চাকাটু ঘুচ্চে….
প্ৰায় গোটেইখন অসমেই চোৱাৰ সুযোগ পালো৷ উজনি-নামনি
দুয়োপিনে থাকিও পালো৷ বিভিন্ন ঠাইৰ কথা মনলৈ আহিলে বিভিন্ন কথা মনলৈ আহে৷
মা-দেউতা বৰপেটাৰ যদিও চাকৰিসূত্ৰে বৰপেটাৰ বাহিৰতেই
থাকিবলগা হৈছিল বাবে আমি কেতিয়াবাহে বৰপেটালৈ আহিবলৈ সুযোগ পাইছিলো৷ দেউতাৰ মৃত্যুৰ
পাছত আমি বৰপেটালৈ গুচি আহো আৰু কীৰ্তনঘৰৰ ওচৰতে ঘৰ এটা ভাড়া লৈ থাকিবলৈ লওঁ৷ বৰপেটাৰ
বহুতো কথাই আন ঠাইতকৈ বেলেগ৷ ইয়াৰ মানুহে দৈ আৰু মাছ খাই খুব ভাল পায়৷ বিশেষকৈ কাৱৈ
মাছ বৰ প্ৰিয়৷ সেইকাৰণেই বোলে বৰপেটাৰ মানুহৰ বুদ্ধি বৰ প্ৰখৰ৷ তাতে আকৌ ব্যৱসায় বাণিজ্যত
অসমৰ ভিতৰতে নামথকা ঠাই৷ উপস্থিত বুদ্ধিও কম নহয়৷ কিন্তু সকলোতকৈ মন কৰিবলগীয়া কথাটো
হৈছে ইয়াৰ মানুহৰ ৰসিকতাবোধ৷ তাৰে দুই-এটা উদাহৰণ দিবলৈ মন গ’ল৷
এসময়ত চাইকেলৰ যথেষ্ট প্ৰচলন আছিল৷ এবাৰ এজন মানুহে
এঘৰ মানুহৰ তালৈ চাইকেলেৰে আহিছিল৷ ঘৰৰ আগফালে চাইকেলখন থৈ তেখেত ভিতৰ সোমাই গ’ল৷ ৰাস্তাত
বহি আছিল কেইটামান চেঙেলীয়া ল’ৰা৷ মানুহজন অলপপাছত ওলাই আহিল আৰু চাইকেলখন লৈ জাপ মাৰি
উঠি পেদেল মাৰি আগবাঢ়িব ধৰিলে৷ পিছে-পিছে চেঙেলীয়া ল’ৰা কেইটামান দৌৰিবলৈ ধৰিলে, এইবুলি
চিঞৰি চিঞৰি..
“ হাও , পাছোচ্চাকাটু টক টককে ঘুচ্চেয়ে… ঘুচ্চে,,
ঘুচ্চে…. ( পাছৰ চকাটো কি টক টককৈ ঘূৰিছে.. ঘূৰিছে.. ঘূৰিছে..)
চাইকেল চলাই যোৱা মানুহজন চাইকেলৰ পৰা নামিল৷ আৰু
পাছৰ চকাটো পৰীক্ষা কৰি চালে৷ একো বিসঙ্গতি নেদেখি আকৌ চাইকেল চলাবলৈ ধৰিলে৷ ল’ৰাকেইটাই
আকৌ চিঞৰিলে… “ আৰো ঘুচ্চে.. আৰো ঘুচ্চে.. (আকৌ ঘূৰিছে.. আকৌ ঘূৰিছে..)
মানুহজন আকৌ নামিল৷ ল’ৰাকেইজনলৈ চাই সুধিলে:
“ক’ত ঘুচ্চে?”
“চাইকেল চললিতো চাকা ঘুৰবোৱে.. (চাইকেলখন চলিলেতো
চকা ঘূৰিবই)” এজন ল’ৰাই মাত দিলে৷ বাকী কেইজনে হাঁহিত যোগ দিলে৷
*****
বিয়াৰ সময়ত বৈথকী পতা নিয়ম এতিয়াও চলি আছে বৰপেটাত৷
সাধাৰণতে তিনিদিনীয়া বিয়া পাতিলে প্ৰথমদিনা তেলৰভাৰ (জোৰোণ), দ্বিতীয়দিনা শূইন আৰু
তৃতীয়দিনা মুল বিয়াখন৷ শূইনৰ দিনা ৰাতি বৈথকী পতা হয় বিশেষকৈ হাটীৰ মানুহখিনিৰ মনোৰঞ্জনৰ
কাৰণে৷ কেতিয়াবা গোটেই ৰাতি বৈথকী চলে৷ বৈথকীত গান গোৱা কিছুমান স্থানীয় বিখ্যাত লোকো
আছে৷
অলপতে বৰপেটাত এখন বৈথকী চাই আছিল গুৱাহাটীৰ পৰা যোৱা
মোৰ বন্ধু এজনে৷ এজন বৃদ্ধলোকে গীত পৰিৱেশন কৰিছিল৷ ভূপেন হাজৰিকাৰ গীত অবিকল গাইছিল৷
তেওঁৰ সেই গীত পৰিৱেশনত অভিভূত হৈ গুৱাহাটীৰ পৰা যোৱা বন্ধুজনে মন্তব্য কৰিলে,
“ কি সুন্দৰ গাইছে৷ এই বুঢ়া বয়সতো ইমান সুন্দৰ গলা৷
এই বয়সতো ইমান ধুনীয়া গাইছে৷ বিশ্বাসেই নহয়৷”
কাষত বহি থকা মানুহজনে মাত লগালে,
“ বান্দাৰ বুৰা হ’লি গাছোত উঠবা পাহেৰবোনা?.. “ (বান্দৰ
বুঢ়া হ’লে জানো গছত উঠিবলৈ পাহৰি যাব)
কি উপস্থিত বুদ্ধি, কি ৰসবোধ, কি উপমা !!!
*****
দুজনী ছোৱালী ৰাস্তাৰে আহি আছিল৷ তাৰে এজনী যথেষ্ট
দেখনিয়াৰ আনগৰাকী কিম্ভূত-কিমাকাৰ৷ কিম্ভূত-কিমাকাৰ গৰাকীয়ে মুখত যিমান পাৰে স্নো-পাউদাৰ-লিপষ্টিক
আদি লগাই আহিছিল৷ আনহাতে দেখাত সুন্দৰীগৰাকীয়ে কোনো ধৰণৰ চূণকাম নকৰি অতি সাধাৰণভাবে
আহিছিল৷ দুজন ডেকাই দূৰৰ পৰাই আহি থকা দুয়োগৰাকী ছোৱালীলৈ লক্ষ্য কৰি আছিল৷ ছোৱালী
দুগৰাকী আহি একেবাৰে ওচৰ পালে৷ অতিপাত ধুন-পেচ মাৰি অহা কিম্ভূত-কিমাকাৰ ছোৱালীগৰাকীলৈ
লক্ষ্য কৰি এজনে মন্তব্য কৰিলে,
“ হলিও বুইন্দাটু পাম দিলি আৰো ৰসগোল্লা হবা পাৰবোনা?”
(বুন্দিয়া এটা পাম দিলে জানো ৰসগোল্লা হ’ব পাৰিব?)
******
No comments:
Post a Comment