ছাত্ৰৰ গালি খোৱাই আমাৰ কাম..
১৯৯০ মানৰ কথা ৷ অসম অভিযান্ত্ৰিক
মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো ৷ এদিন মেকানিকেল বিভাগৰ অধ্যাপক এজনে আহি অনুৰোধ কৰিলে
তেখেতে পৰিচালনা কৰিবলগীয়া “এন্টাৰপ্ৰিনিওৰচিপ ডেভেলপমেন্ট” ৰ পাঠ্যক্ৰম এটাত ধনভড়ালী
হ’বলৈ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা অনুদানেৰে বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং স্নাতকসকলৰ বাবে
আয়োজিত পোন্ধৰদিনীয়া এটা প্ৰশিক্ষণ শিবিৰ আছিল সেয়া ৷ প্ৰশিক্ষাৰ্থীসকলৰ থকা-খোৱা আদি
সকলো ব্যৱস্থা চাবলগীয়া হৈছিল ৷ গোটেইবোৰ প্ৰশিক্ষাৰ্থী আচলতে আমাৰ কলেজৰেই চূড়ান্ত
পৰীক্ষা দি ফলাফলৰ বাবে অপেক্ষা কৰি থকা ল’ৰা ৷
প্ৰশিক্ষণৰ এটা অংশ হিচাবে প্ৰশিক্ষাৰ্থীসকলক
“মাৰ্কেট চাৰ্ভে” কৰিবলৈ কাম দিয়া হৈছিল আৰু তাৰ বাবে অহা-যোৱা সকলো খৰচ দিয়াৰ ব্যৱস্থা
আছিল৷ ছাত্ৰসকলেও নিৰ্দিষ্ট দিনত এখন এখনকৈ তেওঁলোকৰ অহা-যোৱা, চাহ-পানী খোৱা আদিৰ
বিলবোৰ জমা দিলেহি ৷ সেইবোৰ পৰীক্ষা কৰি ধন দিয়াৰ কামটোও মোৰেই ৷ এখন বিল দেখিয়েই বুজিলো
একেবাৰে ভুৱা বুলি ৷ প্ৰায় আধামান ধন কাটিলো ৷ ল’ৰাজনে একো নক’লে ৷ তেনেদৰে প্ৰায়বোৰ
বিলতেই অলপ-অচৰপ কৰ্তন কৰা হ’ল ৷
প্ৰশিক্ষণ শেষ হ’ল ৷ এদিন সন্ধিয়া
খোজকাঢ়ি চৌহদলৈ আহি আছো ৷ ছয় আৰু পাঁচ নং ছাত্ৰাবাসৰ সম্মুখ পাওঁতেই ছাত্ৰাবাসৰ পিনৰ পৰা চিঞৰৰ
শব্দ ভাহি আহিল ৷ বুজিবলৈ বাকী নৰ’ল মোকেই চিঞৰা বুলি ৷ কিবা-কিবি অশ্লীল শব্দৰ মাজতে
এটা বাক্য স্পষ্ট শুনিবলৈ পালো,
: আবে………. কিমান টকা মাৰিলি ঐ?”
সাধাৰণতে মই খেদা মাৰি গৈ ধৰোঁ তেনেদৰে চিঞৰাবোৰক ৷ কিন্তু চিঞৰাজন ইতিমধ্যে চূড়ান্ত পৰীক্ষা দি উঠা ল’ৰা বুলি বুজিলো
৷ ধৰিবলৈ গ’লে অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা থকা বাবে সেইকাম নকৰিলো ৷
কেইদিনমান পাছত মোৰ চিনাকি ছাত্ৰ
এজনক তেনে প্ৰশিক্ষাৰ্থী এজনে কোৱা বুলি গম পালো,
: অমুকাই সেই প্ৰগ্ৰেমৰ নামত বহু টকা খালে ৷” বুলি ৷
চিনাকি ছাত্ৰজনে মোক আহি কথাটো
জনালে ৷ সেইদিনা সন্ধিয়া চিঞৰাগৰাকীনো কোন আছিল বুজিবলৈ বাকী নাথাকিল ৷ যিজনৰ ভুৱা
বিলৰ আধা ধন মই কাটি দিছিলো সেইজন মহাপুৰুষেই ৷
তেখেতে তাৰ কিছুদিন পাছতেই ভাৰত
চৰকাৰৰ চাকৰি পালে ৷ ডাঙৰ মানুহ হ’ল কেতিয়াবাই ৷ নিশ্চয় অতি নিষ্ঠা আৰু সততাৰে
ৰাইজৰ সেৱা কৰি আছে ইমানদিনে ৷
আমিও এনে ধৰণৰ ছাত্ৰৰ গালি-শপনি-অভিশাপ
আদি সাদৰেৰে মূৰ পাতি লৈ চাকৰি কৰি থাকিলো ৷
No comments:
Post a Comment