At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 8 October 2013

মুন্না ডট চি..



মুন্না ডট চি….

আই আই টি দিল্লীত পি. এইচ. ডি. কৰি থকা সময়ৰ কথা৷ সেই সময়ত তাত পি. এইচ. ডি. কৰা সকলে মুঠতে পাঁচটা বিষয়ত নাম পঞ্জীয়ণ কৰিব লাগিছিল, তাৰে চাৰিটাত চি. জি. পি. এ. ৮.০ তকৈ বেছি পাই পাছ কৰিব লাগিছিল আৰু বাকী বাধ্যতামূলক বিষয়টো কেৱল পাছ কৰিলেই হৈছিল৷ সেইখিনি কৰাৰ পাছতহে আচল গৱেষণাৰ কাম আৰম্ভ হৈছিল৷ 

সকলোৱে সহজ বিষয় নতুবা সহজ অধ্যাপক, যিয়ে ভাল গ্ৰেড দিয়ে, বাছি লৈছিল৷ আমাৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ৱালিয়া সকলোৰে প্ৰিয় আছিল সহজে ভাল গ্ৰেড দিয়ে কাৰণে৷ তেখেতে সকলোকে 'এ' গ্ৰেড দিয়ে বুলি শুনিছিলো৷ তেখেতে শিকাইছিল “কম্পিউটাৰ এইডেড ডিজাইন” বুলি বিষয় এটা৷ আমাৰ নিজৰ বিভাগ বাবে আমি সকলোৱে তেখেতৰ সেই বিষয়টো ল’লো, কিন্তু পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, মেকানিকেল, ইলেক্ট্ৰিকেল আদি সকলো বিভাগৰ পৰা দলে-বলে ছাত্ৰ-ছাত্ৰী আহি তেখেতৰ সেই বিষয়ত নাম ভৰ্তি কৰাইছিল৷ মুঠতে ১০০ গৰাকীমান ছাত্ৰ-ছাত্ৰী হ’ল৷ সৰু শ্ৰেণীকোঠাত বহিবলৈকে ঠাই নোহোৱা হ’ল৷

প্ৰতিটো বিষয়ৰ মুঠতে তিনিটাকৈ পৰীক্ষা হোৱাৰ নিয়ম আছিল৷ দুটা মিড টাৰ্ম আৰু শেষত মূল পৰীক্ষা৷ ৱালিয়া চাৰে আমাক মিড টাৰ্ম পৰীক্ষাৰ পৰা ৰেহাই দি কেৱল এটা এচাইনমেন্ট কৰি জমা দিবলৈ ক’লে৷ এচাইনমেন্টটো অৱশ্যে বেছি সহজ নাছিল৷ কম্পিউটাৰ প্ৰগ্ৰেম কৰি কৰিব লাগিব৷ আগতে 'বেচিক', 'ফৰ্তত্ৰান' আদি জানিছিলো যদিও 'চি' শিকা নাছিলো৷ “ডা স্পিৰিট অব চি” নামৰ কিতাপ এখন কিনি লৈ প্ৰথমতে 'চি' শিকিলো৷ কিন্তু 'মেইন ফ্ৰেম' কম্পিউটাৰত কাম কৰাৰ অভ্যাস নাছিল বাবে অনিল কুমাৰ নামে বন্ধু এজনৰ সহায় বিচাৰিলো৷ মই ক’লো, গোটেই প্ৰগ্ৰেমটো মই লিখিম, মোক মাত্ৰ 'মেইন ফ্ৰেম'ত কাম কৰিবলৈ সহায় কৰি দিলেই হ’ব৷ তাৰ বিনিময়ত মোৰ প্ৰগ্ৰেমটো তেওঁক দিম৷ তেওঁ অলপ ইফাল-সিফাল কৰি জমা দিলেই হ’ল; কিন্তু তৃতীয়জন ছাত্ৰই যাতে প্ৰগ্ৰেমটো নাপায়৷ 

অনিল কুমাৰ মান্তি হ’ল৷ প্ৰায় পোন্ধৰ দিন দেহে-কেহে খাটি প্ৰগ্ৰেমটো লিখিলো, নাম দিলো “মুন্না ডট চি”৷ মুন্না মোৰ সৰু ল’ৰাটোৰ ঘৰত মতা নাম৷ ৰাতি বাৰমান বজালৈকে অনিল কুমাৰ আৰু মই, দুয়ো কম্পিউটাৰ চেন্টাৰত বহি বহি কাম কৰোঁ৷ অৱশেষত কাম শেষ হ’ল৷ অতি আকৰ্ষণীয় ভাবে লিখি জমা দিলোঁগে৷ মইয়েই প্ৰথমে জমা দিলো৷ তাৰ তিনিদিনমান পাছৰ পৰা বাকীবোৰে জমা দিবলৈ আৰম্ভ কৰিলে৷ কোনোবাই 'মুন্না ডট চি' প্ৰগ্ৰেমটো পালে, ক’ৰ পৰা কেনেকৈ গমকে নাপালো৷ সকলোৱে সেইটোকে জমা দিবলৈ গ’ল৷ দুই এজন বুধিয়কে ‘চি’ ত লিখা প্ৰগ্ৰেমটো ‘পাস্কেল’লৈ পৰিৱৰ্তিত কৰি ল’লে৷ কিন্তু তথাপি ধৰা পৰিল তীক্ষ্ণ বুদ্ধিৰ অধ্যাপক ৱালিয়াৰ হাতত৷ যিয়েই জমা দিবলৈ যায়, চাৰে পোনে পোনে সোধে, 
“ ইউ হেভ কপীড ফ্ৰম দাস, তুমি দাসৰ পৰা কপি মাৰিছা৷”

আচলতে বাকীবোৰৰ অনুগ্ৰহত মই বিখ্যাত হৈ পৰিলো৷
সেইবাৰ সেইটো বিষয়ত জনসাধাৰণে এ গ্ৰেড নাপালে৷ কিন্তু 'মুন্না ডট চি' প্ৰগ্ৰেমটো কেনেদৰে ৰাজহুৱা হৈ পৰিল সেইটো আজিলৈকে সাঁথৰ হৈয়ে থাকিল৷

No comments:

Post a Comment