At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 9 January 2016

নিতৌ এচিকুট বিহ!!!!!

নিতৌ এচিকুট বিহ!!!!!

মালতীৰ বিয়া হোৱা দুমাহ হৈ গ’ল কিন্তু কোনোমতেই শাহুৱেকৰ লগত মিলিব পৰা নাই৷ বিধৱা শাহুৱেকৰ একমাত্ৰ বোৱাৰী তাই৷ শাহুৱেকৰ লগত তাইৰ চিন্তা-ধাৰা নিমিলে বুলি তাই সহজে বুজি পাইছিল বিয়াৰ দুদিন মান পাছতেই৷ কথাই-কথাই শাহুৱেকে তাইৰ দোষ ধৰে৷ কোনো কামেই পচন্দ নহয়৷ প্ৰথমতে তাই একো নামাতিছিল৷ লাহে লাহে শাহুৱেকৰ ঠাট্টা-বিদ্ৰুপ তাই সহ্য নকৰা হ’ল৷ তাইও সমানে সমানে উত্তৰ দিবলৈ ধৰিলে৷

এদিন কিবা কথাত শাহুৱেকৰ লগত ৰাতিপুৱাতে তাইৰ কথা কটা-কটি হ’ল৷ গিৰিয়েকে পিছে মালতীৰ হৈ মাত নামাতি মাকৰ ফলীয়াহে হ’ল৷ কথাটো মালতীৰ সহ্য নহ’ল৷ তাই বেগ এটাত কাপোৰ ভৰাই, কাকো একো মাত নলগাই, মাক-পুতেকৰ আগেৰে ঘৰৰ পৰা ওলাই গুচি আহিল৷ গিৰিয়েকে তাইক বাধাও নিদিলে৷ তাই ওচৰৰ গাঁৱত থকা দেউতাকৰ ঘৰলৈকে যাব বুলি গিৰিয়েকহঁতে জানিছিল৷

মাকৰ ঘৰ পাই মালতীয়ে কান্দি-কান্দি নিজৰ দুখৰ কথা  মাকহঁতৰ আগত বিবৰি ক’লে৷ দেউতাকো কাষতে বহি শুনি আছিল৷ মালতীৰ দেউতাক এজন বিখ্যাত কৱিৰাজ৷ মালতীয়ে দেউতাকলৈ চাই ক’লে,
“দেউতা, মোৰ শাহু নমৰালৈকে মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ৷ নহ’লে তুমি মোক অলপ বিহ দিয়া৷ মই উভতি গৈ শাহুক বিহ দি মাৰিম৷ তেতিয়াহে অলপ শান্তি আহিব ঘৰখনত৷”

দেউতাকে মালতীক বুজনি দি ক’লে,
“নাই, নাই, তেনে ভুল নকৰিবা৷ তুমিও জেললৈ যাব লাগিব আৰু বিহ দিয়া বাবে মইও যাব লাগিব জেললৈ৷”

“কিন্তু শাহু জীয়াই থাকেমানে মই তাত থাকিব নোৱাৰোঁ৷ গতিকে তোমালোকে মোক সেইখন ঘৰলৈ উভতি যাবলৈ জোৰ নকৰিবা৷”

কিছু সময় নীৰৱে চিন্তা কৰি দেউতাকে মাত লগালে,
“ এটা উপায় আছে৷ মই তোমাক এবিধ দৰৱ দিম৷ তুমি সদায় শাহুক এচিকুট এচিকুটকৈ ভাতৰ লগত মিহলাই খুৱাবা৷ সেই দৰৱে খুব লাহে লাহে মানুহ গৰাকীক ভিতৰৰ পৰা মাৰি আনি থাকিব৷ তেনেদৰে সদায় খুৱালে প্ৰায় ছমাহৰ ভিতৰত তোমাৰ শাহু মৰি থাকিব৷”

“খুব ভাল কথা৷ তেনে দৰৱ আজিয়েই দিয়ক৷ মই আজিয়েই উভতি যামঙ’ মালতীয়ে অতি উৎসাহেৰে ক’লে৷
দেউতাকে গহীনাই ক’লে,
“ কিন্তু এটা চৰ্ততহে মই তোমাক দিম৷ তোমাক যাতে কোনেও একো সন্দেহ নকৰে সেই কাৰণে আজিৰে পৰা তুমি শাহুৰ প্ৰতি খুব ভাল ব্যৱহাৰ কৰিবা৷ কোনো কথাৰে উত্তৰ নিদিবা৷ হাঁহি মুখে সকলো সহ্য কৰি তেওঁৰ সেৱা কৰি যাবা৷ মাত্ৰ ছমাহৰহে কথা৷”

মালতী মান্তি হ’ল৷ দেউতাকে পেকেট এটাত বিহখিনি বান্ধি দিলে আৰু সেইখিনি লৈ মালতী শাহুৱেকৰ ঘৰলৈ আবেলিয়েই উভতি গ’ল৷

মালতীৰ মুখলৈ চাই গিৰিয়েক আৰু শাহুৱেক দুয়ো আচৰিত হ’ল৷ তাইৰ মুখত মিচিকিয়া হাঁহি৷ হাঁহিমুখে তাই আহি পাকঘৰত সোমাল৷ ৰাতি শাহুৱেকৰ ভাতৰ লগত দেউতাকে দিয়া দৰৱ এচিকুট মিহলাই দিলে আৰু শাহুৱেকৰ কাষত বহি বিচনিৰে বিচি থাকিল৷ ৰাতি বিচনাত পৰা শাহুৱেকৰ ওচৰলৈ গৈ ভৰি পিটিকি দিলে৷ শাহুৱেক আচৰিত হ’ল যদিও একো নামাতিলে৷

তেনেদৰে মালতীয়ে সদায় এচিকুটকৈ বিহ শাহুৱেকক খুৱাই থাকিল কিন্তু শাহুয়েকক সেৱা-শুশ্ৰূষাও সমানে কৰি থাকিল৷ মালতীৰ সেই পৰিৱৰ্তিত ব্যৱহাৰে শাহুৱেককো সলনি কৰিব ধৰিলে৷ শাহুৱেকে আজিকালি মালতীৰ কোনো কামতে দোষ নেদেখা হ’ল৷ ওচৰ-চুবুৰীয়া কাৰো আগত মালতীৰ দোষৰ কথা নোকোৱা হ’ল৷ লাহে লাহে মালতীক নিজৰ জীয়েকৰ নিচিনাকৈ মৰম কৰিবলৈ ধৰিলে শাহুৱেকে৷

দিন পাৰ হৈ গৈ থাকিল৷ মালতীয়ে শাহুৱেকক এচিকুটকৈ বিহ খুৱাই গৈ থাকিল৷ কিন্তু লাহে লাহে শাহুৱেকৰ প্ৰতি মালতীৰ মনত কোনো ধৰণৰ খং-ৰাগ-বিদ্বেষ আদি ভাব নোহোৱা হৈ পৰিল৷

ছমাহ পূৰ হ’ল৷ দেউতাকে দিয়া বিহো শেষ হ’ল৷ ৰাতি শাহুয়েকৰ ভৰি পিটিকি পিটিকি মালতীৰ চকুৰে পানী ব’বলৈ ধৰিলে৷ আৰু হয়তো দুদিনমানৰ পাছতেই শাহুৱেক মৰি থাকিব৷ এতিয়া শাহুৱেকক তাইৰ নিজৰ মাক যেনেই লগা হৈছে৷ তাই যে কি ডাঙৰ ভুল কৰিলে৷

তাকেই ভাবি ভাবি ৰাতি তাইৰ টোপনি নাহিল৷ পিছদিনা ৰাতিপুৱাতে তাই দেউতাকৰ ওচৰ পালেগৈ৷ দেউতাকে তাইলৈ অলপ আচৰিত ভাবে চালে৷ দেউতাকে কিবা সোধাৰ আগতেই মালতীয়ে মাত দিলে,
“ দেউতা মোৰ হাতত বেছি সময় নাই৷ মোৰ শাহু আইক যোৱা ছমাহে মই বিহ খুৱাই আহিলো৷ কিন্তু এতিয়া দেখোন তেওঁক মোৰ নিজৰ মাৰ নিচিনাই লগা হ’ল৷ তেওঁক বচাবলৈ কিবা এটা দৰৱ দিয়া৷ নহ’লে মই গোটেই জীৱন অনুতাপ কৰিব লাগিব৷”

দেউতাকৰ মুখত হাঁহি বিৰিঙি উঠিল৷ লাহেকৈ উত্তৰ দিলে,
“তোমাৰ শাহু নমৰে , চিন্তা নকৰিবা৷ মই তোমাৰ হাতত বিহ দিয়া নাছিলো নহয়৷ সেইবোৰ আছিল হজম শক্তি বঢোৱা দৰৱহে৷”

মালতীয়ে দেউতাকলে কৃতজ্ঞতাৰ ভাবেৰে চালে৷ 
তাৰপাছত একো উত্তৰ নিদি ঘৰলৈ বেগাই খোজ ল’লে৷

(হিন্দী কাহিনী এটাৰ ৰূপান্তৰ)

2 comments: