মোৰ উৰণ আৰু পতন..
১৯৬৮ চনৰ কথা৷ তেতিয়া আমি থাকো শ্বিলঙত৷ মই তৃতীয় শ্ৰেণীত৷ আমি লৌচথন বুলি সৰু ঠাইএখনত থকা চৰকাৰী ৰেচম পামত থাকোঁ৷ লাবান, বিষ্ণুপুৰৰ পৰা অলপ আগুৱাই যাব লাগে৷
পামত আমি পাঁচঘৰমান অসমীয়া মানুহ আছিলো৷ পামত আৰু পামৰ আশে-পাশে থকা নেপালী, খাচীয়া আদি ল'ৰা-ছোৱালীকিছুমান লগ হৈ আমি বিভিন্ন ধৰণৰ খেল খেলিছিলো, কেতিয়াবা একো কৰিবলৈ নাথাকিলে পাহাৰে-পাহাৰে টিঘিল-ঘিলাই ফুৰিছিলো৷ সৰল গছবোৰৰ গাত সৰু এটা ঘাপ কাটি ঘাপটোৰ তলতে সৰু টেমা এটা ওলোমাই থোৱা থাকে৷ তাতে গছডালৰ ৰস আহি জমা হয়৷ সেইবোৰ সময়ে-সময়ে সংগ্ৰহ কৰি লৈ যোৱা হয় আৰু তাৰ পৰা তাৰ্পিন তেল বনায় বুলি শুনিছিলো৷ মাজে-মাজে আমি সেই সৰু টেমাবোৰৰ পৰা ৰস গোটাই-গোটাই ঘৰলৈ লৈ আনিছিলো৷ জুইত ঢালি দিলে দপদপাই জ্বলে৷ তাতেই আমাৰ আনন্দ৷
লাহে-লাহে আমাৰ সাহসো বাঢ়ি গৈছিল৷ এদিন আবেলি সময়ত আমি দলে-বলে পাহাৰৰ ওপৰলৈ উঠি গৈ থাকিলো৷ কোনো বিশেষ উদ্দেশ্য নাছিল৷ এনেই উঠি গৈছিলো৷ দলটোত আমি দহজনমান আছিলো৷ লগত মোৰ দাদাদুজনো আছিল৷আমাৰ প্ৰত্যেকৰে হাতে-হাতে একোডাল লাখুটি৷ লাখুটি মানে কাটি লোৱা সৰু সছ একোডাল৷ থিয় পাহাৰ বগাবলৈ তেনেকুৱা লাখুটি এডাল নহলেই নহয়৷ আমি শ্বিলঙত নতুন আছিলো৷ নেপালী, খাচীয়া লগৰীয়াবোৰেই আমাক কথাবোৰ শিকাইছিল৷ তেনেদৰে কিমান ওপৰলৈ উঠিলো মনত নাই৷ লাহে-লাহে বেলি ডুব যাবৰ উপক্ৰম হ'ল৷ আমিও তললৈ নামি অহাৰ সিদ্ধান্ত ল'লো৷
পাহাৰৰ ওপৰলৈ উঠাতকৈ নামি অহাটো বেছি টান৷ হাতৰ লাখুটিডালেৰে খোপনি লৈ লৈ নামিব লাগে৷ আমাক সাবধানে নামিবলৈ অভিজ্ঞ লগৰীয়াকেইজনে উপদেশ দিলে৷ আমিও লাহে-লাহে এখোজ-দুখোজকৈ তললৈ নামিবলৈ ধৰিলে৷
হঠাতে আমাৰ লগত থকা খাচীয়া ল'ৰা এটাই হাতত লাখুটি নোলোৱাকৈয়ে বিশেষ কৌশলেৰে জপিয়াই জপিয়াই তললৈ নামি যাব ধৰিলে৷ ল'ৰাটো ইমান অনায়াসে তললৈ দৌৰি যোৱা দেখি মইও হাতৰ লাখুটি এৰি দিলো দৌৰ তলমুখে৷ পিছৰ পৰা চিঞৰি কোনোবা এজনে বাধা দিছিল যদিও মন নকৰিলো৷ লাহে-লাহে মোৰ গতিবেগ বাঢ়ি গ'ল৷ তাৰপাছত এনে লাগিল যেন আকাশেৰে উৰিহে আছো৷ মূৰে কাম নকৰা হ'ল৷ চকুৰে জলক-তবক দেখিলো৷ তেনেদৰে উৰি গৈ প্ৰচণ্ড বেগত এঠাইত বাগৰি পৰিলো৷ দুবাৰমান বাগৰি মাটিত পৰি থকা গছ এডালৰ গাত লাগি ৰৈ গ'লো৷ কিছুসময় পাছত সম্বিত ঘুৰাই পালো৷ তেনেদৰে কিছুসময় পৰি থাকিলো৷ ইতিমধ্যে দাদাহঁতো ওপৰৰ পৰা আহি ওচৰ পালে৷ সকলোবোৰ আহি মোক ঘেৰি ধৰিলেহি৷ লাহে-লাহে থিয় দিলো৷ গালৰ এফালে অলপ আঁচোৰ লাগিছিল৷ এটা ওঁঠ ফাটি তেজ ওলাইছিল৷ তাৰবাহিৰে বিশেষ আঘাট নাপালো৷ মাটিত পৰিথকা সেই গছডালে বাধা দি নৰখোৱাহ'লে হয়তো বাগৰি বাগৰি আৰু অধিক তললৈ গ'লোহেতেন৷
সকলোৱে মোক আগুৰি ধৰি দুখ পাইছোনেকি চালে৷ লাজতে মই একোহোৱা নাই বুলি কৈ যিমান পাৰো সহজ হ'বলৈ চেষ্টা কৰি আকৌ লাহে-লাহে তললৈ খোজ ল'ব ধৰিলো৷ এইবাৰ পিছে হাতত লাখুটি লৈ সাবধানে নামিলো৷ তললৈ আহি এঠাই্ত ভালদৰে মুখ ধুলো আৰু কিছুসময় পাছত দাদাহঁতৰ লগত অতি নিমাখিত প্ৰাণীৰ দৰে ঘৰত প্ৰৱেশ কৰিলো৷ ইতিমধ্যে ওঁঠৰ পৰা তেজ ওলোৱা বন্ধও হৈছিল৷ ঘৰত কথাটো গমেই নাপালে৷

No comments:
Post a Comment