At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 16 December 2013

তেলৰ খৰচ কমোৱাৰ বাবে মন কৰিবলগীয়া দুটি-এটি কথা..

তেলৰ খৰচ কমোৱাৰ বাবে মন কৰিবলগীয়া দুটি-এটি কথা..

দিনে-দিনে পেট্ৰ’ল, ডিজেলৰ দাম বাঢ়ি গৈ আছে ৷ সাধাৰণ মানুহৰ বাবে স্কুটাৰ, মটৰ-চাইকেল চলোৱাও কঠিন হৈ পৰিছে ৷ সেয়েহে এটোপাল তেলৰ খৰচ কমাব পাৰিলেও কিছু সকাহ পোৱা বুলি ভাবিব পাৰি ৷ গাড়ী চলোৱাৰ সময়ত কিছুমান সৰু-সুৰা কথা মানি চলিলে তেলৰ খৰচ কিছু কমাব পাৰি ৷ তেনে দুই-এটা কথা ইয়াতে উল্লেখ কৰা হৈছে ৷

১) মসৃণ গতিৰে গাড়ী চলাওক:
হঠাতে ব্ৰেক মাৰি দিয়া, হঠাতে গাড়ীৰ বেগ বঢ়াই দিয়া ভাল গাড়ীচালকৰ লক্ষণ নহয় ৷ গাড়ী চলাওঁতে সদায় পূৰ্বানুমান কৰি চলাব পাৰিব লাগে ক’ৰবাত ব্ৰেক মাৰিব লগা হ’ব পাৰে নেকি, ক’ৰবাৰ পৰা হঠাতে ল’ৰা এটা লৰ মাৰি ওলাই আহিব পাৰে নেকি, ক’ৰবাত স্পীড-ব্ৰেকাৰ আছে নেকি, ইত্যাদি ৷ আৰু তেনে পূৰ্বানুমান অনুসৰি গাড়ীখনৰ বেগ আগৰ পৰাই অলপ কমাই আনিব লাগে ৷ হঠাতে ব্ৰেক মাৰিলে তেলৰ অপচয়তো হয়েই, লগতে গাড়ীখনেও কষ্ট পায়, চকাও ক্ষয় যায় ৷ ঠিক তেনেদৰে গাড়ীখনে বেগ লওঁতে অলপ সময় ল’বই ৷ এক্সিলাৰেটৰ সম্পূৰ্ণ হেঁচি দি লাভ নাই ৷ তেনে কৰিলে অযথা তেলৰহে অপচয় হয়৷ মসৃণ গতিৰে গাড়ী চলাই শতকৰা ৩০ ভাগ পৰ্যন্ত তেলৰ খৰচ কমাব পাৰি বুলি গৱেষকসকলে কয় ৷

২) পৰিস্থিতি অনুযায়ী ইঞ্জিনটো বন্ধ কৰক:
যদিহে মাত্ৰ এক মিনিটমান ৰ’ব লগা হয় তেতিয়া হ’লে ইঞ্জিনটো বন্ধ কৰিলে লাভ নহয় ৷ কাৰণ ইঞ্জিনটো আকৌ স্টাৰ্ট কৰোঁতে বেছিহে তেলৰ খৰচ হয় ৷ কিন্তু অলপ দীঘলীয়া সময়ৰ বাবে ৰ’ব লগা হ’ব বুলি জানিলে ইঞ্জিনটো বন্ধ কৰাটো নিশ্চয় লাভজনক ৷

৩) যিমান পাৰে ওজন কমাওক:
আমি আমাৰ গাড়ীখন পৰীক্ষা কৰি চালে দেখিম যে কিছুমান অলাগতীয়াল বস্তু গাড়ীত এনেই কঢ়িয়াই লৈ ফুৰা হয় ৷ প্ৰয়োজন নথকা বস্তুবোৰ গাড়ীৰ পৰা নমাই থোৱা ভাল ৷ ওজন কম হোৱা মানে তেলৰ খৰচ কমা ৷

৪) গিয়েৰ উচিত ভাবে ব্যৱহাৰ কৰক:
গাড়ীৰ বেগ অনুসৰি গিয়েৰ সলনি কৰিবলৈ শিকিব লাগে ৷ আচলতে গাড়ীখনক কষ্ট নিদিয়াকৈ যিমান সোনকালে পাৰি ওপৰৰ গিয়েৰত চলাব পাৰিলে তেলৰ খৰচ কমে৷ উদাহৰণ স্বৰূপে গাড়ী এখন যদি প্ৰতি ঘন্টাত ৬০ কি: মি: বেগত চলিব লাগে, তেতিয়া তৃতীয় গিয়েৰত চলালে পঞ্চম গিয়েৰত চলোৱাতকৈ ২৫% বেছি তেল পুৰিব বুলি ক’ব পাৰি ৷

৫) খিৰিকিবোৰ বন্ধ কৰক:
গাড়ীখন চলোঁতে বতাহৰ বাধা অতিক্ৰম কৰি চলিব লাগে ৷ আধুনিক গাড়ীবোৰৰ ডিজাইনো সেইকথা মনত ৰাখিয়েই কৰা হয় যাতে বতাহৰ মাজেৰে চলি যাওঁতে কম বাধাৰ সম্মুখীন হ’বলগা হয়৷ খিৰিকিবোৰ খুলি দিলে গাড়ীৰ ভিতৰলৈ প্ৰবল বেগত বতাহ সোমাই আহি এক অতিৰিক্ত বাধাৰ সৃষ্টি কৰে৷ পৰাপক্ষত খিৰিকি বন্ধ কৰি গাড়ী চলাব পাৰিলে তেলৰ খৰচ যথেষ্ট পৰিমাণে কমাটো নিশ্চিত ৷

৬) যিমান সোনকালে পাৰে যাত্ৰা আৰম্ভ কৰক:
যাবলৈ সম্পূৰ্ণ সাজু হ’লেহে গাড়ীখন স্টাৰ্ট দিয়া উচিত৷ স্টাৰ্ট দি কাৰোবালৈ ৰৈ থকা বা কাৰোবাৰ লগত কথা পাতি থকা মানে তেলৰ অপচয় মাথোন ৷

৭) চকাৰ পাম উচিত পৰিমাণত ৰাখক:
চকাত পাম কম থাকিলে ৰাস্তাৰ সৈতে ঘৰ্ষণ বেছি হয় ৷ গতিকে গাড়ীখনে অধিক বাধা অতিক্ৰম কৰিব লগা হয় ৷ স্বাভাবিকতে তেলৰ খৰচ বাঢ়ে৷ লগতে টায়াৰো বেছি সোনকালে বেয়া হয়৷ প্ৰায় পোন্ধৰ দিনৰ মূৰে মূৰে চকাৰ পাম পৰীক্ষা কৰি থকা উচিত বুলি কোৱা হয় ৷

৮) এয়াৰ ফিল্টাৰটো নিয়মিত ভাবে পৰিষ্কাৰ কৰক:
ইঞ্জিনৰ ভিতৰলৈ সোমাই অহা বতাহ পৰিষ্কাৰ কৰিবলৈ এয়াৰ ফিল্টাৰ ব্যৱহাৰ কৰা হয়৷ দিন যোৱাৰ লগে লগে ফিল্টাৰটো লেতেৰা হৈ যায় আৰু বতাহ কমকৈ অহা হয় ৷ ফলত ইন্ধনৰ দহন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় বতাহৰ অভাৱ ঘটে আৰু ইন্ধনৰ অপচয় ঘটে ৷ নিয়মিত ভাবে এয়াৰ ফিল্টাৰ পৰিষ্কাৰ কৰি থাকিলে তেলৰ খৰচ কমাটো নিশ্চিত ৷

৯) নিৰ্গমন পাইপডালো গুৰুত্বপূৰ্ণ:
ধোঁৱা ওলোৱা পাইপডালৰ আকাৰ আৰু আকৃতি কেতিয়াও সলনি কৰা উচিত নহয়  কাৰণ ইঞ্জিনৰ নিৰ্গমন চাপৰ ওপৰত ইঞ্জিনৰ শক্তি আৰু ইন্ধন-দক্ষতা দুয়োটা নিৰ্ভৰ কৰে ৷ কেতিয়াবা চাইলেঞ্চাৰ বেয়া হ’লে গেৰেজৰ মানুহে জধে-মধে কিবা এটা লগাই দিব খুজিলে কেতিয়াও মানি লোৱা উচিত নহয় ৷ কোম্পানীৰ অনুমোদিত ঠাইৰ পৰা সঠিক নিৰ্গমন পাইপ ক্ৰয় কৰি লগোৱা বাঞ্ছনীয় ৷

১০) নিয়মিত আপ-ডাল প্ৰয়োজনীয়:
গাড়ীৰ নিয়মিত আপ-ডাল অতি প্ৰয়োজনীয়৷ মবিল আৰু আন আন আনুষঙ্গিক পদাৰ্থ আদি পৰীক্ষা কৰি সময় মতে সলনি কৰি থকা উচিত তেলৰ খৰচ বৃদ্ধি নোহোৱাকৈ ৰাখিবৰ বাবে ৷

No comments:

Post a Comment