নৈশ ফুটবল.. উৰি
গ’ল বল !!
১৯৮৮ চন৷ তেতিয়া আই আই টি, মাদ্ৰাজত এম. টেক. কৰি আছো৷ কৃষ্ণা হোষ্টেলত
থাকো৷ কৃষ্ণা আৰু কাবেৰী হোষ্টেলত পি. এইচ. ডি. আৰু এম. টেক. কৰা জ্যেষ্ঠ ছাত্ৰসকল
থাকে৷ খেলা-ধূলা কৰা ছাত্ৰ বেছি নাই৷
মাদ্ৰাজ আই. আই.
টি.ত বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা হৈছিল৷ তাৰে এটা আছিল “চিক্স এ চাইড” ফুটবল প্ৰতিযোগিতা৷
প্ৰতিটো দলত ছজনকৈ খেলুৱৈ থাকে৷ কোনো অফ চাইড নাই৷ বাকী নিয়ম একেই৷
এদিন ৰাতি ভাত
খোৱাৰ পাছত মালায়ালী ছাত্ৰ এজনে আহি সুধিলে,
: দাস, আপুনি
অসমৰ৷ নিশ্চয় ফুটবল খেলে..
মই ৰসিকতা কৰি
উত্তৰ দিলো,
: মই কেবল বলটো
গোৰ মাৰি দিব জানো আৰু দৌৰিব জানো…
: ডেট ইজ এনাফ…
সেয়ে যথেষ্ট…
মালায়ালী ছাত্ৰজনে
উত্তৰ দিলে৷
মই সৰুতে লগ-সমনীয়াৰ
লগত কেতিয়াবা কেতিয়াবা ফুটবল খেলিছিলো যদিও হাইস্কুল পোৱাৰ পাছত আৰু কেতিয়াও খেলা নাছিলো
বুলি ক’ব পাৰি৷ ফুটবল খেলুৱৈৰ শাৰীতযে কেতিয়াও নপৰো৷ তথাপি মালায়ালী ছাত্ৰজনৰ কথাত
অলপ উৎসাহ পালো৷ ছাত্ৰজনে ক’লে,
: আপুনি আমাৰ
হোষ্টেলৰ “খ” দলত খেলিব লাগিব৷ আজি ৰাতি খেল আছে৷ ছিক্স এ চাইড খেল৷ আপুনি ফুল বেক৷
মই মানি ল’লো৷
ভালো লাগিল৷ জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই মোক নিজে আগবাঢ়ি আহি দলত স্থানত দিছে৷ তাতে
আকৌ ফুটবল দলত৷
ৰাতি চাৰে আঠমান
বজাত আমি খেলপথাৰ পালোগৈ৷ লাইটৰ পোহৰত গোটেইখন দিন যেন পোহৰ হৈ আছিল৷ আমাৰ খেল কোনোবা
এটা বি. টেক. হোষ্টেলৰ “ ই” দলৰ লগত৷ সৰু-সৰু ল’ৰা৷ মোতকৈ দহবছৰমান সৰু হ’ব বয়সত৷ তাতে
মই অলপ ব্যায়াম, ভাৰোত্তোলন আদি কৰিছিলো বাবে শৰীৰৰ আকাৰ তুলনামূলকভাবে সকলোতকৈ ডাঙৰ৷
প্ৰকাণ্ড ভৰি আৰু কলাফুল৷ অসমৰ মানুহৰ কলাফুল এনেও ডাঙৰ৷
মোক বুজাই দিয়া
হ’ল৷ মোৰ কাম ফুল বেক৷ বলটো বিপক্ষৰ গ’ল পোষ্টৰ আগত থিয় দি থকা আমাৰ খেলুৱৈ দুজনলৈ
মাৰি পঠিয়াব লাগিব যেতিয়াই মই বল পাওঁ৷ কোনো অফ চাইড নাই৷ আৰু বিপক্ষৰ দলৰ কোনোবাই
বল লৈ আহিলে যেনে-তেনে বলটো বাহিৰলৈ মাৰি দিলেই হ’ব৷
খেল আৰম্ভ হ’ল৷
মোৰ জীৱনৰ প্ৰথম প্ৰতিযোগিতামূলক ফুটবল খেল৷ বি. টেক. পঢ়া সৰু-সৰু ল’ৰাবিলাকে চিঞৰ
বাখৰ আৰম্ভ কৰিলে৷ এজন বল লৈ আগবাঢ়ি আহিল আমাৰ গ’লৰ ফালে৷ মই খেদি গ’লো৷ মোক দেখিয়েই
বোধকৰো ভয় খালে৷ বলটো এৰি দিলে৷ বাহিৰৰ পৰা কোনোবাই চিঞৰিলে,
: ঐ বডি বিল্ডাৰ..
বলটো কাঢ়ি লৈ
মই বিপক্ষৰ পিনলৈ মাৰি দিলো৷ আমাৰ এজনে ধৰিলে৷ কিন্তু গ’ল দিব নোৱাৰিলে৷ খেল চলি থাকিল৷
মোৰো আত্ম-বিশ্বাস লাহে-লাহে বাঢ়ি গ’ল৷ কোনেও কাকো গ’ল দিব পৰা নাই৷
হাফ-টাইম হ’ল৷
অলপ জিৰণি পালো৷ তাৰপাছত আকৌ সেই একেই একেই দৌৰা-দৌৰি৷ অতি আমোদজনক কথা যে বিপক্ষ দলে
আমাৰ গ’ললৈ এটাও ছট লব নোৱাৰিলে৷ মোক দেখিয়েই সকলোৱে ভয় খায় বুলি বুজিলো৷ কিন্তু অতি
দুখৰ কথা যে আমাৰ দলেও এটাও গ’ল দিব নোৱাৰিলে৷
নিৰ্দ্ধাৰিত সময়
শেষ হ’ল৷ খেল দ্ৰ৷ এইবাৰ হ’ব টাই ব্ৰেকাৰ৷ তিনিটা তিনিটা পেনাল্টী ছট মাৰিব দুয়ো দলে৷
মোকো এটা ছট ল’বলৈ কোৱা হ’ল৷ মই আপত্তি কৰিলো৷ আগতে কেতিয়াও খেলিয়েই পোৱা নাই৷ তাতে
আকৌ টাইব্ৰেকাৰৰ পেনাল্টী৷ মোক সকলোৱে আশ্বাস দি ক’লে,
: চিন্তা নকৰিব৷
বিৰাট জোৰত মাৰি দিব৷ গ’লকীপাৰে ধৰিবই নোৱাৰিব৷
ময়ো মান্তি হ’লো৷
বুকুখনে কিন্তু ধান বানিছে৷
পেনাল্টী ছট লোৱা
আৰম্ভ হ’ল৷ প্ৰথমে মাৰিলে তেওঁলোকে৷ তাৰপাছত আমাৰ এজনে৷ তেওঁলোকৰ তিনিওজনে মাৰিলে আৰু
আমাৰ দুজনে মাৰিলে৷ তেওঁলোকৰ এজনে গ’ল কৰিলে আৰু আমাৰ দুজনে এটাও গ’ল দিব নোৱাৰিলে৷
অৰ্থাৎ তেওঁলোক আগবাঢ়ি থাকিল ১-০ ত৷ একেবাৰে শেষত পৰিল মোৰ পাল৷ সম্মুখত বিপক্ষৰ গ’ল
কীপাৰ৷ ভৰিৰ আগত বল৷ মই দাঁত-মুখ কামুৰি সৰ্ব-শক্তি প্ৰয়োগ কৰি মাৰি দিলো বল৷ বল আগবাঢ়িল
তীব্ৰ বেগে৷ বিপক্ষৰ গ’লকীপাৰে লৰ-চৰেই নকৰিলে , বল ধৰিবলৈ কোনো চেষ্টা নকৰিলে ভয়তে৷
সকলোৱে ভাবিলে গ’ল….
কিন্ত বলটো ক’ত?
প্ৰচণ্ড আঘাত
সহিব নোৱাৰি বলটো গ’লপোষ্টৰ ওপৰেৰে উৰি গৈ দূৰৰ আন্ধাৰত বিলীন হৈ গ’ল৷ আমাৰ জয়লাভৰ
আশাৰো সিমানতে সামৰণি পৰিল৷
বিষাদমনে আমি
ওভতি আহিলো৷
কিন্তু জন্ম হ’ল
এজন নতুন ফুটবল খেলুৱৈৰ…
ভাবিলো “ গছ নোহোৱা
ঠাইত এৰাই বৰগছ..”