At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 31 October 2013

সেই বাছখন নহা হ'লে?


সেই বাছখন নহা হ’লে?

চনটো মনত নাই৷ হয়তো ১৯৯১ বা ৯২ চনৰ কথা৷ 

বৰদিনৰ সময়ত বন্ধু এজনৰ নিমন্ত্ৰণক্ৰমে সপৰিয়ালে গৈছিলো টংলালৈ৷ বৰদিনৰ দুদিন পাছত বন্ধুঘৰৰ পৰা বিদায় লৈ গুৱাহাটীলৈ উভতিবলৈ বুলি ওলাই আহিলো৷ চহৰৰ মূল চ’কটোতে গুৱাহাটী অভিমুখে যাবলৈ ৰৈ থকা বেচৰকাৰী বাছ এখন পাই তাতে উঠিলো৷ মই, কোলাত কেচুৱা ল’ৰাটিৰে সৈতে মোৰ শ্ৰীমতী আৰু লগতে গুৱাহাটীৰে এগৰাকী গাভৰু৷ বাছত বেছি মানুহ-দুনুহ নাছিল৷ হয়তো আমাকলৈ দহজনমানহে হ’ব৷ তেতিয়া ৰাতিপুৱা আঠমান বাজিছে৷ ৰ’দটো ওলাব ধৰিছে৷ খিৰিকিৰ কাষৰ চীট এটাত বহি , ৰ’দৰ আমেজ লৈ লৈ বাছখন যোৱালৈ অপেক্ষা কৰি থাকিলো৷ কিন্তু বাছখন নাযায় হে নাযায়৷ বাহিৰলৈ চাই দেখিলো কেইজনমান ডেকাল’ৰাই পুলিচ দুজনমানৰ সৈতে কিবা গহীনকথা আলোচনা কৰি আছে৷ এজন ডেকাই অলপ গৰম সুৰেৰেই কথা কৈ থকা যেন লাগিল৷ কাষতে গাড়ীৰ দ্ৰাইভাৰ আৰু হেণ্ডিমেনজনকো দেখিলো৷ বিশেষ একো বুজিব নোৱাৰিলো৷

বাছত বহি থকা কোনোবা এজনে পিছফালৰ পৰা কোৱা শুনিলো,

:আজি কিবা বন্ধ আছে নেকি? কোনোবাই কোৱা শুনিছিলো৷

:বন্ধ নহয়, কিবা প্ৰতিবাদ দিৱস নে ধৰ্ণাহে আছে বোলে৷ বাছ চলিব কিজানি৷
আন এজনে মান দিলে৷

:মুঠতে কিবা এটা আছে৷ কোনে আহ্বান দিছেবা?

:নাজানো৷ সদায় দেখোন কিবাকিবি হৈয়ে থাকে৷ এতিয়া বাছখন চলিলেই হয়৷

কথাবোৰ শুনি মোৰো মনটো অলপ অস্থিৰ হৈ পৰিল৷ উদ্বিগ্নহৈ আকৌ বাহিৰলৈ চালো সেই ডেকাকেইজনলৈ৷ প্ৰায় দহমিনিটমান পাৰ হ’ল৷ তেওঁলোকৰ আলোচনা-বিলোচনাৰ ফলাফল কি হ’ল বুজি নাপালো৷ অলপসময় পাছত দ্ৰাইভাৰজন বাছত উঠি বহিলহি৷ পিছলৈ ঘূৰি কিমান মানুহ আছে চালে৷ তাৰপাছত বাছত ষ্টাৰ্ট দিলে৷ মনটো ভাল লাগিল৷ বাছখন যাব তেনেহলে৷ হেণ্ডিমেনজনো উঠিল৷ পাছে পাছে সেই ডেকাকেইজনো বাছত উঠিল৷ মুখেৰে একো নকৈ দ্ৰাইভাৰে গাড়ী চলাবলৈ ধৰিলে৷ লাহে লাহে টংলা চহৰৰ সীমা অতিক্ৰম কৰিলে বাছখনে৷ মইও কোলাত কেচুৱাটো লৈ একান্তমনে বাহিৰলৈ চাই যাবলৈ ধৰিলো৷ বাটৰ কাষৰ মুকলি পথাৰবোৰলৈ চাই চাই মনটো সতেজ হৈ পৰিল৷ 

তেনেদৰে কিমান সময় পাৰ হ’ল কব নোৱাৰো৷ হঠাতে ডেকা কেইজনৰ মাজৰে এজন দ্ৰাইভাৰৰ ওচৰলৈ গৈ আদেশৰ সুৰত চিঞৰি চিঞৰি ক’লে,

: ঐ বাছ ৰাখ৷ ৰাখ৷

প্ৰথমতে দ্ৰাইভাৰজনে একো সঁহাৰি দিয়া নাছিল৷ কিন্তু গোটেইকেইজন ডেকাই যে্তিয়া আগুৰি ধৰি ধমকি দিবলৈ আৰম্ভ কৰিলে তেতিয়া বাছখন ৰখাই দিবলৈ বাধ্য হ’ল৷ ডেকাকেইজনে প্ৰচণ্ড তৰ্জন-গৰ্জন কৰি দ্ৰাইভাৰক মাৰিবলৈহে বাকী৷ তাৰপাছত বাছত বহি থকা যাত্ৰীবোৰলৈ চাই ডেকাকেইজনৰ এজনে কৰ্কশভাবে ক’লে,

:বাছখন নাযায়দেই, আপোনালোক নামক৷

আমি অলপ সময় লৰচৰ নকৰি বহি থাকিলো৷

:কি চাই আছে? নামক, বাছৰ পৰা নামক৷ সোনকালে নামক৷
নেতাজনে আদেশ দিলে৷

কথাটোনো কি একো বুজিব নোৱাৰিলো৷ কিন্তু সেই অচিন ঠাইত, অচিন পৰিৱেশত সেই উটনুৱা ডেকাকেইজনক প্ৰতিৰোধ কৰাৰ মৰসাহ নকৰিলো৷ টালি-টোপোলা লৈ বাছৰ পৰা নামি পৰিলো৷ ডেকাকেইজনে আমাক সেই মাজবাটতে নিঠৰুৱা কৰি বাছখন ক’ৰবালৈ লৈ গ’ল৷ আমাৰ কাৰো মুখত একো কথা নাই ৷ শিলপৰা কপৌৰ দৰে অলপ সময় একে ঠাইতে থিয় হৈ থাকিলো৷ লাহে লাহে ৰ’দটো প্ৰখৰ হৈ আহিব ধৰিছিল৷ 

তেনেদৰে এঘন্টামান পাৰ হ’ল৷ দুজনমান মানুহে চহৰৰ পিনে উভতি খোজ লৈছিল৷ বেগ-চুটকেচ-কেচুৱা লৈ ইমান দূৰ খোজ কাঢ়িবলৈও সাহস গোটাব নোৱাৰিলো৷ইফালে-সিফালে চাই ওচৰতে ঘৰ এটা দেখিলো৷ উপায় নাপালে তাতে গৈ আশ্ৰয় ভিক্ষা কৰিম বুলি মনতে থিৰাং কৰিলো৷ কেচুৱা, তিৰোতা আৰু গাভৰুগৰাকী দেখিলে নিশ্চয় সহানুভুতি উপজিব৷ অসমৰ মানুহ ইমান কঠোৰ অন্তৰৰ হৈ যোৱা নাই নিশ্চয়৷ নিজেই নিজকে আশ্বাস দিলো৷

হঠাতে চকুত পৰিল, দূৰৰ পৰা বাছৰ নিচিনা কিবা এখন আহি আছে, চহৰৰ দিশে৷ অতি আশাৰে চাই ৰ’লো৷ হয়, বাছেই হয়৷ লাহে লাহে আগবাঢ়ি আহি আছে৷ ওচৰ চাপি অহাৰ লগে লগে আমি হাত ডাঙি থিয় হৈ থাকিলো৷ আমাক দেখি দ্ৰাইভাৰজনৰ হয়তো পুতৌ হ’ল৷ বাছখন ৰখাই দিলে৷ আমি হাতেৰে স্বৰ্গ ঢুকি পোৱা যেন লাগিল৷ একেবাৰে খালী বাছ৷ আমি ততাতৈয়াকৈ উঠি পৰিলো৷ প্ৰায় আধাঘন্টামান পাছত পুনৰ টংলা চহৰ পালোগৈ৷ বাছখনে আমাৰ পৰা ভাড়াও নুখুজিলে৷ আমাক ৰক্ষা কৰিবলৈ যেন ঈশ্বৰেহে বাছখন পঠিয়াই দিছিল, এনে অনুভৱ হ’ল৷

টংলা পাই আকৌ বন্ধুজনৰ ঘৰ পালোগৈ৷ আমাক দেখি আচৰিত হ’ল৷ সকলো বিবৰি ক’লো৷

: হয়, আপোনালোক যোৱাৰ পাছতহে গম পালো দুদিন বন্ধ বুলি৷ আমাৰ চিন্তা হৈ আছিল৷ কিন্তু বাছখন যোৱা বুলি জানি ভাল লাগিছিল৷
বন্ধুজনে ক’লে৷

:যদি বাছখন নাযায়েই তেনেহলে আমাক উঠিবলৈ নিদিলেই হ’লহেতেন৷ আমি নগ’লোহেতেন নহয়৷ ইমান দূৰলৈ লৈ গৈ আমাক মাজবাটতে নমাই দিলে৷ কি অভদ্ৰ, নিষ্ঠুৰ ল’ৰাবিলাক৷ এইপিনে কিবা কামত চহৰলৈ অহা বাছখন পালো বুলিহে৷ নহলে আমাৰ আজি কি দশা হ’লহেতেন?

মোৰ কথাত বন্ধুজনে কেৱল শুকান হাঁহি এটা মাৰিলে৷ 

No comments:

Post a Comment