("মুক্তক" হিন্দী সাহিত্যৰ এবিধ জনপ্ৰিয় কবিতা৷ চাৰি শাৰীৰ এই কবিতাবোৰৰ প্ৰথম দুটা শাৰী স্বয়ং সম্পূৰ্ণ ৷ তৃতীয় শাৰীৰ কথাখিনি চতুৰ্থ শাৰীত শেষ হয়৷ প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ শাৰীৰ ছন্দ মিলিব লাগে৷)
১)
"এবাৰ খোজ দি চোৱাচোন, এক নতুন পথৰ সৃষ্টি হ'ব
যিমান দ নহওঁক কিয় খাল, সাহসৰ আগত সৈমান হ'ব
যদি জীৱনটো পাৰ কৰে কেৱে, সাগৰৰ ঢৌ গণি গণি
নাওঁ, গুৰিয়াল তেওঁলৈ হয় নিৰৰ্থক, লক্ষ্য প্ৰাপ্তিও নহ'ব৷"
মূল:(হিন্দী) কৈলাশ শৰ্মা, অনু: ডঃমাখন লাল দাস
২)
যদিহে সফল হোৱা, আনন্দৰ ভাগ আনকো দিয়া
দুখ প্ৰচাৰি লাভ নাই, যদি কান্দে তোমাৰ হিয়া
মনৰ দুখ মনতে ৰখা ভাল, আনক কৈ নাই লাভ
দুদিনীয়া এই জীৱন, বিলোৱা মাথোঁ হাঁহি মিচিকিয়া৷
৩)
যাওঁ বুলিওতো নোৱাৰো যাব তোমাৰ কাষলে
নোৱাৰি হেজাৰ কিলোমিটাৰ বাট বুলিব'লে
বিচাৰিলে ৰিজাৰ্ভেচন ৰেলত সহজে নাপায়
জেপো উদং উৰাজাহাহৰ টিকট কিনিব'লে৷
৪)
মোৰ যাত্ৰাৰ হিচাব ভৰিৰ ক্ষয় যোৱা ছালে দিব
লক্ষ্য ক'ত পালো কেতিয়া বিদায় ল'লো নুসুধিব
কাৰোবাক মাটিৰ ঘৰত থৈ আহিব লগা আছিল
সেই ৰীতিনো কিদৰে পালন হ'ল তাকো নুসুধিব...
(ৰাফট আলমৰ হিন্দী মুক্তকৰ অসমীয়া ৰূপান্তৰ)
৫)
মিচিকিয়া হাঁহিৰ দাম দিব পৰা নাযায়
কিছুমান সম্বন্ধ তৰ্জুত জুখিব পৰা নাযায়
শিলতো বাটে-ঘাটে সকলোতে পোৱা যায়
কিন্তু সকলো শিল হীৰাৰ দৰে অমূল্য নহয়৷
(নিৰ্মল চোনীৰ হিন্দী মুক্তকৰ অসমীয়া ৰূপান্তৰ)
No comments:
Post a Comment