পূৰ্বাশঙ্কা….. বিপদৰ আগজাননী
ইংৰাজীত
কয় প্ৰিমনিচন বুলি৷ কিবা এটা ঘটনা ঘটিব বুলি কিছুমানলোকে আগতেই কিবা এটা গম পোৱা পৰিঘটনাটোকে
পূৰ্বাশঙ্কা বুলি ক’ব পাৰি৷ এই বিষয়ে পঢ়ি আহিছিলো যদিও নিজৰ ক্ষেত্ৰতোযে কেতিয়াবা তেনে
ঘটিব ভাবিবই পৰা নাছিলো৷ এবাৰ নহয়, দুবাৰ নহয়, কেবাবাৰো ঘটিছে মোৰ জীৱনত এনে ঘটনা৷
১৯৯০
চন৷ মোৰ ডাঙৰ ল’ৰাটোৰ জন্ম হোৱা কেইমাহমান হৈছে মাথোন৷ সি কোনোমতে থৰক-বৰকৈ বহিব পাৰে৷
এদিন ৰাতি ভাতখোৱাৰ আগে-আগে টেবুলত বহি পঢ়ি আছো৷ কাষৰ কোঠাৰ বিচনাতে পৰি শ্ৰীমতীয়ে
আলোচনী এখন মেলি লৈছে৷ কাষতে বিচনাত বহি ল’ৰাটোৱে মোৰ পিনে চাই আছে৷ মইও তাৰপিনে চাই
আছো৷ হঠাতে মনলৈ ভাব আহিল সি বিচনাৰ পৰা পৰিব পাৰে৷ মই শ্ৰীমতীক সাবধান কৰি দিয়াৰ আগতেই
চকুৰ পচাৰতে মোৰ চকুৰ আগতে সি বিচনাৰ পৰা মূৰ তল কৰি মজিয়াত বাগৰি পৰিল৷
তাৰ
কেইমাহমান পিছৰ কথা৷ বঙাইগাঁৱত থকা ডাঙৰ দাদাৰ ঘৰলৈ গৈছো৷ ঘৰটো নতুনকৈ সাজিছে মাথোন৷
বাগেশ্বৰী মন্দিৰৰ কাষেৰে পাৰ হৈ কিছুদূৰ আগবাঢ়ি যাব লাগে৷ নতুনকৈ ঘৰ-বাৰী সাজি আশে-পাশে
দুই এঘৰ মানুহ বহিব ধৰিছে৷ দুপৰীয়া ভাত খাই শ্ৰীমতী আৰু কেচুৱা ল’ৰাটো দাদাৰ ঘৰতে থৈ
মই অকলে গুৱাহাটীলৈ বুলি ওলাই আহিলো দুইবজাৰ বাছ ধৰিবলৈ৷ আলিবাটৰ পৰা দাদাৰ ঘৰটোলৈ
চাই ভাবিলো,
“ঘৰটো
বৰ সুবিধাজনক ঠাইত নহয়৷ অতি নিৰ্জন ঠাই৷ ডকাইতি হোৱাৰ ভয় আছে৷” মনত কিবা এটা অজান আশঙ্কা
জাগি উঠিল৷
সেইদিনাই
ৰাতি দাদাৰ ঘৰলৈ ডকাইত আহিল৷ দাদাহঁতে দুৱাৰ নুখুলিলে৷ হুলস্থূল শুনি কাষৰ অত্যুৎসাহী
মানুহ এজন খেদা মাৰি অহাত যেনিবা ডকাইতে বিশেষ একো কৰিব নোৱাৰিলে৷
কিছুদিন
পাছৰ কথা৷ জালুকবাৰীৰ পৰা বাছেৰে পাণবজাৰৰ পিনে গৈ আছো৷ ভৰলু থানাৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্ত
হোৱা মাৰুতী-৮০০ গাড়ী এখন দেখিলো৷ মটীয়া ৰঙৰ৷ হঠাতে মোৰ সৰু দাদালৈ মনত পৰিল৷ দাদাৰো একেই গাড়ী, ৰঙো একে৷ মনত আশংকা জাগিল: সৰু
দাদাৰ কিবা হ’ব পাৰে৷ বেছিদিন বাট চাবলগা নহ’লেই৷ খবৰ পালো, দাদা একেলগে কাম কৰা মানুহতিনিজনৰ লগত ৰাতি বিয়া খাই গুৱাহাটীৰ পৰা বঙাইগাঁওলৈ গাড়ীৰে গৈ
থাকোঁতে বাইহাটা চাৰিআলিৰ ওচৰত এখন ট্ৰাকৰ লগত মুখা-মুখি সংঘৰ্ষ হয়৷ দাদা দ্ৰাইভাৰৰ
কাষৰ চীটতে বহি আছিল৷ শেষ মুহূৰ্তত তেওঁ গাড়ীৰ ষ্টিয়াৰিং আনফালে ঘূৰাই দিয়া বুলিহে
কোনোমতে জীৱন ৰক্ষা পৰিল৷ অৱশ্যে কপালখন ভালদৰেই কাট খালে৷
তাৰপিছৰ
পৰা মোৰ একো ভাবিবলৈকে ভয় লগা হ’ল৷ কিন্তু আজি কিছুদিন আগতে এনে এটা ঘটনা ঘটি গ’ল যে
মোক ভালদৰেই জোকাৰণি দি গ’ল৷ ঘটনাটো ৰাজহুৱা নকৰাই ভাল কিন্তু এই পূৰ্বাশঙ্কা নামৰ
আচৰিত পৰিঘটনাটোৱে মোৰযে সহজে লগ নেৰে সেইকথা বুজি পালো৷
No comments:
Post a Comment