At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 22 May 2014

কেইটামান টকা... এজন ডেকা

কেইটামান টকা.. এজন ডেকা

১৯৮৯ চন ৷ এম টেক কৰি মাদ্ৰাজৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উভতি আহিছো মাত্ৰ৷ থাকিবলৈ  বাসভৱন এটাৰ খুবেই প্ৰয়োজন থকা বাবে প্ৰিন্সিপাল চাৰৰ কাষ পালোঁগৈ৷ তেখেতে ঘৰ এটাত অস্থায়ী ভাবে থাকিবলৈ দিলে এটা চৰ্তত: দুই নং ছাত্ৰাবাসৰ অধীক্ষক ৰহমান চাৰৰ কাৰ্যকাল শেষ হওঁ হওঁ৷ গতিকে তেখেতৰ পৰা মই কাৰ্যভাৰ গ্ৰহণ কৰিব লাগিব৷ তেতিয়া মই স্থায়ী ভাবে অন্ততঃ তিনিবছৰ থাকিবলৈ পাম অধীক্ষকৰ বাস ভৱনত৷ মইও বিনা দ্বিধাই মান্তি হ'লো৷ তাৰ আগতেও ১৯৮৫ চনতে মই ৫ নং ছাত্ৰাবাসৰ দায়িত্ব লৈছিলো ৷ গতিকে আকৌ তেনে দায়িত্ব লবলৈ অসুবিধা নহ'ব বুলি ভাবিলো৷

কিছুদিন পাছত ৰহমান চাৰৰ পৰা মই ছাত্ৰাবাসৰ কাৰ্যভাৰ গ্ৰহণ কৰিলো৷ ইতিমধ্যে অষ্টম ষান্মাসিকৰ ছাত্ৰসকলৰ পৰীক্ষা হৈ গৈছিল৷ হোষ্টেলৰ সকলো খৰচ-পাতি অধীক্ষকেই চাব লাগিছিল৷ কিছুমান ছাত্ৰ টকা-পইচা দিয়াৰ ক্ষেত্ৰত বৰ অনিয়মীয়া আছিল৷ কিন্তু পৰীক্ষাৰ আগে-আগে সকলোৰে পৰা বাকী থকা টকাবোৰ আদায় কৰা চেষ্টা চলোৱা হয়৷ পৰীক্ষাৰ ফৰ্ম অধীক্ষকৰ হাতত থাকে আৰু দিবলগীয়া সকলোখিনি দিয়াৰ পাছতহে পৰীক্ষাৰ ফৰ্ম দিয়া হয়৷ তথাপি কিছুমানে হাতে-ভৰিয়ে ধৰি অনুনয়-বিনুনয় কৰেহি নানা অজুহাত দেখুৱাই আৰু দিবলৈ অলপ বাকী থাকিলেও ফৰ্ম দি দিয়া হয় কেতিয়াবা৷ কিন্তু  অষ্টম ষান্মাসিকৰ ছাত্ৰসকলৰ ক্ষেত্ৰত বেছি সাবধান হ'বলগা হয় কাৰণ সেইটোৱেই তেওঁলোকৰ শেষ পৰীক্ষা৷ পাছ কৰি ওলাই গ'লে আৰু টকা পোৱাৰ আশা নাই৷

ৰহমান চাৰৰ পৰা হিচাব বুজি লোৱা হ'ল৷ যিমান ধন হস্তান্তৰ হ'বলগীয়া আছিল তাৰ পৰা এটা অংশ চাৰে কাটি ৰাখিলে কাৰণ সেইখিনি বিভিন্ন ছাত্ৰৰ পৰা পাবলগীয়া আছিল৷ গতিকে সেইখিনি ধনৰ পৰিৱৰ্তে মোক দিয়া হ'ল এখন দীঘল তালিকা৷  মইও সুযোগৰ সন্ধানত থাকিলো  সেই ধন ছাত্ৰসকলৰ পৰা আদায় কৰাৰ৷

দুমাহমান পাছত সুযোগ এটা আহিল৷
অষ্টম ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল৷ মাৰ্কচীট আদি পাবলৈ ছাত্ৰসকলে হোষ্টেলৰ অধীক্ষকৰ পৰা ক্লিয়াৰেন্স ল'ব লাগে৷ মই তালিকা লৈ বাট চাই থাকিলো কোন আহে কোন আহে বুলি৷

পিছদিনা ৰাতিপুৱাতে ছাত্ৰ এজন আহি ওলাল৷ নামটো সুধিলো, তাৰপাছত তালিকাখন চালো৷ তালিকাত তেওঁৰ নামটো জিলিকি আছে৷ তেওঁৰ দিবলৈ বাকী আছিল কিছু টকা৷ বেছি নহয়, খুব সম্ভৱ, প্ৰায় বিশ টকামান৷ ছাত্ৰজনৰ নামটোও মনত নাই৷

: তোমাৰ এৰিয়াৰ আছে ৷ সেইখিনি দিলেহে ক্লিয়াৰেন্স পাবা ৷
মই ক'লো৷

অলপ মূৰ খজুৱাই ল'ৰাজনে ক'লে,
: ছাৰ মোৰ লগত ইমান টকা নাই৷ দূৰৰ পৰা আহিছো, ৰিজাল্ট দিয়া বুলি গম পাই৷ মোক ক্লিয়াৰেন্সটো দি দিয়ক৷ মই গুৱাহাটীত থকা মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আবেলি আপোনাক দি যামহি....

দেখাত অতি নিমাখিত ছাত্ৰজনৰ মুখলৈ চাই , অলপ ভাবিলো৷ তাৰপাছত ক'লো,
: ঠিক আছে, দিয়া ফৰ্মখন.. বুলি ক্লিয়াৰেন্সৰ ফৰ্মত চহী কৰি দিলো৷

ধন্যবাদ জনাই ল'ৰাজন গ'লগৈ৷
আবেলি বাট চালো, ল'ৰাজন নাহিল৷
পিছদিনাও নাহিল৷

দিন, মাহ,বছৰ, দশক পাৰ হৈ হ'ল৷ ল'ৰাজন আৰু মোৰ ওচৰলৈ নাহিল৷

এই হোজা প্ৰফেচাৰজনক ভাল ঠগিলে৷ 

No comments:

Post a Comment