ভাৰতীয় স্বামীসকলৰ যিবোৰ অভ্যাসে ভাৰ্যাসকলক আমনি কৰে..
১) বাথৰুমৰ পৰা ওলাই আহি গা মোচা ভিজা টাৱেলখন
বিচনাতে পেলাই থৈ যায় সময়ৰ নাটনি বুলি৷
২)” আহিছো” বুলি কয় কিন্তু খোৱা মেজলৈ আহিবলৈ
পলম কৰি থাকে আৰু লেপটপ বা কম্পিউটাৰতে ব্যস্ত হৈ থাকে৷
৩) বন্ধৰ দিনটোত ২৪ ঘন্টা মাৰাথান টোপনি
মাৰে, বিচনাতে খায়, আই পি এল বা আন প্ৰগ্ৰেম চায়৷
৪) নেপকিন, গাড়ীৰ চাবি, ৱালেট আদি ক’ত থ’লে
পাহৰি যায়৷
৫) ৰাতিপুৱা পায়খানাত বহি বাতৰি কাকত পঢ়ে
আৰু তাতেই এঘন্টামান কটায়৷
৬) বিচনাৰ কাপোৰ সলাব লগা হৈছেনে নাই বা
কোঁঠাটো পৰিষ্কাৰ কৰিব লগা হৈছেনে নাই সুধিলে সঠিককৈ ক’ব নোৱাৰে৷
৭)ভাত খাই উঠি ডাঙৰকৈ উগাৰ মাৰে৷
৮) এলাৰ্ম নিজেই দিয়ে কিন্তু এলাৰ্ম বাজিলে
টোপনিৰ পৰা উঠাৰ কোনো লক্ষণেই নেদেখুৱায়৷
৯) নতুন ঠাইলৈ গাড়ী চলাই গ’লে নিজৰ ওপৰতে
ভৰষা কৰি বাট হেৰুৱায় কিন্তু বাটৰ মানুহক সুধিবলৈ টান পায়৷
১০)বিচনাতে সকলো খায় আৰু লেতেৰা বিচনাখনতে
শুবলৈ বেয়া নাপায়৷
১১)ঘৰৰ য’তে-ত’তে জোতা খুলি পেলাই থয় যাতে
আনে তাৰে ফুটবল খেলিব পাৰে৷
১২) ৱাচিং মেচিনৰ এলাৰ্মটো বাজিলে নুশুনা
ভাও ধৰে বা আনক চিঞৰে৷ আন কোনোবাই কাপোৰবোৰ শুকাবলৈ মেলি দিয়ালৈ বাট চাই থাকে৷
১৩)কেৱল চাইজটো চায়েই দোকানত চোলা কিনে
কিন্তু ঘৈণীয়েকে বাছি দিয়া চোলা কেইটা এবাৰো গাত সুমুৱাই নাচায়৷
১৪) দেওবাৰে ৰাতিপুৱা ১১ বজাত উঠে আৰু ব্ৰাছ
নকৰি, মুখ নুধুই বিচনাতে ব্ৰেকফাষ্ট কৰিবলৈ বিচাৰে৷
১৫) এটা নতুন পেন্ট ২৫০০/- টকা দি কিনিবলৈ
টান পায়, খুব দামী বুলি; কিন্তু ৩০ হাজাৰ টকাৰে টেবলেট/চেল ফোন এটা কিনিবলৈ বেয়া নাপায়৷
১৬) নতুনকৈ ধুই শুকুৱাই বিচনাত ৰখা কাপোৰবোৰ
ভালদৰে জাপি ক’ৰবাত থোৱাতো বাদেই কাপোৰবোৰ হাতেৰে একাষৰীয়া কৰি থৈ কাষতে বাগৰি দিয়ে৷
১৭) পকেট বা বেগৰ পৰা ক্ৰেডিট কাৰ্ড , ডেবিট
কাৰ্ড , বিল আদি সকলো উলিয়াই টেবুলত থয় আৰু পাছত ভালদৰে ঠিক ঠাইত থ’ম বুলি কয়.. (পিছে
কেতিয়াও নথয়)
১৮) সকলো প্ৰশ্নৰ উত্তৰত সেই এটা কথাই কয়…
“তুমি যি ভাল দেখা….” (আচলতে একো নভবাকৈয়ে কয়)
১৯)কথা ক’লে শুনি থকাৰ ভাও ধৰে কিন্তু কিবা
সুধিলে বুৰ্বকৰ দৰে চাই থাকে৷
২০) আৰু যদিহে কেতিয়াবা শুনে তেতিয়া “ময়েই
সকলো জানো” ভাব দেখুৱাই উপদেশৰ উপৰি উপদেশ দিবলৈ ধৰে৷
(এটা ইমেইলৰ পৰা লোৱা হৈছে)
-------------------------------ডঃ মাখন
লাল দাস
No comments:
Post a Comment