কিয়ে, তুহাৰ ভায়ে দেহুন কিবা ভাড়া দিয়ে ৱে…
সৰু কথা যদিও হয়তো ডাঙৰ কথা ৷ মামা এজনে আৰক্ষী বিভাগত কাম কৰিছিল ৷ মাজতে সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ আছিল৷ তেতিয়া আমি বৰপেটাত৷ বৰপেটালৈ তেওঁ প্ৰায়ে আহিছিল৷ নিজৰ স্কুটাৰ এখন আছিল যদিও প্ৰায়েই বাছেৰে অহা-যোৱা কৰিছিল৷ মামাহঁতৰ মূল ঘৰ বৰপেটাৰ দক্ষিণ হাটীত৷ তাতে তেওঁলোকৰ খুড়াক আৰু জেঠায়েকৰ পৰিয়াল থাকে৷ বৰপেটা সৰু ঠাই ৷ সকলোৱে সকলোকে চিনি পায়৷ মামাক চিনি পাবলৈও বেছি সময় নালাগিল সৰ্থেবাৰী হৈ বৰপেটালৈ অহা বাছবোৰৰ৷ এদিন মামা বাছেৰে আহি আছিল৷ কণ্ডাক্টৰে সকলোৰে ভাড়া ল’লে কিন্তু মামাৰ পৰা ভাড়া নুখুজিলে৷ বৰপেটা পাবৰ হ’ল৷ মামাই কণ্ডাক্টৰজনক মাতিলে৷
“কি দিয়ক?” কণ্ডাক্টৰজনে সুধিলে৷
“ মোৰ ভাড়াটো ল’ক৷ নামবাৰে হ’ল দেহুন৷” মামাই ক’লে৷
কণ্ডাক্টৰজনে ক’লে, “ ভাড়া? নালগে দ'ক৷”
“ কিয়’ নালগে? ল’ক ভাড়া” বুলি মামাই নোট এখন আগবঢ়াই দিলে৷
কণ্ডাক্টৰজন বিপাঙত পৰিল৷ মামাই নেৰে৷ ভাড়া দিহে এৰিলে৷
কণ্ডাক্টৰজনে যেন কিবা এটা ডাঙৰ অপৰাধহে কৰিলে এনে ভাবেৰে আবেলি দক্ষিণহাটীত থকা মামাৰ সম্বন্ধীয় ভায়েক এজনৰ ওচৰলৈ আহিল৷ তেওঁ ক’লে,
“ কিয়ে, তুহাৰ ভায়ে দেহুন কিবা ভাড়া দিয়ে ৱে..”
“ আমাৰ সি সেনেৱে.. ভাড়া দিলি লবি৷ তই নুখুজবি..” তেখেতে গৌৰৱ মিহলি ভাবেৰে পৰামৰ্শ দিলে৷
কথাষাৰ আমাৰ কাণত পৰাত মামাক সুধিছিলো ভাড়া যদি নলয় কিয়নো জোৰকৈ দিব লাগে বুলি৷
মামাই উত্তৰ দিছিল, “ পুলিচত কাম কৰিলো বুলি মোৰ ভাড়া নালাগে বুলি ক’ত লিখা আছে? আজি ভাড়া নলব, কালি মোৰ পৰা কিবা ফেভাৰ বিচাৰিব৷ , নহলে বদনাম কৰিব.... ইত্যাদি , ইত্যাদি…”
আমি বুজি পালো৷ ভাল লাগিছিল মামাৰ কথাবোৰ শুনি৷
No comments:
Post a Comment