At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 8 January 2016

পাঁচ মিনিটৰ ভি আই পি

পাঁচ মিনিটৰ ভি আই পি

প্ৰায় ষোল বছৰ আগৰ কথা৷ সভা এখনৰ আলহী হিচাবে গৈছিলো ওডালগুৰিলৈ৷ তাতে বন্ধু এজন লগ পালো৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত একেলগে পঢ়া৷ কথা-প্ৰসঙ্গত মই আন এখন ঠাইলৈ যাবলগীয়া কথাটো ওলাল৷ তাতো এখন সভাত কথা কবলৈ মাতিছিল৷ কথাটো শুনি বন্ধুজনে ক’লে,

“তুমি তালৈ যোৱা যদি অমুকাক এবাৰ দেখা কৰিব পাৰা৷ এতিয়া তাতে আৰক্ষী অধীক্ষক হৈ আছে৷”

কথাটো গম পাই ভাল লাগিল৷ কটন কলেজত একেলগে পঢ়িছিলো বন্ধুজনৰ লগত৷ কটন কলেজ এৰা প্ৰায় বিশ বছৰ পাৰ হৈ গৈছিল তেতিয়া৷ বন্ধুজন আই পি এচ হোৱা বুলি শুনিছিলোহে, লগ পোৱা নাছিলো৷ মোক চিনি পাব বুলি মই নিশ্চিত আছিলো আৰু চিনি নোপোৱাৰ ভাও নধৰে বুলিও নিশ্চিত আছিলো৷

আবেলি প্ৰায় দুইমান বজাত মোৰ নতুনকৈ কিনা মাৰুতী ৮০০ গাড়ীখনেৰে সপৰিয়ালে গৈ উপস্থিত হ’লোঁগৈ বন্ধুজন থকা ঠাইত৷ আৰক্ষী অধীক্ষকৰ বাসভৱন বিচাৰি পোৱাত অসুবিধা নহ’ল৷ গেটত মোৰ নামটো কৈ ক্ষন্তেক অপেক্ষা কৰিলো৷ প্ৰায় লগে লগেই চৌহদৰ ভিতৰলৈ মাতিলে৷ আবাসৰ ভিতৰ সোমায়েই মুখামুখি হ’লো দুয়ো৷ দেখাত একেবাৰে একেই হৈ আছিল বন্ধুজন৷ মোলৈ অলপ সময় একেথৰে চাই মাত দিলে,
“মাখন..”

আন এজন মানুহো বহি আছিল বন্ধুজনৰ সম্মুখত৷ কিবা জৰ্ৰৰী কামত আহিছিল৷ মোক চিনাকি কৰাই দিলে নিজৰ বন্ধু বুলি৷ মানুহজন যোৱাৰ পাছত আমাৰ অধিক অন্তৰঙ্গ আলাপ আৰম্ভ হ’ল৷ তেনেদৰে প্ৰায় এঘন্টামান পাৰ হ’ল৷ আবেলি চাৰি বজাৰ পৰা মোৰ সভা আৰম্ভ হোৱাৰ কথা৷ চাহ-পানী খাই বিদায় ল’লো৷ আমাক আগবঢ়াই দিবলৈ বাহিৰ ওলাই আহিল বন্ধুজন৷ মোৰ গাড়ীখন দেখি অৰ্থপূৰ্ণ হাঁহি এটা মাৰি মাত লগালে,
“ এৰিজোনা বেইজ….”
মোৰ গাড়ীখনৰ ৰংটো পাতল হালধীয়া আৰু সেউজীয়াৰ সংমিশ্ৰণ, এৰিজোনা বেইজ বুলি কয়৷

মই ক’লো, “নতুনকৈ লৈছো মাত্ৰ৷ কেইমাহমান হৈছেহে৷”

“মোৰো একেই গাড়ী, একেই ৰং৷ মইও লোৱা কেইমাহমান হৈছেহে৷ আমি দুয়ো প্ৰায় একে সময়তে লৈছো৷ নিশ্চয় একেটা লটৰ গাড়ী৷” বন্ধুজনে উত্তৰ দিলে৷

কিবা এটা ভাল লাগিল, আৰক্ষী অধীক্ষক বন্ধুজনে মোৰ নিচিনা একে ৰঙৰ. একে গাড়ী, একে সময়তে কিনা বাবে৷

মই সুধিলো,
“মোৰ সভাখন জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত আছে৷ মই এই চহৰৰ বাট-পথ চিনি নাপাওঁ৷ ইয়াৰ পৰা কেনেকৈ যাব লাগিব?”
একো উত্তৰ নিদি বন্ধুজনে পাইলট কাৰ এখনৰ ওচৰ চাপি গৈ ক’লে,
“এখেতসকলক জিলা পুথিভড়ালত থৈ আহকগৈ৷”

আমি গাড়ীত বহিলো৷ বন্ধুজনৰ পৰা বিদায় লৈ পাইলট কাৰৰ পিছে পিছে গাড়ী চলাই আগবাঢ়িলো৷ প্ৰায় পা্ঁচ মিনিটমান পাছতে জিলা পুথিভড়াল পালোঁগৈ৷ আমাক তাতে এৰি পাইলট কাৰখন উভতি গ’লগৈ৷

আমিও গাড়ীৰ পৰা নামিলো৷ ভাবিলো, অন্ততঃ পাঁচ মিনিটৰ বাবেও আগে আগে পাইলট কাৰ যোৱা ভি আই পি হ'বলৈ পালো বন্ধুজনৰ অনুগ্ৰহত৷

Wednesday, 6 January 2016

বৰপেটাত ছোৱালী চোৱা..

বৰপেটাত ছোৱালী চোৱা..

চনটো মনত নাই৷ বিয়া হোৱা দুবছৰমান হৈছে যদিও তেতিয়া প্ৰায় চফল ডেকা৷ শ্ৰীমতী থাকে বৰপেটাত, মই থাকোঁ জালুকবাৰীত৷ 

এদিন জালুকবাৰীৰ ওচৰৰে গাড়ীগাঁৱৰ চিনাকি ডেকা এজনৰ কইনা চাবলৈ যাবলৈ লগ ধৰিলে৷ কইনাৰ ঘৰ বৰপেটাৰ ওচৰৰ ভৱানীপুৰত৷ গতিকে সেইফালৰ মানুহ বুলি মোকো লগ ধৰিলে৷ তেতিয়া নিজৰ গাড়ী নাছিল৷ আন এজন বন্ধুৰ পুৰণি এম্বেচেডৰ এখন আছিল৷ তেওঁকে অনুৰোধ কৰা হ’ল৷

যথাসময়ত আমি চাৰিজন ডেকা এম্বেচেডৰত বহি যাত্ৰা আৰম্ভ কৰিলো ৰাতিপুৱাতে৷ গাড়ী বন্ধুজনে চলাইছিল৷ মই বহিলো দ্ৰাইভাৰৰ কাষৰ আসনত৷ কইনা চাবলৈ যোৱা কথা৷ লগত মহিলা এগৰাকী হ’লে ভাল বুলি মই ক’লো বৰপেটাৰ পৰা শ্ৰীমতীক লৈ যোৱা ভাল হ’ব বুলি৷ সেই সুযোগতে মোৰো এবাৰ লগ পোৱা হ’ব৷

কথা মতে কাম৷ গাড়ী আগবাঢ়িল বৰপেটা অভিমুখে৷ লগৰীয়াজনে গাড়ী প্ৰায় ঠিকেই চলাই গৈ থাকিল৷ প্ৰায় তিনি ঘন্টামান পাছত বৰপেটা চহৰত প্ৰৱেশ কৰিলো আৰু মই বাট দেখুৱাই নিবলৈ ধৰিলো৷ তেতিয়া প্ৰায় দহমান বাজিছে৷ স্কুল-কলেজ, অফিচলৈ যোৱা মানুহেৰে বাট-পথ উপচি পৰিছে৷ বন্ধুজনে সাবধানে চলাই গৈ থাকিল৷ পুলিচ থানাৰ আগেৰে গৈ চাৰিআলিটো পাই বাওঁফালে ঘূৰিলো৷ সেইটো বাটত আৰু অধিক ভীৰ৷ অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছতে চকুত পৰিল বগা ইউনিফৰ্ম পিন্ধা এগৰাকী মহিলা ট্ৰেফিক কনিষ্টবল৷ বাটৰ কাষে কাষে খোজ কাঢ়ি গৈ আছিল৷

আমাৰ বন্ধুজনে হৰ্ণ দি কাষেৰে পাৰ হৈ যাব খুজিলে কিন্তু তাকে কৰোঁতে গাড়ীৰ সম্মুখৰ বাওঁফালটো মহিলা কনিষ্টবল গৰাকীৰ গাত লাহেকৈ ঘঁহনি খালে৷ মই চকু মুদি দিলো৷ লগে লগে মহিলা গৰাকীয়ে ৰুদ্ৰ মূৰ্ত্তি ধৰি আমাৰ গাড়ীখন আগচি ধৰি তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে,
“দেখিছেনে? একেবাৰে মোৰ গাতে গাড়ীখন উঠাই দিলে৷ নামক, নামক, ব’লক, থানালৈ ব’লক৷ …”

গাড়ী চলোৱা বন্ধুজন আৰু মই  গাড়ীৰ পৰা নামিলো৷ বাকী দুজন গাড়ীতে বহি থাকিল৷ ক্ষন্তেকৰ ভিতৰতে মানুহেৰে ভৰি পৰিল ঠাইখিনি৷ তেনেতে মোৰ শিক্ষক এজন ওচৰ চাপি আহি মোক চিনি পাই সুধিলে,
“কি হৈছে?”
মই লাহেকৈ কথাটো ক’লো৷
তেখেতে হাঁহি মাৰি ক’লে, “ গাড়ীখন থানালৈ নিনিবি৷ ইয়াতে কিবা এটা কিবা এটা দি দে..৷”
মই একো উত্তৰ নিদিলো৷ তেনেকুৱা পৰিস্থিতিত আগতে কেতিয়াও পৰা নাছিলো৷ ট্ৰেফিক পুলিচৰ গাতে গাড়ীয়ে ঘঁহনি মাৰিছে৷ কম ডাঙৰ অপৰাধনে?

গাড়ী চলোৱা বন্ধুজনে কথাটো বুজি পালে৷ লাহেকৈ হাতখন পকেটত ভৰালে আৰু মহিলা গৰাকীৰ ওচৰ চাপি গ’ল৷ তাৰপাছত মহিলাগৰাকীৰ হাতত ধৰি লাহেকৈ ক’লে,
“অ’ বাইদেউ, সৰু ভাই বুলি আমাক মাফ কৰক৷ গুৱাহাটীৰ পৰা আহিছো৷”
বন্ধুজনৰ হাতৰ পৰশ পাই মহিলাগৰাকীৰ সুৰ নৰম হৈ গ’ল৷ তথাপি অলপ খঙেৰেই সুধিলে,
“লাইচেঞ্চ আছেনে?”
“আছে বাইদেউ আছে৷ গুৱাহাটীত গাড়ী চলাই থাকোঁ৷”
এইবাৰ মহিলাগৰাকীয়ে আৰু নৰম হৈ সুধিলে,
“গুৱাহাটীৰ পৰা ইয়াত কি কৰিব আহিছে?”
বন্ধুজনে তপৰাই উত্তৰ দিলে,
“আমি ছোৱালী চাব আহিছো৷”

উত্তৰটো শুনি মহিলাগৰাকীয়ে মুখত বিৰিঙি উঠা মিচিকিয়া হাঁহিটো লুকুৱাবলৈ বৃথা চেষ্টা কৰি লাহেকৈ ক’লে,
“গুৱাহাটীৰ পৰা ইয়ালৈ ছোৱালী চাব আহিছে? ...যাওক, সাৱধানে চলাব গাড়ী৷”

আমিও গাড়ীত বহি আকৌ আৰম্ভ কৰিলো যাত্ৰা৷ বৰপেটাৰ বৃন্দাবন হাটী অভিমুখে৷ বুজিলো, আমি ছোৱালী চাবলৈ অহা বুলি কোৱা মানে তেখেতে বেলেগহে বুজিলে বুলি৷ গাড়ীৰ ভিতৰত চাৰিজন চফল ডেকা দেখি তেনেদৰে ভবাই স্বাভাৱিক৷

মই বন্ধুজনক সুধিলো, “কিবা দিলা নেকি?”
“হাতৰ টিপতে দহ টকা৷” অতি সাবধানে গাড়ী চলোৱা বন্ধুজনে হাঁহি এটা মাৰি উত্তৰ দিলে৷

প্ৰায় দুঘন্টামান পাছত শ্ৰীমতীক লগত লৈ বৰপেটাৰ পৰা ভৱানীপুৰ অভিমুখে ৰাওনা হ’লো৷ পাঁচআলিৰ চ’কৰ পুলিচ পইন্টত কৰ্তব্যৰত মহিলা গৰাকীয়ে আমাক চিগনেল দিলে৷ গাড়ীৰ ভিতৰৰ পৰা বন্ধুজনে চিঞৰি মাত লগালে,
“বাইদেউ যাওঁদেই৷”

Monday, 4 January 2016

পুৱাৰ সূৰুয…

পুৱাৰ সূৰুয

কোনো এক শীতৰ ৰাতিপুৱা
মূৰত এডালো চুলি নোহোৱা
ইনচাৰ্ট কৰি নোলোৱা
দীঘল হাফচাৰ্ট পিন্ধা
হাতত এখন মোনা লৈ
সাৱধানে বাটৰ দাঁতিয়েদি
খোজকাঢ়ি যোৱা
কোনো এক অচিন আদহীয়া৷
প্ৰতিটো খোজত
বিয়পি পৰিছে এটি সুৰ
চিনাকি চিনাকি,
মানুহ নহয়
যেন এক প্ৰতিনিধি
এটি সমদল
এটা যুগ
এটা সংস্কৃতি
এজাক লোকৰ ভাৰ বৈ যোৱা৷
থৰ লাগি চাইছো তেওঁকেই
ভাবত বিভোৰ হৈ
তেওঁ আগবাঢ়ি আছে
এখোজ-দুখোজকৈ৷
হঠাতে আহিল ৰবাৰ পৰা
এজাক ডেকা ৰা
বায়ুবেগে মটৰ চাইকেল চলাই
ধূলিৰ ধুমুহা বোৱাই
নিমিষতে হৈ নেদেখা৷
মুখখন ৰুমালেৰে ঢাকি
মানুহজন কিছুপৰ
বাটৰ কাষত থিয় দি,
তাৰপাছত আকৌ লে খোজ
সাৱধানে
লাহে-লাহে
এখোজ-দুখোজ
আকাশত তীব্ৰ হৈ আহিছিল
পুৱাৰ সুৰূয৷
=====================

ডঃ মাখন লাল দাস

Sunday, 3 January 2016

যাক লগ পাব লাগিছিল!!!!

যাক লগ পাব লাগিছিল!!!!

সেই কবিতাটো, যিটো পঢ়িবলগীয়া আছিল
অতি মনোযোগেৰে বাছি লোৱা হৈছিল
ভনীসবৰে সৈতে হ’বলগীয়া আছিল কথা-বতৰা
কবিতাৰ নদীত বিহাৰ কৰিবলগা আছিল তেওঁৰ
ডায়েৰীত লিখি থোৱা আছিল যি কবিতা
তাৰেই নিচিনা এটা মৰমলগা কবিতা
ডায়েৰীৰ বাহিৰত আছিল, অলপ অসন্তুষ্ট আছিল
ঘৰৰ পৰা বাহিৰত ভৰি ৰাখি নিজে নিজে উভতিল
তেওঁক সৈমান কৰাবলৈ, সেই কবিতা কাষৰ চহৰতে আছিল
সেই পঢ়িবলগীয়াটো, কিছুমান হৃদয়ত অৱতৰণ কৰিবলগীয়া আছিল
আৰু যাক লগ পাবলগীয়া আছিল, হৃদয়ৰ পৰা বাহিৰ হৈ নাযায়েই
হৃদয়েই পদযুগলক শুনাই দিছিল নিজ সিদ্ধান্ত…!


মূল: শৈলেন্দ্ৰ শান্ত: অনুবাদ: ডঃ মাখন লাল দাস

কি হ'ল?

কি হ’ল?
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসৰ বাসিন্দা আমি তেতিয়া৷ বহুদিনৰ পৰা শুনি আছিলো ১৯৮০ চনত অসমত খুব ডাঙৰ ভূমিকম্প এটা হ’ব বুলি৷ আমি সেই সময়ত হোষ্টেলত৷ ভূমিকম্প আহিব আহিব বুলি বাট চাই থাকোঁ৷
আমাতকৈ এবছৰ জুনিয়ৰ ছাত্ৰ এজন আছিল৷ খুব ভাল ল’ৰা৷ চিধা-চাধা ল’ৰা বুলি অলপ বেছিকৈ ৰেগিঙো খাইছিল চিনিয়ৰৰ পৰা৷ ৰেগিং মানে তেওঁক লৈ ধেমালিহে কৰিছিল৷ চিনিয়ৰবোৰে তেওঁক লৈ কৰা ধেমালিবোৰ দেখি আমিও বৰ ৰং পাইছিলো৷ ৰেগিঙৰ সময়ৰে কথা৷ এদিন ৰাতি দুইমান বজাত তেওঁ “ইউৰেক, ইউৰেকা” বুলি চিঞৰি বাৰান্দাৰে দৌৰি ফুৰিছিল৷ আমি সাৰ পাই দুৱাৰ খুলি ওলাই চাওঁ তেওঁ হাতত  কাঁচৰ বটল এটা  লৈ অকলে অকলে দৌৰি আছে৷ বটলটোত চাৰ্ফৰ পানী ভৰাই থোৱা আছে৷ সেইটোকে লৈ দৌৰি আছে ইউৰেকা ইউৰেকা বুলি৷ আমি ধমকি দিলো ৰাতিখন ইমানকৈ চিঞৰি থকা কাৰণে৷ আমাৰ গালি খাই তেওঁ অলপ থমকি ৰ’ল৷ তাৰ পাছত আমাৰ চিনিয়ৰ দুজনমানে তেওঁক আকৌ ধমকি দিলে চিঞৰি চিঞৰি দৌৰিবলৈ৷ আকৌ আৰম্ভ হ’ল, “ইউৰেকা, ইউৰেকা,,” আমিও ৰস পালোঁ তাকে দেখি৷
তেনেদৰে কিছুদিন পাৰ হৈ গ’ল৷ ল’ৰাজন থাকে প্ৰথম মহলাত৷ আমাৰ লগৰে এজনৰ ৰুমমেট৷ তেতিয়া ছয় নং ছাত্ৰাবাসটো দুমহলীয়াহে আছিল৷ এদিন ৰাতি হঠাৎ ভূমিকম্প আহিল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ আমি সকলো দৌৰি তল পালোঁহি৷ হোষ্টেলৰ আগৰ পথাৰখনতে কিছুসময় গোট খাই থাকিলো৷ ভূমিকম্প মাত্ৰ কেইচেকেণ্ডমানহে আছিল যদিও প্ৰায় এঘন্টামান সকলোৱে তাতে আড্ডা মাৰি থাকিলো৷ তাৰপাছত লাহে লাহে নিজৰ নিজৰ ৰুমলৈ গ’ল সকলোৱে৷
মোৰ ৰুমটো পোৱাৰ আগতে বন্ধুজনৰ ৰুমটো পায়৷ তাতে গৈ সোমালো৷ আমাক দেখি আঠুৱাৰ তলেৰে মূৰটো লাহেকৈ উলিয়াই সেই ল’ৰাজনে আমালৈ চাই সুধিলে,
“কি হ’ল?”
ইমান চিঞৰ বাখৰ, জোকাৰণিতো সাৰ নোপোৱা ল’ৰাজনৰ সেই প্ৰশ্নতহে আমি আকৌ অধিক ৰস পাই প্ৰাণখুলি হাঁহিলো৷

ভূমিকম্পৰ ভয়ো ক’ৰবাত হেৰাল৷

Thursday, 31 December 2015

ভিলাই

ভিলাই..


জিৰ জিৰ বৰষুণত
মূৰ দোঁৱাই
তিতি থিয় হৈ
বাটৰ কাষত
গছবোৰ সলনি হৈ পৰা
ছাঁয়ালৈ
নিজৰ সম্মুখতে
ঘটিত হোৱা এই ৰূপান্তৰণ,


টপ্-টপকৈ সৰি থকা টোপালত
জিলমিলোৱা পোহৰবোৰ
আৰু ৰং-বিৰঙৰ ডাৱৰৰ
যাদু ৰচনা কৰা
কাৰখানাৰ চিমনিবোৰ,


ইফালে বাট
সিফালে বাট
মাজেৰে পাৰহৈ যোৱা
ৰেলৰ চিৰিবোৰ,


এই মাথোন সলনি হৈছে হয়তো
পালপাতি কৰা ডিউটিবোৰ,
ক্ৰচিঙৰ গেটত
আৱদ্ধ হৈ পৰা
ভীৰৰ অস্থিৰতা,

চাকি-বন্তিৰ এনে সময়তে
ঘৰ পাবলৈ অস্থিৰ
তেনেকুৱা ভীৰত
মইহে কেতিয়াও নহ’লো
চাইকেল ৰখাই
হেণ্ডেলত ওলোমাই থোৱা
পাচলিৰ মোনা,


মোৰ হাতঘড়ীত
কিয় নহ’ল
ঘৰলৈ ওভতাৰ সময়,
এনেই হোৱা নাই
মুম্বাইৰ পৰা কলকাতালৈ যোৱা
ডাউন গাড়ী এখন
পাৰ হৈ যোৱা,


কোনো ক্ৰুৰ সিদ্ধান্ত অবিহনে
কিদৰে সম্ভৱ হ’ব
এটি বীতৰাগ মন
কিদৰে হ’ব
এটি আধ্যাত্মিক সন্ধ্যা….

মূল (হিন্দী): সতীশ জয়চৱাল;  অনুবাদ: ডঃ মাখন লাল দাস

Monday, 14 December 2015

ভাল ল’ৰা

ভাল ল’ৰা

পাঠকে ছোৱালীজনীৰ বাবে বহুদিনৰ পৰাই ভাল ল’ৰা এটা বিচাৰি আছে৷ ছোৱালী কম্পিউটাৰ ইঞ্জিনিয়াৰ৷ নাম থকা কোম্পানীত কাম কৰে৷ ভাল নাচে, গানো গায়৷ দেখিবলৈও চিনেমাৰ অভিনেত্ৰীৰ দৰেই৷ স্বভাৱে-চৰিত্ৰই সতী-সাৱিত্ৰীতকৈ কোনো গুণে কম নহ’ব যেন লাগে৷ যি ঘৰলৈকে বোৱাৰী হৈ যাব সেই ঘৰেই ভাগ্যবান বুলি ভাবিব লাগিব৷ পঢ়ি থকা অৱস্থাতে আন বহুতৰ নিচিনাকৈ ল’ৰা এটা যোগাৰ কৰি ল’ব নোৱাৰিলে তাই৷ হয়তো দেউতাক বিয়া-বাৰুৰ ক্ষেত্ৰত খুব কাঢ়া বুলি ভাবিয়েই তাই সাবধানে দিনবোৰ পাৰ কৰিলে৷ কিন্তু এতিয়া দৰা বিচাৰি হায়ৰাণ হৈছে দেউতাক পাঠক৷

পাঠক মোৰ বাল্যবন্ধু৷ ইঞ্জিনিয়াৰিং কলেজতো একেলগে পঢ়া দুয়ো৷ পাছ কৰি তেওঁ ৰিফাইনাৰিৰ চাকৰিত সোমাল, মই সোমালোঁ কলেজতে শিক্ষকতাৰ কামত৷ বিয়াও প্ৰায় একে সময়তে পাতিছিলো দুয়ো৷ প্ৰায়েই অহা-যোৱা চলিছিল দুয়ো ঘৰৰ মাজত৷ এতিয়া অৱসৰ পাই ওচৰা-ওচৰিকৈ ফ্লেট কিনি প্ৰায় একেলগে আছোঁহি৷

প্ৰথমতে ছোৱালীজনীৰ বাবে দৰাৰ কথা ভাবি বেছি মূৰ ঘমোৱা নাছিল পাঠকে৷ ইমান ভাল ছোৱালী যেতিয়া অতি সহজে দৰা পাবই বুলি নিশ্চিন্তে বহি আছিল৷ প্ৰথমতে তাই পঢ়ি-শুনি থিতাপি লওঁক, তাৰপাছত বিয়া-বাৰুৰ কথা লাহে-ধীৰে ভাবিব লাগিব৷ কেতিয়াবা কথা-প্ৰসঙ্গত পাঠকে কৈছিল৷ ছোৱালীৰ পঢ়া-শুনাৰ প্ৰতিয়েই ইমান দিনে মনোযোগ দি আহিল পাঠকে৷ তাইও দেউতাকক নিৰাশ নকৰি খুব ভালদৰেই পাছ কৰি গ’ল সকলো পৰীক্ষা৷

কিন্তু ছোৱালীৰ বিয়াৰ চিন্তা মনলৈ অহাৰ পাছৰে পৰা দৰা বিচাৰি পাঠক ভাগৰি পৰিছে৷ দৰাৰ ক্ষেত্ৰত পাঠকৰ চৰ্ত বহুত৷ ল’ৰা ইঞ্জিনিয়াৰ হ’ব লাগিব৷ ভাল চাকৰি কৰা হ’ব লাগিব৷ দেখোতো ভাল হ’ব লাগিব৷ ভাল পৰিয়ালৰ হ’ব লাগিব৷ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগিব৷ কেৱল অসমীয়া হ’লেই নহ’ব, পাৰিলে তেওঁৰ নিজৰ অঞ্চলৰ মূল বাসিন্দা হ’ব লাগিব৷ সেইবোৰ ঠিকে থাকিলেও নহ’ব পঞ্জিকা মতেও ৰাহি-যোৰাও মিলিব লাগিব৷ এবাৰ খুব ভাল ল’ৰা এজনৰ খবৰ পাই পাঠকক জনাইছিলো৷ পাঠকে পঞ্জিকা চাই নাকচ কৰি পেলালে৷ তাৰপাছত কিছুদিন বিয়াৰ কথা তল পৰি আছিল৷ আজি হঠাতে ৰাতিপুৱাতে পাঠকৰ ফোন পালোঁ৷
“আবেলি এপাক ঘৰলৈ আহিবাচোন৷”
“কিয়? কিবা পাতিছা নেকি?”
“নাই৷ ল’ৰা এজন ফুৰিবলৈ আহিব৷ তোমাক চিনাকি কৰাই দিম বুলি ভাবিছো৷ সোনকালে আহিবা”

অৱসৰ পোৱা মানুহ৷ হাতত সময় অপৰ্যাপ্ত৷ ভাত-পানী খাই সোনকালেই পাঠকৰ ঘৰ পালোঁগৈ৷ পাঠকেই কথাটো উলিয়ালে৷
“ভাল ল’ৰা এজনৰ খবৰ পালোঁ৷ ইঞ্জিনিয়াৰ, পুণেত থাকে৷ পঞ্জিকা মতেও মিলাই চাইছো৷ মিলিছে৷ মাজনীক ইতিমধ্যে পুণেত দেখি পচন্দও কৰিছে৷”
“খুব ভাল কথা৷ সোনকালে সকলো ঠিক কৰি দিয়া তেনেহলে৷” মই অতি উৎসাহেৰে ক’লো৷
“ল’ৰাজন দুদিনমানৰ কাৰণে ঘৰলৈ আহিছে৷ খবৰটো পাই আজি ঘৰলৈ মাতিছো৷ তোমাৰ কলেজৰ পৰাই পাছ কৰা ল’ৰা৷ তুমি চিনি পাব পাৰা৷ সেইকাৰণে তোমাৰ মত এটাও লৈ ল’ব খুজিছো৷”
“ল’ৰাজন কি ইঞ্জিনিয়াৰ? চিভিল যদি ভালদৰে চিনি পাম৷”
“নহয়, ইলেক্ট্ৰিকেল৷ তথাপি তুমি চিনি পাবও পাৰা৷ হোষ্টেলত আছিলতো৷ অলপ কথা-বতৰা পাতি চাবা৷”

মইও হয়ভৰ দি ৰৈ থাকিলোঁ ল’ৰাজনৰ বাবে৷ ভালো লাগিল মোৰ মতামতকো পাঠকে ইমান গুৰুত্ব দিব খোজা দেখি৷ দুয়ো ইটো-সিটো কথা পাতি কিছু সময় পাৰ কৰিলোঁ৷ বেছি সময় বাট চাব লগা নহ’ল৷ ল’ৰাজন আহি ওলাল৷ মুখখন চিনাকি চিনাকি লাগিল৷ পাঠকনীয়ে আথে-বেথে বহুৱালে৷ পাঠকে মোক চিনাকি কৰি দিলে৷ আশাকৰা ধৰণেই ল’ৰাজন মোৰ চিনাকি পোৱাৰ পাছত অলপ নাৰ্ভাচ হোৱা যেন লাগিল৷ 

দুই-এটা কথাৰ আদান-প্ৰদান হোৱাৰ পাছত পাঠকনী পাকঘৰত সোমাল৷ পাঠকো ভিতৰলৈ গ’ল ল’ৰাজনৰ লগত মোক অকলে এৰি দি৷ মই কথা আৰম্ভ কৰিলো৷ কথা মানে যেন মৌখিক পৰীক্ষাহে৷ নাম কি? এতিয়া কি কৰি আছা? কোন চনত পাছ কৰিছিলা? কোন হোষ্টেলত আছিলা? ইত্যাদি ইত্যাদি৷
ল’ৰাজনে উত্তৰ দি গ’ল মোৰ প্ৰশ্নবোৰৰ এটা এটাকৈ৷ চন আৰু হোষ্টেলৰ কথা জনাৰ লগে লগেই ফট-ফটকৈ বহুতো কথা মনত পৰি গ’ল মোৰ৷
পাঠক সোমাই আহিল৷ পাঠকনীয়ে চাহ-জলপান দি গ’ল৷ কিছুসময় কথা-বতৰা চলিল৷ তাৰপাছত ল’ৰাজন বিদায় লৈ গ’লগৈ৷

“চিনি পালানে ল’ৰাজন?” আশাকৰা মতেই পাঠকৰ প্ৰথম প্ৰশ্ন৷
“পাইছো৷ মই অধীক্ষক হৈ থকা হোষ্টলতে আছিল৷” উত্তৰ দিলোঁ৷ কিন্তু মোৰ মনটোত সমান্তৰাল ভাবে বেলেগ এটা চিন্তা চলি আছিল বুলি পাঠকে সহজে অনুমান কৰি আকৌ পোনে-পোনে সুধিলে,
“কেনেকুৱা ল’ৰা? ভালনে? তোমাৰ মতামত কি?”
এইবাৰহে দোমোজাত পৰিলো৷ ল’ৰাজনক চিনি পোৱাৰ পাছত ল’ৰাজনৰ বিষয়ে যিমানখিনি কথা মনত পৰিছে গোটেইখিনি জনাই দিয়া উচিত হ’বনে নাই মনতে ঠাৱৰ কৰিব নোৱাৰি উত্তৰ দিলোঁ,
“নাই, মই চিনি পাইছো যদিও মাত্ৰ এদিনহে লগ পাইছিলো৷ গতিকে কেনেকুৱা ল’ৰা সেই বিষয়ে মতামত নিদিয়াই ভাল হ’ব৷”
“মাত্ৰ এদিন? সেইটো আকৌ কেনেকুৱা কথা? তুমি অধীক্ষক হৈ থকা হোষ্টেলতে আছিল হেনো ল’ৰাজন?” পাঠকৰ স্বাভাৱিক প্ৰশ্ন৷
“মই তিনিবছৰ বাহিৰত আছিলো উচ্চ শিক্ষাৰ বাবে৷ উভতি আহি হোষ্টেলৰ অধীক্ষকৰ দায়িত্ব লৈছিলো৷ ইতিমধ্যে ল’ৰাজনে ফাইনেল পৰীক্ষা দি সেই হোষ্টেল এৰি গৈছিল মাত্ৰ৷ ফাইনেলৰ ৰিজাল্ট দিয়াৰ পাছত হোষ্টেলৰ ক্লিয়াৰেঞ্চ ল’বলৈ, মানে হোষ্টেলত একো দিবলগীয়া নাই বুলি চাৰ্টিফিকেট ল’বলৈহে মোৰ ওচৰলৈ আহিছিল৷ এদিনৰ চিনাকি মাত্ৰ৷”
“মাত্ৰ এদিন লগ পালা৷ তাকো ইমান বছৰ আগতে৷ তথাপি ল’ৰাজন চিনি পালানে?” পাঠকৰ পৰা এইটো প্ৰশ্নও আহিব পাৰে বুলি মই ভয় কৰি আছিলো৷ সকলো কথা কৈ দিয়াই ভাল হ’ব বুলি ভাবি উত্তৰ দিলোঁ,
“কেতিয়াবা মনত থাকি যায়৷ ল’ৰাজনৰ আচলতে অলপ টকা দিবলৈ বাকী আছিল৷ বেছি নহয় এশ টকামান আছিল বোধকৰো৷ এটকাও বাকী থাকিলে ক্লিয়াৰেঞ্চ মই নিদিওঁ কাৰণ কলেজৰ পৰা একেবাৰে ওলাই যোৱাৰ পাছত আৰু সেই টকা পোৱাৰ কোনো আশা নাথাকে৷ গতিকে পাছত ময়েই ভৰিবলগীয়া হ’ব৷” পাঠক নিজেও ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত থাকি অহা৷ সকলো জানেই বুলি জানিও অলপ ব্যাখ্যা কৰি ক’লো৷
“ল’ৰাজনক ক্লিয়াৰেঞ্চ দিয়া নাছিলা নেকি তুমি?” পাঠকে জেৰা কৰাৰ দৰেই সুধিলে৷ 

ক্ষন্তেক ৰৈ উত্তৰ দিলো,
“এদিন ৰাতিপুৱাতে আহি ওলাইছিল ল’ৰাজন ক্লিয়াৰেঞ্চ ল’বলৈ৷ মই টকা দিবলৈ বাকী থকা ল’ৰাবোৰৰ তালিকাখন চালো৷ ল’ৰাজনৰ নামটো প্ৰায় ওপৰতে আছিল৷ তেওঁক জনাই দিলো তেওঁৰ অলপ দিবলগা থকা কথাটো৷ ল’ৰাজনে অনুৰোধ কৰি কৈছিল,
“ছাৰ, মই দূৰৰ পৰা আহিছো৷ লগত বেছি টকা নাই৷ ক্লিয়াৰেঞ্চটো দি দিয়ক৷ মোৰ মাহীৰ ঘৰ ইয়াতে৷ অফিচৰ কামখিনি কৰি আবেলি মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আপোনাক দি থৈ যামহি৷ আপোনাক কথা দিছো৷ মোক বিশ্বাস কৰক৷”
ল’ৰাজনৰ কথাত পতিয়ন গৈ ক্লিয়াৰেঞ্চৰ ফৰ্মখনত চহী কৰি দিলো৷ ল’ৰাজন গ’লগৈ৷ সেইদিনা আবেলি নাহিল৷ পিছদিনাও নাহিল৷ বছৰ পাৰ হৈ গ’ল৷ কোনোদিনেই নাহিল৷ আজিহে ইমান দিনৰ মূৰত আকৌ মুখা-মুখি হৈছোঁ৷ মূখখন অলপ অলপ চিনিব পাৰিছিলো৷ নামটো কোৱাত গোটেই ঘটনাটো মনত পৰি গ’ল৷ ল’ৰাজনৰ বিষয়ে অৱশ্যে মই আৰু একো নাজানো” কথাখিনি কৈ শেষ কৰি পাঠকৰ পিনে চালো৷ মোৰ বুকুৰ পৰা বোজা এটা আঁতৰি যোৱা যেন লাগিল৷ 

পাঠক কিছু সময় মনে মনে থাকিল৷ তাৰপছত লাহেকৈ মাত দিলে,
“ভুল তোমাৰেই৷ তুমি ইমান সহজে সকলোকে বিশ্বাস কৰি লোৱা৷ ল’ৰাজন বুধিয়ক৷ আজিৰ যুগৰ লগত খাপ খাই চলিব পৰা ল’ৰা৷ সেইটো একো ডাঙৰ দোষ বা দ্ৰবেক বুলি ক’ব নোৱাৰি৷”

মই পাঠকৰ কথাখিনি শলাগি থলোঁ৷ বিদায় লৈ ঘৰ পালোঁহি৷ দুদিনমান পাছত বিয়াৰ নিমন্ত্ৰণী পত্ৰখন পাম বুলি প্ৰায় নিশ্চিত হ’লো৷

Sunday, 13 December 2015

আপিগিলানে কলাত লবো…

আপিগিলানে কলাত লবো…

সৰুতে বৰ চাপৰ আছিলো৷ মূৰটো ডাঙৰ, নাকটোও চেপেটা বাবে আৰু অধিক চাপৰ দেখা গৈছিল মোক৷ কিছুমানে “গাইথা” বুলি জোকাইছিল৷ কিছুমানে জোকাইছিল “মাদা” (শকত) বুলি৷ ওখ হোৱাৰ দুৰ্বাৰ হেঁপাহ এটা মনত পুহি ৰাখিছিলো৷ এবাৰ অষ্টম নে নৱম শ্ৰেণীত থাকোঁতে বৰপেটাত অসম বিজ্ঞান সমিতিৰ অধিৱেশন এখন হৈছিল৷ প্ৰদৰ্শনী চাবলৈ আমি শাৰী পাতিছিলো৷ সকলোতকৈ চাপৰ বাবেই হয়তো মোক একেবাৰে আগত থিয় কৰাই দিয়া হৈছিল৷ দুৱাৰমুখতে আছিল এখন দীঘল আইনা৷ মূৰৰ পৰা ভৰিলৈকে সম্পূৰ্ণকৈ দেখা যায়৷ তাতে নিজৰ চেহেৰাটো ভালদৰে চালো৷ চাই দৃষ্টি ঘূৰাই দিলোঁ৷ সঁচাকৈয়ে মই ইমান চাপৰ৷

মোৰ সহপাঠী প্ৰভাতো প্ৰায় মোৰ সমানেই ওখ আছিল৷ দুয়ো আছিলো নলে-গলে লগা বন্ধু৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগে আগে এদিন সন্ধিয়া দুয়ো চাউলখোৱা নদীৰ দলঙৰ ওপৰেৰে গৈ আছিলো অলপ মুকলি বতাহ খোৱাৰ মানসেৰে৷ সেই সময়ত বহুতো যুৱক তাত গোট খায়, একে উদ্দেশ্যেৰেই৷ 

আমি খোজ কাঢ়ি কিছুদূৰ পাৰ হৈ যোৱাৰ পাছতে প্ৰভাতে মাত দিলে,
“সিহঁতে আমাক দুটাক দেখি কি কৈছে মন কৰিলিনে?”
“নাই কৰা৷ মই বেলেগ কিবা চিন্তা কৰি আছিলোঁ৷” মই উত্তৰ দিলোঁ৷
“আমাক দেখি সিহঁতে কৈছে, কি সৰু-সৰু ছলিয়ে৷ আহুন কলেজত গেলি আপিগিলানে কলাত লবো৷ (ইহঁত কলেজলৈ গ’লে ছোৱালী বিলাকে কোলাত ল’ব)৷”
একো উত্তৰ নিদিলো৷ ওখ হোৱাৰ বাসনা আৰু অধিক প্ৰবল হ’ল৷ দুৱাৰত ধৰি ওলমি থকা, ৰিঙত ধৰি উঠা-নমা কৰা আদি ব্যায়াম কৰি থাকিলো৷
সময় বাগৰি গ’ল৷ চাপৰ বুলি কোনেও হাঁহিব নোৱাৰা অৱস্থা এটা পালোঁ৷

কলেজত অৱশ্যে কোনেও কোলাত ল’বলৈ সাহস নকৰিলে৷