At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 28 January 2016

তিনিটা লিমাৰিক৷৷৷

তিনিটা লিমাৰিক৷৷৷


১///
ককাই বোলে নাতিল'ৰা কথাটো মোক কোৱা
ফেব্ৰুৱাৰী আহিলে কিয় তত নোহোৱা হোৱা
নাতিয়ে বোলে ভেলেন্টাইন
নামানো আমি কোনো আইন
এইবাৰ তুমিও আইতাক লৈ পাৰ্কলৈ যোৱা৷৷৷


২///
মাজনিশা পাপুৱে ডিঙিলৈকে খাই
গাড়ী চলাই আহিছে গাত তত নাই
পুলিচে ধৰিলে আদ বাটত
উত্তৰ পিছে জিভাৰ আগত
গাড়ী চলোৱা বুলি গমেই পোৱা নাই৷৷

৩///
ককাই আজি আনিছে কাটি কলপাত
মাটিত লেপেটা কাঢ়ি তাতহে খাব ভাত
আলু পিটিকা বেঙেনা পোৰা
লগতে সানিছে তিলৰ গুড়া
বোলো এয়াহে আচল অসমীয়া জাত৷

Friday, 22 January 2016

ভূল ভুল শুদ্ধ শুদ্ধ

ভূল ভুল শুদ্ধ শুদ্ধ..

সৰুতে আমি 'ভূল' বুলিয়েই লিখিবলৈ শিকিছিলো৷ কেতিয়াৰ পৰা 'ভূল'টো ভুল বুলি ধৰা হ'ল মনত নাই যদিও সহজে মানি ল'লোঁ আৰু অভ্যাসত পৰিণত হৈ গ'ল৷ তেনেদৰে আগতে চলি থকা কিছুমান বানান এতিয়া গ্ৰহণযোগ্য নহয় বুলি আমি মানি লৈ আছো৷ এনেদৰে বানান সলনি হৈ থকা বাবে পুৰণিদিনীয়া মানুহৰ মনত খেলিমেলি হ'ব পাৰে আৰু লিখোঁতে বানান ভুল হ'ব পাৰে৷ সেইটো বৰ ডাঙৰ কথা নহয়৷ কিন্তু আজিকালি সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰহে বহুতেই নজনা যেন দেখা গৈছে৷
হয়তো কথা কওঁতে অসমীয়াত 'ই'তকৈ 'য়'হে বেছি ব্যৱহাৰ হোৱা বাবেও এই ভুল সোমাই পৰিছে৷ কওঁতে আমি 'ময়' বুলিহে কওঁ, 'মই' বুলি নকওঁ৷ কিন্তু লিখোঁতে 'ময় ভাল ল'ৰা' বুলি লিখিলে ভুল হ'ব৷ একেদৰে আমি 'তয়' বুলি কওঁ কিন্তু লিখোঁতে 'তই' হে লিখিব লাগিব৷

যেতিয়া কোনো এটা কাম শেষ হোৱা বুজায় তেতিয়া 'য়' ব্যৱহাৰ হয় (সমাপিকা ক্ৰিয়া) আৰু কামটোৰ পাছত আৰু কিবা কাম চলি থকা বুজালে 'ই' ব্যৱহাৰ হয় (অসমাপিকা ক্ৰিয়া)৷
সি ৰাতিপুৱা ভাত খায়৷ কিন্তু,  সি ভাত খাই শুবলৈ যায়৷
ইতিহাসে ৰিঙিয়াই কয়৷ অৰ্থাৎ, ইতিহাসে ৰিঙিয়ায়৷

Tuesday, 19 January 2016

বৰ কষ্ট হয়!!!


বৰ কষ্ট হয়!!!


তুমি যদি কোৱা
এৰি দিম
ওখলৈ উৰি যাবলৈ
অনন্ত আকাশত বিচৰণ কৰিবলৈ
জপিয়াই থকা কৰিম আশে-পাশে
যিমানখিনি পাওঁ
ধৰা-আকাশে
জী ল’ম
কিন্তু মোৰ ডেউকা নাভাঙিবা
যেতিয়া কেতিয়াবা কৰা
সেইদুখন পকোৱাৰ চেষ্টা
দুখ পাওঁ
তুমি যদি কোৱা
ৰাতিবোৰ পাৰ কৰি দিম উজাগৰে
ভুলতো নেদেখিম কোনো সপোন
পিছে পুৱাৰ সূৰুয দেখাৰ লগে-লগে
পাখি ফৰফৰোৱাৰ অনুমতি নিশ্চয় খুজিম
যিখিনিকে খুটিয়াই পাওঁ
দানা-খুদকণ
জী ল’ম
সাৰে থকাতো নেদেখিম সপোন একো
তাৰ প্ৰতিশ্ৰুতি তোমাক দিছোঁ
সপোন যেতিয়া ভাঙি যায়
বৰ কষ্ট হয় ৷৷৷

মূল: (হিন্দী) শৈলেন্দ্ৰ শান্ত ; অনুবাদ: ডঃ মাখন লাল দাস

Saturday, 9 January 2016

নিতৌ এচিকুট বিহ!!!!!

নিতৌ এচিকুট বিহ!!!!!

মালতীৰ বিয়া হোৱা দুমাহ হৈ গ’ল কিন্তু কোনোমতেই শাহুৱেকৰ লগত মিলিব পৰা নাই৷ বিধৱা শাহুৱেকৰ একমাত্ৰ বোৱাৰী তাই৷ শাহুৱেকৰ লগত তাইৰ চিন্তা-ধাৰা নিমিলে বুলি তাই সহজে বুজি পাইছিল বিয়াৰ দুদিন মান পাছতেই৷ কথাই-কথাই শাহুৱেকে তাইৰ দোষ ধৰে৷ কোনো কামেই পচন্দ নহয়৷ প্ৰথমতে তাই একো নামাতিছিল৷ লাহে লাহে শাহুৱেকৰ ঠাট্টা-বিদ্ৰুপ তাই সহ্য নকৰা হ’ল৷ তাইও সমানে সমানে উত্তৰ দিবলৈ ধৰিলে৷

এদিন কিবা কথাত শাহুৱেকৰ লগত ৰাতিপুৱাতে তাইৰ কথা কটা-কটি হ’ল৷ গিৰিয়েকে পিছে মালতীৰ হৈ মাত নামাতি মাকৰ ফলীয়াহে হ’ল৷ কথাটো মালতীৰ সহ্য নহ’ল৷ তাই বেগ এটাত কাপোৰ ভৰাই, কাকো একো মাত নলগাই, মাক-পুতেকৰ আগেৰে ঘৰৰ পৰা ওলাই গুচি আহিল৷ গিৰিয়েকে তাইক বাধাও নিদিলে৷ তাই ওচৰৰ গাঁৱত থকা দেউতাকৰ ঘৰলৈকে যাব বুলি গিৰিয়েকহঁতে জানিছিল৷

মাকৰ ঘৰ পাই মালতীয়ে কান্দি-কান্দি নিজৰ দুখৰ কথা  মাকহঁতৰ আগত বিবৰি ক’লে৷ দেউতাকো কাষতে বহি শুনি আছিল৷ মালতীৰ দেউতাক এজন বিখ্যাত কৱিৰাজ৷ মালতীয়ে দেউতাকলৈ চাই ক’লে,
“দেউতা, মোৰ শাহু নমৰালৈকে মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ৷ নহ’লে তুমি মোক অলপ বিহ দিয়া৷ মই উভতি গৈ শাহুক বিহ দি মাৰিম৷ তেতিয়াহে অলপ শান্তি আহিব ঘৰখনত৷”

দেউতাকে মালতীক বুজনি দি ক’লে,
“নাই, নাই, তেনে ভুল নকৰিবা৷ তুমিও জেললৈ যাব লাগিব আৰু বিহ দিয়া বাবে মইও যাব লাগিব জেললৈ৷”

“কিন্তু শাহু জীয়াই থাকেমানে মই তাত থাকিব নোৱাৰোঁ৷ গতিকে তোমালোকে মোক সেইখন ঘৰলৈ উভতি যাবলৈ জোৰ নকৰিবা৷”

কিছু সময় নীৰৱে চিন্তা কৰি দেউতাকে মাত লগালে,
“ এটা উপায় আছে৷ মই তোমাক এবিধ দৰৱ দিম৷ তুমি সদায় শাহুক এচিকুট এচিকুটকৈ ভাতৰ লগত মিহলাই খুৱাবা৷ সেই দৰৱে খুব লাহে লাহে মানুহ গৰাকীক ভিতৰৰ পৰা মাৰি আনি থাকিব৷ তেনেদৰে সদায় খুৱালে প্ৰায় ছমাহৰ ভিতৰত তোমাৰ শাহু মৰি থাকিব৷”

“খুব ভাল কথা৷ তেনে দৰৱ আজিয়েই দিয়ক৷ মই আজিয়েই উভতি যামঙ’ মালতীয়ে অতি উৎসাহেৰে ক’লে৷
দেউতাকে গহীনাই ক’লে,
“ কিন্তু এটা চৰ্ততহে মই তোমাক দিম৷ তোমাক যাতে কোনেও একো সন্দেহ নকৰে সেই কাৰণে আজিৰে পৰা তুমি শাহুৰ প্ৰতি খুব ভাল ব্যৱহাৰ কৰিবা৷ কোনো কথাৰে উত্তৰ নিদিবা৷ হাঁহি মুখে সকলো সহ্য কৰি তেওঁৰ সেৱা কৰি যাবা৷ মাত্ৰ ছমাহৰহে কথা৷”

মালতী মান্তি হ’ল৷ দেউতাকে পেকেট এটাত বিহখিনি বান্ধি দিলে আৰু সেইখিনি লৈ মালতী শাহুৱেকৰ ঘৰলৈ আবেলিয়েই উভতি গ’ল৷

মালতীৰ মুখলৈ চাই গিৰিয়েক আৰু শাহুৱেক দুয়ো আচৰিত হ’ল৷ তাইৰ মুখত মিচিকিয়া হাঁহি৷ হাঁহিমুখে তাই আহি পাকঘৰত সোমাল৷ ৰাতি শাহুৱেকৰ ভাতৰ লগত দেউতাকে দিয়া দৰৱ এচিকুট মিহলাই দিলে আৰু শাহুৱেকৰ কাষত বহি বিচনিৰে বিচি থাকিল৷ ৰাতি বিচনাত পৰা শাহুৱেকৰ ওচৰলৈ গৈ ভৰি পিটিকি দিলে৷ শাহুৱেক আচৰিত হ’ল যদিও একো নামাতিলে৷

তেনেদৰে মালতীয়ে সদায় এচিকুটকৈ বিহ শাহুৱেকক খুৱাই থাকিল কিন্তু শাহুয়েকক সেৱা-শুশ্ৰূষাও সমানে কৰি থাকিল৷ মালতীৰ সেই পৰিৱৰ্তিত ব্যৱহাৰে শাহুৱেককো সলনি কৰিব ধৰিলে৷ শাহুৱেকে আজিকালি মালতীৰ কোনো কামতে দোষ নেদেখা হ’ল৷ ওচৰ-চুবুৰীয়া কাৰো আগত মালতীৰ দোষৰ কথা নোকোৱা হ’ল৷ লাহে লাহে মালতীক নিজৰ জীয়েকৰ নিচিনাকৈ মৰম কৰিবলৈ ধৰিলে শাহুৱেকে৷

দিন পাৰ হৈ গৈ থাকিল৷ মালতীয়ে শাহুৱেকক এচিকুটকৈ বিহ খুৱাই গৈ থাকিল৷ কিন্তু লাহে লাহে শাহুৱেকৰ প্ৰতি মালতীৰ মনত কোনো ধৰণৰ খং-ৰাগ-বিদ্বেষ আদি ভাব নোহোৱা হৈ পৰিল৷

ছমাহ পূৰ হ’ল৷ দেউতাকে দিয়া বিহো শেষ হ’ল৷ ৰাতি শাহুয়েকৰ ভৰি পিটিকি পিটিকি মালতীৰ চকুৰে পানী ব’বলৈ ধৰিলে৷ আৰু হয়তো দুদিনমানৰ পাছতেই শাহুৱেক মৰি থাকিব৷ এতিয়া শাহুৱেকক তাইৰ নিজৰ মাক যেনেই লগা হৈছে৷ তাই যে কি ডাঙৰ ভুল কৰিলে৷

তাকেই ভাবি ভাবি ৰাতি তাইৰ টোপনি নাহিল৷ পিছদিনা ৰাতিপুৱাতে তাই দেউতাকৰ ওচৰ পালেগৈ৷ দেউতাকে তাইলৈ অলপ আচৰিত ভাবে চালে৷ দেউতাকে কিবা সোধাৰ আগতেই মালতীয়ে মাত দিলে,
“ দেউতা মোৰ হাতত বেছি সময় নাই৷ মোৰ শাহু আইক যোৱা ছমাহে মই বিহ খুৱাই আহিলো৷ কিন্তু এতিয়া দেখোন তেওঁক মোৰ নিজৰ মাৰ নিচিনাই লগা হ’ল৷ তেওঁক বচাবলৈ কিবা এটা দৰৱ দিয়া৷ নহ’লে মই গোটেই জীৱন অনুতাপ কৰিব লাগিব৷”

দেউতাকৰ মুখত হাঁহি বিৰিঙি উঠিল৷ লাহেকৈ উত্তৰ দিলে,
“তোমাৰ শাহু নমৰে , চিন্তা নকৰিবা৷ মই তোমাৰ হাতত বিহ দিয়া নাছিলো নহয়৷ সেইবোৰ আছিল হজম শক্তি বঢোৱা দৰৱহে৷”

মালতীয়ে দেউতাকলে কৃতজ্ঞতাৰ ভাবেৰে চালে৷ 
তাৰপাছত একো উত্তৰ নিদি ঘৰলৈ বেগাই খোজ ল’লে৷

(হিন্দী কাহিনী এটাৰ ৰূপান্তৰ)

Friday, 8 January 2016

পাঁচ মিনিটৰ ভি আই পি

পাঁচ মিনিটৰ ভি আই পি

প্ৰায় ষোল বছৰ আগৰ কথা৷ সভা এখনৰ আলহী হিচাবে গৈছিলো ওডালগুৰিলৈ৷ তাতে বন্ধু এজন লগ পালো৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত একেলগে পঢ়া৷ কথা-প্ৰসঙ্গত মই আন এখন ঠাইলৈ যাবলগীয়া কথাটো ওলাল৷ তাতো এখন সভাত কথা কবলৈ মাতিছিল৷ কথাটো শুনি বন্ধুজনে ক’লে,

“তুমি তালৈ যোৱা যদি অমুকাক এবাৰ দেখা কৰিব পাৰা৷ এতিয়া তাতে আৰক্ষী অধীক্ষক হৈ আছে৷”

কথাটো গম পাই ভাল লাগিল৷ কটন কলেজত একেলগে পঢ়িছিলো বন্ধুজনৰ লগত৷ কটন কলেজ এৰা প্ৰায় বিশ বছৰ পাৰ হৈ গৈছিল তেতিয়া৷ বন্ধুজন আই পি এচ হোৱা বুলি শুনিছিলোহে, লগ পোৱা নাছিলো৷ মোক চিনি পাব বুলি মই নিশ্চিত আছিলো আৰু চিনি নোপোৱাৰ ভাও নধৰে বুলিও নিশ্চিত আছিলো৷

আবেলি প্ৰায় দুইমান বজাত মোৰ নতুনকৈ কিনা মাৰুতী ৮০০ গাড়ীখনেৰে সপৰিয়ালে গৈ উপস্থিত হ’লোঁগৈ বন্ধুজন থকা ঠাইত৷ আৰক্ষী অধীক্ষকৰ বাসভৱন বিচাৰি পোৱাত অসুবিধা নহ’ল৷ গেটত মোৰ নামটো কৈ ক্ষন্তেক অপেক্ষা কৰিলো৷ প্ৰায় লগে লগেই চৌহদৰ ভিতৰলৈ মাতিলে৷ আবাসৰ ভিতৰ সোমায়েই মুখামুখি হ’লো দুয়ো৷ দেখাত একেবাৰে একেই হৈ আছিল বন্ধুজন৷ মোলৈ অলপ সময় একেথৰে চাই মাত দিলে,
“মাখন..”

আন এজন মানুহো বহি আছিল বন্ধুজনৰ সম্মুখত৷ কিবা জৰ্ৰৰী কামত আহিছিল৷ মোক চিনাকি কৰাই দিলে নিজৰ বন্ধু বুলি৷ মানুহজন যোৱাৰ পাছত আমাৰ অধিক অন্তৰঙ্গ আলাপ আৰম্ভ হ’ল৷ তেনেদৰে প্ৰায় এঘন্টামান পাৰ হ’ল৷ আবেলি চাৰি বজাৰ পৰা মোৰ সভা আৰম্ভ হোৱাৰ কথা৷ চাহ-পানী খাই বিদায় ল’লো৷ আমাক আগবঢ়াই দিবলৈ বাহিৰ ওলাই আহিল বন্ধুজন৷ মোৰ গাড়ীখন দেখি অৰ্থপূৰ্ণ হাঁহি এটা মাৰি মাত লগালে,
“ এৰিজোনা বেইজ….”
মোৰ গাড়ীখনৰ ৰংটো পাতল হালধীয়া আৰু সেউজীয়াৰ সংমিশ্ৰণ, এৰিজোনা বেইজ বুলি কয়৷

মই ক’লো, “নতুনকৈ লৈছো মাত্ৰ৷ কেইমাহমান হৈছেহে৷”

“মোৰো একেই গাড়ী, একেই ৰং৷ মইও লোৱা কেইমাহমান হৈছেহে৷ আমি দুয়ো প্ৰায় একে সময়তে লৈছো৷ নিশ্চয় একেটা লটৰ গাড়ী৷” বন্ধুজনে উত্তৰ দিলে৷

কিবা এটা ভাল লাগিল, আৰক্ষী অধীক্ষক বন্ধুজনে মোৰ নিচিনা একে ৰঙৰ. একে গাড়ী, একে সময়তে কিনা বাবে৷

মই সুধিলো,
“মোৰ সভাখন জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত আছে৷ মই এই চহৰৰ বাট-পথ চিনি নাপাওঁ৷ ইয়াৰ পৰা কেনেকৈ যাব লাগিব?”
একো উত্তৰ নিদি বন্ধুজনে পাইলট কাৰ এখনৰ ওচৰ চাপি গৈ ক’লে,
“এখেতসকলক জিলা পুথিভড়ালত থৈ আহকগৈ৷”

আমি গাড়ীত বহিলো৷ বন্ধুজনৰ পৰা বিদায় লৈ পাইলট কাৰৰ পিছে পিছে গাড়ী চলাই আগবাঢ়িলো৷ প্ৰায় পা্ঁচ মিনিটমান পাছতে জিলা পুথিভড়াল পালোঁগৈ৷ আমাক তাতে এৰি পাইলট কাৰখন উভতি গ’লগৈ৷

আমিও গাড়ীৰ পৰা নামিলো৷ ভাবিলো, অন্ততঃ পাঁচ মিনিটৰ বাবেও আগে আগে পাইলট কাৰ যোৱা ভি আই পি হ'বলৈ পালো বন্ধুজনৰ অনুগ্ৰহত৷

Wednesday, 6 January 2016

বৰপেটাত ছোৱালী চোৱা..

বৰপেটাত ছোৱালী চোৱা..

চনটো মনত নাই৷ বিয়া হোৱা দুবছৰমান হৈছে যদিও তেতিয়া প্ৰায় চফল ডেকা৷ শ্ৰীমতী থাকে বৰপেটাত, মই থাকোঁ জালুকবাৰীত৷ 

এদিন জালুকবাৰীৰ ওচৰৰে গাড়ীগাঁৱৰ চিনাকি ডেকা এজনৰ কইনা চাবলৈ যাবলৈ লগ ধৰিলে৷ কইনাৰ ঘৰ বৰপেটাৰ ওচৰৰ ভৱানীপুৰত৷ গতিকে সেইফালৰ মানুহ বুলি মোকো লগ ধৰিলে৷ তেতিয়া নিজৰ গাড়ী নাছিল৷ আন এজন বন্ধুৰ পুৰণি এম্বেচেডৰ এখন আছিল৷ তেওঁকে অনুৰোধ কৰা হ’ল৷

যথাসময়ত আমি চাৰিজন ডেকা এম্বেচেডৰত বহি যাত্ৰা আৰম্ভ কৰিলো ৰাতিপুৱাতে৷ গাড়ী বন্ধুজনে চলাইছিল৷ মই বহিলো দ্ৰাইভাৰৰ কাষৰ আসনত৷ কইনা চাবলৈ যোৱা কথা৷ লগত মহিলা এগৰাকী হ’লে ভাল বুলি মই ক’লো বৰপেটাৰ পৰা শ্ৰীমতীক লৈ যোৱা ভাল হ’ব বুলি৷ সেই সুযোগতে মোৰো এবাৰ লগ পোৱা হ’ব৷

কথা মতে কাম৷ গাড়ী আগবাঢ়িল বৰপেটা অভিমুখে৷ লগৰীয়াজনে গাড়ী প্ৰায় ঠিকেই চলাই গৈ থাকিল৷ প্ৰায় তিনি ঘন্টামান পাছত বৰপেটা চহৰত প্ৰৱেশ কৰিলো আৰু মই বাট দেখুৱাই নিবলৈ ধৰিলো৷ তেতিয়া প্ৰায় দহমান বাজিছে৷ স্কুল-কলেজ, অফিচলৈ যোৱা মানুহেৰে বাট-পথ উপচি পৰিছে৷ বন্ধুজনে সাবধানে চলাই গৈ থাকিল৷ পুলিচ থানাৰ আগেৰে গৈ চাৰিআলিটো পাই বাওঁফালে ঘূৰিলো৷ সেইটো বাটত আৰু অধিক ভীৰ৷ অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছতে চকুত পৰিল বগা ইউনিফৰ্ম পিন্ধা এগৰাকী মহিলা ট্ৰেফিক কনিষ্টবল৷ বাটৰ কাষে কাষে খোজ কাঢ়ি গৈ আছিল৷

আমাৰ বন্ধুজনে হৰ্ণ দি কাষেৰে পাৰ হৈ যাব খুজিলে কিন্তু তাকে কৰোঁতে গাড়ীৰ সম্মুখৰ বাওঁফালটো মহিলা কনিষ্টবল গৰাকীৰ গাত লাহেকৈ ঘঁহনি খালে৷ মই চকু মুদি দিলো৷ লগে লগে মহিলা গৰাকীয়ে ৰুদ্ৰ মূৰ্ত্তি ধৰি আমাৰ গাড়ীখন আগচি ধৰি তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে,
“দেখিছেনে? একেবাৰে মোৰ গাতে গাড়ীখন উঠাই দিলে৷ নামক, নামক, ব’লক, থানালৈ ব’লক৷ …”

গাড়ী চলোৱা বন্ধুজন আৰু মই  গাড়ীৰ পৰা নামিলো৷ বাকী দুজন গাড়ীতে বহি থাকিল৷ ক্ষন্তেকৰ ভিতৰতে মানুহেৰে ভৰি পৰিল ঠাইখিনি৷ তেনেতে মোৰ শিক্ষক এজন ওচৰ চাপি আহি মোক চিনি পাই সুধিলে,
“কি হৈছে?”
মই লাহেকৈ কথাটো ক’লো৷
তেখেতে হাঁহি মাৰি ক’লে, “ গাড়ীখন থানালৈ নিনিবি৷ ইয়াতে কিবা এটা কিবা এটা দি দে..৷”
মই একো উত্তৰ নিদিলো৷ তেনেকুৱা পৰিস্থিতিত আগতে কেতিয়াও পৰা নাছিলো৷ ট্ৰেফিক পুলিচৰ গাতে গাড়ীয়ে ঘঁহনি মাৰিছে৷ কম ডাঙৰ অপৰাধনে?

গাড়ী চলোৱা বন্ধুজনে কথাটো বুজি পালে৷ লাহেকৈ হাতখন পকেটত ভৰালে আৰু মহিলা গৰাকীৰ ওচৰ চাপি গ’ল৷ তাৰপাছত মহিলাগৰাকীৰ হাতত ধৰি লাহেকৈ ক’লে,
“অ’ বাইদেউ, সৰু ভাই বুলি আমাক মাফ কৰক৷ গুৱাহাটীৰ পৰা আহিছো৷”
বন্ধুজনৰ হাতৰ পৰশ পাই মহিলাগৰাকীৰ সুৰ নৰম হৈ গ’ল৷ তথাপি অলপ খঙেৰেই সুধিলে,
“লাইচেঞ্চ আছেনে?”
“আছে বাইদেউ আছে৷ গুৱাহাটীত গাড়ী চলাই থাকোঁ৷”
এইবাৰ মহিলাগৰাকীয়ে আৰু নৰম হৈ সুধিলে,
“গুৱাহাটীৰ পৰা ইয়াত কি কৰিব আহিছে?”
বন্ধুজনে তপৰাই উত্তৰ দিলে,
“আমি ছোৱালী চাব আহিছো৷”

উত্তৰটো শুনি মহিলাগৰাকীয়ে মুখত বিৰিঙি উঠা মিচিকিয়া হাঁহিটো লুকুৱাবলৈ বৃথা চেষ্টা কৰি লাহেকৈ ক’লে,
“গুৱাহাটীৰ পৰা ইয়ালৈ ছোৱালী চাব আহিছে? ...যাওক, সাৱধানে চলাব গাড়ী৷”

আমিও গাড়ীত বহি আকৌ আৰম্ভ কৰিলো যাত্ৰা৷ বৰপেটাৰ বৃন্দাবন হাটী অভিমুখে৷ বুজিলো, আমি ছোৱালী চাবলৈ অহা বুলি কোৱা মানে তেখেতে বেলেগহে বুজিলে বুলি৷ গাড়ীৰ ভিতৰত চাৰিজন চফল ডেকা দেখি তেনেদৰে ভবাই স্বাভাৱিক৷

মই বন্ধুজনক সুধিলো, “কিবা দিলা নেকি?”
“হাতৰ টিপতে দহ টকা৷” অতি সাবধানে গাড়ী চলোৱা বন্ধুজনে হাঁহি এটা মাৰি উত্তৰ দিলে৷

প্ৰায় দুঘন্টামান পাছত শ্ৰীমতীক লগত লৈ বৰপেটাৰ পৰা ভৱানীপুৰ অভিমুখে ৰাওনা হ’লো৷ পাঁচআলিৰ চ’কৰ পুলিচ পইন্টত কৰ্তব্যৰত মহিলা গৰাকীয়ে আমাক চিগনেল দিলে৷ গাড়ীৰ ভিতৰৰ পৰা বন্ধুজনে চিঞৰি মাত লগালে,
“বাইদেউ যাওঁদেই৷”

Monday, 4 January 2016

পুৱাৰ সূৰুয…

পুৱাৰ সূৰুয

কোনো এক শীতৰ ৰাতিপুৱা
মূৰত এডালো চুলি নোহোৱা
ইনচাৰ্ট কৰি নোলোৱা
দীঘল হাফচাৰ্ট পিন্ধা
হাতত এখন মোনা লৈ
সাৱধানে বাটৰ দাঁতিয়েদি
খোজকাঢ়ি যোৱা
কোনো এক অচিন আদহীয়া৷
প্ৰতিটো খোজত
বিয়পি পৰিছে এটি সুৰ
চিনাকি চিনাকি,
মানুহ নহয়
যেন এক প্ৰতিনিধি
এটি সমদল
এটা যুগ
এটা সংস্কৃতি
এজাক লোকৰ ভাৰ বৈ যোৱা৷
থৰ লাগি চাইছো তেওঁকেই
ভাবত বিভোৰ হৈ
তেওঁ আগবাঢ়ি আছে
এখোজ-দুখোজকৈ৷
হঠাতে আহিল ৰবাৰ পৰা
এজাক ডেকা ৰা
বায়ুবেগে মটৰ চাইকেল চলাই
ধূলিৰ ধুমুহা বোৱাই
নিমিষতে হৈ নেদেখা৷
মুখখন ৰুমালেৰে ঢাকি
মানুহজন কিছুপৰ
বাটৰ কাষত থিয় দি,
তাৰপাছত আকৌ লে খোজ
সাৱধানে
লাহে-লাহে
এখোজ-দুখোজ
আকাশত তীব্ৰ হৈ আহিছিল
পুৱাৰ সুৰূয৷
=====================

ডঃ মাখন লাল দাস

Sunday, 3 January 2016

যাক লগ পাব লাগিছিল!!!!

যাক লগ পাব লাগিছিল!!!!

সেই কবিতাটো, যিটো পঢ়িবলগীয়া আছিল
অতি মনোযোগেৰে বাছি লোৱা হৈছিল
ভনীসবৰে সৈতে হ’বলগীয়া আছিল কথা-বতৰা
কবিতাৰ নদীত বিহাৰ কৰিবলগা আছিল তেওঁৰ
ডায়েৰীত লিখি থোৱা আছিল যি কবিতা
তাৰেই নিচিনা এটা মৰমলগা কবিতা
ডায়েৰীৰ বাহিৰত আছিল, অলপ অসন্তুষ্ট আছিল
ঘৰৰ পৰা বাহিৰত ভৰি ৰাখি নিজে নিজে উভতিল
তেওঁক সৈমান কৰাবলৈ, সেই কবিতা কাষৰ চহৰতে আছিল
সেই পঢ়িবলগীয়াটো, কিছুমান হৃদয়ত অৱতৰণ কৰিবলগীয়া আছিল
আৰু যাক লগ পাবলগীয়া আছিল, হৃদয়ৰ পৰা বাহিৰ হৈ নাযায়েই
হৃদয়েই পদযুগলক শুনাই দিছিল নিজ সিদ্ধান্ত…!


মূল: শৈলেন্দ্ৰ শান্ত: অনুবাদ: ডঃ মাখন লাল দাস

কি হ'ল?

কি হ’ল?
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসৰ বাসিন্দা আমি তেতিয়া৷ বহুদিনৰ পৰা শুনি আছিলো ১৯৮০ চনত অসমত খুব ডাঙৰ ভূমিকম্প এটা হ’ব বুলি৷ আমি সেই সময়ত হোষ্টেলত৷ ভূমিকম্প আহিব আহিব বুলি বাট চাই থাকোঁ৷
আমাতকৈ এবছৰ জুনিয়ৰ ছাত্ৰ এজন আছিল৷ খুব ভাল ল’ৰা৷ চিধা-চাধা ল’ৰা বুলি অলপ বেছিকৈ ৰেগিঙো খাইছিল চিনিয়ৰৰ পৰা৷ ৰেগিং মানে তেওঁক লৈ ধেমালিহে কৰিছিল৷ চিনিয়ৰবোৰে তেওঁক লৈ কৰা ধেমালিবোৰ দেখি আমিও বৰ ৰং পাইছিলো৷ ৰেগিঙৰ সময়ৰে কথা৷ এদিন ৰাতি দুইমান বজাত তেওঁ “ইউৰেক, ইউৰেকা” বুলি চিঞৰি বাৰান্দাৰে দৌৰি ফুৰিছিল৷ আমি সাৰ পাই দুৱাৰ খুলি ওলাই চাওঁ তেওঁ হাতত  কাঁচৰ বটল এটা  লৈ অকলে অকলে দৌৰি আছে৷ বটলটোত চাৰ্ফৰ পানী ভৰাই থোৱা আছে৷ সেইটোকে লৈ দৌৰি আছে ইউৰেকা ইউৰেকা বুলি৷ আমি ধমকি দিলো ৰাতিখন ইমানকৈ চিঞৰি থকা কাৰণে৷ আমাৰ গালি খাই তেওঁ অলপ থমকি ৰ’ল৷ তাৰ পাছত আমাৰ চিনিয়ৰ দুজনমানে তেওঁক আকৌ ধমকি দিলে চিঞৰি চিঞৰি দৌৰিবলৈ৷ আকৌ আৰম্ভ হ’ল, “ইউৰেকা, ইউৰেকা,,” আমিও ৰস পালোঁ তাকে দেখি৷
তেনেদৰে কিছুদিন পাৰ হৈ গ’ল৷ ল’ৰাজন থাকে প্ৰথম মহলাত৷ আমাৰ লগৰে এজনৰ ৰুমমেট৷ তেতিয়া ছয় নং ছাত্ৰাবাসটো দুমহলীয়াহে আছিল৷ এদিন ৰাতি হঠাৎ ভূমিকম্প আহিল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ আমি সকলো দৌৰি তল পালোঁহি৷ হোষ্টেলৰ আগৰ পথাৰখনতে কিছুসময় গোট খাই থাকিলো৷ ভূমিকম্প মাত্ৰ কেইচেকেণ্ডমানহে আছিল যদিও প্ৰায় এঘন্টামান সকলোৱে তাতে আড্ডা মাৰি থাকিলো৷ তাৰপাছত লাহে লাহে নিজৰ নিজৰ ৰুমলৈ গ’ল সকলোৱে৷
মোৰ ৰুমটো পোৱাৰ আগতে বন্ধুজনৰ ৰুমটো পায়৷ তাতে গৈ সোমালো৷ আমাক দেখি আঠুৱাৰ তলেৰে মূৰটো লাহেকৈ উলিয়াই সেই ল’ৰাজনে আমালৈ চাই সুধিলে,
“কি হ’ল?”
ইমান চিঞৰ বাখৰ, জোকাৰণিতো সাৰ নোপোৱা ল’ৰাজনৰ সেই প্ৰশ্নতহে আমি আকৌ অধিক ৰস পাই প্ৰাণখুলি হাঁহিলো৷

ভূমিকম্পৰ ভয়ো ক’ৰবাত হেৰাল৷