At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Showing posts with label God. Show all posts
Showing posts with label God. Show all posts

Thursday, 13 December 2012

A win win situation?


Read this story somewhere and found it very interesting…

A devout old lady was asked by her young grand son,
“Grandma, you believe in Jesus Christ. Are you sure that he is going to save you? What if his promises turn out to be false?”

The old lady smiled and replied,
“I believe whatever Jesus says.
As far as your question is concerned, I see it this way:
If what Jesus has promised becomes true, I am going to be the gainer, since I have trusted in Him and I’ll be saved. And even if his promises turn out to be false, I have nothing to lose since I am leading a good life following Him and I’ll have no regrets.

But, my son, if what Jesus says is true, what will happen to you if you do not trust Him now?”

A very interesting logic indeed….. I have no idea what the young man did.

Wednesday, 12 December 2012

Forgive and forget...

Two words we come across very frequently. Both these words demand some conscious action.

It is said "To err is human." Human beings will err, someone will hurt us , knowingly or unknowingly, intentionally or unintentionally. Even our near and dear ones do that sometime.

We forgive our dear ones for such mistakes in most cases.

We are taught by religious books to forgive others. Forgiving means not holding grudge against the erring person. But, the real struggle starts when the question of forgetting the incident arises.

It is easy to say that we have forgiven so and so for his /her wrongdoings against us but it is difficult to forget the incident totally.

Sometimes, we remember the incident and take pride in the fact that in spite of the wrongdoing, we had forgiven a particular person.. so we are great..It pampers our ego.

That is why, true forgiveness demands forgetting of the whole episode.

Saturday, 6 October 2012

অন্তৰৰ শূণ্যতা


জবলপুৰৰ পৰা উৰাজাহাজেৰে দিল্লীলৈ গৈ আছিলো৷ দুঘন্টাৰ বাট৷ উৰাজাহাজৰ ভিতৰত একে ঠাইতে বহি থাকিব লগা হয়৷ বিশেষকৈ উৰিবৰ আৰু নামিবৰ সময়ত চীটবেল্ট লগাই, লৰচৰ নকৰাকৈ একে ঠাইতে বহি থকাটো বাধ্যতামূলক৷ বাকী সময়খিনিতো বিশেষ কৰিব লগা একো নাথাকে৷ কিবা অলপ চলপ খাই কিছু সময় পাৰ কৰিব পাৰি৷ পঢ়িবলৈ কিবা হাতত থাকিলে অলপ সময় কটোৱাটো সহজ হয়৷ তথাপি আমনি লাগি যাব খোজে৷ খিৰীকিৰে বাহিৰলৈ চালেও চাব লগা বিশেষ একো নাথাকে৷ মুকলি, শূণ্য আকাশখন আৰু মাজে মাজে ডাৱৰবোৰ৷ বেছি ওপৰেৰে উৰিলে ডাৱৰো দেখা নাযায়৷ এঘন্টা সময়েই নাযায় নুপুৱায় যেন লাগে৷ অলপ সময়ৰ পাছত কেচুৱাই কান্দিব ধৰে, সৰু ল’ৰা-ছোৱালীৱে আমনি কৰিব ধৰে৷

মোৰ পাছৰ চীটটোত সৰু ছোৱালী এজনী বহি আছিল৷ লগত আছিল মাক আৰু ভায়েক৷ দেউতাক অলপ দুৰৰ চীট এটাত বহি আছিল৷ ছোৱালীজনী এবাৰ দেউতাকৰ ওচৰলৈ যায়, কিছু সময় পাছত আকৌ মাকৰ ওচৰলে ঘুৰি আহে৷ মাজে মাজে কিবা কিবি চিঞৰি হুলস্থূল কৰে৷ মোৰ লগতে বাকী মানুহবোৰেও ছোৱালীজনীৰ উৎপাতত আমনি পাবলৈ ধৰিছিল৷ মুখ ফুটাই কোনেও একো কোৱা নাছিল৷
মনলৈ ভাব আহিল, মানুহে বাৰু কিয় আমনি পায়? মানুহ অস্থিৰ হয়৷ কিবা নহয় কিবা এটা কৰি মানুহ ব্যস্ত থাকিব বিচাৰে৷ একো নকৰাকৈ থাকিব লগাটো মানুহৰ বাবে শাস্তিৰ নিচিনা হয়৷ নানান আমোদ-প্ৰমোদৰ ব্যৱস্থা মানুহে কৰি লয়৷ কিবা নহ্য় কিবা এটা কৰি থাকিবলৈ মানুহে ভাল পায়৷ কৰিবলৈ একো নাথাকিলে হয়টো টেলিভিচনটো অন কৰি লৈ বহি থাকি ভাল পায়৷ কিন্তু আমি বাৰু নিজকে ইমান ব্যস্ত ৰাখোনে যে ঈশ্বৰৰ কথা ভাবিবলৈ সময়কে নাপাওঁ? বা এই জীবনৰ সতে জড়িত বিষয়বোৰৰ কথা, মৃত্যুৰ সিপাৰৰ জীৱনৰ কথা ভাবিবলৈ আহৰিকে নাপাওঁ?

Billy Graham নামৰ এগৰাকী বিখ্যাত ব্যক্তিয়ে Peace with God নামৰ তেওঁৰ বিখ্যাত কিতাপত লিখিছিল যে মানুহৰ অন্তৰত এটা বিৰাট শূণ্যতা আছে৷ মানুহ যি দিনাৰ পৰা পাপত পতিত হৈ ঈশ্বৰৰ পৰা বিচ্ছিন্ন হ’ল সেই দিনাৰ পৰাই মানুহ আত্মিক ভাবে মৰিল, ঈশ্বৰৰ লগত সংযোগ নোহোৱা হ’ল আৰু মানুহৰ অন্তৰত সেই শূণ্যতাৰ সৃষ্টি হ’ল৷ মানুহে কিবা নহয় কিবা প্ৰকাৰে সেই শূণ্যতা পূৰণ কৰিবলৈ চেষ্টা কৰি থাকে৷ সেই বাবেই মানুহ ইমান অস্থিৰ ৷