেন ভেঙুচালি কৰি গ’ল, এনে অনুভৱ হ’ল৷ লাহে লাহে কথাটো পাহৰিবলৈ চেষ্টা কৰি মই নিজৰ কামত লাগি পৰিলো৷

No comments:

Post a Comment