At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 15 November 2012

Little Commom Sense..

I had returned home after a gap of about four months. My son grimly declared that my favorite PC was out of order. 

"What's the problem?", I asked.
"It simply doesn't start', he replied. 

I felt bad since surviving without the PC would be difficult. 

I am not a computer expert. I cannot repair it.
" Have to call my trusted computer man Bikash", I thought.

Before calling Bikash I just wanted to check the problem. And one fine morning, when I was alone at home, I started my job. I switched on the UPS, then the computer which gave me the indication that the PC had started but the monitor does not work. 

I checked the monitor whether it was switched on. It was. 

"The problem is somewhere else", I talked to myself. I started checking the connections one by one. All connections seemed alright. At last I checked the power supply to the monitor and I could find that the connection from the adapter was loose. "Probably, this is the problem", I assured myself and reconnected the cable to the adapter. and low and behold, the monitor started working.

My son never checked the connections and just had declared the computer to be out of order. If I were not there, he would have called some experts who would have charged him few hundred rupees to fix the BIG problem....

Some times common sense is what we require most.

Monday, 12 November 2012

পাখি মেলা মন.. তিতাবৰৰ দুৱৰি বন…



“পাখি পাখি এই মন, পাখি লগা মোৰ মন.…” জুবিন গাৰ্গৰ সুমধুৰ গীতটো বাজি উঠিলে মোৰ মনটো উৰা মাৰে সুদুৰ তিতাবৰলৈ য’ত মোৰ দেউতাৰ অধিক স্মৃতি সাঙুৰ খাই আছে৷ মোৰো মধুৰ শৈশৱৰ বাৰে-ৰহণীয়া অভিজ্ঞতাৰ মেটমৰা ভাৰখনত তিতাবৰৰ দিনবোৰৰেই অৰিহণা বেছি৷ 

নগাৱঁৰ শেনচোৱাত থাকোতে বিহুৰ সময়ত দুই এদল বিহুমৰা ল’ৰা ঘৰলৈ অহা মনত পৰে৷ কিন্তু তিতাবৰ পোৱাৰ লগে লগে বিহুৰ সোৱাদেই সলনি হৈ গ’ল৷ প্ৰথমবাৰৰ বাবে বিশেষ ধৰণৰ বিহু-হুচৰিৰ স’তে পৰিচয় ঘটিল৷ দলে দলে হুচৰিৰ দলবোৰ ঘৰলৈ বিহু মাৰিবলৈ আহে৷ বিশেষকৈ স্বনামধন্য খগেশ্বৰ গগৈদেৱৰ হুচৰিদলৰ ঢুলীয়া চেওঁ মোৰ বাবে বিশেষ আকৰ্ষণ আছিল৷ মিহিৰাম শইকীয়া হাইস্কুলৰ ওচৰত আয়োজিত বিহু সন্মিলনীত ভিন ভিন ঠাইৰ পৰা অহা বিহুৱা সকলৰ নাচ হেপাহ পলুৱাই চাওঁ৷ ঘৰলৈ আহি অকলে অকলে বিহু নাচ অভ্যাস কৰো৷ ঘৰে ঘৰে হুচৰি মাৰি ফুৰা দলবোৰৰ পিচে পিচে ঘুৰি ফুৰো৷ বিশেষকৈ এটা কথা মোৰ ভালদৰে চকুত পৰিল৷ নাচনিবোৰে যেতিয়া বিহু নাচে তেতিয়া মাটিৰ পৰা ভৰিখন ওপৰলৈ নুঠে৷ ভৰিবোৰ এটা বিশেষ কিটিপেৰে মাটিত চোচোৰাই চোচোৰাই নিয়ে আৰু তেনেদৰে নাচনিবোৰে এটা বৃত্তৰ পৰিধিত ঘুৰি থাকে, ঘড়ীৰ কাঁটাৰ দিশত৷ ফলস্বৰুপে চোতালৰ বন বিলাক এফালে বেঁকা হৈ পৰে, ঠিক সেই দিশত৷ মই ভৰিবোৰলৈ ৰ’ লাগি চাই থাকো৷ আজৰি সময়ত মইও ঘৰত অকলে অকলে সেই অভ্যাস কৰি সফল হ’লো মাটিত ভৰি চোচোৰাই নাচিবলৈ৷ কিন্তু কাৰো আগত মোৰ বিহু নাচৰ স্ব-আৰ্জিত পাৰদৰ্শিতা দেখুউৱাৰ সুযোগ পোৱা নাছিলো৷

সোণকালেই সুযোগ আহিল৷ তেতিয়া মই প্ৰথম শ্ৰেণীত৷ বিহু ওচৰ চাপি আহিল৷ কাছজানৰ লক্ষ্য, ৰেচম পামৰ সন্মুখত থকা মহেন্দ্ৰ, তাঁতী গাৱঁৰ ৰাতুল আৰু অনেক লগ-সমনীয়াই সেইবাৰ এটা হুচৰিৰ দল গঠন কৰাৰ পৰিকল্পনা কৰিলে৷ মোকো লগ ললে৷ এঘৰৰ চোতালত গোট খাই আমি আখৰা কৰিব ধৰিলো৷ সুযোগ পাই মইও নিজৰ নাচৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলো৷ সকলো মুগ্ধ হ’ল আৰু মই হৈ পৰিলো আমাৰ দলটোৰ প্ৰধান নাচনি৷ প্ৰধান নাচনিৰ সন্মানেই বেলেগ৷ 

বিহু আহিল৷ আমিও ঘৰে ঘৰে বিহু মাৰিবলৈ আৰম্ভ কৰিলো৷ ঘৰে ঘৰে গৃহস্থৰ পৰা পোৱা টকাবোৰ কোনোবা এজনে সযতনে জমা কৰি গ’ল৷ আমাৰ নিজৰ ঘৰলৈও বিহু মাৰিবলৈ আহিলো৷ নাচি নাচি ভাগৰ লাগি গ’ল৷ ভিতৰৰ পৰা কোনো ওলাই নাহে হে নাহে মাননি দিবলৈ৷ মোৰ নাচি নাচি ভাগৰত লালকাল অৱস্থা৷ অৱশেষত যেনিবা দাদাহঁত ওলাই আহিল হাতত তামোল-পাণৰ বটা লৈ৷ পাচত মোক দাদা এজনে কলে, “তইনো কিমান নাচিব পাৰ, তাকে আজি আমি চালো৷” পেটে পেটে মোৰ খং উঠিছিল যদিও মিচিকিয়াই হাঁহি মনে মনে থাকিলো৷

তাৰ পিচদিনা আবেলি পৰত আমি ওলাই গ’লো মাধপুৰ তিনি আলিৰ পিনে৷ ঘৰে ঘৰে বিহু মাৰি গৈ গৈ দত্ত চাৰৰ ঘৰতো বিহু মাৰিলোগৈ৷ চাৰৰ আগত বিশেষ উৎসাহেৰে নাচিলো৷ তাৰ পাছত বিহু মাৰি মাৰি গৈ থাকিলো দুৰলৈ৷ কেতিয়া ৰাতি হ’ল গমেই নাপালো৷ ৰাতি ৯ টা মান বাজিলত আমি সম্বিত ঘুৰাই পালো৷ ঘৰলৈ উভটিব লাগে বুলি কোনোবা এজনে ক’লে৷ আমি আহি পথাৰ এখনত বহিলোহি৷ চাৰিওফালে ঘিটমিটিয়া এন্ধাৰ৷ দুজন মানে বাঁহৰ পাব দুটা মান কাটি, তাতে কেৰাচিন তেল অলপ অলপ ভৰাই শুকান খেৰৰ থিলা মাৰি দি মুখবোৰ বন্ধ কৰি জুইশলা মাৰি খেৰখিনিত জুই লগাই দিলে৷ সেইয়া হ’ল জোৰ৷ 

তেনে জোৰ দুটামান হাতত লৈ, তাৰ পোহৰত আমি পথাৰৰ মাজে মাজে বাট পোনালো আমাৰ ঘৰৰ ফালে৷ কছাৰী গাৱঁৰ পিছপিনেৰে আহি আমি থকা ৰেচম পাম পালোহি৷ হাতত জোৰ লৈ থকা দুজনে মোক ঘৰৰ মুখলৈকে লৈ গ’ল৷ বাকীবোৰ নিলগত ৰৈ থাকিল৷ তেতিয়া ১০ টা মান বাজিছিল ৰাতি৷ ঘৰত মা-দেউতাহঁত উৎকন্ঠাৰে ৰৈ আছিল৷ জোৰৰ পোহৰ দেখি দুৱাৰ মেলি মা বাহিৰ ওলাই আহিল৷ আমাক দেখি গালি পাৰিবলৈ আৰম্ভ কৰিলে৷ “ইমান ৰাতি ক’ত আছিলা তোমালোক? একো খবৰ-বাতৰি নাই”, ইত্যাদি ইত্যাদি৷ মই তলমূৰকৈ ঘৰ সোমালো , ভয়ে ভয়ে৷ দেউতাই পিঠিৰ ছাল চিঙিব বুলি ভাবিছিলো যদিও দেউতা আচৰিত ভাবে নিমাত হৈ থাকিল৷ মই গৰম পানীৰে ভৰি-হাত ধুই, বাধ্য ল’ৰাৰ দৰে নাকে-কাণে ভাত কেইটামান খাই বিচনাত উঠিলোহি৷ কেতিয়া টোপনি আহিল গমেই নাপালো৷

Photo cournesy: Rituraj Konwar, The Hindu
মোৰ বিহু মৰাও সেইবাৰলৈ তাতেই শেষ৷ লগৰীয়াবোৰে পিছদিনা মোক মাতিবলৈ নাহিল৷ দুদিনমান পিছত খবৰ দিলেহি ৰাতি ভোজ পাতিছে বুলি ওচৰৰে এঠাইত, বিহু মাৰি পোৱা টকাৰে৷ মোৰহে যোৱা নহ’ল৷ মা-দেউতাৰ অনুমতি ল’বলৈ সাহস গোটাব নোৱাৰিলো৷

তিতাবৰ এৰি থৈ শ্বিলং পালোগৈ৷ তাৰপাছত বৰপেটা৷ ঢোলৰ মাত শুনিলে কিন্তু আজিও হেপাহ পলুৱাই নাচিবৰ মন যায়৷ পাখি লগা মনটো উৰা মাৰে তিতাবৰৰ সেই সোণালী দিনবোৰলৈ৷ চকুত ভাঁহি উঠে নাচনিৰ গচকত বেঁকা হৈ পৰা চোতালৰ সেই বন বোৰলৈ৷ কাণত বাজি উঠে লক্ষ্যই গোৱা বিহুগীতফাঁকিলৈ, “ আমে পাত সলালে, চামে পাত সলালে, ফুলিলে ভেবেলী লতা অ’ আইজনী, তুমি আমাৰ নাচনী, নেনাচো বুলিলে, ওলায় চকুপানী..” 

কিবা এক অবুজ আবেগত সঁচাকৈয়ে চকুপানী ওলায় আজি৷


Friday, 9 November 2012

এখন উৱলি যোৱা ফটো..

পুৰণি ফটোবোৰ চাই থাকোঁতে হঠাৎ চকু গ’ল এখন উৱলি যাব ধৰা ফটোলৈ৷ আচলতে বাতৰি কাকতত প্ৰকাশ হোৱা ফটো এখন৷ সযতনে কাটি লৈ সাঁচি ৰখা এখন ফটো৷ নতুন অসমীয়া আছিল সেই বাতৰি কাকতখনৰ নাম৷ বহুদিন হ’ল, প্ৰকাশ বন্ধ হৈ যোৱাৰ৷ অসমৰ নতুন প্ৰজন্মই সেই কাকতখনৰ চাগে নামেই শুনা নাই৷ 

ফটোখন, অৰ্থাৎ বাতৰি কাকতৰ টুকুৰাটো হাতত তুলি ল’লো আলফুলকৈ৷ ফটোখনলৈ চালো৷ চিনাকী মুখ৷ মনটো উৰা মাৰিলে ১৯৬৮ চনৰ ডিচেম্বৰ মাহলৈ৷ 

তেতিয়া আমি শ্বিলঙত৷ মই তৃতীয় শ্ৰেণীত৷ সেই মাহৰ ৮ তাৰিখে দেউতাৰ পৰলোক প্ৰাপ্তি ঘটিছিল৷ ২৮ তাৰিখৰ পৰা মোৰ বৃত্তি পৰীক্ষা হ’ব লগীয়া আছিল৷ দেউতাৰ মৃত্যুৰ স’তে কুমলীয়া মনটোক পৰিচিত কৰাই, প্ৰকৃতিস্থ হওঁতেই বহুদিন পাৰ হ’ল৷ ২৮ তাৰিখো ওচৰ চাপি আহিল৷ দেউতাৰ দহা-শ্ৰাদ্ধ আদি যথা সময়ত নিয়ম অনুসাৰে পালন কৰা হৈ গ’ল৷ খবৰ-বাতৰি ল’বলৈ অহা মানুহৰ সমাগমো নোহোৱা হৈ পৰিল৷ আমিও দেউতাই খালী কৰি থৈ যোৱা ঘৰখনত যন্ত্ৰৰ দৰে সময় পাৰ কৰিব ধৰিলো৷ মাজে মাজে নিজকে সকীয়াই দিলো, বৃত্তি পৰীক্ষা ভাল কৰিবই লাগিব বুলি৷ দেউতাৰ আশা আছিল কোনো এজন সন্তানে বৃত্তি পোৱাটো৷ ডাঙৰ দাদা দুজনে সেই আশা পূৰণ কৰিব পৰা নাছিল৷ এইবাৰ আছিল মোৰ পাল৷ কিন্তু দেউতাতো গুচি গ’লগৈ৷ তথাপি দেউতাৰ মনৰ আশা পূৰণ হওক বুলিয়েই প্ৰতিকূল পৰিবেশ আওকাণ কৰিও পঢ়া-শুনা কৰি থাকিলো৷

২৮ তাৰিখ আহিল৷ ঘৰত কোনো উৎসাহ নাই৷ ৰাতিপুৱাই সাজু হ’লো পৰীক্ষাৰ বাবে৷ ওচৰতে শ্বিলং বিদ্যালয়ত পৰীক্ষাকেন্দ্ৰ৷ যথা সময়ত পৰীক্ষা আৰম্ভ হ’ল৷ ভালেই হোৱা যেন লাগিল৷ কিছুদিন পাছত আমি বৰপেটালৈ গুচি আহিলো৷ বৰপেটা বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীত নাম লগাই দিয়া হ’ল মোক৷ মাজে মাজে মনত পৰি থাকিল শ্বিলঙলৈ৷ বৃত্তি পৰীক্ষাৰ ফলাফল বা কেতিয়া ওলায়, নিজেই নিজকে সুধি থাকিলো৷ 

তেনেদৰেই পাৰ হৈ গ’ল কেইটামান মাহ৷ এদিন হঠাতে খবৰটো আহিল, মই হেনো সংযুক্ত খাচীয়া জয়ন্তীয়া পাহাৰজিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰি বৃত্তি পাইছো৷ প্ৰথমতে নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিলো৷

খবৰটোৱে ঘৰলৈ সুখৰ লগতে দুখো কঢ়িয়াই আনিলে৷ দেউতাৰ স্মৃতিয়ে সকলোকে আমনি কৰিলে বাৰে বাৰে৷ মাৰ মোমায়েক এজনে মোক লৈ গ’ল তেখেতৰ চিত্ৰবন নামৰ স্টুডিঅ’লৈ৷ তাতে মোৰ ফটো তোলা হ’ল বাতৰি কাকতত দিবৰ বাবে৷ কিছুদিন পাছত ফটোখন প্ৰকাশ হ’ল৷ ওচৰ-চুবুৰীয়াক অতি আগ্ৰহেৰে ফটোখন দেখুউৱাৰ পাছত সুন্দৰকৈ ফটোখন কাটি লৈ ফটোফ্ৰেম এটাত বন্ধাই থোৱা হ’ল৷

দিন বাগৰি গ’ল৷ চাকৰি-বাকৰি , ঘৰ-সংসাৰ আদিত ব্যস্ত হৈ পৰিলো৷ চাকৰিৰ খাটিৰত ভাই ভাই ঠাই ঠাই হ’লো৷ পুৰণি ফটোখনেও বহু ঠাই সলনি কৰিলে যদিও মোৰ মাই সযতনে বচাই ৰাখিলে৷ এদিন হাতত পৰাত মই নিজৰ ঠাইলৈ লৈ আহিলো৷ তেনেদৰেই দিন বাগৰি গৈ থাকিল৷ লাহে লাহে পুৰণি সামগ্ৰীবোৰৰ আদৰ-যত্ন কমি যাব ধৰিলে৷ ফটোখনো ক’ৰবাত সোমাই পৰিল৷

এদিন হঠাত হাতত পৰিল ফটোখন৷ কেমেৰাৰে ফটো তুলি থ’লো ফটোখনৰ৷ আনৰ বাবে নহলেও মোৰ বাবে এতিয়াও মূল্য আছে ফটোখনৰ৷ মোৰ দেউতাৰ মনৰ আশা পূৰণ কৰাৰ স্বাক্ষৰ৷

Thursday, 8 November 2012

Saving that drop…

Some one commented, “The next world war is going to be fought over water.” Water is going to be the bone of contention.

Some people have already been suffering from water scarcity and it will affect more and more people if we do not take appropriate steps.

The other day I saw a newly installed beautiful bath tub in a friend’s house. It is a luxury, no question about that. 

I have read somewhere that it takes about 70 gallons of water to fill a bathtub, so, obviously, showers are generally the more water-efficient way to bathe. And , if we use a low-flow shower-head , we can save 15 gallons of water during a 10-minute shower.

To, me, not using a shower is even better. I still remember my IIT, Madras days. 





















It was during the period 1987-89. Chennai was passing through a situation where water was considered to be precious.  Our hostel bath room shower connections were cut off. One had to carry a bucket of water inside the bath room to take bath. It saved lots of water, no doubt. It was not very convenient though. There was no water tap inside the bath room. Otherwise, some one might have wasted water by keeping the tap running while taking bath. As the water tap was outside, one had to satisfy oneself with whatever water he carried inside the bath room. It was a very good step taken by the authorities, no doubt about that.


This is just an example.. 

We can save plenty of water by some simple judicious steps like that

Tuesday, 6 November 2012

Theory and Practice..



I have never been an athlete. I cannot even think of running a marathon. I have nothing to show as achievement in sports related activities, although I keep lots of interest in them.

I have always encouraged my sons to take part in all sports activities. They have not achieved anything great till now. But, in the process I have learnt a lesson or two from them.

One fine morning, my elder son approached me for permission to join the open marathon to be held in their school that day. It was to be a seven kilometer run open to all students. My son was about eleven or twelve years old at that time, not an ideal age to take part in such type of events as told by an expert to me later. My son was eager, so I gave him the permission to join the race.

I was not qualified to give my son any advice since I had never taken part in marathon race myself. But, as a father I had to encourage my son and give some tips based on whatever little knowledge I had about the event.


Behaving like an experienced athlete, I told him, “Just enjoy the run. Take it easy. After running for about 100 meters you’ll have a strong urge to stop since you’ll start getting tired. But do not stop. Once you stop, you may not be able to run again. Just keep going and going.” 

My son nodded and left for school.

He returned from school in the afternoon very much excited. Before I could ask anything, he declared, “Daddy, I secured fifth position in the marathon and I’ll get some award for that.” 
I was surprised. 
He continued to narrate his experience, 
“Almost the whole school participated in the run. Initially most of them were leading, but after sometime, many of them stopped and started getting into the bus that had been following us. I kept on running, remembering your advice not to stop. I started overtaking others and after sometime I found myself almost alone on the road. After taking a turn suddenly I saw our school building looking at me. When I entered the school compound students and teachers started cheering and clapping for me. Some one of them was shouting, Fifth, Fifth.. Arpit is Fifth…”

My son put into practice my theoretical knowledge however limited it may be. The mental strength he  had shown by not stopping halfway made him successful.  

In the process, he taught me a valuable lesson too.

Keeping the fire burning..


My seventy four year old friend from Nagpur, who visits our college regularly to deliver lectures to the students, never stops learning.  He had been a brilliant student and had retired as a successful geologist and officer from the Geological Survey of India. Even at this age he is as sharp as a razor. He keeps on reading books on various subjects. 

The other day, he asked me, “What is the full form of CDMA and what is GSM?” 

Mr R N Padhi
The two terms are familiar to me but I could not answer him immediately as my knowledge was very very limited. I had to refer to Wikipedia to get some information on these two mobile technologies. Telecommunication is not my field neither his. But I had never bothered to read about them till my friend asked me that question.   

As I was reading about CDMA and GSM in the net, few teachers entered my room at the right moment and came to my rescue.  One among them was an expert in that area and explained the technologies in simple words. My friend kept on asking him related questions and the teacher answered them all. 


I just kept wondering, how can a man at this age remain so inquisitive like a four year old boy!

Suddenly I realized, probably that is the reason why his memory is still so sharp, why he is still so active and enthusiastic, why he does not have ailments that can hamper his movements across the big country like India.

I also read in the net what researchers had found that "Cognitively active persons in old age  2.6 times less likely to develop old age related disorders such as dementia and Alzheimer’s disease than a cognitively inactive person.

Keeping the fire alive is the key, I concluded

Friday, 2 November 2012

Two honest boys..


One of them is physically challenged. He was accompanied by his friend. They are from Bihar, recently admitted to our college. They entered my room after politely taking permission.

One of them started, "Sir, we want your forgiveness."

I got confused and asked them, "Why? What happened? What have you done?"

"Sir, without taking your permission we have booked our t
icket to go home since it is difficult to get reservations during this Diwalee season.", one of them replied.

"What is wrong in that? The college will be closed for Diwalee vacation, you are allowed to go home.", I assured them.

"No sir, we made a mistake.. we booked our tickets for tomorrow. There is some function at his house. He cannot go alone since he is physically handicapped. So, two of us are also going with him. Our vacation starts next week only. We are going tomorrow.. Please forgive us. If you do not allow, we'll not go." The other boy said pointing towards the physically challenged boy.

I was amazed by their honesty, simplicity and moral courage. I just looked at the two boys with a smile in my face.

And I coolly replied, " Don't worry, you go home tomorrow. I'll tell your warden."

They thanked me and left my room happily.

Just love such honest and bold students.

Thursday, 1 November 2012

বাটে-ঘাটে.... নতুন প্ৰজন্মৰ অতপালি

ডিচেম্বৰ মাহৰ কোনো এক ৰাতিপুৱা৷ তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো৷

বৰপেটাৰ পৰা বেচৰকাৰী বাচ এখনেৰে গুৱাহাটীলে গৈ আছিলো৷ সন্মুখৰ দুৱাৰমুখৰ চীটটোতে বহি আহিছিলো৷ জাৰকালিৰ ৰাতিপুৱাৰ চেঁচা বতাহৰ পৰা হাত সাৰিবলৈ খিৰিকীখন জপাই লৈ আয়নাৰে বাহিৰলৈ চাই গৈছিলো৷ বেচ ভালেই লাগিছিল পৰিবেশটো৷

মুকালমুৱা পাৰহৈ বাচখন কিছুদুৰ আগবাঢ়ি গৈ কোনো এখন সৰু ঠাইত ৰৈ গ'ল৷ দুজনমান ডেকা বাচখনৰ পিনে আগবাঢ়ি আহিল৷ এজনে মোলৈ চাই তলৰ পৰাই ক'লে৷
" খিৰিকীখন নমাই দিয়ক৷ ইয়াত ধৰি ওলমি যাব লাগে৷"
মই লাহেকৈ ক'লো, " দুৱাৰমুখত ওলমি যাব নালাগে৷ ভিতৰত ঠাই আছে৷ উঠি আহক৷" 

ডেকাজনে ক্ষন্তেক মোৰ ফালে চালে৷ যেন মই তেওঁক অপমানহে কৰিলো, এনে ভাবেৰে৷
হঠাতে প্ৰচন্ড ঘোঁচা এটা মাৰি খিৰিকীৰ গ্লাচখন ভাঙি দিলে৷ তলকিবই নোৱাৰিলো৷ তাৰপাছত ভঙা গ্লাচখনৰ মাজেৰে এখন হাত ভিতৰলৈ ভৰাই দি  বাচখনৰ বেৰত ধৰি ওলমি দিলে৷ মই অবাক হৈ ৰলো৷

মোৰ ফালে বীৰৰ ভাবেৰে চাই ডেকাজনে ক'লে, "এতিয়া ঠান্ডা বতাহ খাই খাই যাওক৷"

তলত থিয় হৈ থকা ডেকাকিছুমানেও মোৰ ফালে আঙুলি টোৱাই কিবাকিবি কৈ আছিল৷ বাছৰ ভিতৰৰ বাকী মানুহবোৰে নিমাত হৈ চাই আছিল৷ এগৰাকী বৃদ্ধাই মাত্ৰ মাত লগোৱা কাণত পৰিল,
"এখেতেতো ভাল কথাই কৈছিল৷"

জীৱনত প্ৰথমবাৰৰ বাবে তেনেকুৱা এটা অস্বস্তিকৰ পৰিবেশৰ সন্মুখীন হ'লো৷ এজন অসমীয়া চফল ডেকাক ভাল উপদেশ এটা দিবলৈ গৈ৷

মই মনে মনে থকাই উচিত দেখিলো৷ 

বাচখন চলিবলৈ ধৰিলে৷ প্ৰায় দহ মিনিটমান গৈ হাজো পোৱাৰ আগে আগে বাচখন ৰ'ল৷ বীৰত্ব দেখুউৱা ল'ৰা কেইজনো নামি গ'ল৷ তাতে মোৰ কলেজত কাম কৰা দ্ৰাইভাৰ এজন উঠি আহিল৷ 

মোক দেখি তেওঁ মাত লগালে, "চাৰ , ক'ৰ পৰা আহিল?" 

মইও উত্তৰ দি অলপ সহজ হবলৈ চেষ্টা চলালো৷ 

কোনোবা এজনে দ্ৰাইভাৰজনক কাণত ফুচফুচাই কিবা ক'লে৷ বুজিলো, অলপ আগতে মোৰ স'তে ঘটি যোৱা ঘটনাটোৰ বিষয়েই কৈছে৷ অলপ থমকি ৰৈ দ্ৰাইভাৰজনে আক্ষেপৰ সুৰত ক'লে, "ছাৰ , আজিকালিৰ ল'ৰা বিলাকৰ কথা কি ক'ব? উপায় নাই৷" মই মিচিকিয়া হাঁহি এটা মাৰি মূৰ দুপিয়ালো৷ 

অসমৰ নতুন প্ৰজন্মৰ সোণৰ অসমৰ সোৱাদ এনেকুৱাই৷ মনতে ভাবিলো৷