ডেল্টাবাথ হেডবাথ আদি…
গা ধুবলৈ নিশ্চয় মন যায় গেলা গৰমৰ দিনত৷ ৰ’দত ঘামি-জামি ক’ৰবাৰ
পৰা আহি গাত ঠাণ্ডা পানী এবাল্টি ঢালি দিলে দেহ-মন জুৰ পৰি যায়৷ পুখুৰী বা নদীত জাপ
দিলে হয়তো আৰু অধিক আনন্দ পোৱা যায়৷ কিন্তু জাৰকালি গা ধুবলগীয়া হ’লেহে সমস্যা হয় বহুতৰ
বাবে৷ ধনীমানুহৰ ঘৰত বাথৰুমত গিজাৰ থাকে৷ আনলোকে পানী চৌকাত দি গৰম কৰি লয়৷ কিন্তু
গেচৰ নাটনিৰ দিনত সেইটো কৰাটোও বহুতৰ বাবে প্ৰত্যাহ্বানমূলক৷ গাঁৱৰফালে হয়তো বহুতে
চোতালত জুই ধৰি পানী উতলাই থয়৷ খৰিৰ অভাৱ থাকিলে সেইটোও সমস্যা হয়৷
জাৰকালি গা-ধোৱাৰ
কথা ভাবিলেই মনলৈ আহে প্ৰায় ত্ৰিশবছৰ আগৰ কথা এটা৷ এবাৰ ওডালগুৰিৰ
ওচৰৰ বাদাগাওঁ নামৰ ঠাই এখনলৈ গৈছিলো৷ বড়োমানুহ এঘৰৰ তাত আলহী হৈ আছো৷ বাথৰুম আদি
নাই৷ কাষতে ধনশিৰি নদী৷ বৰদিনৰ সময়৷ ভুটান পাহাৰৰ নামনি অঞ্চল৷ ঠেঁটুৱৈ লগা জাৰ৷
ৰাতিপুৱাই দুজন ডেকাই মোক লৈ গ’ল নদীৰ পাৰলৈ৷ মই বুজিলো সেই নদীতেই গা-ধুব লাগিব৷
জীৱনত প্ৰথমবাৰৰ বাবে নদীত নামিছো গা ধুবলৈ৷ তাতে ডিচেম্বৰ মাহৰ ঠাণ্ডা৷ তেওঁলোকৰ সন্মানীয়
আলহী মই৷ তেওঁলোকৰ আগত গা-নোধোওঁ বুলিনো কওঁ কেনেকৈ? গামোচা এখন পিন্ধি খালী গাৰে নদীৰ একঁকাল পানীত থিয় দি ইফালে-সিফালে চালো৷
ডেকা-দুজনে পাৰৰ পৰা মোলৈ চাই আছে৷ মই মৰণপণ কৰি, যি হয় হ’ব বুলি দিলো
জোবোৰা মাৰি নদীৰ বৰফৰদৰে চেঁচা পানীত৷ গোটেই শৰীৰটো জথৰ হৈ পৰা যেন লাগিল৷ এটা
জোবোৰাই যথেষ্ট বুলি বুজি ততালিকে দৌৰি পাৰ পালোঁহি৷ গা মচি, কাপোৰ পিন্ধি ঘৰলৈ উভটি আহি ওপৰত তৰপে-তৰপে গৰমকাপোৰ লৈহে কোনোমতে ৰক্ষা৷
জাৰকালি গা-ধোৱাৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ সমস্যা হয়
হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে৷ গৰমপানীৰ ব্যৱস্থা থকা হোষ্টেল আজিলৈকে দেখা নাই
এই অধমে৷ হোষ্টেলত জাৰকালি গা নিয়মিতভাবে ধোৱা ছাত্ৰৰ সমানে নিয়মিতভাবে নোধোৱা ছাত্ৰও
পোৱা যায়৷ সাধাৰণতে দেওবাৰে দুপৰীয়া গা-ধোৱাৰ ধুম উঠে হোষ্টেলবোৰত৷ সেইবাবেই ইঞ্জিনিয়াৰিং
কলেজৰ হোষ্টেলত এটা শব্দ বৰকৈ প্ৰচলিত আছিল আমাৰ মাজত: “ডেল্টা বাথ”৷ কলন গণিতত কোনো
এটা চলকৰ অতি ক্ষুদ্ৰ মান বুজাবলৈ গ্ৰীক আখৰ “ডেল্টা” চিন হিচাবে ব্যৱহাৰ কৰা হয়৷ তাৰপৰাই
ডেল্টাবাথ শব্দটোৰ উংপত্তি৷ মানে, অতি ক্ষুদ্ৰ স্নান৷
ধৰক আপুনি কাৰোবাৰ ঘৰত জাৰৰ দিনত আলহী হৈ আছে৷ বাথৰুম
যদি আছে তেনেহলে আপোনাৰ বাবে ডেল্টাবাথ কৰা সুবিধাজনক হ’ব৷ বাথৰুমত গিজাৰ থাকিলেতো
সমস্যাই নাই৷ ডেল্টাবাথ কৰাৰ প্ৰয়োজনেই নাই৷ ধৰক বাথৰুমত গিজাৰ নাই৷ গৰমপানীৰ ব্যৱহাৰো নাই৷ হয়তো কোনেও গৰমপানীৰে
গা নোধোৱে৷ আপুনি গা-ধুবলৈ সোমাল৷ হাতত গামোচা এখন৷ ইমান ঠাণ্ডাত আপুনি ঘৰত কেতিয়াও
গা নোধোৱে৷ আলহীঘৰত কৰে কি? বাল্টিৰ পৰা পানী দুচলুমান কাষলতিৰ তল আৰু সহজে মলি জমাহোৱা ঠাইবোৰত ঘঁহি
পখালি দিয়ক৷ যদি অধিক সাহস কৰিব পাৰে তেনেহলে ভিজা হাতৰে গাটোও ঘঁহি দিব পাৰে৷ অন্তত: গাৰ গোন্ধটো অলপ কমিব৷ মনটোও পৰিষ্কাৰ-পৰিষ্কাৰ লাগিব৷ তাৰপাছত
গামোচাৰে সেই ভিজা অংশখিনি মচি দিয়ক৷ মাজে-মাজে দুমগমান পানী ওপৰৰ পৰা মজিয়াত এনেই
ঢালি দিয়ক৷ যাতে বাহিৰৰ পৰা মানুহে আপুনি গাত পানী ঢলা শব্দ বুলি ভাবে৷ মুখমণ্ডলৰ লগতে
মূৰৰ চুলিখিনি অলপ হাতত লোৱা পানীৰে তিয়াই দিয়ক৷ তাৰপাছত পানীত সেই প্ৰায় শুকানেই হৈ থকা গামোচাখন
ভালদৰে তিয়াই দিয়ক৷ শেষত পানীবাল্টি মজিয়াত লাহেহৈ ঢালি দিয়ক যাতে বেছি শব্দ নহয়৷ মূৰৰ ভিজা চুলিখিনি মোহাৰি-মোহাৰি বাহিৰ ওলাই আহক
আৰু ভিজা গামোচাখন দুবাৰমান জোকাৰি-জোকাৰি ৰ’দত মেলি দিয়ক৷ সকলোৱে ভাবিব আপুনি ভালদৰেই
গা ধুলে বুলি৷ হৈ গ’ল আপোনাৰ ডেল্টাবাথ৷
তেন্তে “হেডবাথ” আকৌ কি বস্তু? ১৯৮৭ চনত মাদ্ৰাজ আই
আই টি ত পঢ়িবলৈ গৈছিলো৷ হোষ্টেলত আশ্ৰয় লৈছো৷ তেতিয়া চেন্নাইত পানীৰ নাটনি চলি আছিল৷
হোষ্টেলৰ বাথৰুমবোৰত থকা পানীৰ সংযোগ কাটি থোৱা আছিল৷ বাহিৰত থকা টেপ এটাৰ পৰা বাল্টিত
পানী লৈ গা-ধুবলৈ সোমাব লাগে৷ গতিকে সকলোৱে এবাল্টি পানীৰেই গা ধুবলৈ বাধ্য৷ কথা-প্ৰসঙ্গত
দক্ষিণভাৰতীয় বন্ধুকিছুমানৰ পৰা গম পালো যে তেওঁলোকে হেনো সপ্তাহত এদিনকৈহে হেডবাথ
কৰে৷ অৱশ্যে সকলোৱে কৰে নে নাই জানিব নোৱাৰিলো৷ হেডবাথনো কি জানিব বিচৰাত বন্ধু এজনে
বুজাই দিলে৷ তেওঁলোকে সপ্তাহত এবাৰকৈ হেড অৰ্থাৎ মূৰত পানী ঢালি মূৰটো ভালদৰে ধোৱে৷
বাকী কেইদিনৰ গা-ধোৱা কাৰ্যটো আমাৰ ডেল্টা বাথতকৈ অধিক পৰিমাণৰ কিন্তু হেডবাথতকৈ কম
পৰিমাণৰ৷ সেইটোক কি নাম দিব পৰা যায় বাৰু?
No comments:
Post a Comment