এটি বানান আৰু সন্মান..
জীৱনত বহুজনকেই পালো শিক্ষক হিচাবে৷ নগাঁৱৰ ওচৰৰ শেনচোৱাৰ
নামৰ ঠাইত শিক্ষাজীৱন আৰম্ভ কৰি, ক্ৰমে তিতাবৰ, শ্বিলং, বৰপেটা, গুৱাহাটী, চেন্নাই হৈ দিল্লীত মোৰ আনুষ্ঠানিক শিক্ষাজীৱনৰ সমাপ্তি ঘটে৷ বিভিন্ন ঠাইৰ বিভিন্ন পৰ্যায়ৰ
শিক্ষানুষ্ঠানসমূহত লগপোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰায় সকলোকে মনত পৰে এতিয়াও৷কিন্তু
সেইসকলৰ মাজৰে কিছুমানৰ কথা বেছিকৈ মনলৈ আহে কিছুমান বিশেষ ঘটনাৰ বাবে৷ তেনে এগৰাকী
শিক্ষক আছিল বৰপেটা বিদ্যাপীঠৰ তৰণীসেন দাসছাৰ৷ গোটেই স্কুলখনেই বিশেষভাবে সন্মান কৰিছিল
তেখেতক৷ ইংৰাজী বিষয়ত তেখেতৰ আছিল অগাধ জ্ঞান৷ সুন্দৰ গীতো পৰিবেশন কৰিছিল৷ এবাৰ স্কুলৰ
এক বিশেষ অনুষ্ঠানত তেখেতে নিজে হাৰমনিয়াম বজাই পৰিৱেশন কৰা ভূপেন হাজৰিকাৰ “মোৰ একেটি
সুৰত বাঁহীটি বন্ধা” গানটো এতিয়াও কাণত বাজি থাকে৷ মুঠতে তেখেত আছিল বহুমুখী প্ৰতিভাৰ
ভঁড়ালস্বৰূপ৷ তেখেতৰ ডাঙৰ-ডাঙৰ, ৰঙা-ৰঙা চকুলৈ চাই কথা ক’বলৈ কিন্তু কোনো ছাত্ৰৰেই
সাহস নাছিল৷
১৯৭১ চন৷ তেতিয়া মই ষষ্ঠ শ্ৰেণীত৷ অসমীয়া শ্ৰুতলিপিৰ
পিৰিয়ড৷ শ্ৰেণীলৈ আহিল তৰণীসেন দাসছাৰ৷ সকলো ভয়ত নিমাত৷ ছাৰে শ্ৰুতলিপি দিলে৷ আমি লিখিলো৷
ছাৰে এখন এখনকৈ বহী পৰীক্ষা কৰিলে৷ মোৰ বহীত এটা বানান ভুল পালে৷ বানানটো আছিল “অটল”
, ছাৰে কাটি দি ক’লে যে সেইটো হ’ব লাগে “অতল” ৷ মই সাহ কৰি আপত্তি কৰি ক’লো, “ছাৰ মই
ইমানদিনে ‘অটল’ বুলিহে পাই আহিছো ৷” ছাৰে একো নক’লে৷ যথাসময়ত পিৰিয়ড শেষ হ’ল৷ ছাৰ গ’লগৈ৷
দুপৰীয়াৰ বিৰতিৰ পাছত আকৌ পাঠদান আৰম্ভ হ’ল৷ আমাৰ শ্ৰেণীলৈ পিয়ন এজন আহি পাঠদান কৰি
থকা শিক্ষকগৰাকীক ক’লে তৰণীছাৰে মোক মতা বুলি৷ মই ভয়ে ভয়ে বাহিৰ ওলালো৷ ছাৰৰ লগত তৰ্ক
কৰা বুলি ভাবি ছাৰে বেয়া পালে নেকি বাৰু? ভাবি ভয় লাগিল৷ বাহিৰ ওলাই দূৰৰ পৰাই দেখিলো
ছাৰ অফিচলৈ উঠি যোৱা চিৰিৰ কাষত ৰৈ আছে৷ মই চুচুক-চামাককৈ ছাৰৰ ওচৰ পালোঁগৈ৷ চাওঁ-নাচাওঁকৈ
তেখেতৰ বাঘৰ নিচিনা ভয়ানক চকুদুটাৰ পিনে চালো৷
একো পাতনি নেমেলি ছাৰে মোলৈ চাই ক’লে,
“মই অভিধানত চালোঁ৷ অতল আৰু অটল দুয়োটা বানানেই আছে৷
তোৰ ভুল হোৱা নাছিল যা৷”
মই একো নকৈ শ্ৰেণীকোঁঠাৰ পিনে খোজ ল’লো৷ কিন্তু ছাৰৰ
প্ৰতি মোৰ শ্ৰদ্ধা-ভক্তি সহস্ৰগুণে বাঢ়ি গ’ল৷
No comments:
Post a Comment