আমাৰ বিশ্বকাপ জয়…বিশ্বাসেই নহয়..
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চাকৰি কৰি থকা সময়ৰ অতি ৰোমাঞ্চকৰ দিশ এটা আছিল শিক্ষকৰ ক্ৰিকেট টুৰ্ণামেন্টবোৰ৷ কলেজতে মাজে মাজে শিক্ষকৰ দলটোৱে ছাত্ৰৰ সৈতে খেলিছিলো৷ দুই-এবাৰ ছাত্ৰৰ দলক হৰুৱাইছিলোও৷ কিন্তু আমাৰ বাবে সকলোতকৈ উপভোগ্য টুৰ্ণামেন্টখন আছিল খানাপাৰাৰ ভেটেৰনেৰী কলেজৰ শিক্ষকসকলে আয়োজন কৰা প্ৰতাপ পাঠক সোৱঁৰণী আন্তঃ মহাবিদ্যালয় শিক্ষক টুৰ্ণামেন্টখন৷ ভেটেৰনেৰী কলেজ, বি বৰুৱা কলেজ, মেডিকেল কলেজ, গুৱাহাটী কলেজ, প্ৰাগজ্যোতিষ কলেজ, পাণ্ডু কলেজ, সন্দিকৈ কলেজ , অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয় আদি দলসমূহৰ লগতে আমিও যোগদান কৰিছিলো৷(দুবাৰমান কামৰূপ একাডেমী স্কুলৰ শিক্ষকৰ দলেও যোগদান কৰিছিল) সেই প্ৰতিযোগিতাৰ যোগেদি গুৱাহাটীৰ কলেজ শিক্ষকসকলৰ মাজত বিশেষ বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ় লৈ উঠিছিল৷ শিক্ষকসলৰ মাজত ভাল খেলালোক দুজনমানহে থাকে৷ বাকীসকলক শিকাই-মেলি, বিশেষভাবে প্ৰশিক্ষণ দি দল গঠন কৰা হয়৷ ভেটেৰনেৰী কলেজ, বি বৰুৱা কলেজ, মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয়ৰ দল কেইটা যথেষ্ট শক্তিশালী আছিল৷ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ দলটো নিয়মীয়া নাছিল যদিও শক্তিশালী আছিল৷ আমাৰ দলটোত এঘাৰজন খেলুৱৈ কোনোমতেহে গোট খায়৷ তথাপি প্ৰায়েই আমি চেমিফাইনেল পৰ্যন্ত যাওঁ আৰু ভেটেৰনেৰী, মেডিকেল, বিশ্ববিদ্যালয় নাইবা বি বৰুৱাৰ লগত পৰাজিত হওঁ৷
লাহে-লাহে ভেটেৰনেৰী কলেজৰ খেলুৱৈসকলৰ বয়স হৈ অহাত আমি সমানে-সমানে ফেৰ মাৰিব পৰা হলোঁগে৷ দুবাৰমান ফাইনেলো পালোঁগৈ৷ কিন্তু প্ৰতিবাৰেই পৰাজি্ত হওঁ৷ আমাৰ খেলুৱৈসকল ফাইনেল পালে অতিশয় আনন্দিত হয় কাৰণ ভেটেৰনেৰী কলেজে দুপৰীয়াৰ আহাৰত গাহৰি খুৱায়৷ আমাৰ খেলুৱৈসকলে গাহৰি খাই লাঞ্চৰ পাছত দৌৰিব নোৱাৰা হয় আৰু আমি পৰাজিত হওঁ৷ কোনেও পিছে দুখ নকৰে তেখেতসকলৰ হাতত পৰাস্ত হ’লেও৷
বি বৰুৱা কলেজৰ শিক্ষকসকল আমাতকৈ বয়সত সৰু আৰু অধিক পাৰ্গত৷ লাহে-লাহে তেওঁলোকৰ দলটোৱে সকলোতকৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিলে৷ সেইবাৰ চেমিফাইনেলত বি বৰুৱা কলেজে ভেটেৰনেৰী কলেজক হৰুৱালে৷ ইফালে আমি ফাইনেল পালোঁ৷
ফাইনেলৰ দিনা গাহৰি খোৱাৰ লোভত সচৰাচৰ ১১জন গোট নোখোৱা আমাৰ দলত ১৬জন মানুহ গোট খালে৷ নিয়মীয়া খেলুৱৈৰ ভিতৰত বোধকৰো দুৰ্লভ হাজৰিকা, অশোক বৰুৱা, অৰূপ শৰ্মা, অপূৰ্ব দাস, ভাস্কৰ জ্যোতি দাস, তপন জ্যোতি শৰ্মা, আনোৱাৰ হুছেইন, বিমল ডেকা আৰু মই৷ কলেজৰ বাছখন লৈ আমি ডেকা ল’ৰাৰ দৰে চিঞৰ-বাখৰ কৰি খানাপাৰা পালোঁগৈ৷ বাছৰ পৰা নামিয়েই অৰূপ শৰ্মাই বিহু নাম জুৰিলে আৰু সকলোৱে এপাক নাচি ল’লো৷
ফাইনেলখেলৰ বাবে অতি সুন্দৰ আয়োজন কৰা হৈছিল৷ টচ হ’ল৷ আমাৰ ভাগত পৰিল ফিল্ডিং৷ গাহৰি নোখোৱা অৱস্থাতো চাৰিজনমানৰ বাহিৰে আমাৰ খেলুৱৈসকলে বৰ বেছি লৰ-চৰ কৰিব নোৱাৰে৷ তথাপি আনন্দমনেৰে খেলিবলৈ ধৰিলো৷ বি বৰুৱাৰ দলটো আমাৰ বাবে অলপ অচিনাকী আছিল৷ কাক কেনেদৰে ‘গেজু’ কৰি আউট কৰিব পাৰি ভালদৰে জনা নাছিলো৷ চাওঁতে চাওঁতে তেওঁলোকৰ ১০০ ৰাণ হ’লেই৷ ভাগৰি পৰিলো বলৰ পিছে-পিছে দৌৰি দৌৰি৷ খেলখন ৩০ অভাৰৰ হয়৷ ৩০ অভাৰ ফিল্ডিং কৰা সহজ কথা নাছিল৷ বলাৰসকলো ভাগৰি পৰিল৷ একো কৌশলেই কাম নিদিয়ে৷ তেওঁলোকে ৰাণ কৰিয়েই আছে নিৰ্দ্দয় ভাবে৷ অৱশেষত ৩০ অভাৰ শেষ হ’ল৷ আমিও স্বস্তিৰ নিশ্বাস পেলালো৷ ভৰি চোচোঁৰাই চোচোঁৰাই পেভিলিয়নলৈ উভতিলো৷ গিলাচে গিলাচে পানী খাই অনিচ্ছা স্বত্বেও স্ক’ৰবোৰ্ডলৈ চালো৷ ডাঙৰ ডাঙৰ আখৰেৰে লিখি থোৱা ১৯৬ সংখ্যাটোৱে আমাৰ ফালে চাই যেন অট্টহাস্যহে কৰি আছে এনেকুৱা লাগিল৷
তাৰপাছত সেই বহু আকংক্ষিত গাহৰিৰ মাংসৰ সৈতে লাঞ্চ৷ সকলো পাহৰি ৰাইজসকলে গোগ্ৰাসে গিলিলে ভেটেৰনেৰী কলেজৰ বন্ধুসকলক হিয়াভৰা আশীৰ্বাদ দি৷
আমাৰ দলটোৱে আগতে কেতিয়াও ১৫০ৰ সীমা অতিক্ৰম কৰি পোৱা নাই৷ ১৯৬ৰ কথাতো ভাবিবই নোৱাৰি৷ আমিও সেইবিষয়ে একো নাভাবিলো৷ খেলিবলৈ আহিছো, স্ফূৰ্তি কৰি খেলিলেই হ’ল , এনে মনোভাবেৰে আমি সাজু হ’লো আমাৰ বেটিঙৰ বাবে৷
বেটিং আৰম্ভ হ’ল৷ প্ৰথম নে দ্বিতীয় অভাৰতে আমাৰ অপেনাৰজন আউট হ’লেই৷ কেইঅভাৰমান পাছত দ্বিতীয় এজন৷ স্ক’ৰ তেতিয়া ২২ মাত্ৰ৷ ২২ ৰাণত দুটা উইকেট আঠ নে দহ অভাৰত৷ ৬ নং বেটচমেনৰ পাছত বেটিং কৰিবপৰা আচলতে কোনো নাই আমাৰ দলত৷ ইফালে বি বৰুৱাৰ দল আনন্দত আত্মহাৰা৷ ক্ৰিজত আমাৰ দুৰ্লভ হাজৰিকা আৰু অপূৰ্ব দাস৷ এজন অতি ধীৰ-স্থিৰ আৰু আনজন ধুমাধাৰ স্ট্ৰোক লগোৱা খেলুৱৈ৷ দুয়ো লাহে লাহে খেলিবলৈ ধৰিলে৷ দুৰ্লভ হাজৰিকাই সুন্দৰ গ্ৰাউণ্ড স্ট্ৰোক লগাই দুটামান বাউণ্ডেৰী মাৰিলে৷ সিফালে অপূৰ্ব দাসেও মাৰিলে দুটামান চিক্সাৰ৷ তাকে দেখি বি বৰুৱা দলে প্ৰায় সকলো ফিল্ডাৰ বাউন্ডেৰীত ৰাখি দিলে৷ বাউণ্ডেৰী নোহোৱাকৈ ৰাখিব পাৰিলেই জয় সুনিশ্চত বুলি ধৰি ল’লে যিহেতু তেখেতসকলৰ ৰাণ বিশাল৷ সেই সুবিধা লৈ আমাৰ বেটচমেনদুজনে লাহে-লাহে এক-দুইকৈ ৰাণ লৈ থাকিল৷
চাওঁতে-চাওঁতে দুয়ো আমাক ১০০ ৰাণৰ দেওনা পাৰ কৰাই দিলে৷ দুৰ্লভ হাজৰিকাৰ কঁকালৰ বিষ৷ কঁকালত ধৰি-ধৰি দৌৰে বাবে দুই ৰাণৰ ঠাইত এক ৰাণ হয়৷ তথাপি ৰাণ আগবাঢ়ি গৈ থাকিল৷ অপূৰ্ব দাসে মাজে মাজে এটা-দুটা চিক্সাৰো মাৰিলে৷ ১২০ ৰাণমান পলেগৈ আমাৰ স্ক’ৰ৷ আমাৰো মনত অলপ আশাৰ সঞ্চাৰ হ’ল৷ তেনেতে অপূৰ্ব দাস আউট হোৱাত সেই ক্ষীণ আশা আকৌ মাৰ গ’ল৷ এইবাৰ ওলাল ভাস্কৰ জ্যোতি দাস বেটিং কৰিবলৈ৷ বয়সত আমাতকৈ যথেষ্ট সৰু৷ বৰ উৎসাহী৷ ছয় আৰু চাৰি নামাৰিলে হাতৰ খজুৱতি নমৰেই৷ আমি উপদেশ দিলো, চাই-চিতি খেলিবা, তৎক্ষণাত ছয় মাৰিবলৈ নাযাবা, দুৰ্লভ হাজৰিকাক চাপোৰ্ট দিবা ইত্যাদি৷ ভাস্কৰ দাস গৈ দুৰ্লভ হাজৰিকাৰ লগ ল’লে৷ দুৰ্লভ হাজৰিকাই কিবা উপদেশ দিলে৷ দুয়ো খেলিবলৈ ল’লে৷ ৰাণ হ’ব ধৰিলে আকৌ লাহে-লাহে৷ ১৪০ মান হোৱাত দুৰ্লভ হাজৰিকা আউট হোৱাত আমি সকলো শেষ হ’ল বুলি বুজিলো৷ এইবাৰ ওলাল তপন জ্যোতি শৰ্মা৷ ফাষ্ট বলাৰ, গাত জোৰ আছে, ছয় মাৰিব পাৰে৷ কিন্তু ১৯৬ যে বহু দূৰ৷ ইফালে অভাৰ শেষ হওঁ হওঁ৷ তথাপি আমি তপন শৰ্মাক উৎসাহ দি পঠালো৷
চাওঁতে-চাওঁতে দুয়ো আমাক ১০০ ৰাণৰ দেওনা পাৰ কৰাই দিলে৷ দুৰ্লভ হাজৰিকাৰ কঁকালৰ বিষ৷ কঁকালত ধৰি-ধৰি দৌৰে বাবে দুই ৰাণৰ ঠাইত এক ৰাণ হয়৷ তথাপি ৰাণ আগবাঢ়ি গৈ থাকিল৷ অপূৰ্ব দাসে মাজে মাজে এটা-দুটা চিক্সাৰো মাৰিলে৷ ১২০ ৰাণমান পলেগৈ আমাৰ স্ক’ৰ৷ আমাৰো মনত অলপ আশাৰ সঞ্চাৰ হ’ল৷ তেনেতে অপূৰ্ব দাস আউট হোৱাত সেই ক্ষীণ আশা আকৌ মাৰ গ’ল৷ এইবাৰ ওলাল ভাস্কৰ জ্যোতি দাস বেটিং কৰিবলৈ৷ বয়সত আমাতকৈ যথেষ্ট সৰু৷ বৰ উৎসাহী৷ ছয় আৰু চাৰি নামাৰিলে হাতৰ খজুৱতি নমৰেই৷ আমি উপদেশ দিলো, চাই-চিতি খেলিবা, তৎক্ষণাত ছয় মাৰিবলৈ নাযাবা, দুৰ্লভ হাজৰিকাক চাপোৰ্ট দিবা ইত্যাদি৷ ভাস্কৰ দাস গৈ দুৰ্লভ হাজৰিকাৰ লগ ল’লে৷ দুৰ্লভ হাজৰিকাই কিবা উপদেশ দিলে৷ দুয়ো খেলিবলৈ ল’লে৷ ৰাণ হ’ব ধৰিলে আকৌ লাহে-লাহে৷ ১৪০ মান হোৱাত দুৰ্লভ হাজৰিকা আউট হোৱাত আমি সকলো শেষ হ’ল বুলি বুজিলো৷ এইবাৰ ওলাল তপন জ্যোতি শৰ্মা৷ ফাষ্ট বলাৰ, গাত জোৰ আছে, ছয় মাৰিব পাৰে৷ কিন্তু ১৯৬ যে বহু দূৰ৷ ইফালে অভাৰ শেষ হওঁ হওঁ৷ তথাপি আমি তপন শৰ্মাক উৎসাহ দি পঠালো৷
তপন শৰ্মা আৰু ভাস্কৰ দাসে লাহে-লাহে খোপনি পুতি ল’লে ক্ৰিজত৷ তাৰপাছত এটা-দুটা বাউণ্ডেৰী৷ ৰাণ বাঢ়ি গৈ থাকিল৷ আমাৰ ৰাণ ১৯৬ৰ ওচৰ চাপি অহাৰ লগে-লগে বি বৰুৱা দলৰো উত্তেজনা বাঢ়ি অহা বুলি আমি বাহিৰৰ পৰাই বুজি পালো৷ ইফালে বি বৰুৱাৰ লগত হৰা ভেটেৰনেৰীৰ শিক্ষকসকলে আমি জিকিলেই ভাল পায় যদিও লাঞ্চৰ সময়ত খবৰ ল’বলৈ আহি বি বৰুৱাৰ ৰাণ দেখি হতাশ হৈ গুছি গৈছিল৷ কিন্তু আমাৰ ৰাণ লাহে-লাহে ওচৰ চাপি যোৱাত আকৌ খেল-পথাৰত গোট খাই আমাক উৎসাহ যোগাব ধৰিছিলহি৷
বি বৰুৱাৰ দলটো দোমোজাত পৰিল আক্ৰমণ কৰে নে ৰাণ বচায় তাকে লৈ৷ ইফালে ৰাণ বাঢ়িগৈ ১৭২মান হ’লগৈ৷ আনফালে ওভাৰ বাকী আছে মাত্ৰ দুটা৷ আমি আশা এৰি নিদিলো৷ প্ৰাণটাকি চিঞৰি থাকিলো বাহিৰৰ পৰা৷ আগতে যিবোৰ একৰাণ হৈছিল এতিয়া দুয়ো দৌৰি-দৌৰি দুইৰাণ ল’বলৈ ধৰিলে৷ বি বৰুৱাৰ ফিল্ডিঙো চেদেলি-ভেদেলি হৈ পৰিছে৷ তেনেদৰে সেই অভাৰত আহিল ১০ ৰাণ৷ মুঠ ৰাণ হ’ল ১৮২, জিকিবলৈ লাগে ১৫ ৰাণ৷ অভাৰ বাকী আছে এটা৷ আমাৰ উত্তেজনা চৰম শিখৰত৷ দুজনমানে চিগাৰেট টানি-টানি পেকেটৰ পাছত পেকেট শেষ কৰিছে৷
শেষ অভাৰ:
ক্ৰিজত বীৰৰ দৰে থিয় দি আছে ভাস্কৰ জ্যোতি দাস আৰু সমানে সহযোগিতা আগবঢ়াই আছে তপন জ্যোতি শৰ্মাই৷ জিকিবলৈ লাগে ১৫ ৰাণ৷ বি বৰুৱাৰ অধিনায়ক ধ্ৰুৱই (মোৰ সৰু ভাইটিৰ লগৰ বাবে নামকাঢ়ি মাতোঁ আজিও) ভালদৰে ফিল্ডিং সজালে৷ সকলো সাজু হ’ল৷ চাৰিওফালে নিস্তব্ধ পৰিবেশ৷ আমি যেন ঢোক গিলিবলৈও পাহৰি গৈছো, এনে লাগিল৷ বলৰ সম্মুখীন হ’ব ভাস্কৰ দাস৷ সকলোৰে চকু সেইফালে৷
ক্ৰিজত বীৰৰ দৰে থিয় দি আছে ভাস্কৰ জ্যোতি দাস আৰু সমানে সহযোগিতা আগবঢ়াই আছে তপন জ্যোতি শৰ্মাই৷ জিকিবলৈ লাগে ১৫ ৰাণ৷ বি বৰুৱাৰ অধিনায়ক ধ্ৰুৱই (মোৰ সৰু ভাইটিৰ লগৰ বাবে নামকাঢ়ি মাতোঁ আজিও) ভালদৰে ফিল্ডিং সজালে৷ সকলো সাজু হ’ল৷ চাৰিওফালে নিস্তব্ধ পৰিবেশ৷ আমি যেন ঢোক গিলিবলৈও পাহৰি গৈছো, এনে লাগিল৷ বলৰ সম্মুখীন হ’ব ভাস্কৰ দাস৷ সকলোৰে চকু সেইফালে৷
জয়ৰ অন্যতম নায়ক: ভাস্কৰ জ্যোতি দাস |
দ্বিতীয় বল, আকৌ ভাস্কৰ দাসৰ পাল৷ এইবাৰ অলপ চৰ্ট পিটচ বল৷ আকৌ সৰ্বশক্তিৰে দিলে বেট ঘূৰাই ভাস্কৰ দাসে৷ বল উঠিল আকাশৰ পিনে৷ আমাৰো চকু আকাশলৈ৷ বলটো আমাৰ ফালে আহি আছে৷ দুজনমান ফিল্ডাৰ দৌৰিছে কেচ ধৰিবলৈ৷ আমি ভাবিলো সকলো শেষ৷ বলটো উৰি উৰি আহি আছে, আহি আছে৷ আহি আহি এটা সময়ত ঠিক আমাৰ ভৰিৰ সম্মুখতে পৰিলহি৷ আমাৰ বিশ্বাস নহ’ল৷ হঠাতে কোনোবাই চিঞৰিলে চিক্স চিক্স৷ আম্পায়াৰে দুই হাত ওপৰলৈ ডাঙিলে৷ আমি পাগলৰ দৰে জপিয়াবলৈ ধৰিলো৷ দহ ৰাণ হ’ল৷ আৰু মাত্ৰ ৫ ৰাণ থাকিল৷ বল আছে চাৰিটা৷ কি হ’ব? জিকিম নেকি? অতি উৎকণ্ঠাৰে বাট চালো ৷ ইফালে বি বৰুৱাৰ অধিনায়কে বলাৰক কিবা নিৰ্দেশ দিলে৷
তৃতীয় বল:
ভাস্কৰ দাসে আকৌ মাৰিলে প্ৰচণ্ড জোৰে৷ কিন্তু এইবাৰ ফিল্ডাৰে বচালে৷ দুই ৰাণ ল’লে দৌৰি দৌৰি৷ ১২ ৰাণ হ’ল৷ আৰু লাগে ৩ ৰাণ জিকিবলৈ৷
চতুৰ্থ বল:
ভাস্কৰ দাসৰ বেটত ভালদৰে নালাগিল৷ তথাপি দিলে দৌৰ৷ বিজুলী বেগে তপন শৰ্মাও আহিল সিটো দিশৰ পৰা৷ ১ ৰাণ৷ ১৩ ৰাণ হ’ল৷ জিকিবলৈ লাগে আৰু ২ ৰাণ৷ আমাৰ উত্তেজনা চৰম শিখৰত৷ দুটা বলত ২ ৰাণ৷ হ’বনে? কিন্তু ভাস্কৰ দাস যে নন স্ট্ৰাইকাৰ হ’ল এইবাৰ? পাৰিবনে তপন শৰ্মাই? যদি আউট হৈ যায়? নখ কামুৰিবলৈ ধৰিলো উত্তেজনাত৷
পঞ্চম বল: ইতিমধ্যে বি বৰুৱাৰ খেলুৱৈসকলো নাৰ্ভাচ হৈ পৰিছে খেলখনে ভাবিব নোৱাৰা ধৰণে লুটি-বাগৰ মৰা বাবে৷ সকলো ফিল্ডাৰ ওচৰ চাপি আহিছে ৰাণ বচাবলৈ৷ আমাৰ বুকু ধপ ধপ৷ সকলোৰে চকু তপন শৰ্মাৰ ওপৰত৷ তপন শৰ্মা সাজু হ’ল৷ বলাৰে দিলে এটা অভাৰ পিটচ বল৷ তপন শৰ্মাই দিলে প্ৰাণটাকি বেট ঘুৰাই৷ বেটৰ কাণত লাগি ব’ল উৰি গ’ল লেগ চাইডলৈ৷ তিনিজনমান ফিল্ডাৰ পিছে পিছে দৌৰিলে৷ইফালে সৰ্বশক্তিৰে দৌৰিলে ভাস্কৰ দাস আৰু তপন শৰ্মাই৷ ফিল্ডাৰে বলটো ধৰালৈকে এক ৰাণ সম্পূৰ্ণ কৰিলে৷ কিন্তু কোনো বিলম্ব নকৰি দ্বিতীয় ৰাণৰ বাবে লৰ মাৰিলে৷ ফিল্ডাৰেও বল দিলে দলিয়াই৷ উইকেট কিপাৰৰ খেলি-মেলি লাগিল৷ তপন শৰ্মাই দুইৰাণ সম্পূৰ্ণ কৰিলে৷ আমি দলে-বলে ফিল্ডৰ মাজলৈ লৰ ধৰিলো৷ কেইজনমানে গৈ ভাস্কৰ দাসক কান্ধত উঠাই ল’লে৷ বি বৰুৱাৰ খেলুৱৈ সকল কিছুসময় তভক মাৰি থিয় হৈ ৰ’ল৷ কিহৰ পৰা কি হ’লগৈ তাকে ভাবি৷
বিজয়সূচক চটটো মাৰি আনন্দত আত্মহাৰা হোৱা তপন শৰ্মাই ক’লে ,
: শেষ বলটোলৈকে
ৰিস্ক লোৱা নাই আৰু, একেলগে দুই ৰাণ
দৌৰি দিলো৷
আমাৰ লগতে ভেটেৰনেৰী কলেজৰ শিক্ষকসকলেও সকলোকে অভিবাদন জনালে৷
উল্লেখযোগ্য যে সেয়েই আছিল আমাৰ প্ৰথম আৰু শেষ জয়৷ কিন্তু সেই জয় ১৯৮৩ৰ ভাৰতৰ বিশ্বকাপ জয়ৰ সমানেই মনত থকা জয়৷
interesting
ReplyDeleteধন্যবাদ..
ReplyDelete