ৰাসৰ ৰসভঙ্গ….. এটি অনুভৱ..
হাউলীলৈ বৰপেটাৰ পৰা বাছেৰে প্ৰায় আধা ঘন্টাৰ বাট ৷ হাউলীৰ ৰাস মহোৎসৱৰ কথা
লগ-সমনীয়াৰ মুখত বহুদিনৰ পৰা শুনি আছিলো ৷ চাবলৈ যোৱাৰহে সুযোগ মিলা নাছিল ৷ দেউতাৰ
মৃত্যুৰ পাছত আমি বৰপেটালৈ আহি বৰপেটাতে থিতাপি
লৈছিলোঁ ৷ দেউতাই পঢ়ি যোৱা বৰপেটা বিদ্যাপীঠতে নাম ভৰ্তি কৰাই দিয়া হৈছিল ৷ সৰুতেই
পিতৃহাৰা হোৱা বাবে আৰু দেউতাৰ প্ৰতি থকা ভালভাবৰ বাবে শিক্ষকসকলে আমাৰ প্ৰতি বিশেষ
আদৰ-যত্নৰ মনোভাৱ দেখুৱাইছিল ৷ স্কুলৰ বাহিৰতো আমাৰ চলন-ফুৰণ সকলোতে চকু দিছিল সকলোৱে
৷ কোনোধৰণে আমি বেয়া হোৱাৰ সম্ভাৱনাই নাছিল বুলি ক’ব পাৰি ৷ ঘৰতো আছিল কঠোৰ অনুশাসন
৷ সকলো কথাতকৈ মনপুতি পঢ়া-শুনা কৰাতে গুৰুত্ব আৰোপ কৰা হৈছিল ৷ বিনা অনুমতিত এখোজো
ইফাল-সিফাল হ’ব নোৱাৰা কথা ৷ হাউলীলৈ ৰাস চাবলৈ যোৱাতো দূৰৰে কথা ৷
তেতিয়া সপ্তম নে অষ্টম শ্ৰেণীত পঢ়োঁ ৷ অলপ ডাঙৰ হৈছো ৷ স্বাধীনচিতীয়া হ’বৰ মন
যোৱা বয়স ৷ এদিন সহপাঠী ৰমণীয়ে প্ৰস্তাৱটো দিলে ৷ হাউলীলৈ ৰাস চাবলৈ যোৱাৰ ৷ দুয়োমিলি
পৰিকল্পনা কৰিলো ৷ স্কুল ছুটীৰ পাছতে একেবাৰে ওচৰতে থকা ৰমণীৰ ঘৰ পালো ৷ তাতে কিতাপ-কাগজ
থৈ বাছ ধৰিলোগৈ হাউলীলৈ বুলি ৷ হাউলী পাই দুয়ো
ৰাস মহোৎসৱ চলি থকা পথাৰখন পালোঁগৈ ৷ ৰং-বিৰঙৰ মূৰ্ত্তি, দোকান-পোহাৰ আদিৰ মাজে মাজে
ঘূৰি থাকোঁতে কিমান সময় পাৰ হ’ল গমকে নাপালো ৷ হঠাতে মুখামুখি হ’লো স্কুলৰ উপ-প্ৰধান
শিক্ষক মিশ্ৰচাৰৰ স’তে ৷ সপৰিয়ালে ৰাস চাবলৈ আহিছে তেখেতো ৷ আমাক দেখি সুধিলে,
“কিয়ে, ৰাস চাবা আইচা ?”
“হয়, দ’ক চাৰ,” আমি অলপ ভয়ে ভয়ে উত্তৰ দিলো ৷
তেখেতসকলৰ লগে লগে আমিও ৰাস চাই থাকিলো ৷ পাছত একেখন বাছেৰেই সকলোটি বৰপেটা
পালোহি সন্ধিয়া পৰত ৷ ঘৰ পাওঁতে এন্ধাৰ হ’ব ধৰিছিল ৷ স্কুলত কিবা কামত ব্যস্ত হৈ থাকোঁতে
দেৰী হ’ল বুলি মিছা মাতিলো ৷
এদিন নে দুদিনৰ পাছত, স্কুলত এঘাৰমান
বজাত মোক প্ৰধান শিক্ষক দাসচাৰৰ কোঠালৈ মাতি পঠোৱা হ’ল ৷ কি কাৰণে মাতিছে একো বুজিব
নোৱাৰি ভয়ে ভয়ে আগুৱাই গ’লো চাৰৰ কোঠালৈ বুলি ৷ অনুমতি লৈ কোঠাত প্ৰৱেশ কৰিয়েই দেখিবলৈ
পালো দাসচাৰৰ কাষত মোৰ ডাঙৰ দাদা থিয় হৈ আছে ৷ বুজি পালো, তেওঁকো মাতি পঠোৱা হৈছে ৷
তাৰপাছত মোক দাদাৰ সম্মুখত গালি-শপনি পাৰিবলৈ আৰম্ভ কৰিলে দাসচাৰে ৷ “পঢ়া-শুনা নাই,
ৰাস চাই ঘূৰি ফুৰিছ?” ইত্যাদি ইত্যাদি ৷ সুবিধা পাই দাদাইও যোগ দিলে মোক ককৰ্থনা কৰাত
৷ কিছুসময় গালিবৰ্ষণ চলিল ৷ তলমুৰকৈ সকলো সহি থাকিলো ৷ পাছত শ্ৰেণীকোঠালৈ আহি ডেস্কত
মূৰ থৈ চিন্তা কৰিবলৈ ধৰিলো, ৰাসহে চাবলৈ গ’লো, কোনো বেয়া কামতো কৰা নাই ৷ তাতে ইমান ডাঙৰ অপৰাধ হ’লনে? সেই কথাটোকে মিশ্ৰচাৰে
আহি হেডচাৰক জনাই দিব লাগেনে? একেলগে যোৱা ৰমণীক দেখোন একো নকলে? মোৰ ওপৰতহে কিয় ইমান
অনুশাসন? খং, অভিমান, শোকে হেঁচা মাৰি ধৰাত দুচকুৰে ধাৰাসাৰে চকুলো ববলৈ ধৰিলে ৷ কিয়
কান্দিছো সেইকথা শ্ৰেণীৰ কোনেও একো বুজি নাপালে, কিন্তু তাকে দেখি নিতুলে বিজ্ঞৰ দৰে
মন্তব্য কৰিলে,
“কান্দি, জগত জিনি ৷" একো উত্তৰ নিদিলো ৷ লাজে অপমানে মৰি যোৱা যেন লাগিল ৷
সময় বাগৰি গ’ল ৷ চাৰসকলে কিয় ইমান চকু দিছিল মোৰ চলন-ফুৰণ আদিত সহজেই বুজি পালো
কিছুবছৰ পাছত ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত
স্কুললৈ গৌৰৱ কঢ়িয়াই আনিব পৰা ধৰণে ফলাফল দেখুউৱাৰ পাছত ৷
সেই শিক্ষকসকলৰ কথা ভাবিলে আজিও শ্ৰদ্ধাত মূৰ দোঁ খাই যায় ৷ এতিয়া হেঁপাহ পলুৱাই
ৰাস চাই থাকিলেও আৰু আপত্তি কৰিবলৈ নাহে তেখেতসকলে
৷
No comments:
Post a Comment