নালাগে দিয়ক..
জন্ম মোৰ তিতাবৰত৷ লগতে নগাঁও, শ্বিলং আদি ঠাইত থাকি অহা যদিও বৰপেটালৈ আহি থাকিবলৈ লোৱাৰ পাছত আমি কম সময়ৰ ভিতৰতে বৰপেটীয়া ভাষা আয়ত্ব কৰি লৈছিলো৷ ১৯৬৯ চনত প্ৰথম বৰপেটা বিদ্যাপীঠ হাইস্কুললৈ গৈয়েই স্থানীয় ভাষাৰ তাৎপৰ্য বুজি পাইছিলো৷ প্ৰথন দিনাখনেই ইংৰাজীৰ শ্ৰেণীত শিক্ষকে কিবা এটা প্ৰশ্ন এজন এজনকৈ থিয় কৰাইছিল সুধিছিল৷ বেছিভাগ ল’ৰাই থিয় হয় আৰু কয়,
পাৰ্বান্নাই দ’ক৷
প্ৰথমতে মই তাৰ মানেনো কি একো তলা-নলা পোৱা নাছিলো৷ কিন্তু
লাহে-লাহে বুজি পালো, ‘পাৰ্বান্নাই দ’ক’ মানে ‘পাৰিবৰ নাই দিয়ক’ অৰ্থাৎ নোৱাৰো৷
ডাঙৰক উত্তৰ দিলে বৰপেটাৰ মানুহে বাক্যটোৰ শেষত দ’ক বা দিয়ক লগাই দিয়ে৷ ই সন্মান বা ভদ্ৰতাসূচক ৷
যেনে: “ কিয়ে বাপু, তই মদনচ্চলি?” (কিহে বোপা, তুমি মদনৰ ল’ৰা?)
উত্তৰ: “হৈ দ’ক” বা ‘ন’হৈ দ’ক’ (হয় বা নহয়)
এই “দিয়ক” বোলা কথাটোৱেই এবাৰ অলপ আমোদজনক পৰিস্থিতি এটাৰ
সৃষ্টি কৰিছিল৷
বোধকৰো ১৯৭১ চনৰ কথা৷ খুড়া এজনৰ বিয়া আছিল৷ কইনাৰ ঘৰ তেজপুৰত৷ দৰা-পাৰ্টি বাছেৰে যাবলৈ ওলাল৷ খুড়াই মোকো লগত ল’লে৷ তেজপুৰ পালোঁগৈ সন্ধিয়া আঠমান বজাত৷ অলপ
জিৰণি লোৱাৰ পাছত আমাক সকলোকে ভাত খাবলৈ মাতিলে৷ খোৱা-বোৱাৰ অতি সুন্দৰ আয়োজন৷ সকলোৱে হেঁপাহ পলুৱাই খাইছো৷ পেট ভৰি গৈছে সকলোৰে৷ পিছে বস্তু বিলাবলৈ অহাসকলে বাৰে-বাৰে আহে আৰু সোধে,
“অলপ ভাত দিমনে?”
আমাৰবোৰে উত্তৰ দিয়ে, ‘নালাগে দিয়ক’৷ (তেজপুৰত ‘নালগে দ’ক’ বুলি ন’কৈ ‘নালাগে দিয়ক’ বুলিয়েই কৈছিল)
তেনেদৰে কোৱা শুনি দিবলৈ অহাজনে আকৌ ভাত দি দিয়ে৷
তাৰপাছত মাংস দিয়াজনে সোধে, অলপ মাংস লাগিবনেকি?
আমাৰ ফালৰ পৰা উত্তৰ যায়, নালাগে দিয়ক৷
আকৌ সোপা-সোপে ঢালি দিয়ে মাংস৷ উপায় নাপাই আমাৰবোৰেও খাবলৈ বাধ্য হয়
খোৱা-বস্তু নষ্ট কৰিব নুখুজি৷
সেই প্ৰক্ৰিয়াটো কিছুসময় চলি থাকিল৷
আমাৰবোৰে কথাটো বুজি পোৱা নাই, নালাগে বুলি ক’লেও বাৰে-বাৰে আকৌ কিয় দিয়ে৷
বিলনীয়া সকলৰ ফালে লক্ষ্য কৰি এনে অনুমান হ’ল তেওঁলোকো
যেন অলপ আচৰিত হৈছে বৰপেটাৰ মানুহে ইমান খাব পৰা বাবে৷ তেওঁলোকৰ দুই-এজনে অলপ পাছত ফিচিঙা-ফিচিং কৰিব ধৰা যেন লাগিল ৷
ক্ষন্তেক চিন্তা কৰি কথাটো বুজি পালো৷ আমাৰ মানুহবোৰে অভ্যাসবশতঃ বাক্যৰ শেষত “দিয়ক” বুলি কোৱা বাবে বিলাবলৈ অহাসকলে “দিয়ক’ বুলি খোজা বুলি ভাবে৷ আৰু আমাৰ মানুহখিনিয়ে বাৰে-বাৰে “খুজি থকা” দেখি আমাক অতি খকুৱা বুলি ভাবিবলৈ ধৰিছিল৷ অৱশ্যে সেই ভুল বুজা-বুজি আঁতৰ হ’বলৈ আৰু বেছিসময় নালাগিল৷ আমাৰ মানুহখিনি সন্তুষ্টমনে খোৱাৰ পৰা
উঠিল৷ তেওঁলোকেও সুধিবলৈ আহিবলৈ এৰিলে৷
অৱশ্যে দিয়ক বুলি কোৱাটো এতিয়াও চলি
আছে দিয়ক৷
No comments:
Post a Comment