অ’ ডাৰ্লিং.......
ইঞ্জিনিয়াৰিং কলেজৰ তৃতীয় বাৰ্ষিকৰ
ছাত্ৰ তেতিয়া৷ ৰুমমেট ৰাজীৱে নিজে বনোৱা টেপ ৰেকৰ্ডাৰ আৰু প্লেয়াৰটোত প্ৰায়েই বজায়
হেমন্ত কুমাৰ , বীটল্চ আৰু ক্লিফ ৰিৰ্চাৰ্ডৰ গান৷ ক্লিফ ৰিৰ্চাডৰ দুটা গান মোৰ বৰ প্ৰিয়
হৈ পৰিল: “বেটচেলৰ বয়” আৰু “অ’ ডালিং..” সময়ে-অসময়ে মুখলৈ আহি থাকে সেই গান দুটাই ৷
এদিন লাঞ্চ-ব্ৰেকৰ পাছত কলেজলৈ
গৈ ক্লাচৰুমত বহি আছো শিক্ষক অহালৈ অপেক্ষা
কৰি ৷ শিক্ষক অহাত পলম কৰিছে বাবে আমনি লাগি বেঞ্চখনতে বাগৰ দি আছো ৷ কোঠাটোত মাত্ৰ
পাঁচজনমানহে ছাত্ৰ ৷ সকলোৱে কিবা-কিবি কৰি সময় পাৰ কৰি আছে ৷ কিন্তু তেনেদৰে বাগৰি
থাকিও আমনি লাগি গ’ল ৷ গতিকে “অ ডালিং..” বুলি
অলপ ডাঙৰ কৈয়ে শব্দ কৰি গানটো গাই উঠি বহিলো ৷ কিন্তু উঠি থকা অৱস্থাতে দুৱাৰমুখেৰে
চাই দেখো বাৰান্দাৰে এগৰাকী মহিলা প্ৰবক্তা গৈ আছিল আৰু মই ডাৰ্লিং বুলি চিঞৰি কোৱা
দেখি থমকি ৰৈ মোৰ ফালে চালে ৷ মোৰ চকুৱে চকুৱে পৰিল ৷ যেন মই তেখেতকহে ডাৰ্লিং বুলি
চিঞৰিলো কথাটো তেনেকুৱা যেন হ’ল ৷ তেখেতে মোৰ ফালে চালে, কিবা এটা ভাবিলে, তাৰপাছত
একো নকৈ বাৰান্দাৰে গুছি গ’ল ৷ মই গোটেই মানুহটো বৰফৰ দৰে চেঁচা পৰি গ’লো লাজতে ৷ মোকবা
তেখেতে কি বুলি ভাবিলে ? এতিয়া তেখেতে গৈ যদি আমাৰ হেড-চাৰক কথাটো জনাই দিয়েগৈ ? কোঠাত
বহি থকা সহপাঠী সকলেও গোটেই ঘটনাটো দেখি আছিল ৷ তেওঁবিলাকেও ভয় খালে ৷ তেনেদৰে লাজ-ভয়-শংকাৰ
ভাবে কেইটামান দিন পাৰ হৈ গ’ল ৷ কোনোধৰণৰ বিপদৰ সংকেট হ’লে নাহিল ৷ মইও স্বস্তিৰ নিশ্বাস
পেলোলো যদিও বাইদেউগৰাকীক দেখিলে সদায় দূৰতে বিদুৰ হোৱা অৱস্থা চলি থাকিল বহু দিনলৈ
৷
No comments:
Post a Comment