ছোৱালী জোকোৱা..
ছোৱালী জোকোৱা বেয়া কথা বুলি
সৰুতে জনাই নাছিলো ৷ ল’ৰা-ছোৱালী একেলগে পঢ়িছিলো প্ৰাথমিক স্কুলত৷ গতিকে প্ৰায় একেলগে খেলি-ধূলি সময় কটাইছিলো ৷ অৱশ্যে
লাহে-লাহে সকলো বুজি উঠিছিলো ৷
প্ৰথম শ্ৰেণীত আছিলো বোধহয় তেতিয়া
৷ তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকোঁ আৰু তিতাবৰ বুনিয়াদী অভ্যসন বিদ্যালয়ত পঢ়োঁ ৷ তিতাবৰৰ
সেই পামখন খুব আটক-ধুনীয়াকৈ সজোৱা আছিল ৷ (এতিয়া আৰু সেই অৱস্থা নাই) চৌহদটোৰ মাজতে
এখন বিশাল খেল-পথাৰ ৷ তাতে ল’ৰা-ছোৱালীৰ খেলা-ধূলাৰ বাবে দোলনা, ঢেকী-খেল আদিৰ ব্যৱস্থা
আছিল৷ ওচৰ-পাজৰৰ ল’ৰা-ছোৱালীবোৰো খেলিবলৈ আহিছিল
৷
এদিন দেওবাৰে আবেলি ঘৰৰ পৰা ওলাই
আহি দেখিলো দুজনী ছোৱালীয়ে ঢেকী খেলি আছে ৷ দুয়োকে চিনি পাওঁ ৷ আমাতকৈ ডাঙৰ ৷ দুয়ো
“চিৰ যুগমীয়া ঢৌ তুলি ঢৌ তুলি..” গানটো গাই-গাই, হাতেৰে অঙ্গী-ভঙ্গী কৰি আপোন মনে ঢেকী
খেলি আছে ৷ এবাৰ এগৰাকী ওপৰ উঠে তাৰপাছত আনগৰাকী ৷ গানটোও যেন সেই খেলৰ লগত খাপহে খাই পৰিছিল এনে লাগিছিল৷ মই মোৰ লগৰীয়াজনৰ সৈতে গৈ ওচৰত অলপ সময় থিয় দি তেওঁলোক দুগৰাকীক চাই থাকিলো
৷ প্ৰথমতে ভালেই লাগিছিল৷ পিছে আমাৰো অলপ খেলিবৰ মন আছিল ৷ কিন্তু ছোৱালীদুগৰাকী নানামেহে নানামে ঢেকীৰ পৰা ৷
অলপ পাছত অধৈৰ্য হৈ আমি ছোৱালী দুগৰাকীক জোকাবলৈ ধৰিলো ৷
“ ইঃ, গান গাইছে চা ৷ চিৰ যুগমীয়া
ঢৌ তুলি…..ঢৌ তুলি….”
আমি হাতেৰে অঙ্গী-ভঙ্গী কৰি,
ভেঙুচালি কৰিবলৈ ধৰিলো ৷ ছোৱালীদুগৰাকীয়ে কিন্তু বিশেষ একো নক’লে ৷ খেলো বন্ধ নকৰিলে
৷ প্ৰায় আধাঘন্টামান আমি অপেক্ষা কৰিলো ৷ তাৰপাছত আমনি লগাত বেলেগফালে গুছি গ’লো ৷
ছোৱালীদুগৰাকী ঢেকী খেলি থাকিল… …..
কিন্তু… খবৰটো গৈ আমাৰ ঘৰ পালেগৈ..
কেতিয়া, কেনেকৈ নাজানো ৷
পিছদিনা ঘৰত দেউতাৰ চৰ, থাপৰ,
এচাৰিৰ কোব.. পিঠি বখলা-বখল.. ছোৱালী জোকোৱাৰ ফল ৷
ছোৱালীক জোকোৱাটো কিমান যে ভয়ংকৰ
কথা সৰুতেই বুজি পালো ৷ তাৰপাছত আৰু কোনো ছোৱালীক সজ্ঞানে জোকোৱা মনত নপৰে ৷ কিন্তু
আৰু দুটা ঘটনা সদায় মনত পৰে..দুয়োটা কটন কলেজত প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত পঢ়িথকা
সময়ৰ কথা..
হোষ্টেলৰ পৰা দলে-বলে চিনেমা
চাবলৈ যোৱাটো এটা নিয়মীয়া কাম যেন আছিল ৷ এদিন কেলভিনৰ পৰা চিনেমা চাই ৰাতি খোজকাঢ়ি
হোষ্টেললৈ উভতি আহি আছিলো ৷ ওভাৰব্ৰীজৰ ওপৰ পালো ৷ তেনেতে আমাৰ কাষেৰে ৰিক্সা এখন ৰিক্সাৱালাই
টানি টানি লৈ গ’ল ৷ লাইটৰ পোহৰত লগৰীয়া দুজনমানৰ
চকুত পৰিল ৰিক্সাত বহিযোৱা ব্যক্তিদুগৰাকী
৷ লগে-লগে দিলে কিবা মন্তব্য তেখেতসকলে শুনাকৈ ৷ কোনোবা এজনে আৰু কিবা এটা ক’লে ৷ তাৰপাছত
দেখিলো ৰিক্সাৰ পিছপিনৰ পৰ্দাখন ডাঙি দুগৰাকী ডাঙৰ ছোৱালীয়ে আমাৰ দলটোৰ পিনে চাই-চাই আমাক শুনাকৈ
কৈছে…
“ ইয়ে, ইমান অকণমান অকণমান ল’ৰা
৷ লাজেই লাগে পাই ৷ ভাইটিহঁত তোমালোকৰ আন কাম নাই নেকি?”
কথাটো মিছাও নহয় ৷ আমাৰ দলটো
আছিল ষোল-সোতৰবছৰ বয়সীয়া ৷ তেখেতসকল আমাতকৈ ডাঙৰ ৷ আমি গোটেইবোৰ লাজত মৰি যোৱা যেন
হ’লো ৷
আন এটা ঘটনা.. অলপ বেলেগ ধৰণৰ ৷
কটন কলেজৰ ইউনিয়ন বিল্ডিঙৰ সম্মুখত
দুগৰাকী ছোৱালী প্ৰায়েই বহি থাকে ৷ মই আৰু সহপাঠী ৰাণা মাজে-মাজে সেই বাটে যাওঁ কেন্টিনলৈ ৷ এদিন মন কৰিলো ছোৱালী দুগৰাকীয়ে আমাৰ দুয়োৰো পিনে চাই মিচিককৈ হাঁহে ৷ আমি দুয়ো পাৰ হৈ
গৈ আলোচনা কৰো,
“ ঐ, দেখিলিনে? সিহঁতে আমাৰফালে চাই হাঁহিছে
৷ ব’লচোন আকৌ যাওঁ ৷” বুলি আমি আকৌ উভতি সেই পিনে যাওঁ ৷ এইবাৰ আমি তেওঁলোকৰ পিনে চাই
হাঁহো, তেওঁলোকেও মৰমলগাকৈ হাঁহে ৷ আমাৰ ভাল লাগে ৷ সময় পালেই পাকে-পাকে সেইপিনে যাওঁ
আৰু তেনেদৰে হাঁহিৰ আদান-প্ৰদান চলি থাকে ৷
ৰাণা অলপ সাহসী ৷ এদিন সি আগবাঢ়ি
গৈ ছোৱালীদুগৰাকীৰ ওচৰ পালেগৈ ৷
: তোমালোকে আমাৰ ফালে চাই কিয়
হাঁহা ?
সি সুধিলে ৷
: তোমালোকে কিয় হাঁহা ?
ছোৱালীদুগৰাকীয়ে সুধিলে৷
: তোমালোকে হাঁহা কাৰণে হাঁহো
৷
ৰাণাই উত্তৰ দিলে ৷
এইবাৰ ছোৱালী এগৰাকীয়ে ৰহস্যটো
ভাঙি দি ক’লে,
: আচলতে তোমালোক ইমান সৰু-সৰু
ল’ৰা ৷ দেখি আমাৰ মৰম লাগি যায় ৷ আমাৰ ভাইটি বুলি ভাবিহে আমি মৰমতে হাঁহো (ৰাণা আৰু
মই অতি চুটি-চাপৰ , সৰু ল’ৰা যেন আছিলো দেখিবলৈ) ৷
গম পালো, দুয়ো বি. এছ, চি দ্বিতীয়
বাৰ্ষিকত পঢ়ে ৷ আমাতকৈ প্ৰায় দুবছৰ ডাঙৰ ৷ তেওঁলোকে আমাক দুয়োকো ভাইটি বনাই ল’লে ৷
উলুবাৰীত থকা তেওঁলোকৰ এগৰাকীৰ ঘৰলৈ চাহ-জলপান খাবলৈও গ’লো ৷