At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday, 6 April 2014

हाईकु...

हाईकु...
1)
नया सपना
देखना हर रोज
सुर अपना..

2)
मस्त पवन
खुला है आसमान
रहूँ मगन..
—----------+--
डा माखन लाल बेफिक्र

Thursday, 3 April 2014

চাৰিজন নিৰপৰাধী অপৰাধী...

চাৰিজন নিৰপৰাধী অপৰাধী..

১৯৭৭ চন৷
কটন কলেজত আমাৰ প্ৰাক বিশ্ববিদ্যালয় বিজ্ঞান শ্ৰেণীৰ তিনিটা শাখা আছিল৷ পৰিসংখ্যা বিজ্ঞান বিষয় পঢ়া সকল “ক” শাখাত, জীৱ বিজ্ঞান পঢ়া সকল “গ” শাখাত আৰু আমি অতিৰিক্ত গণিত লোৱাবোৰ “খ” শাখাত৷ তিনিওটা শাখাৰ ভিতৰত আমাৰ শাখাটো সকলোতকৈ উৎপতীয়া আছিল৷ আমাৰ উৎপাতত অতীষ্ঠ হৈ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক বৰগোহাঁঞিচাৰে এবাৰ মন্তব্য কৰিছিল:

“স্মাৰ্ট হোৱা ভাল, কিন্তু ওভাৰ স্মাৰ্ট হোৱাটো বেয়া৷”

আমাৰ শ্ৰেণীত অতি চোকা, শান্ত ছাত্ৰ-ছাত্ৰীও আছিল আৰু অতিপাত চোকা কিন্ত দুষ্টালি কৰি ভাল পোৱা ছাত্ৰ-ছাত্ৰীও আছিল৷

আমাৰ দুষ্টালিয়ে চৰম সীমা পালেগৈ দ্বিতীয় বাৰ্ষিকত৷ ইংৰাজী পঢ়াবলৈ অহা অধ্যাপিকা এগৰাকীৰ শ্ৰেণীত বিভিন্ন ধৰণৰ কাৰুকাৰ্য চলিবলৈ ধৰিলে৷ সকলোৱে তেখেতক এটা উপনামেৰে মাতিবলৈ ল’লে৷ তেখেতে ৰোলকল কৰা সময়ত কিছুমানে বাহিৰৰ পৰাই “য়েচ মাডাম” বুলি কৈ আঁতৰি যায়৷ কিছুমানে “য়েচ মাডাম” বুলি কয় আৰু তেখেতৰ সম্মুখেৰেই কোঠাৰ পৰা বাহিৰ ওলাই যায়৷ তেখেতে পাঠদান আৰম্ভ কৰে৷ পিছপিনৰ পৰা কোনোবাই মুখ বন্ধ কৰি “ মমমমমমমহহহহহ” বুলি শব্দ এটা কৰে৷ গোটেই কোঠাটো ৰজনজনাই যায় কিন্তু কোনে শব্দ কৰিছে ধৰিব নোৱাৰি৷ তেখেতে এবাৰ দুবাৰ গালি পাৰিলে৷ কিন্তু কোনো ফল নহ’ল৷ সেই গোঁ-গোৱাঁই শব্দ কৰা কামটো বেছিহে হ’বলৈ ধৰিলে৷

তেনেদৰে দুদিনমান পাৰ হ’ল৷ দুষ্টালি কৰা বিলাকৰ সাহসো দিনে-দিনে বাঢ়ি গ’ল৷ তেখেতক দূৰত দেখিলেও আমাৰ মাজৰ দুই-এজনে হাত বাউল দি “ ঐ ……” বুলি মাতিবলৈ ধৰিলে৷

তেখেত আমাৰ শ্ৰেণীলৈ  নহা হ’ল৷

এদিন ইংৰাজী পঢ়াবলৈ আহিল আন এগৰাকী অধ্যাপিকা৷ আগতে দেখা মনত নপৰে৷ হয়তো নতুনকৈ আহিছিল৷ দেখিবলৈ শান্ত-শিষ্ট, অতি ভদ্ৰ, অমায়িক মহিলা এগৰাকী৷ তেখেত আহি বিশেষ একো পাতনি নেমেলি পঢ়াবলৈ আৰম্ভ কৰিছেহে মাথোন, তেনেতে পিছপিনৰ পৰা কোনোবাই কৰি দিলে সেই শব্দটো৷ তেখেত ৰৈ গ’ল৷ অলপ সময় আমাৰ ফালে চালে৷ তাৰপাছত ক্ষুৰধাৰ ভাষাৰে গালি পাৰি আমাক সকলোকে থকা-সৰকা কৰিলে৷ কিন্তু কোনোবাই আকৌ কৰি দিলে সেই শব্দ ৷

“মমমমমমমমহহহহহহহ”

এইবাৰ তেখেতে ৰণচণ্ডী মূৰ্ত্তি ধৰিলে৷ সকলোৰে পিনে চালে৷ তাৰপাছত একেবাৰে পিছৰ বেঞ্চত বহি থকা ল’ৰা চাৰিজনক ফেৰ পাতি ধৰি ক’লে,
“ ইউ ষ্টেণ্ড আপ…. অল ফ’ৰ অব ইউ..”

সেই শেষৰ বেঞ্চত বহি থকা চাৰিওজন ছাত্ৰ ভয়ে-ভয়ে থিয় হ’ল আৰু ভেবা লাগি বাইদেউৰ পিনে চাই থাকিল৷

“মই কি শিকাই আছো?”
বাইদেৱে তেওঁলোকক সুধিলে৷

সেই চাৰিওজনে মুখেৰে একো নামাতি বাইদেউৰ ফালে অঁকৰাৰ দৰে চাই থাকিল৷ বাইদেৱে তেওঁলোকক জাউৰিয়ে জাউৰিয়ে গালি পাৰিলে চৈধ্য পুৰুষ উদ্ধাৰ কৰি৷

চাৰিওজনে নিমাতে সকলো শুনি থাকিল৷ আমিও ভয়তে পেপুৱা লাগিলো৷

তাৰপাছত কিবা-কিবি অলপ শিকাই বাইদেউ গ’লগৈ৷

আমি সেই চাৰিজন ছাত্ৰৰ ওচৰ পালোঁগৈ৷ গোটেই কেইজন অতি শান্ত-শিষ্ট, চোকা ল’ৰা৷ তাৰে দুজনে চূড়ান্ত পৰীক্ষাত প্ৰথম দহজনৰ মাজত স্থানো পালেগৈ৷ দুয়ো আজিকালি আমেৰিকাত থাকে৷ আন এজন অতি নামজ্বলা অধ্যাপক৷ চতুৰ্থজন সফল অভিযন্তা৷ তেওঁলোকে শ্ৰেণীত দুষ্টালি কৰা বা সেই শব্দটো কৰা বুলি কল্পনাই কৰিব নোৱাৰি৷ তেওঁলোক চাৰিজনে হয়তো তাৰ আগতে আৰু পাছলৈও তেনেকুৱা গালি কেতিয়াও খোৱা নাই আৰু খাবলগা হোৱা নাই৷ কিন্তু তেওঁলোকৰ কোনেও বাইদেৱে সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে কিয়? সেইবাবেহে তেওঁলোকক সন্দেহ কৰা হ’ল৷

ক্ষন্তেক পাছতে উৰহী গছৰ ওৰ পালো৷ তেওঁলোক চাৰিওজনে ইংৰাজীৰ শ্ৰেণীত একেবাৰে শেষৰ বেঞ্চত বহি পদাৰ্থ বিজ্ঞানৰ প্ৰেক্টিকেল নোটবুক লিখি আছিল৷ গতিকে শ্ৰেণীত কি ঘটি আছিল গমেই নাপায়৷ গতিকে বাইদেউকনো কি সাহসত কয় তেওঁলোকে পদাৰ্থ বিজ্ঞানৰ প্ৰেক্টিকেল লিখি থকা বুলি৷ তেতিয়া আকৌ ভূতৰ ওপৰত দানহ পৰা যেনহে হ’লহেতেন৷


আমিও বৰ ৰস পালো গেটেই ঘটনাটোত৷ 

সেই দুষ্টালি কৰা বন্ধুবোৰক কিয় জানো আজিও বৰকৈ মনত পৰে৷ ভাল লাগে মনত পেলাই৷ আৰু দুয়োগৰাকী বাইদেউলৈকো শ্ৰদ্ধা জনাই ক্ষমা মাগিবলৈ মন যায়, সকলোৰে হৈ৷