১)
মোৰ যাত্ৰাৰ হিচাব ভৰিৰ ক্ষয় যোৱা ছালে দিব
লক্ষ্য ক'ত পালো কেতিয়া বিদায় ল'লো নুসুধিব
কাৰোবাক মাটিৰ ঘৰত থৈ আহিব লগা আছিল
সেই ৰীতিনো কিদৰে পালন হ'ল তাকো নুসুধিব ৷
(ৰাফট আলমৰ হিন্দী মুক্তকৰ অসমীয়া ৰূপান্তৰ)
২)
মিচিকিয়া হাঁহিৰ দাম দিব পৰা নাযায়
কিছুমান সম্বন্ধ তৰ্জুত জুখিব পৰা নাযায়
শিলতো বাটে-ঘাটে সকলোতে পোৱা যায়
কিন্তু সকলো শিল হীৰাৰ দৰে অমূল্য নহয়৷
(নিৰ্মল চোনীৰ হিন্দী মুক্তকৰ অসমীয়া ৰূপান্তৰ)
৩)
মৰম ভৰা হৃদয়ক নেওঁচা দিব নাপায়,
ঘৰৰ আগেৰে এনেই টহল দিব নাপায়,
আমাৰ ঘৰ অট্টালিকা নহব পাৰে,
কিন্তু পঁজাঘৰলৈ জানো বন্ধু আহিব নাপায়?
(এটি হিন্দী কবিতাৰ অসমীয়া ৰূপান্তৰ)