At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 4 December 2014

ডেল্টাবাথ হেডবাথ আদি…

ডেল্টাবাথ হেডবাথ আদি…

গা ধুবলৈ নিশ্চয় মন যায়  গেলা গৰমৰ দিনত৷ ৰ’দত ঘামি-জামি ক’ৰবাৰ পৰা আহি গাত ঠাণ্ডা পানী এবাল্টি ঢালি দিলে দেহ-মন জুৰ পৰি যায়৷ পুখুৰী বা নদীত জাপ দিলে হয়তো আৰু অধিক আনন্দ পোৱা যায়৷ কিন্তু জাৰকালি গা ধুবলগীয়া হ’লেহে সমস্যা হয় বহুতৰ বাবে৷ ধনীমানুহৰ ঘৰত বাথৰুমত গিজাৰ থাকে৷ আনলোকে পানী চৌকাত দি গৰম কৰি লয়৷ কিন্তু গেচৰ নাটনিৰ দিনত সেইটো কৰাটোও বহুতৰ বাবে প্ৰত্যাহ্বানমূলক৷ গাঁৱৰফালে হয়তো বহুতে চোতালত জুই ধৰি পানী উতলাই থয়৷ খৰিৰ অভাৱ থাকিলে সেইটোও সমস্যা হয়৷

জাৰকালি গা-ধোৱাৰ কথা ভাবিলেই মনলৈ আহে প্ৰায় ত্ৰিশবছৰ আগৰ কথা এটা৷ এবাৰ ওডালগুৰিৰ ওচৰৰ বাদাগাওঁ নামৰ ঠাই এখনলৈ গৈছিলো৷ বড়োমানুহ এঘৰৰ তাত আলহী হৈ আছো৷ বাথৰুম আদি নাই৷ কাষতে ধনশিৰি নদী৷ বৰদিনৰ সময়৷ ভুটান পাহাৰৰ নামনি অঞ্চল৷ ঠেঁটুৱৈ লগা জাৰ৷ ৰাতিপুৱাই দুজন ডেকাই মোক লৈ গ’ল নদীৰ পাৰলৈ৷ মই বুজিলো সেই নদীতেই গা-ধুব লাগিব৷ জীৱনত প্ৰথমবাৰৰ বাবে নদীত নামিছো গা ধুবলৈ৷ তাতে ডিচেম্বৰ মাহৰ ঠাণ্ডা৷ তেওঁলোকৰ সন্মানীয় আলহী মই৷ তেওঁলোকৰ আগত গা-নোধোওঁ বুলিনো কওঁ কেনেকৈ? গামোচা এখন পিন্ধি খালী গাৰে নদীৰ একঁকাল পানীত থিয় দি ইফালে-সিফালে চালো৷ ডেকা-দুজনে পাৰৰ পৰা মোলৈ চাই আছে৷ মই মৰণপণ কৰি, যি হয় হ’ব বুলি দিলো জোবোৰা মাৰি নদীৰ বৰফৰদৰে চেঁচা পানীত৷ গোটেই শৰীৰটো জথৰ হৈ পৰা যেন লাগিল৷ এটা জোবোৰাই যথেষ্ট বুলি বুজি ততালিকে দৌৰি পাৰ পালোঁহি৷ গা মচি, কাপোৰ পিন্ধি ঘৰলৈ উভটি আহি ওপৰত তৰপে-তৰপে গৰমকাপোৰ লৈহে কোনোমতে ৰক্ষা৷

জাৰকালি গা-ধোৱাৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ সমস্যা হয় হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে৷ গৰমপানীৰ ব্যৱস্থা থকা হোষ্টেল আজিলৈকে দেখা নাই এই অধমে৷ হোষ্টেলত জাৰকালি গা নিয়মিতভাবে ধোৱা ছাত্ৰৰ সমানে নিয়মিতভাবে নোধোৱা ছাত্ৰও পোৱা যায়৷ সাধাৰণতে দেওবাৰে দুপৰীয়া গা-ধোৱাৰ ধুম উঠে হোষ্টেলবোৰত৷ সেইবাবেই ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত এটা শব্দ বৰকৈ প্ৰচলিত আছিল আমাৰ মাজত: “ডেল্টা বাথ”৷ কলন গণিতত কোনো এটা চলকৰ অতি ক্ষুদ্ৰ মান বুজাবলৈ গ্ৰীক আখৰ “ডেল্টা” চিন হিচাবে ব্যৱহাৰ কৰা হয়৷ তাৰপৰাই ডেল্টাবাথ শব্দটোৰ উংপত্তি৷ মানে, অতি ক্ষুদ্ৰ স্নান৷

ধৰক আপুনি কাৰোবাৰ ঘৰত জাৰৰ দিনত আলহী হৈ আছে৷ বাথৰুম যদি আছে তেনেহলে আপোনাৰ বাবে ডেল্টাবাথ কৰা সুবিধাজনক হ’ব৷ বাথৰুমত গিজাৰ থাকিলেতো সমস্যাই নাই৷ ডেল্টাবাথ কৰাৰ প্ৰয়োজনেই নাই৷ ধৰক বাথৰুমত গিজাৰ নাই৷ গৰমপানীৰ ব্যৱহাৰো নাই৷ হয়তো কোনেও গৰমপানীৰে গা নোধোৱে৷ আপুনি গা-ধুবলৈ সোমাল৷ হাতত গামোচা এখন৷ ইমান ঠাণ্ডাত আপুনি ঘৰত কেতিয়াও গা নোধোৱে৷ আলহীঘৰত কৰে কি? বাল্টিৰ পৰা পানী দুচলুমান কাষলতিৰ তল আৰু সহজে মলি জমাহোৱা ঠাইবোৰত ঘঁহি পখালি দিয়ক৷ যদি অধিক সাহস কৰিব পাৰে তেনেহলে ভিজা হাতৰে গাটোও ঘঁহি দিব পাৰে৷ অন্তত: গাৰ গোন্ধটো অলপ কমিব৷ মনটোও পৰিষ্কাৰ-পৰিষ্কাৰ লাগিব৷ তাৰপাছত গামোচাৰে সেই ভিজা অংশখিনি মচি দিয়ক৷ মাজে-মাজে দুমগমান পানী ওপৰৰ পৰা মজিয়াত এনেই ঢালি দিয়ক৷ যাতে বাহিৰৰ পৰা মানুহে আপুনি গাত পানী ঢলা শব্দ বুলি ভাবে৷ মুখমণ্ডলৰ লগতে মূৰৰ চুলিখিনি অলপ হাতত লোৱা পানীৰে তিয়াই দিয়ক৷ তাৰপাছত পানীত সেই প্ৰায় শুকানেই হৈ থকা গামোচাখন ভালদৰে তিয়াই দিয়ক৷ শেষত পানীবাল্টি মজিয়াত লাহেহৈ ঢালি দিয়ক যাতে বেছি শব্দ নহয়৷  মূৰৰ ভিজা চুলিখিনি মোহাৰি-মোহাৰি বাহিৰ ওলাই আহক আৰু ভিজা গামোচাখন দুবাৰমান জোকাৰি-জোকাৰি ৰ’দত মেলি দিয়ক৷ সকলোৱে ভাবিব আপুনি ভালদৰেই গা ধুলে বুলি৷ হৈ গ’ল আপোনাৰ ডেল্টাবাথ৷

তেন্তে “হেডবাথ” আকৌ কি বস্তু? ১৯৮৭ চনত মাদ্ৰাজ আই আই টি ত পঢ়িবলৈ গৈছিলো৷ হোষ্টেলত আশ্ৰয় লৈছো৷ তেতিয়া চেন্নাইত পানীৰ নাটনি চলি আছিল৷ হোষ্টেলৰ বাথৰুমবোৰত থকা পানীৰ সংযোগ কাটি থোৱা আছিল৷ বাহিৰত থকা টেপ এটাৰ পৰা বাল্টিত পানী লৈ গা-ধুবলৈ সোমাব লাগে৷ গতিকে সকলোৱে এবাল্টি পানীৰেই গা ধুবলৈ বাধ্য৷ কথা-প্ৰসঙ্গত দক্ষিণভাৰতীয় বন্ধুকিছুমানৰ পৰা গম পালো যে তেওঁলোকে হেনো সপ্তাহত এদিনকৈহে হেডবাথ কৰে৷ অৱশ্যে সকলোৱে কৰে নে নাই জানিব নোৱাৰিলো৷ হেডবাথনো কি জানিব বিচৰাত বন্ধু এজনে বুজাই দিলে৷ তেওঁলোকে সপ্তাহত এবাৰকৈ হেড অৰ্থাৎ মূৰত পানী ঢালি মূৰটো ভালদৰে ধোৱে৷ বাকী কেইদিনৰ গা-ধোৱা কাৰ্যটো আমাৰ ডেল্টা বাথতকৈ অধিক পৰিমাণৰ কিন্তু হেডবাথতকৈ কম পৰিমাণৰ৷ সেইটোক কি নাম দিব পৰা যায় বাৰু? 

Wednesday, 3 December 2014

মোৰ উৰণ আৰু পতন

মোৰ উৰণ আৰু পতন..

১৯৬৮ চনৰ কথা৷ তেতিয়া আমি থাকো শ্বিলঙত৷ মই তৃতীয় শ্ৰেণীত৷ আমি লৌচথন বুলি সৰু ঠাইএখনত থকা চৰকাৰী ৰেচম পামত থাকোঁ৷ লাবান, বিষ্ণুপুৰৰ পৰা অলপ আগুৱাই যাব লাগে৷

পামত আমি পাঁচঘৰমান অসমীয়া মানুহ আছিলো৷ পামত আৰু পামৰ আশে-পাশে থকা নেপালী, খাচীয়া আদি ল'ৰা-ছোৱালীকিছুমান লগ হৈ আমি বিভিন্ন ধৰণৰ খেল খেলিছিলো, কেতিয়াবা একো কৰিবলৈ নাথাকিলে পাহাৰে-পাহাৰে টিঘিল-ঘিলাই ফুৰিছিলো৷ সৰল গছবোৰৰ গাত সৰু এটা ঘাপ কাটি ঘাপটোৰ তলতে সৰু টেমা এটা ওলোমাই থোৱা থাকে৷ তাতে গছডালৰ ৰস আহি জমা হয়৷ সেইবোৰ সময়ে-সময়ে সংগ্ৰহ কৰি লৈ যোৱা হয় আৰু তাৰ পৰা তাৰ্পিন তেল বনায় বুলি শুনিছিলো৷ মাজে-মাজে আমি সেই সৰু টেমাবোৰৰ পৰা ৰস গোটাই-গোটাই ঘৰলৈ লৈ আনিছিলো৷ জুইত ঢালি দিলে দপদপাই জ্বলে৷ তাতেই আমাৰ আনন্দ৷

লাহে-লাহে আমাৰ সাহসো বাঢ়ি গৈছিল৷ এদিন আবেলি সময়ত আমি দলে-বলে পাহাৰৰ ওপৰলৈ উঠি গৈ থাকিলো৷ কোনো বিশেষ উদ্দেশ্য নাছিল৷ এনেই উঠি গৈছিলো৷ দলটোত আমি দহজনমান আছিলো৷ লগত মোৰ দাদাদুজনো আছিল৷আমাৰ প্ৰত্যেকৰে হাতে-হাতে একোডাল লাখুটি৷ লাখুটি মানে কাটি লোৱা সৰু সছ একোডাল৷ থিয় পাহাৰ বগাবলৈ তেনেকুৱা লাখুটি এডাল নহলেই নহয়৷ আমি শ্বিলঙত  নতুন আছিলো৷ নেপালী, খাচীয়া লগৰীয়াবোৰেই আমাক কথাবোৰ শিকাইছিল৷ তেনেদৰে কিমান ওপৰলৈ উঠিলো মনত নাই৷ লাহে-লাহে বেলি ডুব যাবৰ উপক্ৰম হ'ল৷ আমিও তললৈ নামি অহাৰ সিদ্ধান্ত ল'লো৷

পাহাৰৰ ওপৰলৈ উঠাতকৈ নামি অহাটো বেছি টান৷ হাতৰ লাখুটিডালেৰে খোপনি লৈ লৈ নামিব লাগে৷ আমাক সাবধানে নামিবলৈ অভিজ্ঞ লগৰীয়াকেইজনে উপদেশ দিলে৷ আমিও লাহে-লাহে এখোজ-দুখোজকৈ তললৈ নামিবলৈ ধৰিলে৷

হঠাতে আমাৰ লগত থকা খাচীয়া ল'ৰা এটাই হাতত  লাখুটি নোলোৱাকৈয়ে বিশেষ কৌশলেৰে জপিয়াই জপিয়াই তললৈ নামি যাব ধৰিলে৷ ল'ৰাটো ইমান অনায়াসে তললৈ দৌৰি যোৱা দেখি মইও হাতৰ লাখুটি এৰি দিলো দৌৰ তলমুখে৷ পিছৰ পৰা চিঞৰি কোনোবা এজনে বাধা দিছিল যদিও মন নকৰিলো৷ লাহে-লাহে মোৰ গতিবেগ বাঢ়ি গ'ল৷ তাৰপাছত এনে লাগিল যেন আকাশেৰে উৰিহে আছো৷ মূৰে কাম নকৰা হ'ল৷ চকুৰে জলক-তবক দেখিলো৷ তেনেদৰে উৰি গৈ প্ৰচণ্ড বেগত এঠাইত বাগৰি পৰিলো৷ দুবাৰমান বাগৰি মাটিত পৰি থকা গছ এডালৰ গাত লাগি ৰৈ গ'লো৷ কিছুসময় পাছত সম্বিত ঘুৰাই পালো৷ তেনেদৰে কিছুসময় পৰি থাকিলো৷ ইতিমধ্যে দাদাহঁতো ওপৰৰ পৰা আহি ওচৰ পালে৷ সকলোবোৰ আহি মোক ঘেৰি ধৰিলেহি৷ লাহে-লাহে থিয় দিলো৷ গালৰ এফালে অলপ আঁচোৰ লাগিছিল৷ এটা ওঁঠ ফাটি তেজ ওলাইছিল৷ তাৰবাহিৰে বিশেষ আঘাট নাপালো৷ মাটিত পৰিথকা সেই গছডালে বাধা দি নৰখোৱাহ'লে হয়তো বাগৰি বাগৰি আৰু অধিক তললৈ গ'লোহেতেন৷

সকলোৱে মোক আগুৰি ধৰি দুখ পাইছোনেকি চালে৷ লাজতে মই একোহোৱা নাই বুলি কৈ যিমান পাৰো সহজ হ'বলৈ চেষ্টা কৰি আকৌ লাহে-লাহে তললৈ খোজ ল'ব ধৰিলো৷ এইবাৰ পিছে হাতত লাখুটি লৈ সাবধানে নামিলো৷ তললৈ আহি এঠাই্ত ভালদৰে মুখ ধুলো আৰু কিছুসময় পাছত দাদাহঁতৰ লগত অতি নিমাখিত প্ৰাণীৰ দৰে ঘৰত প্ৰৱেশ কৰিলো৷ ইতিমধ্যে ওঁঠৰ পৰা তেজ ওলোৱা বন্ধও হৈছিল৷ ঘৰত কথাটো গমেই নাপালে৷

Tuesday, 2 December 2014

লাইন অৱ ফায়াৰ..

লাইন অৱ ফায়াৰ-- 

( ইংৰাজীত কোনে লিখিছিল নাজানো৷ বন্ধু এজনে ফেচবুকত শ্বেয়াৰ কৰিছিল৷ পঢ়ি চকুলো বৈছিল৷ অসমীয়াত অনুবাদ কৰাৰ লোভ সামৰিব নোৱাৰিলো৷  এবাৰ পঢ়ি চালে ভাল পাম৷)


বিবেক প্ৰধান সুখী হ'ব পৰা নাই৷ আনকি শতাব্দী এক্সপ্ৰেছৰ বাতানুকুল ডবাৰ আৰামদায়ক পৰিবেশেও তেওঁৰ মনৰ অস্থিৰতা দূৰ কৰিব পৰা নাই৷ তেওঁ প্ৰজেক্ট মেনেজাৰ কিন্তু এতিয়াও কোম্পানীয়ে উৰাজাহাজত যাবলৈ নিদিয়ে৷ আচলতে তেওঁ সন্মান বিচৰা নাই৷ প্ৰশাসনিক বিষয়াৰ লগত এবাৰ তেওঁ যুক্তি-তৰ্ক কৰিও চাইছিল বোলে ভ্ৰমণৰ সময় কম কৰাটোহে মূল কথা৷ এতিয়া প্ৰজেক্ট মেনেজাৰ হিচাবে তেওঁৰ কাম বহুত৷ কিন্তু একো লাভ নহ'ল৷

সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ বদ্ধপৰিকৰ হৈ তেওঁ বেগৰ পৰা লেপটপটো উলিয়েই ল'লে৷

" মহাশয়, আপুনি কোনোবা চফ্টৱেৰ কোম্পানীত কাম কৰে নেকি?" কাষত বহা মানুহজনে লেপটপটোৰ ফালে আদৰপূৰ্ণভাৱে চাই সুধিলে৷ বিবেকে মানুহজনলৈ কেৰাহিকৈ চাই লাহেকৈ মূৰ দুপিয়ালে আৰু লেপটপটো আধিক যত্নেৰে আলফুলকৈ ব্যৱহাৰ কৰিব ধৰিলে যেন সেইটো এখন দামী গাড়ীহে৷

" মহাশয়, আপোনালোকে দেশখন ইমান আধুনিক কৰি তুলিলে, এতিয়া সকলোবোৰ কম্পিউটাৰৰ সহায়তে চলিবলৈ ধৰিছে৷"

"ধন্যবাদ" হাঁহি এটা মাৰি বিবেকে এইবাৰ মানুহজনৰ ফালে ভালদৰে চালে৷ কোনোবাই প্ৰশংসা কৰিলে নিজৰ সন্তুষ্টি লুকুৱাই ৰখাত সদায় ব্যৰ্থ হয় বিবেক৷ কাষতবহা মানুহজন ডেকা, এজন খেলুৱৈৰ নিচিনা সুঠাম শৰীৰ... দেখাত অতি সাধাৰণলোক আৰু সেই বিলাসপূৰ্ণ পৰিবেশত যেন একেবাৰে খাপ নাখায় তেনেকুৱা লাগিল বিবেকৰ৷ হয়তো মানুহজন ৰেলবিভাগৰ স্পোৰ্টচ কোটাত চাকৰি পোৱা মানুহ আৰু ফ্ৰী পাছ পায় বাবে এনেদৰে বাতানুকুল ডবাত অহা-যোৱা কৰিবলৈ পাইছে, বিবেকে ভাবিলে৷ 

"আপোনালোকক দেখি মই সদায় আচৰিত হওঁ", মানুহজনে কৈ গ'ল, " আপোনালোকে এটা অফিচত বহি কম্পিউটাৰত কিবা-কিবি লিখে আৰু সেয়েই বাহিৰত ইমান ডাঙৰ-ডাঙৰ কাম কৰে!!"

বিবেকে অৱজ্ঞাসূচক হাঁহি এটা মাৰিলে৷ অজলাক খং নকৰি বুজোৱাহে ভাল৷ " কথাবোৰ ইমান সহজ নহয় বন্ধু৷ মাত্ৰ কেইটামান লাইন লিখাৰ কথা নহয়৷ গোটেই প্ৰক্ৰিয়াটোত যথেষ্ট কাম জড়িত হৈ থাকে৷"

ক্ষন্তেকৰ বাবে চফ্টৱেৰ উৎপাদনৰ গোটেই জীৱন-চক্ৰটোৱেই বুজাই দিবৰ মন গ'ল তেওঁৰ কিন্তু নিজকে নিয়ন্ত্ৰণ কৰি মাত্ৰ এটা বাক্য ক'লে, " অতি জটিল কাম৷"

" নিশ্চয় জটিল হ'বই লাগিব৷ সেইকাৰণে আপোনালোকক খুব মোটা দৰমহাও দিয়ে নহয়!"

কথাবোৰ বিবেকে আশাকৰা ধৰণে আগবঢ়া নাছিল৷ ইমান সময়ে দৃঢ় অথচ মৃদুভাবে কৈ থকা বিবেকৰ কথাত এইবাৰ অলপ আক্ৰমণাত্মক সুৰ মিহলি হৈ পৰিল,

"সকলোৱে কেৱল টকাৰ কথাটোহে দেখে৷ আমি কিমান কঠোৰ পৰিশ্ৰম কৰোঁ সেইটো কোনেও নেদেখে৷ পৰিশ্ৰম সম্বন্ধে ভাৰতীয় মানুহৰ ধাৰণাটো ইমান ঠেক ! আমি শীত-তাপ নিয়ন্ত্ৰিত অফিচত বহি কাম কৰোঁ বুলিয়েই আমি যে নাঘামোঁ এনে নহয়৷ আপোনালোকে মাংসপেশীৰ শ্ৰম কৰে, আমি মগজুৰ শ্ৰম কৰোঁ৷ মনত ৰাখিব সেই কামটো কোনোগুণে কম কষ্টকৰ নহয়৷"

মানুহজনক উচিত উত্তৰ দিয়া হৈছে  বুলি বুজিলে বিবেকে, এইবাৰ আৰু অলপ বুজাই দিয়া যাওঁক বুলি ভাবি ক'লে, " এটা উদাহৰণ দিছো শুনক৷ এই ৰেলখনৰ কথাকে ধৰক৷ ৰেলৰ গোটেই আৰক্ষণ প্ৰক্ৰিয়াটো কম্পিউটাৰ যোগে হয়৷ যিকোনো দুটা স্টেচনৰ মাজত আপুনি টিকট কাটিব পাৰে গোটেই দেশত বিয়পি থকা শ-শ কম্পিউটাৰচালিত আৰক্ষণ-কেন্দ্ৰৰ পৰা৷ হাজাৰ-হাজাৰ লেন-দেন একেটা তথ্যভাণ্ডাৰৰ পৰাই চালিত হয়, একেটা সময়তে, একেলগে৷ তথ্যৰ সত্যতা, বিশ্বাসযোগ্যতা, সুৰক্ষা, প্ৰতিৰক্ষা ইত্যাদি সকলো বাহাল ৰাখি এই লেন-দেনবোৰ সংঘটিত হৈ আছে অনবৰতে৷  এনেকুৱা এটা প্ৰণালী ডিজাইন কৰি উলিওৱা কামটো কিমান জটিল, কিমান প্ৰগ্ৰেমিং, কিমান কোডিং ইয়াত জড়িত হৈ থাকে আপুনি অনুমান কৰিব পাৰিবনে?"

তাৰকাগৃহ চাবলৈ যোৱা শিশু এটাৰ নিচিনাকৈ মানুহজন ভেবা লাগি ৰ'ল৷ তেওঁৰ কাৰণে কথাবোৰ সঁচাকৈয়ে জটিল আৰু বুজি নোপোৱাবিধৰ৷ " আপুনি এনেকুৱা ডিজাইন আৰু কোডিং কৰে?"

" আগতে কৰিছিলো," অতি গহীনাই কৈ বিবেকে অলপ সময় বিৰতি দি আকৌ ক'লে," কিন্তু এতিয়া মই প্ৰজেক্ট মেনেজাৰ৷" 

" অহ!" যেন ধুমুহা আঁতৰ হ'ল এনে এক ভাবেৰে স্বস্তিৰ নিশ্বাস পেলাই মানুহজনে ক'লে, " তেনেহলে আপোনাৰ জীৱনটো এতিয়া সহজ হৈ পৰিল৷"

এইটোৱেই বিবেকৰ ধৈৰ্যৰ শেষ সীমা আছিল৷ ভেকাহি মাৰি উঠিল বিবেক," অহ, কি কথা কয় আপুনি?  ওপৰলৈ উঠিলে জীৱন কেতিয়াবা সহজ হয় জানো? দায়িত্বই অধিক কামহে আনে৷ ডিজাইন কৰা, কোড কৰা, সেইবোৰ সহজ কাম৷ এতিয়া মই সেইবোৰ নকৰো কিন্তু সেইবোৰ কৰোৱাওঁ, আৰু বিশ্বাস কৰক, সেইটো বেছি পৰিশ্ৰমৰ কাম৷ কামটো সময়মতে কৰোৱা আৰু উন্নত মানসম্পন্নকৈ কৰোৱা মোৰ কাম৷"

বিবেকে কৈ গ'ল, " কামৰ হেঁচাৰ কথা আপোনাক কৈছো শুনক৷ এফালে গ্ৰাহক, সঘনাই তেওঁলোকৰ প্ৰয়োজনবোৰ সলনি হৈ থাকে, আনফালে আকৌ ব্যৱহাৰ কৰা লোকসকলে বিচাৰে আন কিবা এটা, আৰু আপোনাৰ ওপৰৱালা.... সদায় এনেকুৱা দেখুৱাব যেন কামটো কালিয়েই শেষ হোৱা উচিত আছিল৷"

বিবেক অলপ থমকি ৰ'ল৷ আক্ৰমণাত্মক মনোভাবটো লাহে-লাহে আত্মানুভৱলৈ ৰূপান্তৰিত হ'ল৷ তেওঁ কোৱা কথাবোৰ কোনো অন্যায়ৰ চিকাৰ হোৱা মানুহৰ খঙৰ প্ৰলাপ নহয়, সেয়া আছিল সত্য , আৰু সত্যৰ সপক্ষে কওঁতে খঙেৰে কোৱাৰ প্ৰয়োজন নাই৷

" বন্ধু...", বিজয়সূচক ভাবে বিবেকে সামৰণি মাৰিলে, " অহৰহ গুলি বৰ্ষণৰ মুখা-মুখি হোৱা , লাইন অব ফায়াৰত থিয় হোৱাটো কি বস্তু আপুনি বুজি নাপাব৷"

মানুহজন নিজৰ আসনত ভালদৰে আউজি বহিল, যেন কিবা এটা ভালদৰে বুজিলে এনে ভাবত চকু বন্ধ কৰি৷

অলপ পাছত তেওঁ যি শান্ত অথচ সুনিশ্চিত দৃঢ়তাৰে মাত দিলে সেইটোৱে বিবেকক আচৰিত কৰি তুলিলে৷

" মই জানো মহাশয়... মই জানো, অহৰহ গুলিবৰ্ষণৰ মুখামুখি হোৱাটো কি বস্তু....."

তেওঁ শূণ্যলৈ চাই ৰ'ল ভাবত বিভোৰ হৈ যেন কোনো যাত্ৰী নাই, কোনো ৰেল নাই, আছে মাথোন সময়ৰ সীমাহীন ব্যাপকতা৷

"যেতিয়া ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ পইন্ট ৪৮৭৫ অধিকাৰ কৰিবলৈ আদেশ দিয়া হৈছিল তেতিয়া আমি ত্ৰিশজন আছিলো৷ শত্ৰুৱে ওপৰৰ পৰা গুলি কৰি আছিল৷ কেতিয়া কাৰ পৰা কাৰ গালৈ পিছৰ গুলিটো আহিব জনাৰ উপায় নাছিল৷ অৱশেষত ৰাতিপুৱা যেতিয়া আমি শিখৰত ত্ৰিৰঙ্গ পতাকা উৰুৱাবলৈ সক্ষম হৈছিলো তেতিয়া আমি মাত্ৰ চাৰিজন জীয়াই আছিলো৷"

" আপুনি? আপুনি এজন...."

" মই কাৰগিলৰ ৪৮৭৫ শৃংগত কৰ্তব্যত থকা ১৩ জম্মু-কাশ্মীৰ ৰাইফলচৰ চুবেদাৰ সুশান্ত৷ তেওঁলোকে মোক জানিবলৈ দিয়ামতে মোৰ সেই দায়িত্বকাল শেষ হৈছে আৰু মই এতিয়া অলপ সহজ কাম ল'ব পাৰোঁ৷ কিন্তু মহাশয়, কওঁকচোন কোনোবাই জীৱনটো সহজ কৰাৰ খাটিৰত  কৰ্তব্যক জানো নেওচা দিব পাৰে?  সেইদিনা সেই শৃংগ অধিকাৰ কৰাৰ দোকমোকালিতে মোৰ এজন সহকৰ্মী বৰফত পৰি আছিল আঘাতপ্ৰাপ্ত হৈ, শত্ৰুৰ গুলিৰ সম্মুখত আনহাতে আমি আছিলো এটা বাংকাৰত লুকাই৷ নিজে আগবাঢ়ি গৈ সেই জোৱানজনক নিৰাপদ ঠাইলৈ লৈ অহাটো মোৰ কৰ্তব্য আছিল৷ কিন্তু মোৰ কেপ্টেইন চাহাবে মোক যাবলৈ অনুমতি নিদিলে আৰু নিজে আগবাঢ়ি গ'ল৷ তেওঁ কৈছিল যে এজন জেন্টলমেন কেডেট হিচাবে লোৱা তেওঁৰ প্ৰথম শপতটো আছিল দেশৰ সুৰক্ষা আৰু মংগলক সদায় প্ৰথম স্থান দিয়া, তাৰপাছত তেওঁ চলোৱা লোক সকলৰ সুৰক্ষা আৰু মঙ্গল...... তেওঁৰ নিজৰ সুৰক্ষা আহে একেবাৰে শেষত, সদায়, সকলো সময়তে৷

"সেই আঘাতপ্ৰাপ্ত জোৱানজনক শত্ৰুৰ গুলিৰ পৰা বচাই আনোঁতে তেওঁৰ মৃত্যু হ'ল জাউৰিয়ে জাউৰিয়ে গুলি খাই৷ তাৰপাছত প্ৰতিদিনে ৰাতিপুৱা যেতিয়া আমি কৰ্তব্যৰ বাবে সাজু হওঁ, মই তেওঁ খোৱা সেই গুলিবোৰ দেখা পাওঁ যিবোৰ আচলে মই খালোহেতেন৷ মই জানো মহাশয়... মই জানো , লাইন অব ফায়াৰত থিয় হোৱা মানে কি ভয়ংকৰ কথা.."

কি প্ৰতিক্ৰিয়া দেখুৱাব বুজিব নোৱাৰি বিবেক স্তম্ভিত হৈ মানুহজনৰ ফালে চাই থাকিল৷ হঠাতে তেওঁ লেপটপটো বন্ধ কৰি দিলে৷ যিজন মানুহৰ বাবে বীৰত্ব, সাহস আৰু দায়িত্ব জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ, যিবোৰ গুণ কোনো মহাকাব্যৰ বীৰ এজনৰ গাতহে থাকে বুলি বিবেকে ইমান দিনে ভাবি আহিছিল,  তেনে এজন মানুহৰ আগত লেপটপত ৱৰ্ড ডকুমেন্ট এটা এডিট কৰাটো অতি সৰু কামেই নহয় বৰং মানুহজনৰ প্ৰতি অপমানসূচকযেন লাগিল বিবেকৰ৷

স্টেচন এটা পাই ৰেলখন লাহে-লাহে ৰৈ গ'ল৷ চুবেদাৰ সুশান্ত হাতত বেগটো লৈ নামিবলৈ সাজু হ'ল আৰু বিবেকলৈ হাতখন আগবঢ়াই দি ক'লে, " আহিছো মহাশয়, আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল৷"

বিবেকৰ থৰক-বৰক লাগিল৷

এই হাতখনে পাহাৰ বগাইছে, বন্দুকৰ ট্ৰিগাৰ টানিছে আৰু ত্ৰিৰঙ্গ পতাকা উৰুৱাইছে৷ হঠাতে মন্ত্ৰমুগ্ধৰ দৰে বিবেক "সাৱধান" ভংগীত থিয় হ'ল আৰু সোঁহাতখন নিজে নিজে কপাললৈ উঠি গ'ল এটা সশ্ৰদ্ধ চেলুট হৈ৷
বিবেকৰ ভাব হ'ল, দেশৰ কাৰণে ইমানখিনিতো তেওঁ কৰিব পাৰে৷

বি:দ্ৰ: পইন্ট ৪৮৭৫ অধিকাৰ কৰা ঘটনাটো কাৰগিল যুদ্ধৰ সময়ত ঘটা সত্য  ঘটনা৷ বিজয় লাভৰ ওচৰ চাপোঁতেই
কেপ্টেইন বাত্ৰাই নিজৰ জীৱন বিসৰ্জন দিছিল তেওঁ চলাই লৈ যোৱা জোৱানবোৰৰ এজনক বচাবলৈ গৈ৷ এইটো আৰু আগৰ আন বহুতো সাহস, বীৰত্ব আৰু ত্যাগৰ কাৰ্যৰ বাবে তেওঁক মৰণোত্তৰ ভাবে পৰমবীৰ চক্ৰ (সৰ্বোচ্চ মিলিটেৰী সন্মান) প্ৰদান কৰা হৈছিল৷

"নম্ৰ ভাবে জীয়াই থাকক৷ আমি নজনাকৈয়ে আমাৰ চাৰিওফালে বহুতো মহানলোক জীয়াই আছে৷"

"আমি লগপোৱা প্ৰতিজনেই হয়তো একোখন কঠিন যুঁজত ব্যস্ত হৈ আছে৷"

মূল লেখক: সতীশ ধল
অসমীয়া অনুবাদ: ডঃ মাখন লাল দাস


Thursday, 27 November 2014

ৰাতি চুৰ ক'ৰবা গেইছিলি?....

ৰাতি চুৰ ক’ৰবা গেইছিলি?

দূৰণিবটীয়া ঠাইলৈ বাছেৰে যাবলৈ ওলাইছে? বাছত আপোনাৰ কাষত বহি যোৱা মানুহজনৰ ওপৰত বহুপৰিমাণে নিৰ্ভৰ কৰে আপোনাৰ যাত্ৰা কেনেকুৱা হ’ব৷ নাইটচুপাৰৰ কথা সুকীয়া৷ বাছত উঠিয়েই প্ৰায় সকলোৱে অলপ টোপনি মাৰিবলৈ চেষ্টা কৰে৷ বাছখন প্ৰায় ক’তো নোৰোৱাকৈ গৈ থাকে৷ কিন্তু দিনৰ বাছত কথাবোৰ অলপ বেলেগ হয়৷ আপোনাৰ কাষত বহা মানুহজনে যদি একান্তমনে নাক খুচৰি থাকে বা হাঁচিয়াই থাকে আপোনাৰ যাত্ৰা অস্বস্তিকৰ হ’বই৷ আৰু এবিধ সহযাত্ৰী পোৱা যায় যিসকলে বাছত বহিয়েই টোপনিয়াবলৈ আৰম্ভ কৰে৷ বিশেষকৈ খুব ৰাতিপুৱাৰ বাছ নাইবা দুপৰীয়াৰ আহাৰৰ পিছত যাত্ৰা কৰা বাছ হ’লেতো কথাই নাই৷ তেনে টোপনিপ্ৰেমী সহযাত্ৰীয়ে টোপনি মাৰিলে আপত্তি কৰিবলগীয়া একো নাথাকিলহেতেন যদিহে টোপনিতে ক’বনোৱাৰাহৈ আপোনাৰ গাত হালি নপৰিলহেতেন৷ প্ৰায়ক্ষেত্ৰতে তেনে টোপনিপ্ৰেমী সহযাত্ৰীৰ মূৰটো আহি আপোনাৰ কান্ধত লাগেহি৷ তেখেতে আপোনাৰ কান্ধখনকেই গাৰু বিবেচনা কৰি নাক বজাই শুবলৈ ধৰে৷ চাফ-চিকুণ মানুহ হ’লে অলপ হয়তো সহ্য কৰিব পাৰি কিন্তু যদি ঘাম আৰু অন্যান্য গোন্ধেৰে আমোলমোলাই থকা মানুহ হয় তেনেহলে? তেনে পৰিস্থিতিত পৰা বিভিন্ন মানুহে বিভিন্নধৰণে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে৷

এবাৰ বাছেৰে বৰপেটালৈ গৈ আছিলো গুৱাহাটীৰ পৰা৷ ৰাতিপুৱাৰ বাছ৷ মোৰ পিছৰ তিনিজনীয়া চীটটোত তিনিজন মানুহ৷ তিনিজনীয়া চীটবোৰ আচলতে আঢ়ৈজনীয়া চীটহে৷ কোনোমতে হেঁচা-থেলা কৰি তিনিজন বহিব পাৰে৷ তেনেদৰেই তিনিজন মানুহ বহি গৈছিল চীটটোত৷ খিৰিকিৰ কাষত বহা মানুহজনৰ পিন্ধন-উৰণৰ পৰা অলপ অভিজাত বুলি ধৰিব পাৰি৷ তেখেতৰ কাষত বহা মানুহজন দেখাত অতি সাধাৰণ৷ হয়তো ক’ৰবাত বনুৱা কাম কৰে৷

যাত্ৰা আৰম্ভ হ’ল৷ প্ৰায় পোন্ধৰ মিনিটমান পাছতে নাকৰ ঘোৰঘোৰণিৰ শব্দ ভাঁহি আহিল মোৰ পিছৰ চীটটোৰ পৰা৷ ঘূৰি নোচোৱাকৈয়ে বুজিলো ইতিমধ্যে কোনোবা এজন নিদ্ৰাদেৱীৰ কোলাত নিৰ্মল আনন্দেৰে জিৰণি লৈছে বুলি৷ প্ৰায় পাঁচমিনিটমান পাৰ হ’ল৷ তাৰপাছত হঠাতে গোটেই বাছখনৰ শান্তি ভঙ্গ কৰি মোৰ পিছৰ চীটটোৰ পৰা এজনে চিঞৰি উঠিল৷

“ ঐ .. উঠ.. ৰাতি চুৰ ক’ৰবা গেইছিলি?”

উভতি চাই দেখিলো সেই খিৰিকিৰ কাষত বহা মানুহজনে কাষত বহি টোপনি মাৰি যোৱা বনুৱাযেন লগা মানুহজনক জাউৰিয়ে জাউৰিয়ে গালি পাৰিছে তেওঁৰ গাত ভেঁজা দি টোপনি মাৰি যোৱা বাবে৷ এটামান থাপৰো মৰা যেন লাগিল৷ টোপনি মাৰি যোৱা মানুহজনে কিবা এটা ক’বলৈ চেষ্টা কৰিছিল যদিও আনজনে ওলোটাই কিবা-কিবি কৈ নিমাত কৰি থ’লে৷


গোটেই ঘটনাটোৱে বাছৰ মানুহবোৰক যথেষ্ট আমোদ দিলে৷ টোপনি মাৰি যোৱা মানুহজনলৈ বেয়া লাগিল যদিও “ৰাতি চুৰ ক’ৰবা গৈইছিলি “ বাক্যষাৰে কিবা এটা আমোদো দিলে৷ 

মিচিক-মাচাক হাঁহি খিৰিকিৰে বাহিৰলৈ চাই নিজে টোপনি নাযাবলৈ তৎপৰ হ’লো৷

সেইবোৰ মোৰেই তেজনে?

সেইবোৰ মোৰেই  তেজনে?

সৰুৰে পৰাই তেজ চাব নোৱাৰো৷ আগতে ঘৰত মুৰ্গী কাটিলে মই ভয় কৰোঁ বাবে দেউতাই চাবলৈ নিদিছিল৷ তেজ ভয় কৰা বাবে জীৱবিজ্ঞান নপঢ়িলো ৷ ডাক্তৰ হ’বলৈও মন নেমেলিলো৷

১৯৮৪ চনৰ কথা৷ ডিগবৈ ৰিফাইনাৰিত চাকৰিৰ ইন্টাৰভিউ দিবলৈ গৈছো৷ ৰাতিপুৱা ইন্টাৰভিউ হৈ গ’ল৷ আমি কেইজনমানক নিৰ্বাচিত কৰিলে বুলি বুজিলো যেতিয়া আমাক মেডিকেল পৰীক্ষা কৰিবলৈ হস্পিটেললৈ পঠিয়ালে৷ পৰীক্ষা মানে ভাল পৰীক্ষাই৷ বহুত কিবা-কিবি চালে৷ তাৰপাছত পঠিয়ালে তেজ পৰীক্ষাৰ বাবে৷ ভয়ে-ভয়ে কোঠাত প্ৰৱেশ কৰিলো৷ প্ৰকাণ্ড চিৰিঞ্জ এটা লৈ মানুহ এজন কাষ চাপি আহিল৷ মই ভয়তে চকু মুদি দাঁত-মুখ কামুৰি বেলেগ ফালে মূৰটো ঘুৰাই আন কথা চিন্তা কৰিবলৈ চেষ্টা কৰিলো৷ পূৰণৰ বৰ নেওতাখন আকৌ মনত পেলাবলৈ চেষ্টা চলালো৷ ইতিমধ্যে বেজীৰ খোঁচ পৰিল৷ মই নেওঁতা মুখস্থ মতাত ব্যস্ত হ’লো৷

অলপ সময় পাৰ হ’ল৷ মানুহজনে কপাহ এডোখৰ বেজীৰে বিন্ধোৱা ঠাইখিনিত লগাই দি মোক হাতেৰে চেপা পাৰি ধৰি থাকিবলৈ ক’লে৷ মইও চকু মেলি চালো৷ প্ৰথমেই চকু পৰিল মানুহজনৰ হাতত থকা প্ৰকাণ্ড চিৰিঞ্জটোত৷ কিজানি ৫০ চি চি মান হ’ব৷ গোটেইটো তেজেৰে ভৰ্তি হৈ আছিল৷ 
দেখিয়েই ভাবিলো,

“আও, ইমানবোৰ মোৰেই তেজনে?”

লগে-লগে মূৰটো ঘূৰাবলৈ ধৰিলে৷ চকুৰে আন্ধাৰ দেখিলো৷ বহাৰ পৰা উঠিবলৈ চেষ্টা কৰিলো কিন্তু বাগৰি ভৰাৰ ভয়তে আকৌ বহি পৰিলো৷ মানুহজনক সেহাই সেহাই সুধিলো,

“ স্মেলিং চল্ট আছেনেকি? মূৰটো ঘূৰাইছে৷”

তেখেতে মোক সাহস দি অলপ সময় চকু মুদি জিৰণি ল’বলৈ ক’লে৷ মোৰ লাজো লাগিল৷ প্ৰায় পাঁচ মিনিটমান পাছত অলপ প্ৰকৃতিস্থ হোৱা যেন লগাত থৰক-বৰককৈ থিয় দিলো৷

সকলো পৰীক্ষা হৈ গ’ল৷ একো বেমাৰ-আজাৰ আদি ধৰা নপৰিল৷ কিন্তু মোক বিশেষভাবে মাতি পঠিওৱা হ’ল মূখ্য চিকিৎসকগৰাকীৰ ওচৰলৈ৷ তেখেতে বুকুত স্টেথোস্ক’পডাল লগাই কিবা-কিবি চালে৷ মোৰ হৃৎপিণ্ডৰ স্পন্দন পৰীক্ষা কৰা যেন লাগিল৷ তাৰপাছত মোক বিদায় দিলে৷ 

চাকৰি হৈ গ’ল৷ 
তেজলৈ ভয় অৱশ্যে থাকি গ’ল৷


Tuesday, 25 November 2014

বগৰীৰ হাঁহি

বগৰীৰ হাঁহি

দেউতাৰ মৃত্যুৰ পাছত আমি হঠাতে দুখীয়া হৈ পৰিলো৷ শ্বিলঙৰ পৰা বৰপেটালৈ গুচি আহিলো৷ পৈত্ৰিক ঘৰত থকা ঠাইৰ অভাৱ বাবে মাৰে সৈতে আমি কীৰ্তন ঘৰৰ ওচৰতে ঘৰ এটা ভাড়া লৈ থাকিবলৈ ল'লো৷ ডাঙৰ দাদা তেতিয়া নৱম শ্ৰেণীত, মই চতুৰ্থ শ্ৰেণীত, সৰু ভাইজন স্কুললৈ যাবলৈ লৈছে মাথোন৷ অতি কম বয়সতে মৃত্যু ঘটা দেউতাই আমালৈ বিশেষ একো থৈ যাব নোৱাৰিলে৷ চৰকাৰৰ পৰা পৰিয়াল-পেঞ্চন হিচাবে মাহে ১৫৮/- টকাকৈ আমি পাইছিলো৷ তাৰেই টুক-টাককৈ কোনোমতে অতি কষ্টেৰে চলিছিলো৷ অতীতৰ দিনবোৰ সপোন যেন লগা হৈ আহিছিল৷ আৰ্থিক অনাটন কি বস্তু, তাৰ লগে-লগে সমাজত মানুহৰ স্থান কেনেদৰে সলনি হয়, কেনেদৰে অতি কোমল বয়সৰ শিশু এটাইও বাস্তৱৰ নিষ্ঠুৰতাৰ কথা বুজি পোৱা হয় তাৰ জ্বলন্ত উদাহৰণ আমিয়েই আছিলো৷ সহায় কৰোঁতা কোনো নাছিল; বন্ধু-বান্ধৱৰ সংখ্যা কমি গৈছিল৷

এবাৰ আমি থকা ভাড়াঘৰটোৰ ওচৰলৈ আলহী এঘৰ আহিছিল৷ মাক আৰু ল'ৰা-ছোৱালীদুটা৷ দেউতাকক দেখা নাছিলো৷ বৰপেটাৰ হাটীৰ ঘৰবোৰ প্ৰায় লগ লাগি থাকে৷মাজত কোনো ব্যৱধান নাথাকেই বুলিব পাৰি৷ চোতালৰ মাজত বেৰ প্ৰায় নাথাকেই বাবে সকলোৱে সকলোৰে চোতাল-বাৰান্দা আদি দেখি থাকে বুলি ক'ব পাৰি৷ কাৰ ঘৰত কি ঘটিছে হাটীখনৰ প্ৰায় সকলোৱে গম পায়৷ আমাৰ ওচৰৰ ঘৰলৈ গুৱাহাটীৰ পৰা অহা সেই আলহী পৰিয়ালটোও ভালদৰে লক্ষ্য কৰি থাকিবলৈ সুযোগ পাইছিলো৷ দেউতাক কোনো ডাঙৰ চাকৰিয়াল৷ চালে চকুৰোৱা মাকগৰাকী৷ আৰু দেখিলেই মৰমলগা অতি স্মাৰ্ট ল'ৰ-ছোৱালীদুটি৷ আমি অতি উৎসুকহৈ তেওঁলোকক লক্ষ্য কৰিছিলো৷

তেতিয়া আছিল জাৰকাল৷ ৰাতিপুৱা বাৰান্দা-চোতালত বহি মানুহে ৰ'দ পুৱায়৷ আমি বাৰান্দাতে ৰ'দত বহি কিতাপ পঢ়ো৷ সেইদিনাও পঢ়িবলৈ বহিছো যদিও বাৰে-বাৰে চকু গৈ আছিল সেই পৰিয়ালটোলৈ৷ মাক বাৰান্দাত বহি আছে৷ ল'ৰা-ছোৱালীদুটাই দুজনমান লগৰীয়াৰে সৈতে চোতালত কিবা খেলি আছে৷

অলপ পাছত ডেকা এজন সোমাই আহিল হাতত মোনা এটা লৈ৷ মোনাৰ পৰা কাগজৰ ডাঙৰ টোপোলা এটা উলিয়াই বাৰান্দাত বহি থকা মহিলাগৰাকীক দিলে ৷ নিশ্চয় কিবা কিনি আনিবলৈ কৈছিল৷ মহিলাগৰাকীয়ে কাগজৰ টোপোলাটো খুলিলে৷ দূৰৰ পৰাই চাই দেখিলো ৰ'দত চিকমিকাইছে সৰু-সৰু ৰঙা-ৰঙা বগৰীবোৰ৷ তিতাবৰৰ ফালে আমি কেঞা বগৰী বুলি কৈছিলো৷ বৰপেটাত কয় খুদ বগৰী বুলি৷ খুব ভাল পাইছিলো খাই৷ দহ পইচাত অকণমান টেমা এটাৰে দোকানীয়ে এটেমা দিয়ে৷ গুটিৰে সৈতে চোবাই খাওঁ৷ মহিলাগৰাকীৰ হাতত থকা প্ৰকাণ্ড টোপোলাটোত কিমান টেমা বগৰী হ'ব দূৰৰ পৰাই অনুমান কৰিবলে চেষ্টা কৰিলো৷ বিশ টেমামান হ'ব বোধকৰো৷ লোভো লাগি আহিল৷ মোকো কেইটামান খাবলৈ দিয়াহেতেন.....মনতে ভাবিলো৷

মহিলাগৰাকীয়ে ল'ৰা-ছোৱালীদুটাক মাতিলে৷ সিহঁত কাষ চাপি আহিল বগৰী খাবলৈ৷ মাকেও দুটামান মুখত দিলে৷ সিহঁতেও হাতত লৈ খাবলৈ ধৰিলে ৷ কিন্তু হঠাতে কিবা এটা হ'ল৷ দূৰৰ পৰা একো বুজি নাপালো৷ মহিলাগৰাকীয়ে টোপোলাটোৰ পৰা বগৰীবোৰ মুঠিয়ে মুঠিয়ে লৈ চোতালত সিঁচি দিবলৈ ধৰিলে , ল'ৰা-ছোৱালীদুটাই চাই থাকিল৷ গোটেই টোপোলাটোৰ বগৰীখিনি চোতালত চতিয়াই দি শেষ কৰি পেলোৱাৰ পাছত ল'ৰা-ছোৱালীদুটা লাহে-লাহে আঁতৰি গ'ল৷ হয়তো মাকৰ কিবা কথাত খং উঠি তেনে কৰিলে৷ নাইবা হয়তো বগৰীবোৰ বেয়া আছিল৷ কাৰণটো একো বুজি নাপাই দূৰৰ পৰাই অবাক হৈ চাই থাকিলো৷

চোতালত ৰ'দত চিক মিক চিক মিক কৰি থকা বগৰীবোৰেৰে গোটেই চোতালখেই বুটা বাছি দিয়াৰ দৰে হ'ল৷  দূৰৰ পৰাই বগৰীবোৰে যেন মোলৈ চাই অবুজ হাঁহি মাৰি আছে, এনে ভাব হ'ল৷

মোৰ কুমলীয়া মনত এটা ধাৰণাই কিন্তু সাঁচ বহুৱাই দিলে:
"ধনীমানুহৰ কথাই বেলেগ৷"

Tuesday, 11 November 2014

সেয়া কি কল আছিল?

সেয়া কি কল আছিল?

বজাৰ কৰা কামটো  সৰুৰে পৰা বেয়া পাওঁ ৷ বয়-বস্তু ভালদৰে চিনিও নাপাওঁ ৷ মাছ কিনিবলৈ যে একেবাৰে ভাল নাপাওঁ ৷ উপায় নাথাকিলেহে কেতিয়াবা বজাৰ কৰিব লগা হয় ৷

১৯৮১ চন মানৰ কথা ৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ হৈ আছো ৷ অসম আন্দোলনো চলি আছে ৷ তেতিয়া আমি বঙাইগাওঁত থাকো ৷ তৃতীয় বাৰ্ষিকৰ পৰীক্ষা দি বঙাইগাওঁলৈ আহিছো ৷ ইতিমধ্যে ঘৰত এটা ডাঙৰ বিপদ ঘটিছে ৷ মা বাথৰুমত পিছল খাই পৰি আঁঠুৰ ঘিলা ভাগি বঙাইগাওঁ ৰিফাইনাৰী হস্পিটেলত ৷ দাদা দুজনৰ বিয়া-বাৰু তেতিয়াও হোৱা নাই ৷ ডাঙৰ দাদা ৰাতিপুৱাতে নিজৰ ক্লিনিকলৈ ওলাই যাব লাগে , সৰু দাদাৰ কাম ৰিফাইনাৰীত ৷ চিফ্ট ডিউটি কৰিব লাগে ৷ সময়ৰ কোনো মা-বাপ নাই ৷ ঘৰত ৰন্ধা-বঢ়া আদি  সকলো দায়িত্ব মোৰ ওপৰতে পৰিল ৷ ৰাতিপুৱাতে উঠি সকলো কাম-বন কৰি মাৰ বাবে খোৱা-বস্তু লৈ চাইকেল মাৰি হস্পিটাললৈ যাওঁ ৷ চহৰৰ আমি থকা ঠাইৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰমান হ'ব ৷ আবেলি উভটি আহি আকৌ ৰন্ধা-বঢ়া কাম ৷ তেনেদৰে দিনবোৰ গৈ আছে ৷ যাওঁতে মাৰ বাবে কিবা-কিবি কিনি লৈ যাব লাগে বজাৰৰ পৰা ৷

এদিন তেনেদৰে গৈ থাকোঁতে মনত পৰিল মাৰ বাবে মালভোগ কল লৈ যাব লাগে বুলি ৷ পাগলাস্থানৰ বজাৰত চাইকেল ৰখাই কল কিনিবলৈ সোমালো ৷ মাটিত বস্তা পাৰি কল বেচি থকা মানুহ এজনৰ ওচৰ পাই সুধিলো,
" মালভোগ কল আছেনে?"
দোকানীজনে কল কেইআখিমান দেখুৱাই দিলে ৷ আকাৰত অলপ সৰু ৷ বাকলিবোৰো খুব বেছি নিমজ নহয় ৷ মোৰ অলপ সন্দেহ হ'ল ৷ আকৌ সুধিলো,
" এইবোৰ মালভোগ কলনে?"
" অঁ, খাটি মালভোগ কল ৷ লোকেল ৷"
মই হাতেৰে অলপ লিৰিকি-বিদাৰি চালো, তাৰপাছত অলপ দৰ-দাম কৰি দুই ডজন কিনি ল'লো ৷ কলখিনি বেগ এটাত ভৰাই চাইকেলৰ হেণ্ডেলত ওলোমাই আকৌ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলো ৷
কিন্তু মনটোৱে নামানে ৷ বাৰে-বাৰে সন্দেহ হ'ল, " এইবোৰ সঁচাকৈয়ে মালভোগ কলনে ? "
কিছুসময় তেনেদৰে আগবাঢ়িলো কিন্তু মনটোৱে নমনাত চাইকেল ৰখাই নামিলো ৷ তাৰপাছত কল এটা উলিয়াই বাকলি গুচাই কামোৰ মাৰিলো ৷ একামোৰ দুকামোৰকৈ গোটেই কলটো শেষ কৰিলো ৷ তথাপি মালভোগ কল খোৱা যেন নালাগিল ৷ চেনিচম্পা নেকি বাৰু? নে মনোহৰ কল? মনত সন্দেহ বাঢ়ি গ'ল ৷ হঠাতে টিঙিচ কৈ খং এটা উঠি আহিল ৷ মোক ঠগিবলৈ আহিছে ৷ চিনি পোৱা নাই বুলি চাইকেলত জাপ মাৰি উঠি উভতি আহিলো পাগলাস্থানলৈ ৷ আহিয়েই দোকানীজনৰ আগত কলখিনি দলিয়াই সি জাউৰিয়ে জাউৰিয়ে গালি পাৰিলো ৷
এইবোৰ চেনিচম্পা কল ৷ মই কল চিনি নাপাওঁ বুলি ভাবিছ? মোক মালভোগ কল বুলি ঠগাবলৈ আহিছ ৷ মই খাই চালো নহয়...দে.. পইচা ঘূৰাই দে.. ইত্যাদি , ইত্যাদি ৷
দোকানীজনে অবাক হৈ মোৰ মুখলৈ চাই থাকিল ৷ একো উত্তৰ নিদিলে ৷  মই এটা কলৰ পইচা দি বাকীখিনি ওভোতাই লৈ কল নিকিনাকৈয়ে চাইকেলত আকৌ উঠি পৰিলো ৷

কিছুসময় পাছত আকৌ সন্দেহ হ'ল ৷ কলকেইটা বাৰু মালভোগ কলেই আছিল নেকি?

নহলে দোকানীজনে ইমান আচৰিত হৈ মোলৈ কিয় চাই থাকিল ? হয়তো ভাবিলে, কি বুৰ্বক ল'ৰা ! মালভোগ কলো চিনি নাপায়... !!!

কথাটো ভাবি লাজহে লাগিবলৈ ধৰিলে ৷ কেতিয়া গৈ হস্পিটাল পালো ক'বকে নোৱাৰিলো ৷




Monday, 10 November 2014

মিছা কথাৰ মেৰপাক

মিছা কথাৰ মেৰপাক..

১৯৬৮ চনৰ কথা ৷ তিতাবৰৰ পৰা শ্বিলঙলৈ আমি বদলি হৈ আহিছো ৷ দেউতাই ডাঙৰ দাদাহঁতক শ্বিলং বিদ্যালয় আৰু মোক আৰু সৰু ভাইটিক শঙ্কৰদেৱ বিদ্যাপীঠত নাম লগাই দিলে ৷ তেতিয়া মই তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৷

শঙ্কৰদেৱ বিদ্যাপীঠ স্কুলখন আছিল অতি সৰু ৷ আমাৰ শ্ৰেণীত আছিলো মাত্ৰ ষোলজন ছাত্ৰ-ছাত্ৰী ৷ তেনেদৰে বাকী শ্ৰেণীবোৰতো যথেষ্ট কম সংখ্যক ছাত্ৰ-ছাত্ৰী ৷ ক'বলৈ গ'লে গোটেই স্কুলখন আছিল এটা সৰু পৰিয়ালৰ নিচিনা ৷ সকলোৱে সকলোকে চিনি পায় ৷ পানীখোৱা ছুটীৰ সময়ত সকলোৱে একেলগে খেলোঁ ৷

স্কুললৈ কোনোবা নতুনকৈ আহিলে সকলোৱে গম পায় ৷ আমিও অলপ পলমকৈ গৈছিলো ৷ কিন্তু আমি যোৱাৰ কিছুদিন পাছতে এজন ল'ৰা আহিল দ্বিতীয় শ্ৰেণীলৈ ৷ অতি স্মাৰ্ট ল'ৰা ৷ আমি তিতাবৰৰ পৰা শ্বিলঙৰ দৰে ডাঙৰ ঠাইলৈ আহিছিলো বাবে অলপ লাজ-সংকোচ আছিল ৷ পিন্ধা-উৰা, চাল-চলন আদিত আনবোৰ নিচিনা নাছিলো যদিও সোনকালেই খাপ খাব ধৰিছিলো ৷

নতুন ল'ৰাজনৰ লগত চা-চিনাকি হ'ল ৷ কথা-বতৰা পাতিবলৈ ধৰিলো ৷ ল'ৰাজন কোনো ডাঙৰ পৰিয়ালৰ ৷ বিদেশতো চিনাকি মানুহ আছে বুলি গম পালো ৷

এদিন কথা প্ৰসঙ্গত ল'ৰাজনে সুধিলে,
"তোমালোকৰ কোনো সম্বন্ধীয় মানুহ বিদেশত থাকে নেকি? "

" থাকে ৷ ইংলেণ্ডত থাকে ৷"
মই ঘপৰাই উত্তৰ দিলো ৷

"হয় নেকি? কোন থাকেনো?"
সি সুধিলে ৷

ময়ো লগেলগে উত্তৰ দিলো ৷
" মাহঁতৰো কোনোবা থাকে, দেউতাহঁতৰো চিনাকি মানুহ আছে ৷"

আচলতে এবাৰ মা-দেউতাই কথাপাতি থাকোঁতে শুনিছিলো  "তেওঁ এতিয়া ইংলেণ্ডত থাকে " বুলি দেউতাই মাক কোৱা ৷  তাৰ আধাৰতে মই ওফাইডাং মাৰি কথাখিনি ক'লো ৷

ল'ৰাজনো কম নহয় ৷ সি আকৌ সুধিলে,
" তোমালোকলৈ চিঠি-পত্ৰ লিখেনে ?"

ময়ো সহজে এৰা ভকত নহয় ৷ আকৌ মিছা উত্তৰ দিলো গভীৰ আত্ম-বিশ্বাস দেখুৱাই ৷ ক'লো,
" লিখে ৷ মাজে-মাজে আমালৈ চিঠি আহি থাকে ৷"

এইবাৰ ল'ৰাজন আচল কথালৈ আহিল ৷ আচলতে বিদেশত সম্বন্ধীয় মানুহ থকাটো ল'ৰাজনৰ বাবে একো ডাঙৰ কথা নাছিল ৷ মোক সোধাৰ কাৰণটো বেলেগহে আছিল ৷ সি ক'লে,

" আগতে অহা চিঠিৰ পৰা ডাক-টিকট কেইটামান খুলি আনি মোক দিব পাৰিবানে ? মই বিভিন্ন দেশৰ ডাক-টিকট গোটাওঁ ৷ সেইটো মোৰ হ'বি ৷ "

"এইবাৰহে মৰিলো ৷ ইমানপৰে মিছাকথাৰ ফুলজাৰি মাৰি আছিলো ৷ এতিয়া বিদেশৰ ডাক-টিকট ক'ৰ পৰা আনি দিওঁ তাক?" মনে মনে চিন্তা কৰিলো ৷ তথাপি হাৰ নামানি ক'লো,

" ঠিক আছে ঘৰত বিচাৰি চাম ৷ মাহঁতে চিঠিবোৰ বা ক'ত থয় নাজানো ৷ তথাপি বিচাৰি চাম ৷"
কথাখিনি কৈ তাৰ ওচৰৰ পৰা পলালো ৷

পিছদিনা ল'ৰাজনে সুধিলে,
" টিকট বিচাৰি পালানে ?"

" নাই, বিচাৰি আছো ৷ পালে দিম দিয়া ৷" ময়ো উত্তৰ দি লাহেকৈ আতৰি গ'লো ৷

ঘৰত দেউতাক সুধিলো ক'ৰবাত বিদেশৰ ডাক-টিকট পোৱা যাবনেকি বুলি ৷ দেউতাই বিশেষ আগ্ৰহ নেদেখুৱালে ৷

তাৰপাছত প্ৰায় প্ৰতিদিনেই ল'ৰাজনৰ সেই একেই প্ৰশ্ন , মোৰো একেই উত্তৰ ৷  এসপ্তাহমান তেনেদৰে পাৰ হ'ল ৷ হয়তো ল'ৰাজনে বুজি পালে মোৰ পৰা টিকট পোৱাৰ আশা নাই বুলি ৷ সুধিবলৈ এৰি দিলে ৷ ময়ো সকাহ পালো ৷

মিছা কথা কৈ নিজক জহাবলৈ গৈ এনেদৰে আৰু বিপদত কেতিয়াও নপৰাৰ সিদ্ধান্ত ল'লো ৷