নামৰ কাম..
চৰকাৰী চাকৰিত যোগদান কৰাৰ পাছতে প্ৰথমটো ডাঙৰ চিন্তা আৰম্ভ হয় পে’শ্লিপ আনিবলৈ
যোৱাক লৈ৷ আমি চাকৰিত যোগ দিয়া সময়ত এ জি অফিচটো শ্বিলঙতে আছিল৷ গতিকে কামটো আৰু টান৷
শ্বিলঙলৈ যাব লাগিব, কোনোবা হোটেলত থাকিব লাগিব, এদিনতে কামটো সাধাৰণতে নহয়, সোনকালে
কৰাবৰ বাবে কিবা ব্যৱস্থা হয়তো কৰিব লাগিব, ইত্যাদি নানান কথা৷ অফিচৰ কাম কৰাত মই
আছিলো তেনেই কেঁচা৷ গতিকে সাধাৰণ কথাবোৰেই পৰ্বতৰ সমান গধুৰ যেন হৈ পৰে মোৰ বাবে৷ তথাপি
যিহেতু নগ’লেই নহয়, এদিন গুৱাহাটীৰ পৰা শ্বিলং অভিমুখে বাছত উঠিলো৷ সৰুতে শ্বিলঙতে আছিলো, এবছৰৰ
বাবে, তৃতীয় শ্ৰেণীত থাকোঁতে৷ ইমানদিনৰ মূৰত পুনৰ শ্বিলঙলৈ যাবলৈ
পাই ভালো লাগিছিল৷ মোৰ লগত যাবলৈ ওলাল আন এজন প্ৰবক্তা, একেই কামত ওলাইছে ৷ তেওঁ লগত থকাত ভালেই
হ’ল৷ শ্বিলঙত কোনোবা আছে, তাতেই ৰাতিটো কটোৱাৰ সুবিধা হ’ল৷
পিছদিনাখন ৰাতিপুৱাতে এ জি অফিচ পালোঁগে৷ আমাৰ কাম কৰা খাচীয়া মহিলাগৰাকীৰ বিষয়ে আমাক কোৱা হৈছিল তেখেত অফিচলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট অনিয়মীয়া বুলি৷ তেখেতক লগ পোৱা হেনো বৰ টান৷কথাটো সঁচানে মিছা নাজানিলো৷ আমি ঈশ্বৰক খাটি গৈছিলো যাতে তেখেতক লগ পাওঁ৷ সেইদিনা কিন্তু আমি অপেক্ষা কৰিবলগা
নহ’ল৷ মহিলাগৰাকী নিজৰ টেবুলতে বহি আছিল৷ আমি সুপ্ৰভাত জনাই আমাৰ কামৰ কথাটো ক'লো৷ মহিলাগৰাকীয়ে আমাৰ কাম কৰিবলৈ ধৰিলে৷ তাৰপাছত আমাক অলপ সময়ৰ পাছত আহিবলৈ ক’লে৷
চহী কৰাবলৈ ওপৰৱালা অফিচাৰৰ ওচৰলৈ যাব হেনো কাগজবোৰ৷ তেখেতে চহী কেতিয়া কৰে একো ঠিক
নাই বুলি ক’লে৷ গতিকে মানসিক ভাবে সাজু হ’লো আকৌ এটা ৰাতি শ্বিলঙত কটাবলৈ৷
অফিচৰ পৰা বাহিৰ ওলাই গৈ ওচৰতে থকা কেন্টিনত কিবা-কিবি অলপ খাই শ্বিলঙৰ বিখ্যাত
লে’কটোৰ পাৰতে অলপ বহিলো৷ এটামান বজাত পুনৰ অফিচলৈ আহিলো, খীণ আশা এটা লৈ. কিজানিবা
চহী কৰিলেই অফিচাৰে বুলি৷ অফিচত সোমাই আকৌ মহিলাগৰাকীৰ টেবুলৰ ওচৰ পালোঁগৈ৷ ওচৰতে আৰু
তিনিখনমান টেবুল আছিল৷ তাতে বহি থকা মানুহকেইজনে অসমীয়াতে কথা-বতৰা পাতিছিল আমাৰ লগত৷
আমি অনুৰোধ কৰাত পিয়ন এজন ওপৰলৈ উঠি গ’ল আমাৰ কাগজ চহী কৰিবলগা অফিচাৰজনৰ ওচৰলৈ৷ আমি
নিজ নিজ ভাগ্যক ধিয়াই বহি থাকিলো৷
প্ৰায় লগে লগেই পিয়নজন নামি আহিল৷ হাতত আমাৰ পে’শ্লিপদুখন৷ চহী হৈ আছে৷ ইমান
সোনকালে আমাৰ কাম কেনেদৰে হ’ল কোনেও বুজি নাপালে৷ সকলোৱে খোলা-খুলিকৈ আশ্চৰ্য প্ৰকাশ
কৰিলে৷ হঠাতে কিবা মন যোৱাত কেৰাণী এগৰাকীয়ে আমাৰ পে’শ্লিপ দুখনত চকু ফুৰালে৷ তাৰপাছত
মুখত হাঁহি বিৰিঙি উঠিল তেখেতৰ৷ আমি আচৰিত হৈ তেখেতৰ মুখলৈ চাই থাকিলো৷ তেওঁ যেন কিবা ডাঙৰ কথা এটাহে আৱিষ্কাৰ কৰিলে তেনে এক ভাবত
চিঞৰি চিঞৰি কৈ উঠিল,
“অ'...আচল কথা বেলেগ৷ আচলতে আপোনাৰ নামটো দেখিয়েই আমাৰ অফিচাৰে লগে লগে চহী কৰি
দিলে৷”
“মোৰ নাম? মোৰ নামটো ইমান বিখ্যাতনে?” মই আচৰিত হৈ সুধিলো৷
“নাই, মানে আমাৰ অফিচাৰৰ নাম আৰু আপোনাৰ নাম একে, হা হা হা.” মানুহজনে ৰহস্যটো
ভাঙি দি ক’লে৷
আমাৰো ভাল লাগিল৷ মোৰ নামৰ গুণতে মোৰ বন্ধুজনৰ কামটোও সোনকালে হ’ল৷ সকলোকে
ধন্যবাদ জনাই দুয়ো ততাতৈয়াকৈ বাছ আস্থানৰ পিনে বেগ দিলো৷
এৰা, নিজৰ নামটো মানুহে বৰ ভাল পায়, মোৰ নামটোক লৈ সৰুৰে পৰা কিমান ঠাট্টা-মস্কৰা শুনি আহিছো৷ হওঁক তেও , মোৰ একে নামৰ মানুহ আৰু আছে৷
কথাটো ভাবি ভালেই লাগিল৷
No comments:
Post a Comment