হাতত ৰিভলভাৰ নাইতো?
চনটো মনত নাই৷
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো তেতিয়া৷
সচৰাচৰ মই পৰীক্ষাৰ ইনভিজিলেটৰ নহৈছিলো কাৰণ ইনভিজিলেটৰ হ'লে কোনো ধৰণৰ নকল বা নীতিবিৰুদ্ধ কাম দেখিলে সহ্য কৰিব নোৱাৰি উচিত পদক্ষেপ লবলৈ বাধ্য হৈছিলো৷ আনহাতে ছাত্ৰ এজনৰ কেৰিয়াৰ বেয়া কৰিবলৈও মন নগৈছিল৷ তাতে আকৌ ভূতৰ ওপৰত দানহৰ দৰে আহি পৰিছিল অতি আমনিদায়ক বাতৰি এটা:
"অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ প্ৰিন্সিপালক অজান আততায়ীয়ে গুলি কৰি মাৰিলে কোনো নকল কৰা ছাত্ৰক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা বাবে৷"
অৱশ্যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেনেধৰণৰ কোনো ঘটনা আজিলৈকে ঘটা নাই৷
দায়িত্ব এৰাব নোৱাৰি মাজে-মাজে ইনভিজিলেটৰ হৈছিলো আৰু মোৰ বাবে দায়িত্ব উচিত ভাবে পালন কৰাৰ সহজ উপায় আছিল গোটেই তিনি ঘন্টা সময় কোঁঠাটোত আগৰ পৰা পিছলৈ পায়চাৰি কৰি ফুৰা, প্ৰতিজন পৰীক্ষাৰ্থীৰ ওচৰে-পাজৰে নিজৰ উপস্থিতি জাহিৰ কৰি নীৰৱে সাবধানবাণী শুনোৱা যাতে কোনেও সেইফেৰা কাম নকৰে আৰু মইও বাধ্য হৈ কোনো ব্যৱস্থা ল'ব লগা নহয়৷
এদিন পৰীক্ষা চলি আছে৷ মই ইনভিজিলেটৰৰ কাম কৰি আছো প্ৰকাণ্ড দ্ৰইং হ'লটোত৷ তাত প্ৰায় ৮০জন মান পৰীক্ষাৰ্থী বহে৷ ইনভিজিলেটৰ তিনিজন থাকে৷
আনদিনাৰ দৰে সেইদিনাও মই হলৰ ভিতৰত পায়চাৰি কৰি আছোঁ৷ একেবাৰে পিছৰ পৰা লাহে-লাহে আগলৈ খোজ দিছো বাবে আগৰবোৰে মই পিছপিনৰ পৰা আহি থকাটো দেখা নাই৷ তদুপৰি দ্ৰয়িংবোৰ্ডবোৰ এঢলীয়া হোৱা বাবে পৰীক্ষাৰ্থীসকলৰ সকলো কাৰ্যকলাপ অতি সহজে পৰ্যবেক্ষণ কৰিব পাৰি পিছ পিনৰ পৰা৷
তেনেদৰে হাতত সাৰে ভৰিত সাৰে আগবাঢ়ি গৈ থাকোঁতে চকুত পৰিল এজন ছাত্ৰৰ ধূৰ্ত্তালি৷ ওপৰত প্ৰশ্নখন ভালদৰে মেলি লৈছে৷ তাৰ অলপ তলত উত্তৰ লিখা বহীটো প্ৰায় সমান্তৰালভাবে ৷ প্ৰশ্ন আৰু বহীটোৰ মাজত অলপ খালী ঠাই৷ সেই খালী ঠাই পূৰণ কৰিছে বগা কাগজ এখনে৷ ছাত্ৰজনে অতি কৌশলেৰে প্ৰশ্নখন আৰু উত্তৰৰ বহীখন একেলগে ওপৰৰ পৰা তললৈ পিচলাই লৈ যায় যাতে মাজৰ ব্যৱধান একেই থাকে আৰু সেই ব্যৱধানেৰে তলত পাতি লোৱা কাগজখনৰ পৰৱৰ্তী অংশ দৃষ্টিগোচৰ হয়৷
অলপ সময় ভালদৰে লক্ষ্য কৰিলো ল'ৰাজনক৷ বপুৰাই গমেই নাপালে৷
তাৰপাছত হঠাতে চোঁ মাৰি গৈ থাপ মাৰি ধৰিলো হাতত৷ বহী, প্ৰশ্ন আৰু নকলৰ কাগজ গোটাইখিনি কাঢ়ি লৈ ল'ৰাজনক হাতত ধৰি টানি লৈ গ'লো পৰীক্ষা চলোৱা অফিচটোলৈ৷ ল'ৰাজনে মুখেৰে এটা মাতো নামাতিলে৷ তাৰপাছত বিশ্ববিদ্যালয়ৰ নিয়মমতে পালন কৰিবলগীয়া আনুষ্ঠানিকতাখিনি পালন কৰি ল'ৰাজন বিদায় দিলো৷ মইও নিজৰ কামত লাগিলো৷
পৰীক্ষা শেষ হ'ল৷ আবেলি ঘৰ পালোঁগৈ৷ মনটো অলপ বেয়াও লাগি থাকিল ল'ৰা এজনক তেনেদৰে উলিয়াই দিবলগা হোৱা বাবে৷ মাজে-মাজে আততায়ীৰ গুলিত প্ৰাণ দিয়া সেই অধ্যাপকজনৰ কথাও মনত পৰিবলৈ ধৰিলে৷
সন্ধিয়া ঘৰতে থাকিলো৷ ৰাতি প্ৰায় আঠমান বজাত দুৱাৰত টোকৰ পৰিল৷ বাৰান্দাৰ লাইটো জ্বলাই দি দুৱাৰ নোখোলাকৈ পৰ্দাখন একাষৰীয়া কৰি বাহিৰলৈ চালো৷ দেখিলো সেই নকল কৰা ল'ৰাজন ৷ লগত আৰু এজন প্ৰকাণ্ড চেহেৰাৰ ডেকা৷ খন্তেকৰ বাবে বুকুখন কঁপিল৷ ল'ৰাদুজনৰ হাতলৈ চালো৷ ৰিভলভাৰ নাইতো?
ভালদৰে পৰ্যবেক্ষণ কৰি আশ্বস্ত হোৱাৰ পাছতহে দুৱাৰ খুলি দিলো৷ দুয়োকো বহিবলৈ দিলো৷
: কোৱাচোন..
মই আৰম্ভ কৰিলো৷
: চাৰ একো উপায় নাইনে এতিয়া?
ল'ৰাজনে সুধিলে৷
: এতিয়া আৰু উপায় নাই৷ কাগজ ইউনিভাৰ্চিটি পালেগৈ৷ অতি কমেও এবছৰ লোকচান হ'বই তোমাৰ৷ মোক পৰীক্ষাৰ সময়তে অনুৰোধ নকৰিলা কিয়? তুমিতো মুখেৰে একোৱেই নামাতিলা?
মই ক'লো৷
: চাৰ, সকলোৱে কৰা দেখি মইও আজি কৰিবলৈ চেষ্টা কৰিছিলো৷ পিছে ধৰা পৰি গ'লো৷ সেই মুহূৰ্ত্তত ইমান নাৰ্ভাচ হ'লো যে মুখেৰে মাতেই নোলাল৷ পাৰিলে কিবা এটা কৰক ৷
ল'ৰাজনৰ সৰল উক্তি৷
: নাই, এতিয়া মোৰ হাতত একো নাই৷ যি হ'ল হ'ল আৰু৷ এতিয়া ভবিষ্যতৰ বাবে ভালদৰে চিন্তা কৰা৷
মোৰ উপদেশ৷
আৰু দুই এটা কথাৰ আদান-প্ৰদান হ'ল৷
গধুৰ মনেৰে ল'ৰাদুজন গ'লগৈ৷
মোকো সান-মিহলি চিন্তা কিছুমানে আমনি কৰিবলৈ ধৰিলে৷

No comments:
Post a Comment