At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday 15 December 2013

ছোৱালী জোকোৱা..

ছোৱালী জোকোৱা..

ছোৱালী জোকোৱা বেয়া কথা বুলি সৰুতে জনাই নাছিলো ৷ ল’ৰা-ছোৱালী একেলগে পঢ়িছিলো প্ৰাথমিক স্কুলত৷   গতিকে প্ৰায় একেলগে খেলি-ধূলি সময় কটাইছিলো ৷ অৱশ্যে লাহে-লাহে সকলো বুজি উঠিছিলো ৷

প্ৰথম শ্ৰেণীত আছিলো বোধহয় তেতিয়া ৷ তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকোঁ আৰু তিতাবৰ বুনিয়াদী অভ্যসন বিদ্যালয়ত পঢ়োঁ ৷ তিতাবৰৰ সেই পামখন খুব আটক-ধুনীয়াকৈ সজোৱা আছিল ৷ (এতিয়া আৰু সেই অৱস্থা নাই) চৌহদটোৰ মাজতে এখন বিশাল খেল-পথাৰ ৷ তাতে ল’ৰা-ছোৱালীৰ খেলা-ধূলাৰ বাবে দোলনা, ঢেকী-খেল আদিৰ ব্যৱস্থা আছিল৷  ওচৰ-পাজৰৰ ল’ৰা-ছোৱালীবোৰো খেলিবলৈ আহিছিল ৷

এদিন দেওবাৰে আবেলি ঘৰৰ পৰা ওলাই আহি দেখিলো দুজনী ছোৱালীয়ে ঢেকী খেলি আছে ৷ দুয়োকে চিনি পাওঁ ৷ আমাতকৈ ডাঙৰ ৷ দুয়ো “চিৰ যুগমীয়া ঢৌ তুলি ঢৌ তুলি..” গানটো গাই-গাই, হাতেৰে অঙ্গী-ভঙ্গী কৰি আপোন মনে ঢেকী খেলি আছে ৷ এবাৰ এগৰাকী ওপৰ উঠে তাৰপাছত আনগৰাকী ৷ গানটোও যেন সেই খেলৰ লগত খাপহে খাই পৰিছিল এনে লাগিছিল৷ মই মোৰ লগৰীয়াজনৰ সৈতে গৈ ওচৰত অলপ সময় থিয় দি তেওঁলোক দুগৰাকীক চাই থাকিলো ৷ প্ৰথমতে ভালেই লাগিছিল৷ পিছে আমাৰো অলপ খেলিবৰ মন আছিল ৷ কিন্তু ছোৱালীদুগৰাকী নানামেহে নানামে ঢেকীৰ পৰা ৷ অলপ পাছত অধৈৰ্য হৈ আমি ছোৱালী দুগৰাকীক জোকাবলৈ ধৰিলো ৷
“ ইঃ, গান গাইছে চা ৷ চিৰ যুগমীয়া ঢৌ তুলি…..ঢৌ তুলি….”
আমি হাতেৰে অঙ্গী-ভঙ্গী কৰি, ভেঙুচালি কৰিবলৈ ধৰিলো ৷ ছোৱালীদুগৰাকীয়ে কিন্তু বিশেষ একো নক’লে ৷ খেলো বন্ধ নকৰিলে ৷ প্ৰায় আধাঘন্টামান আমি অপেক্ষা কৰিলো ৷ তাৰপাছত আমনি লগাত বেলেগফালে গুছি গ’লো ৷ ছোৱালীদুগৰাকী ঢেকী খেলি থাকিল… …..
কিন্তু… খবৰটো গৈ আমাৰ ঘৰ পালেগৈ.. কেতিয়া, কেনেকৈ নাজানো ৷
পিছদিনা ঘৰত দেউতাৰ চৰ, থাপৰ, এচাৰিৰ কোব.. পিঠি বখলা-বখল.. ছোৱালী জোকোৱাৰ ফল ৷

ছোৱালীক জোকোৱাটো কিমান যে ভয়ংকৰ কথা সৰুতেই বুজি পালো ৷ তাৰপাছত আৰু কোনো ছোৱালীক সজ্ঞানে জোকোৱা মনত নপৰে ৷ কিন্তু আৰু দুটা ঘটনা সদায় মনত পৰে..দুয়োটা কটন কলেজত প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত পঢ়িথকা সময়ৰ কথা..

হোষ্টেলৰ পৰা দলে-বলে চিনেমা চাবলৈ যোৱাটো এটা নিয়মীয়া কাম যেন আছিল ৷ এদিন কেলভিনৰ পৰা চিনেমা চাই ৰাতি খোজকাঢ়ি হোষ্টেললৈ উভতি আহি আছিলো ৷ ওভাৰব্ৰীজৰ ওপৰ পালো ৷ তেনেতে আমাৰ কাষেৰে ৰিক্সা এখন ৰিক্সাৱালাই টানি টানি লৈ গ’ল ৷ লাইটৰ পোহৰত লগৰীয়া  দুজনমানৰ  চকুত পৰিল ৰিক্সাত বহিযোৱা ব্যক্তিদুগৰাকী ৷ লগে-লগে দিলে কিবা মন্তব্য তেখেতসকলে শুনাকৈ ৷ কোনোবা এজনে আৰু কিবা এটা ক’লে ৷ তাৰপাছত দেখিলো ৰিক্সাৰ পিছপিনৰ পৰ্দাখন ডাঙি দুগৰাকী ডাঙৰ ছোৱালীয়ে আমাৰ দলটোৰ পিনে চাই-চাই আমাক শুনাকৈ কৈছে…
“ ইয়ে, ইমান অকণমান অকণমান ল’ৰা ৷ লাজেই লাগে পাই ৷ ভাইটিহঁত তোমালোকৰ আন কাম নাই নেকি?”
কথাটো মিছাও নহয় ৷ আমাৰ দলটো আছিল ষোল-সোতৰবছৰ বয়সীয়া ৷ তেখেতসকল আমাতকৈ ডাঙৰ ৷ আমি গোটেইবোৰ লাজত মৰি যোৱা যেন হ’লো ৷
আন এটা ঘটনা.. অলপ বেলেগ ধৰণৰ ৷  
কটন কলেজৰ ইউনিয়ন বিল্ডিঙৰ সম্মুখত দুগৰাকী ছোৱালী প্ৰায়েই বহি থাকে ৷ মই আৰু সহপাঠী ৰাণা মাজে-মাজে সেই বাটে যাওঁ  কেন্টিনলৈ ৷  এদিন মন কৰিলো ছোৱালী দুগৰাকীয়ে আমাৰ দুয়োৰো পিনে চাই মিচিককৈ হাঁহে ৷ আমি দুয়ো পাৰ হৈ গৈ আলোচনা কৰো,
“ ঐ, দেখিলিনে? সিহঁতে আমাৰফালে চাই হাঁহিছে ৷ ব’লচোন আকৌ যাওঁ ৷” বুলি আমি আকৌ উভতি সেই পিনে যাওঁ ৷ এইবাৰ আমি তেওঁলোকৰ পিনে চাই হাঁহো, তেওঁলোকেও মৰমলগাকৈ হাঁহে ৷ আমাৰ ভাল লাগে ৷ সময় পালেই পাকে-পাকে সেইপিনে যাওঁ আৰু তেনেদৰে হাঁহিৰ আদান-প্ৰদান চলি থাকে ৷
ৰাণা অলপ সাহসী ৷ এদিন সি আগবাঢ়ি গৈ ছোৱালীদুগৰাকীৰ ওচৰ পালেগৈ ৷
: তোমালোকে আমাৰ ফালে চাই কিয় হাঁহা ?
সি সুধিলে ৷
: তোমালোকে কিয় হাঁহা ?
ছোৱালীদুগৰাকীয়ে সুধিলে৷
: তোমালোকে হাঁহা কাৰণে হাঁহো ৷
ৰাণাই উত্তৰ দিলে ৷
এইবাৰ ছোৱালী এগৰাকীয়ে ৰহস্যটো ভাঙি দি ক’লে,
: আচলতে তোমালোক ইমান সৰু-সৰু ল’ৰা ৷ দেখি আমাৰ মৰম লাগি যায় ৷ আমাৰ ভাইটি বুলি ভাবিহে আমি মৰমতে হাঁহো (ৰাণা আৰু মই অতি চুটি-চাপৰ , সৰু ল’ৰা যেন আছিলো দেখিবলৈ) ৷

গম পালো, দুয়ো বি. এছ, চি দ্বিতীয় বাৰ্ষিকত পঢ়ে ৷ আমাতকৈ প্ৰায় দুবছৰ ডাঙৰ ৷ তেওঁলোকে আমাক দুয়োকো ভাইটি বনাই ল’লে ৷ উলুবাৰীত থকা তেওঁলোকৰ এগৰাকীৰ ঘৰলৈ চাহ-জলপান খাবলৈও গ’লো ৷ 

No comments:

Post a Comment