ভাল চেমিনাৰ…
চনটো মনত নাই ৷ তেতিয়া অসম অভিযান্ত্ৰিক
মহাবিদ্যালয়ত শিক্ষকতা কৰোঁ ৷ গুৱাহাটীৰ নুনমাটিত এখন চেমিনাৰ আয়োজন কৰা হৈছিল, অসমত উদ্যোগ গঢ়ি তোলাৰ
সম্ভাৱনীয়তাৰ ওপৰত ৷ বিশেষভাৱে নিমন্ত্ৰণ জনোৱাত যাবলৈ ওলালো ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ
সেইসময়ৰ উপাচাৰ্য মহোদয় আৰু মোৰ এজন সহমৰ্কী অধ্যাপক, আমাক তিনিওজনকে
একেখন গাড়ীৰে লৈ যোৱা হ’ল ৷ ভৰলুমুখ পাৰ হৈ মাছখোৱা পোৱাৰ আগতেই গাড়ীখন কিবা এটা বেয়া
হোৱাত তিনিওজন গাড়ীৰ পৰা নামি ফুটপাথতে থিয় দি ৰ’লো ভালেখিনি সময় ৷ চালকগৰাকীয়ে কিবা-কিবি
কৰি গাড়ীখন চলিব পৰা কৰিলে ৷ অলপ পলমকৈ হ’লেও চেমিনাৰ হোৱা ঠাই পালোঁগৈ ৷
চেমিনাৰ আৰম্ভ হ’ল ৷ বিভিন্ন বক্তাই
কথা ক’লে, দুই-এজন বক্তাৰ বক্তব্যৰ পাছত জাউৰিয়ে
জাউৰিয়ে হাতচাপৰিও পৰিল ৷ সময়খিনি ভালদৰেই
পাৰ হোৱা যেন লাগিল ৷ মাজতে লঘু আহাৰৰ ব্যৱস্থাও আছিল ৷ মধ্যাহ্নৰ আহাৰ বেচ লোভনীয়
আছিল বুলি ক’ব পাৰি, শোধনাগাৰ কৰ্তৃপক্ষৰ সৌজন্যত ৷ সকলোৱে হেঁপাহ পলুৱাই ভোজন কৰিলে
৷
তাৰপাছত জালুকবাৰী অভিমুখে উভতি যোৱাৰ চিন্তা হ’ল ৷ আমাক জালুকবাৰীলৈ পুনৰ থ’বলৈ
যোৱাৰ ব্যৱস্থা কৰা হৈছেনে নাই সেইকথা সুধি ফুৰিবলৈ মন নোযোৱাত উপাচাৰ্য মহোদয়ক মাত
লগাই সহকৰ্মীজনৰ সৈতে খোজ ল’লো চিটিবাছ ধৰিবলৈ বুলি ৷ আমাৰ আগে-পিছে
আৰু বহুতো মানুহ , চেমিনাৰহোৱা ঠাইৰ পৰা নিজ-নিজ ঠাইলৈ বুলি খোজ লৈছে ৷
অলপ দূৰ যোৱাৰ পাছত সম্মুখৰ পৰা
আহি থকা মানুহ এজনে আমাৰ পিছে পিছে আহি থকা মানুহ এজনক সুধিলে,
“ অ’ চেমিনাৰৰ পৰা আহিল নেকি?”
“হয়,” মানুহজনে উত্তৰ দিলে৷
“কেনেকুৱা হ’ল চেমিনাৰ?”
“ভালেই হ’ল ৷ খানা বঢ়িয়া হৈছে,”
অতি গৌৰৱ তথা সন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰি আমাৰ পিছে পিছে আহি থকা মানুহগৰাকীয়ে মন্তব্য
কৰিলে ৷
কথাষাৰ শুনি আমোদ পালো ৷ মনতে ভাবিলো, এৰা, খানা ভাল নহলেনো
কিহৰ চেমিনাৰ ? এতিয়া চিটিবাছত কোনোমতে ভাল চীট এটা পালেই হ’ল ৷
No comments:
Post a Comment