At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday, 8 October 2013

মুন্না ডট চি..



মুন্না ডট চি….

আই আই টি দিল্লীত পি. এইচ. ডি. কৰি থকা সময়ৰ কথা৷ সেই সময়ত তাত পি. এইচ. ডি. কৰা সকলে মুঠতে পাঁচটা বিষয়ত নাম পঞ্জীয়ণ কৰিব লাগিছিল, তাৰে চাৰিটাত চি. জি. পি. এ. ৮.০ তকৈ বেছি পাই পাছ কৰিব লাগিছিল আৰু বাকী বাধ্যতামূলক বিষয়টো কেৱল পাছ কৰিলেই হৈছিল৷ সেইখিনি কৰাৰ পাছতহে আচল গৱেষণাৰ কাম আৰম্ভ হৈছিল৷ 

সকলোৱে সহজ বিষয় নতুবা সহজ অধ্যাপক, যিয়ে ভাল গ্ৰেড দিয়ে, বাছি লৈছিল৷ আমাৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ৱালিয়া সকলোৰে প্ৰিয় আছিল সহজে ভাল গ্ৰেড দিয়ে কাৰণে৷ তেখেতে সকলোকে 'এ' গ্ৰেড দিয়ে বুলি শুনিছিলো৷ তেখেতে শিকাইছিল “কম্পিউটাৰ এইডেড ডিজাইন” বুলি বিষয় এটা৷ আমাৰ নিজৰ বিভাগ বাবে আমি সকলোৱে তেখেতৰ সেই বিষয়টো ল’লো, কিন্তু পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, মেকানিকেল, ইলেক্ট্ৰিকেল আদি সকলো বিভাগৰ পৰা দলে-বলে ছাত্ৰ-ছাত্ৰী আহি তেখেতৰ সেই বিষয়ত নাম ভৰ্তি কৰাইছিল৷ মুঠতে ১০০ গৰাকীমান ছাত্ৰ-ছাত্ৰী হ’ল৷ সৰু শ্ৰেণীকোঠাত বহিবলৈকে ঠাই নোহোৱা হ’ল৷

প্ৰতিটো বিষয়ৰ মুঠতে তিনিটাকৈ পৰীক্ষা হোৱাৰ নিয়ম আছিল৷ দুটা মিড টাৰ্ম আৰু শেষত মূল পৰীক্ষা৷ ৱালিয়া চাৰে আমাক মিড টাৰ্ম পৰীক্ষাৰ পৰা ৰেহাই দি কেৱল এটা এচাইনমেন্ট কৰি জমা দিবলৈ ক’লে৷ এচাইনমেন্টটো অৱশ্যে বেছি সহজ নাছিল৷ কম্পিউটাৰ প্ৰগ্ৰেম কৰি কৰিব লাগিব৷ আগতে 'বেচিক', 'ফৰ্তত্ৰান' আদি জানিছিলো যদিও 'চি' শিকা নাছিলো৷ “ডা স্পিৰিট অব চি” নামৰ কিতাপ এখন কিনি লৈ প্ৰথমতে 'চি' শিকিলো৷ কিন্তু 'মেইন ফ্ৰেম' কম্পিউটাৰত কাম কৰাৰ অভ্যাস নাছিল বাবে অনিল কুমাৰ নামে বন্ধু এজনৰ সহায় বিচাৰিলো৷ মই ক’লো, গোটেই প্ৰগ্ৰেমটো মই লিখিম, মোক মাত্ৰ 'মেইন ফ্ৰেম'ত কাম কৰিবলৈ সহায় কৰি দিলেই হ’ব৷ তাৰ বিনিময়ত মোৰ প্ৰগ্ৰেমটো তেওঁক দিম৷ তেওঁ অলপ ইফাল-সিফাল কৰি জমা দিলেই হ’ল; কিন্তু তৃতীয়জন ছাত্ৰই যাতে প্ৰগ্ৰেমটো নাপায়৷ 

অনিল কুমাৰ মান্তি হ’ল৷ প্ৰায় পোন্ধৰ দিন দেহে-কেহে খাটি প্ৰগ্ৰেমটো লিখিলো, নাম দিলো “মুন্না ডট চি”৷ মুন্না মোৰ সৰু ল’ৰাটোৰ ঘৰত মতা নাম৷ ৰাতি বাৰমান বজালৈকে অনিল কুমাৰ আৰু মই, দুয়ো কম্পিউটাৰ চেন্টাৰত বহি বহি কাম কৰোঁ৷ অৱশেষত কাম শেষ হ’ল৷ অতি আকৰ্ষণীয় ভাবে লিখি জমা দিলোঁগে৷ মইয়েই প্ৰথমে জমা দিলো৷ তাৰ তিনিদিনমান পাছৰ পৰা বাকীবোৰে জমা দিবলৈ আৰম্ভ কৰিলে৷ কোনোবাই 'মুন্না ডট চি' প্ৰগ্ৰেমটো পালে, ক’ৰ পৰা কেনেকৈ গমকে নাপালো৷ সকলোৱে সেইটোকে জমা দিবলৈ গ’ল৷ দুই এজন বুধিয়কে ‘চি’ ত লিখা প্ৰগ্ৰেমটো ‘পাস্কেল’লৈ পৰিৱৰ্তিত কৰি ল’লে৷ কিন্তু তথাপি ধৰা পৰিল তীক্ষ্ণ বুদ্ধিৰ অধ্যাপক ৱালিয়াৰ হাতত৷ যিয়েই জমা দিবলৈ যায়, চাৰে পোনে পোনে সোধে, 
“ ইউ হেভ কপীড ফ্ৰম দাস, তুমি দাসৰ পৰা কপি মাৰিছা৷”

আচলতে বাকীবোৰৰ অনুগ্ৰহত মই বিখ্যাত হৈ পৰিলো৷
সেইবাৰ সেইটো বিষয়ত জনসাধাৰণে এ গ্ৰেড নাপালে৷ কিন্তু 'মুন্না ডট চি' প্ৰগ্ৰেমটো কেনেদৰে ৰাজহুৱা হৈ পৰিল সেইটো আজিলৈকে সাঁথৰ হৈয়ে থাকিল৷

Monday, 7 October 2013

এনেকুৱাই হয়...

অপ্ৰিয় সত্য..

দেউতাকে যদি কয়, " পঢ়া-শুনা কৰি জীবনত কিবা এটা হৈ দেখুউৱা" তেতিয়া বেয়া পায়, পিছে একেখিনি কথা যদি প্ৰেয়সীয়ে কয়, তেতিয়া কোৱা হয়, প্ৰেয়সীয়ে ভালৰ বাবে অনবৰতে চিন্তা কৰে..

প্ৰেয়সীৰ খাটিৰত মা-দেউতাৰ আগত মিছা কথা কবলৈও বেয়া নাপায়, কিন্তু মা-দেউতাৰ খাটিৰত প্ৰেয়সীক মিছা মাতিব লগা হয়নে?

প্ৰেয়সীক পাবলৈ বহুতে মাক-দেউতাকক এৰি দিয়ে, পিছে মাক-দেউতাকৰ বাবে কোনোবাই প্ৰেয়সীক এৰে জানো?

প্ৰেয়সীক ৰাতি ফোন কৰি সোধে, ভাত খালানে? আজি কিহেৰে খালা? মা-দেউতাকক বাৰু এই কথা সোধেনে?

প্ৰেয়সীৰ এটা শপততে চিগাৰেট খাবলৈ এৰি দিয়ে, মাক-দেউতাকৰ হাজাৰ শপতেও সেই কাম কৰিব নোৱাৰে৷ 

 

প্ৰেয়সী ইমান মূল্যবাননে? 

(সংগ্ৰহ)


নামৰ কাম..



নামৰ কাম..

চৰকাৰী চাকৰিত যোগদান কৰাৰ পাছতে প্ৰথমটো ডাঙৰ চিন্তা আৰম্ভ হয় পে’শ্লিপ আনিবলৈ যোৱাক লৈ৷ আমি চাকৰিত যোগ দিয়া সময়ত এ জি অফিচটো শ্বিলঙতে আছিল৷ গতিকে কামটো আৰু টান৷ শ্বিলঙলৈ যাব লাগিব, কোনোবা হোটেলত থাকিব লাগিব, এদিনতে কামটো সাধাৰণতে নহয়, সোনকালে কৰাবৰ বাবে কিবা ব্যৱস্থা হয়তো কৰিব লাগিব, ইত্যাদি নানান কথা৷ অফিচৰ কাম কৰাত মই আছিলো তেনেই কেঁচা৷ গতিকে সাধাৰণ কথাবোৰেই পৰ্বতৰ সমান গধুৰ যেন হৈ পৰে মোৰ বাবে৷ তথাপি যিহেতু নগ’লেই নহয়,  এদিন গুৱাহাটীৰ পৰা শ্বিলং অভিমুখে বাছত উঠিলো৷ সৰুতে শ্বিলঙতে আছিলো, এবছৰৰ বাবে, তৃতীয় শ্ৰেণীত থাকোঁতে৷ ইমানদিনৰ মূৰত পুনৰ শ্বিলঙলৈ যাবলৈ পাই ভালো লাগিছিল৷ মোৰ লগত যাবলৈ ওলাল আন এজন প্ৰবক্তা, একেই কামত ওলাইছে ৷ তেওঁ লগত থকাত ভালেই হ’ল৷ শ্বিলঙত কোনোবা আছে, তাতেই ৰাতিটো কটোৱাৰ সুবিধা হ’ল৷

পিছদিনাখন ৰাতিপুৱাতে এ জি অফিচ পালোঁগে৷ আমাৰ কাম কৰা খাচীয়া মহিলাগৰাকীৰ বিষয়ে আমাক কোৱা হৈছিল তেখেত অফিচলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট অনিয়মীয়া বুলি৷ তেখেতক লগ পোৱা হেনো বৰ টান৷কথাটো সঁচানে মিছা নাজানিলো৷ আমি ঈশ্বৰক খাটি গৈছিলো যাতে তেখেতক লগ পাওঁ৷ সেইদিনা কিন্তু আমি অপেক্ষা কৰিবলগা নহ’ল৷ মহিলাগৰাকী নিজৰ টেবুলতে বহি আছিল৷ আমি সুপ্ৰভাত জনাই আমাৰ কামৰ কথাটো ক'লো৷ মহিলাগৰাকীয়ে আমাৰ কাম কৰিবলৈ ধৰিলে৷ তাৰপাছত আমাক অলপ সময়ৰ পাছত আহিবলৈ ক’লে৷ চহী কৰাবলৈ ওপৰৱালা অফিচাৰৰ ওচৰলৈ যাব হেনো কাগজবোৰ৷ তেখেতে চহী কেতিয়া কৰে একো ঠিক নাই বুলি ক’লে৷ গতিকে মানসিক ভাবে সাজু হ’লো আকৌ এটা ৰাতি শ্বিলঙত কটাবলৈ৷

অফিচৰ পৰা বাহিৰ ওলাই গৈ ওচৰতে থকা কেন্টিনত কিবা-কিবি অলপ খাই শ্বিলঙৰ বিখ্যাত লে’কটোৰ পাৰতে অলপ বহিলো৷ এটামান বজাত পুনৰ অফিচলৈ আহিলো, খীণ আশা এটা লৈ. কিজানিবা চহী কৰিলেই অফিচাৰে বুলি৷ অফিচত সোমাই আকৌ মহিলাগৰাকীৰ টেবুলৰ ওচৰ পালোঁগৈ৷ ওচৰতে আৰু তিনিখনমান টেবুল আছিল৷ তাতে বহি থকা মানুহকেইজনে অসমীয়াতে কথা-বতৰা পাতিছিল আমাৰ লগত৷ আমি অনুৰোধ কৰাত পিয়ন এজন ওপৰলৈ উঠি গ’ল আমাৰ কাগজ চহী কৰিবলগা অফিচাৰজনৰ ওচৰলৈ৷ আমি নিজ নিজ ভাগ্যক ধিয়াই বহি থাকিলো৷

প্ৰায় লগে লগেই পিয়নজন নামি আহিল৷ হাতত আমাৰ পে’শ্লিপদুখন৷ চহী হৈ আছে৷ ইমান সোনকালে আমাৰ কাম কেনেদৰে হ’ল কোনেও বুজি নাপালে৷ সকলোৱে খোলা-খুলিকৈ আশ্চৰ্য প্ৰকাশ কৰিলে৷ হঠাতে কিবা মন যোৱাত কেৰাণী এগৰাকীয়ে আমাৰ পে’শ্লিপ দুখনত চকু ফুৰালে৷ তাৰপাছত মুখত হাঁহি বিৰিঙি উঠিল তেখেতৰ৷ আমি আচৰিত হৈ তেখেতৰ মুখলৈ চাই থাকিলো৷ তেওঁ যেন কিবা ডাঙৰ কথা এটাহে আৱিষ্কাৰ কৰিলে তেনে এক ভাবত চিঞৰি চিঞৰি কৈ উঠিল,

“অ'...আচল কথা বেলেগ৷ আচলতে আপোনাৰ নামটো দেখিয়েই আমাৰ অফিচাৰে লগে লগে চহী কৰি দিলে৷”

“মোৰ নাম? মোৰ নামটো ইমান বিখ্যাতনে?” মই আচৰিত হৈ সুধিলো৷ 

“নাই, মানে আমাৰ অফিচাৰৰ নাম আৰু আপোনাৰ নাম একে, হা হা হা.” মানুহজনে ৰহস্যটো ভাঙি দি ক’লে৷

আমাৰো ভাল লাগিল৷ মোৰ নামৰ গুণতে মোৰ বন্ধুজনৰ কামটোও সোনকালে হ’ল৷ সকলোকে ধন্যবাদ জনাই দুয়ো ততাতৈয়াকৈ বাছ আস্থানৰ পিনে বেগ দিলো৷

এৰা, নিজৰ নামটো মানুহে বৰ ভাল পায়, মোৰ নামটোক লৈ সৰুৰে পৰা কিমান ঠাট্টা-মস্কৰা শুনি আহিছো৷ হওঁক তেও , মোৰ একে নামৰ মানুহ আৰু আছে৷ কথাটো ভাবি ভালেই লাগিল৷

Sunday, 6 October 2013

স্বামী আৰু আমি….. কটন কলেজৰ মিঠা সোঁৱৰণি



স্বামী আৰু আমি....

খুব সম্ভৱ ১৯৭৭ চনৰ কথা ৷ তেতিয়া কটন কলেজৰ প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত  পঢোঁ ৷ ফাৰ্স্ট মেচত থাকোঁ (এতিয়া ছাত্ৰাবাসৰ নাম সলনি হৈ কিবা এটা হ’ল) ৷ অতি সৰু ছাত্ৰাবাস, মুঠতে ১৫ নে ১৬ টা কোঠা, ৬০জনমান আবাসী ৷ এটা সৰু পৰিয়ালৰ নিচিনা ৷ সন্ধিয়া ৭ বজাতে বোধহয় ছাত্ৰাবাসৰ গেট বন্ধ হৈছিল আৰু তাৰপাছত আবাসী সকলৰ উপস্থিতিৰ হিচাব লোৱা হৈছিল ৷ নিয়মমতে তাৰ পাছত বিনা অনুমতিত কোনো বাহিৰ ওলাই যাব নোৱাৰে ৷ কিন্তু গেটৰ কাষৰ লোহাৰ বেৰখনৰ দুডাল ৰড আমাৰ আগতে ছাত্ৰাবাসত থাকি যোৱা কোনো সদাশয় বীৰপুৰুষে শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি বেঁকা কৰি এজন ছাত্ৰ সৰকি যাব পৰাকৈ বাট এটা তৈয়াৰ কৰি থৈছিল ৷  আমাৰ সেই অগ্ৰজসকলৰ প্ৰতি সন্মান দেখুৱাই আমি সেই বাটটো সঘনাই ব্যৱহাৰ কৰিছিলো ৰাতি স্টেচনলৈ চাহ-পানী খাবলৈ নাইবা চিনেমা চাবলৈ ওলাই যাবলৈ ৷ ওচৰতে ফাঁচী বজাৰৰ তিনিটা চিনেমা হল, অপ্সৰা অলপ দূৰ, ৰূপশ্ৰী, কেলভিনো বৰ বেছি দূৰ নহয় ৷ লগে-ভাগে খোজ কাঢ়ি যাওঁ, অতি সোনকালে গৈ পোৱা যেন লাগে ৷ দুজনমান বন্ধুৰ চিনেমা চোৱাৰ বৰ চখ ৷ এখনো চিনেমা বাদ নপৰে ৷ জীনত আমনৰ চিনেমা আহিলেতো এজনৰ কথাই নাই ৷ আচলতে কোনো কম নাছিলো চিনেমা চোৱাত ৷ টেলিভিচন বোলা বস্তুটো তেতিয়ালৈকে আমি দেখাই নাছিলো ৷ মোবাইল ফোন, ইন্টাৰনেট আদিৰ কথাতো বাদেই ৷ মনোৰঞ্জনৰ বাবে আন ব্যৱস্থাও বিশেষ একো নাছিল চিনেমা চোৱা আৰু সেই কথাকে পাগুলিয়াই থকাৰ বাহিৰে ৷ ঘৰত  থাকোঁতে বন্ধনৰ মাজত আছিলো, হোস্টেল পাই  সকলো এৰাল ছিগা গৰু যেন হৈছিলো ৷

এদিন প্ৰস্তাৱ এটা আহিল আবাসী এজনৰ যোগেৰে, ভাত খোৱাৰ পাছত কেলভিন নে ৰূপশ্ৰীত নতুনকৈ অহা চিনেমা এখন চাবলৈ যাবলৈ ৷ খুব ভাল চিনেমা হেনো ৷ স্বামী ৷ শ্বাবানা আজমী আৰু গিৰিশ কাৰ্নাৰ্ড আছে ৷  কথা মতে কাম ৷ নিশাৰ আহাৰৰ পাছত প্ৰায় গেটেই হোস্টেলৰ ল’ৰাখিনি একেলগে আগবাঢ়িলো টকৌবাৰীৰ পিনে ৷ দ্বিতীয় দৰ্শনী হোৱা বাবে সকলোৰে বাবে সহজে টিকেট যোগাৰ হৈ গ’ল ৷ ৰং-ধেমালিৰ মাজেৰে চিনেমা চালো ৷ 

চিনেমা শেষ হ’ল ৷ সকলোটি ছাত্ৰাবাস অভিমুখে খোজ ল’লো ৷ চিনেমা চাই দলে-বলে খোজকাঢ়ি সেই ৰাতিখন উভটি অহাৰ মজাই বেলেগ ৷ হোস্টেল পাই গেটৰ কাষৰ সুৰুঙাটোৰে নিঃশব্দে এজন এজনকৈ ভিতৰ সোমালো ৷ কিন্তু কথা বিষম ৷ কোনোবা চকুচৰহা এজনে অধীক্ষক মহোদয়ক খবৰ দি দিছিলগৈ আমি চিনেমা চাবলৈ যোৱা বুলি ৷ তেখেতে আহি প্ৰায় গোটেই হোস্টেলটোকে খালী দেখা পাই খঙত একো নাই হৈ তৰ্জন-গৰ্জন কৰি ৰৈ আছিল আমাক আদৰিবলৈ ৷ আমি তেখেতক দেখি হতবাক ৷ তেখেতে আমাক সকলোকে গালি বৰ্ষণ কৰি থকা সৰকা কৰিলে ৷ আমি মাথোন তলমূৰকৈ সকলো শুনি থাকিলো ৷ তাৰপাছত চাৰে সুধিলে,

 “ কি চিনেমা চাব গৈছিলা, কি নাম চিনেমাখনৰ?”

“চাৰ, স্বামী,” কোনোবা এজনে লাহেকৈ উত্তৰ দিলে ৷

“স্বামী? স্বামী চাব গৈছিলা তোমালোকে ? কি কোৱাহে ? তোমালোক সকলোকে বিয়া কৰাই দিব লগা হৈছে, “ স্বভাৱসুলভ ৰসিকতাৰে অধীক্ষক বাপুকৃষ্ণ চৌধুৰী চাৰে মন্তব্য কৰিলে ৷ আমিও কথাষাৰত বৰ ৰস পালো ৷ জানিছিলো,  মৰমিয়াল চাৰে একো শাস্তি আৰু নিদিয়ে বুলি ৷ 

তাৰপাছত নিজৰ নিজৰ কোঠাত সোমাই পৰিলো ৷ চিনেমাখনৰ গীতৰ কলি এটাকে মনতে গুণগুণালো,
“পল ভৰ মে য়ে ক্যা হো গয়া, জো মেয় নেহী ৱো বন গয়া…”

ভাল চেমিনাৰ…



ভাল চেমিনাৰ…

চনটো মনত নাই ৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰোঁ ৷ গুৱাহাটীৰ নুনমাটিত  এখন চেমিনাৰ আয়োজন কৰা হৈছিল, অসমত উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনীয়তাৰ ওপৰত ৷ বিশেষভাৱে নিমন্ত্ৰণ জনোৱাত যাবলৈ ওলালো ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইসময়ৰ উপাচাৰ্য মহোদয় আৰু মোৰ এজন সহমৰ্কী অধ্যাপক, আমাক তিনিওজনকে একেখন গাড়ীৰে লৈ যোৱা হ’ল ৷ ভৰলুমুখ পাৰ হৈ মাছখোৱা পোৱাৰ আগতেই গাড়ীখন কিবা এটা বেয়া হোৱাত তিনিওজন গাড়ীৰ পৰা নামি ফুটপাথতে থিয় দি ৰ’লো ভালেখিনি সময় ৷ চালকগৰাকীয়ে কিবা-কিবি কৰি গাড়ীখন চলিব পৰা কৰিলে ৷ অলপ পলমকৈ হ’লেও চেমিনাৰ হোৱা ঠাই পালোঁগৈ ৷ 

চেমিনাৰ আৰম্ভ হ’ল ৷ বিভিন্ন বক্তাই কথা ক’লে,  দুই-এজন বক্তাৰ বক্তব্যৰ পাছত জাউৰিয়ে জাউৰিয়ে হাতচাপৰিও পৰিল ৷  সময়খিনি ভালদৰেই পাৰ হোৱা যেন লাগিল ৷ মাজতে লঘু আহাৰৰ ব্যৱস্থাও আছিল ৷ মধ্যাহ্নৰ আহাৰ বেচ লোভনীয় আছিল বুলি ক’ব পাৰি, শোধনাগাৰ কৰ্তৃপক্ষৰ সৌজন্যত ৷ সকলোৱে হেঁপাহ পলুৱাই ভোজন কৰিলে ৷ 

তাৰপাছত জালুকবাৰী অভিমুখে উভতি যোৱাৰ চিন্তা হ’ল ৷ আমাক জালুকবাৰীলৈ পুনৰ থ’বলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছেনে নাই সেইকথা সুধি ফুৰিবলৈ মন নোযোৱাত উপাচাৰ্য মহোদয়ক মাত লগাই সহকৰ্মীজনৰ সৈতে খোজ ল’লো চিটিবাছ ধৰিবলৈ বুলি ৷ আমাৰ আগে-পিছে আৰু বহুতো মানুহ , চেমিনাৰহোৱা ঠাইৰ পৰা নিজ-নিজ ঠাইলৈ বুলি খোজ লৈছে ৷ 

অলপ দূৰ যোৱাৰ পাছত সম্মুখৰ পৰা আহি থকা মানুহ এজনে আমাৰ পিছে পিছে আহি থকা মানুহ এজনক সুধিলে,
“ অ’ চেমিনাৰৰ পৰা আহিল নেকি?”
“হয়,” মানুহজনে উত্তৰ দিলে৷
“কেনেকুৱা হ’ল চেমিনাৰ?”
“ভালেই হ’ল ৷ খানা বঢ়িয়া হৈছে,” অতি গৌৰৱ তথা সন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰি আমাৰ পিছে পিছে আহি থকা মানুহগৰাকীয়ে মন্তব্য কৰিলে ৷

কথাষাৰ শুনি আমোদ পালো ৷ মনতে ভাবিলো, এৰা, খানা ভাল নহলেনো কিহৰ চেমিনাৰ ? এতিয়া চিটিবাছত কোনোমতে ভাল চীট এটা পালেই হ’ল ৷

Friday, 4 October 2013

ৰাসৰ ৰসভঙ্গ….. এটি অনুভৱ..


ৰাসৰ ৰসভঙ্গ….. এটি অনুভৱ..

হাউলীলৈ বৰপেটাৰ পৰা বাছেৰে প্ৰায় আধা ঘন্টাৰ বাট ৷ হাউলীৰ ৰাস মহোৎসৱৰ কথা লগ-সমনীয়াৰ মুখত বহুদিনৰ পৰা শুনি আছিলো ৷ চাবলৈ যোৱাৰহে সুযোগ মিলা নাছিল ৷ দেউতাৰ মৃত্যুৰ পাছত আমি বৰপেটালৈ আহি  বৰপেটাতে থিতাপি লৈছিলোঁ ৷ দেউতাই পঢ়ি যোৱা বৰপেটা বিদ্যাপীঠতে নাম ভৰ্তি কৰাই দিয়া হৈছিল ৷ সৰুতেই পিতৃহাৰা হোৱা বাবে আৰু দেউতাৰ প্ৰতি থকা ভালভাবৰ বাবে শিক্ষকসকলে আমাৰ প্ৰতি বিশেষ আদৰ-যত্নৰ মনোভাৱ দেখুৱাইছিল ৷ স্কুলৰ বাহিৰতো আমাৰ চলন-ফুৰণ সকলোতে চকু দিছিল সকলোৱে ৷ কোনোধৰণে আমি বেয়া হোৱাৰ সম্ভাৱনাই নাছিল বুলি ক’ব পাৰি ৷ ঘৰতো আছিল কঠোৰ অনুশাসন ৷ সকলো কথাতকৈ মনপুতি পঢ়া-শুনা কৰাতে গুৰুত্ব আৰোপ কৰা হৈছিল ৷ বিনা অনুমতিত এখোজো ইফাল-সিফাল হ’ব নোৱাৰা কথা ৷ হাউলীলৈ ৰাস চাবলৈ যোৱাতো দূৰৰে কথা ৷ 

তেতিয়া সপ্তম নে অষ্টম শ্ৰেণীত পঢ়োঁ ৷ অলপ ডাঙৰ হৈছো ৷ স্বাধীনচিতীয়া হ’বৰ মন যোৱা বয়স ৷ এদিন সহপাঠী ৰমণীয়ে প্ৰস্তাৱটো দিলে ৷ হাউলীলৈ ৰাস চাবলৈ যোৱাৰ ৷ দুয়োমিলি পৰিকল্পনা কৰিলো ৷ স্কুল ছুটীৰ পাছতে একেবাৰে ওচৰতে থকা ৰমণীৰ ঘৰ পালো ৷ তাতে কিতাপ-কাগজ থৈ বাছ ধৰিলোগৈ হাউলীলৈ বুলি ৷  হাউলী পাই দুয়ো ৰাস মহোৎসৱ চলি থকা পথাৰখন পালোঁগৈ ৷ ৰং-বিৰঙৰ মূৰ্ত্তি, দোকান-পোহাৰ আদিৰ মাজে মাজে ঘূৰি থাকোঁতে কিমান সময় পাৰ হ’ল গমকে নাপালো ৷ হঠাতে মুখামুখি হ’লো স্কুলৰ উপ-প্ৰধান শিক্ষক মিশ্ৰচাৰৰ স’তে ৷ সপৰিয়ালে ৰাস চাবলৈ আহিছে তেখেতো  ৷ আমাক দেখি সুধিলে,
“কিয়ে, ৰাস চাবা আইচা ?”
“হয়, দ’ক চাৰ,” আমি অলপ ভয়ে ভয়ে উত্তৰ দিলো ৷  

তেখেতসকলৰ লগে লগে আমিও ৰাস চাই থাকিলো ৷ পাছত একেখন বাছেৰেই সকলোটি বৰপেটা পালোহি সন্ধিয়া পৰত ৷ ঘৰ পাওঁতে এন্ধাৰ হ’ব ধৰিছিল ৷ স্কুলত কিবা কামত ব্যস্ত হৈ থাকোঁতে দেৰী হ’ল বুলি মিছা মাতিলো ৷

এদিন নে দুদিনৰ পাছত,  স্কুলত এঘাৰমান বজাত মোক প্ৰধান শিক্ষক দাসচাৰৰ কোঠালৈ মাতি পঠোৱা হ’ল ৷ কি কাৰণে মাতিছে একো বুজিব নোৱাৰি ভয়ে ভয়ে আগুৱাই গ’লো চাৰৰ কোঠালৈ বুলি ৷ অনুমতি লৈ কোঠাত প্ৰৱেশ কৰিয়েই দেখিবলৈ পালো দাসচাৰৰ কাষত মোৰ ডাঙৰ দাদা থিয় হৈ আছে ৷ বুজি পালো, তেওঁকো মাতি পঠোৱা হৈছে ৷ তাৰপাছত মোক দাদাৰ সম্মুখত গালি-শপনি পাৰিবলৈ আৰম্ভ কৰিলে দাসচাৰে ৷ “পঢ়া-শুনা নাই, ৰাস চাই ঘূৰি ফুৰিছ?” ইত্যাদি ইত্যাদি ৷ সুবিধা পাই দাদাইও যোগ দিলে মোক ককৰ্থনা কৰাত ৷ কিছুসময় গালিবৰ্ষণ চলিল ৷ তলমুৰকৈ সকলো সহি থাকিলো ৷ পাছত শ্ৰেণীকোঠালৈ আহি ডেস্কত মূৰ থৈ চিন্তা কৰিবলৈ ধৰিলো, ৰাসহে চাবলৈ গ’লো, কোনো বেয়া কামতো কৰা নাই ৷  তাতে ইমান ডাঙৰ অপৰাধ হ’লনে? সেই কথাটোকে মিশ্ৰচাৰে আহি হেডচাৰক জনাই দিব লাগেনে? একেলগে যোৱা ৰমণীক দেখোন একো নকলে? মোৰ ওপৰতহে কিয় ইমান অনুশাসন? খং, অভিমান, শোকে হেঁচা মাৰি ধৰাত দুচকুৰে ধাৰাসাৰে চকুলো ববলৈ ধৰিলে ৷ কিয় কান্দিছো সেইকথা শ্ৰেণীৰ কোনেও একো বুজি নাপালে, কিন্তু তাকে দেখি নিতুলে বিজ্ঞৰ দৰে মন্তব্য কৰিলে,
“কান্দি, জগত জিনি ৷" একো উত্তৰ নিদিলো ৷ লাজে অপমানে মৰি যোৱা যেন লাগিল ৷ 

সময় বাগৰি গ’ল ৷ চাৰসকলে কিয় ইমান চকু দিছিল মোৰ চলন-ফুৰণ আদিত সহজেই বুজি পালো কিছুবছৰ পাছত ৷  হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্কুললৈ গৌৰৱ কঢ়িয়াই আনিব পৰা ধৰণে ফলাফল দেখুউৱাৰ পাছত ৷ 

সেই শিক্ষকসকলৰ কথা ভাবিলে আজিও শ্ৰদ্ধাত মূৰ দোঁ খাই যায় ৷ এতিয়া হেঁপাহ পলুৱাই ৰাস চাই থাকিলেও আৰু আপত্তি কৰিবলৈ  নাহে তেখেতসকলে ৷


Thursday, 8 August 2013

इस सूखे मौसम में भी

इस सूखे मौसम में भी...

पूरी रात
कविता की अक्षर खिले

शुद्ध सफेद भात की तरह
पवित्र एक पृथ्वी
कविता में
शब्दों की शंख बजती है

सुबह होते ही
अथाह गहरी खून में
डूबे हुए रहते हैं
ठंडे अक्षरों
हवा के एक झोंके से
गिरते है आरम्बध के पंखुड़ियों


इस सूखे मौसम में भी
पहाड़ियों की सन्नाटा तोड़ के
कोई गाना गाता है
कहीं दूर


रबिन्द्र सरकार की असमीया कविता 'एइ खरालितो' का अनुवाद 

शोक

शोक

उनकी कविताओं में कभी
सितारें खिलते थे

ह्म लम्बी सांस लेते थे

आदमी नाम की पवित्रता
शरीर में चिपके हुए थे

अब शब्दों हैं धुंधले


फटे झोपड़ी में
उनकी कविता में
उड़ आ कर गिरा है
एक सूखा पत्ता

रबिन्द्र सरकार की असमीया कविता 'शोक' का अनुवाद